বিদিতা অশোক বৈদ্য (জন্ম: ১৫ নৱেম্বৰ ১৯৭০) এগৰাকী ভাৰতীয় স্নায়ুবিজ্ঞানী আৰু টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ অধ্যাপক। ইয়াৰ আগতে তেওঁ ৱেলকাম ট্ৰাষ্টত জেষ্ঠ্য গৱেষণা ফেল' আৰু ভাৰতীয় বিজ্ঞান একাডেমীত সহকাৰী হিচাপে কৰ্মৰত আছিল। তেওঁৰ গৱেষণাৰ মূল ক্ষেত্ৰ হৈছে স্নায়ুবিজ্ঞান আৰু আণৱিক মনস্তত্ব।[1] ২০১৫ চনত তেওঁ চিকিৎসাশাস্ত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰিছিল।

বিদিতা অশোক বৈদ্য

জন্ম ১৫ নৱেম্বৰ, ১৯৭০ (৫৩ বছৰ)
বাসস্থান মুম্বাই, ভাৰত
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ স্নায়ুবিজ্ঞান
কৰ্মস্থান টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান, মুম্বাই
শিক্ষানুষ্ঠান চেইণ্ট জেভিয়াৰ্ছ কলেজ, মুম্বাই
য়েল বিশ্ববিদ্যালয়
ডক্তৰেল পৰামৰ্শদাতা অধ্যাপক ৰনাল্ড ডুমান
উল্লেখনীয় বঁটা শান্তি স্বৰূপ ভাটনাগৰ বঁটা, ২০১৫
কেৰিয়াৰ উন্নয়নৰ ৰাষ্ট্ৰীয় জীৱবিজ্ঞান বঁটা, ২০১২

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

১৯৭০ চনৰ ১৫ নৱেম্বৰ তাৰিখে বিদিতা অশোক বৈদ্যৰ জন্ম হৈছিল। তেওঁৰ পিতৃ এগৰাকী ঔষধ বিজ্ঞানী আৰু মাতৃ আন্তঃস্ৰাবীবিজ্ঞানী। তেওঁৰ খুড়াকো এগৰাকী মেলেৰিয়া পৰাজীৱীবিজ্ঞানী। সৰুৰে পৰা তেওঁ পিতৃ, মাতৃ আৰু খুড়াকৰ পৰা অনুপ্ৰাণিত হৈছিল। কৈশোৰকালত তেওঁ স্তন্যপায়ীবিজ্ঞানী ডিয়ান ফচি আৰু জেন গডেলৰ পৰা প্ৰভাৱিত হৈছিল।[2]

শিক্ষা সম্পাদনা কৰক

তেওঁ মুম্বাইৰ চেইণ্ট জেভিয়াৰ্ছ কলেজৰ পৰা জীৱবিজ্ঞান আৰু জৈৱ ৰসায়ন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ য়েল বিশ্ববিদ্যালয়ৰ পৰা স্নায়ুবিজ্ঞান বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ পোষ্টডক্টৰেল গৱেষণাৰ বাবে ছুইডেনৰ কাৰলীনস্ক ইনষ্টিটিউট আৰু যুক্তৰাজ্যঅক্সফ'ৰ্ড বিশ্ববিদ্যালয়লৈ যায়। ২০০০ চনৰ মাৰ্চ মাহত তেওঁৰ পোষ্ট ডক্টৰেল গৱেষণা সমাপ্ত হয়।[1][3]

কৰ্মজীৱন সম্পাদনা কৰক

তেওঁ ২০০০ চনৰ মাৰ্চ মাহত ২৯ বছৰ বয়সত টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ জীৱবিজ্ঞান বিভাগত মুখ্য পৰিদৰ্শক হিচাপে যোগদান কৰিছিল।[4] তেওঁ ২০০০ চনৰ পৰা ২০০৫ চনলৈ ৱেলকাম ন্যাসৰ বিদেশী জ্যেষ্ঠ গৱেষণা ফেল' আৰু ভাৰতীয় বিজ্ঞান একাডেমীৰ সহকাৰী আছিল।[5] তেওঁ স্নায়ুবৰ্তনীৰ গৱেষণাৰ লগত জড়িত। জীৱনৰ অভিজ্ঞতা আৰু এন্টিডিপ্ৰেছেন্ট সমূহে স্নায়ুবৰ্তনীৰ ওপৰত পেলোৱা প্ৰভাৱ আৰু এই পৰিঘটনা সমূহে কৰা অনুভৱ নিয়ন্ত্ৰণৰ ওপৰত তেওঁ গৱেষণা কৰিছে। ইয়াৰ লগতে তেওঁ হতাশাগ্ৰস্ততা আৰু জীৱনৰ প্ৰাৰম্ভিক পৰ্যায়ত লাভ কৰা অভিজ্ঞতায়ে মগজুৰ বৰ্তনীৰ ওপৰত পেলোৱা প্ৰভাৱ আৰু ব্যৱহাৰিক পৰিৱৰ্তনৰ ওপৰতো গৱেষণা কৰিছে। ২০১৫ চনত তেওঁ চিকিৎসা বিজ্ঞান শিতানত ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সৰ্বোচ্চ সন্মান শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰে।[6][7]

তেওঁ ইণ্টাৰনেচনেল কলেজ অফ নিউৰ'চাইক'ফাৰ্মাক'লজিৰ ছ'চাইটি ফৰ নিউৰ'চাইন্স[8] আৰু এণ্ডক্ৰাইন ছ'চাইটিৰো অংশ।[9]

বঁটা আৰু সন্মান সম্পাদনা কৰক

২০১৫ চনত তেওঁ চিকিৎসাশাস্ত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰিছিল। ইয়াৰ লগতে তেওঁ ২০১২ চনত কেৰিয়াৰ উন্নয়নৰ ৰাষ্ট্ৰীয় জীৱবিজ্ঞান বঁটা লাভ কৰিছিল।[10]

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 "TIFR - Principal Investigator". http://www.tifr.res.in/~dbs/faculty/vvlab/Principal_Investigator.html। আহৰণ কৰা হৈছে: 20 March 2014. 
  2. Vaidya, Vidita. "Interview with AsianScientist". Asian Scientist. https://www.asianscientist.com/2016/08/features/asias-rising-scientists-vidita-vaidya-tifr-india/. 
  3. "Vidita A Vaidya - Info" (en ভাষাত). www.researchgate.net. https://www.researchgate.net/profile/Vidita_Vaidya/info। আহৰণ কৰা হৈছে: 2017-02-04. 
  4. TLoS (2016-05-30). "Vidita Vaidya Gets Into Your Head". The Life of Science. https://thelifeofscience.com/2016/05/30/vidita-vaidya-neuroscientist/। আহৰণ কৰা হৈছে: 2017-02-04. 
  5. "Former Associates". Indian Academy of Sciences. http://www.ias.ac.in/listing/associates/former। আহৰণ কৰা হৈছে: 16 July 2016. 
  6. "List of recipients". Shanti Swarup Bhatnagar PrizeShanti Swarup Bhatnagar Prize (SSB) for Science and Technology 2015. http://ssbprize.gov.in/WriteReadData/LatestUpdates/201509260219379867171ssb_awardees2015.pdf। আহৰণ কৰা হৈছে: 30 October 2015. 
  7. junoontheatre (2015-04-26). "The Social Brain: Discoveries and Shared Delights with Prof. Vidita Vaidya". https://junoontheatre.wordpress.com/2015/04/26/the-social-brain-discoveries-and-shared-delights-with-prof-vidita-vaidya/। আহৰণ কৰা হৈছে: 2017-02-04. 
  8. "The International Journal of Neuropsychopharmacology" (en ভাষাত), Wikipedia, 2016-10-01, https://en.wikipedia.org/w/index.php?title=The_International_Journal_of_Neuropsychopharmacology&oldid=742094917, আহৰণ কৰা হৈছে: 2020-01-29 
  9. Vaidya, Vidita. "ResearchGate profile". https://www.researchgate.net/profile/Vidita_Vaidya/info. 
  10. "Awardees of N-BIOS for the year 2012". Department of Biotechnology, IndiaAWARDEES OF NATIONAL BIOSCIENCE AWARDS FOR CAREER DEVELOPMENT. Archived from the original on 4 March 2018. https://web.archive.org/web/20180304191331/http://dbtindia.nic.in/wp-content/uploads/2014/03/list_of_bioscience_awardees.pdf। আহৰণ কৰা হৈছে: 30 October 2015. 

বাহ্যিক সংযোগ সম্পাদনা কৰক