১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০  

১৫ নৱেম্বৰ (ইংৰাজী: 15 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩১৯তম (অধিবৰ্ষত ৩২০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪৬টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী সম্পাদনা কৰক

(১) প্ৰসিদ্ধ ভাষাবিদ, গৱেষক, সাহিত্যিক বাণীকান্ত কাকতিৰ জন্ম হয় ১৮৯৪ চনৰ আজিৰ দিনটোতে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰথমজন অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেখেতৰ গৱেষণা গ্ৰন্থখনৰ নাম হ’ল- Assamese : Its Formation And Development.

(২) ১৯৮২ চনৰ আজিৰ দিনটোতে ভূ-দান আন্দোলনৰ নেতা বিনোৱা ভাৱেৰ মৃত্যু হয়।

(৩) মহাত্মা গান্ধীৰ হত্যাৰ অভিযোগত নাথুৰাম গডছে আৰু নাৰায়ণ দত্তাত্ৰেয় আপ্তেক আম্বালা জেলত ফাঁচি দিয়া ১৯৪৯ চনৰ আজিৰ দিনটোতে।

(৪) আন্তৰ্জাতিক খ্যাতিসম্পন্ন মহিলা টেনিচ খেলুৱৈ ছানিয়া মিৰ্জাৰ জন্ম হয় ১৯৮৬ চনৰ আজিৰ দিনটোতে।

(৫) ১৬৩০ চনৰ আজিৰ দিনটোতে জাৰ্মান জ্যোতিৰ্বিজ্ঞনী জহান্স কেপলাৰৰ মৃত্যু হয়।

(৬) আজিৰ দিনটোতে ১৯৮৩ চনত চাইপ্ৰাছে স্বাধীনতা লাভ কৰে।

(৭) ২০০০ চনৰ আজিৰ দিনটোত অসমৰ সত্ৰীয়া নৃত্যৰাষ্ট্ৰীয় নৃত্য হিচাপে ঘোষণা কৰা হয়।

(৮) ২০০০ চনৰ আজিৰ দিনটোত ঝাৰখণ্ডক ভাৰতৰ ২৮ সংখ্যক ৰাজ্য হিচাবে ঘোষণা কৰা হয়।

(৯) ২০০৭ চনৰ আজিৰ দিনটোত বাংলাদেশত হোৱা ঘূৰ্ণী বতাহত প্ৰায় ৭০০০ মানুহৰ মৃত্যু হয়।

(১০) স্বাধীনতা সংগ্ৰামী বীৰচা মুণ্ডাৰ ১৮৭৫ চনৰ আজিৰ দিনটোতে জন্ম হয়। তেওঁৰ মৃত্যু হয় ২৫ বছৰ বয়সতে ১৯০০ চনৰ ৯ জুন তাৰিখে ।

(১১) অসমৰ আন এগৰাকী ভাষাত্ত্ববিদ, গৱেষক ড° গোলোকচন্দ্ৰ গোস্বামীৰ জন্ম হয় ১৯২৩ চনৰ আজিৰ দিনটোতে মৰিগাঁও জিলাৰ দৈপৰা সত্ৰত। ড॰ গোস্বামীয়ে প্ৰায় ৬০ খনৰো অধিক গুৰুত্বপূৰ্ণ গ্ৰন্থ, শতাধিক প্ৰবন্ধ ৰচনা কৰি অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰি গৈছে। ২০২০ চনৰ ২৪ আগষ্টত ৯৬ বছৰ বয়সত তেওঁ স্বৰ্গগামী হয়।

দিৱস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক