বিদুৰভাই (চলচ্চিত্ৰ)

অসমীয়া চলচ্চিত্ৰ

বিদুৰভাই (ইংৰাজী: Bidurbhai) হৈছে ২০২৪ চনত মুক্তি লাভ কৰা সুব্ৰত কাকতীৰ দ্বাৰা পৰিচালিত এখন কমেডী-ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ। ছবিখনত চুমকী কছাৰী, ত্ৰৈলোক্য বৰুৱা, বলিন বৰা, উদ্দীপনা বৰা, হিৰক জ্যোতি বৰদলৈ, শৰ্মিষ্ঠা দাস, পংকজ মহন্তকে ধৰি ভালেসংখ্যক অভিনয়-শিল্পীয়ে অভিনয় কৰিছে৷ ছবিখনত ২০২১ চনত মুক্তিলাভ কৰা একেনামৰ ৱেব ছিৰিজৰেই পৰিৱৰ্ধিত এক নতুন কাহিনীৰ চিনেমেটিক উপস্থাপন বুলি বিবেচনা কৰিব পাৰি৷ ছবিখনে মুক্তিৰ মাত্ৰ কেইটামান দিনৰ ভিতৰতে ৫ কোটিতকৈ অধিক ব্যৱসায় কৰে৷ [1] [2]

বিদুৰভাই
পৰিচালক সুব্ৰত কাকতী
ৰচনা
  • সুব্ৰত কাকতী
  • জ্যোতিষ্মান চেতিয়া
প্ৰযোজক
  • মনোজ বৰাইক
  • আচুৰ্য বৰপাত্ৰ
  • দীক্ষু শৰ্মা
  • অৰ্ণৱ হাজৰিকা
  • ভাৰ্গৱ খাউণ্ড
অভিনয়ত চুমকী কছাৰী
ত্ৰৈলোক্য বৰুৱা
বলিন বৰা
উদ্দীপনা বৰা
হিৰক জ্যোতি বৰদলৈ
শৰ্মিষ্ঠা দাস
পংকজ মহন্ত
চিত্ৰগ্ৰহণকাৰী বিতুল দাস আৰু উত্তম কলিতা (সহকাৰী চিনেমেটোগ্ৰাফাৰ)
সম্পাদনা সুব্ৰত কাকতী
সংগীত পৰিচালক প্ৰণয় দত্ত
মুক্তি
১৯ জুলাই, ২০২৪
দৈৰ্ঘ্য
১৪৮ মিনিট
দেশ ভাৰত
ভাষা অসমীয়া
সৰ্বমুঠ আয় ৫.১০ কোটি[1] (৩১ জুলাই, ২০২৪ পৰ্যন্ত)

'বিদুৰভাই'ৰ চলচ্চিত্ৰৰ কাহিনীয়ে ২০২১ চনত মুক্তিলাভ কৰা একে নামৰ ৱেব ছিৰিজৰ পৰৱৰ্তী পৰ্যায়ৰ কাহিনীটোকে অনুসৰণ কৰে৷ সাঁচি গছ বিক্ৰী কৰি সহজলভ্য ধন ঘটা চাৰিজন বন্ধু ক্ৰমে দীপ, বলিন, নিতু আৰু উজ্জ্বলৰ পৰৱৰ্তী সময়ৰ জীৱনক কাহিনীটোত দেখুওৱা হৈছে৷ সঠিক জীৱিকাৰ সন্ধান আৰু পৰ্যাপ্ত পৰিমাণৰ ধন আহৰণ-এই দুটা উদ্দেশ্য লৈয়েই চাৰিওজন বন্ধুৱে তেওঁলোকৰ পৰৱৰ্তী পৰিকল্পনা এটা প্ৰস্তুত কৰে৷ এই পৰিকল্পনাৰ ফলস্বৰূপে তেওঁলোকে স্থানীয় বিধায়কৰ কাষ চাপে৷ কাহিনীয়ে এক নতুন মোৰ লয় আৰু তেওঁলোকৰ পৰিকল্পনাও সলাবলগীয়া হয়৷ কাহিনীটোৱে চৰকাৰী স্বাস্থ্য-খণ্ডকে সাঙুৰি একাধিক খণ্ডৰ দুৰ্বল দিশ উন্মোচন কৰিবলৈ চেষ্টা কৰে৷ [3] [4]

কলা-কুশলী

সম্পাদনা কৰক
  • চুমকী কছাৰী (কুসুম)
  • ত্ৰৈলোক্য বৰুৱা (দীপ)
  • বলিন বৰা (বলিন)
  • উদ্দীপনা বৰা (পূৰ্ণিমাৰ চৰিত্ৰত)
  • হিৰোক জ্যোতি বৰদলৈ(ডায়মণ্ড চলিহাৰ চৰিত্ৰত)
  • শৰ্মিষ্ঠা দাস (মিনতিৰ চৰিত্ৰত)
  • নিতু খনিকৰ (নিতুৰ চৰিত্ৰত)
  • পংকজ মহন্ত (পৱন বৰদলৈৰ চৰিত্ৰত)
  • স্নিগ্ধা (গীতালিৰ চৰিত্ৰত)
  • উজ্জ্বল ৰাজখোৱা (উজ্জ্বলৰ চৰিত্ৰত)

আন কুশলীসকল

সম্পাদনা কৰক
  • কলা-নিৰ্দেশনা : মণ্টু গোঁহাই
  • সাজ-সজ্জা ; জুৰি কলিতা
  • ৰূপসজ্জা : ৰূপজ্যোতি দত্ত আৰু বিজয়েতা পাটগিৰি
  • ভিজুৱেল এফেক্টছ : মুকথাং মাছাহাৰী

'বিদুৰভাই' ছবিখনে ২০২৪ চনৰ ১৯ জুলাই তাৰিখে অসমৰ অধিকাংশ ছবিগৃহতে মুক্তি লাভ কৰে আৰু মুক্তিৰ প্ৰথম দিনটোত মুঠ ১৭৯খন দৰ্শনী (Show) লাভ কৰে৷ প্ৰথম তিনিটা দিনত ছবিখনে ১.২৪ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়৷ [5] পৰৱৰ্তী সময়ত ছবিখনে বৰ্হিৰাজ্যৰ বাংগালোৰকে ধৰি কেইখনমান চহৰত মুক্তি লাভ কৰে আৰু ইয়াৰ ফলত ছবিখনে দেশৰ ২৪৯ খন দৰ্শনী (Show) লাভ কৰে৷[1]

ছবিখনৰ সংগীত পৰিচালক আৰু সুৰকাৰ হৈছে প্ৰণয় দত্ত৷ গীতসমূহত কণ্ঠ নিগৰাইছে আচুৰ্য বৰপাত্ৰ আৰু দীক্ষুৱে৷

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকণ্ঠশিল্পী দৈৰ্ঘ্য
1. "দে ভগৱান"  সুব্ৰত কাকতীদীক্ষু ০৩:৪৫
2. "পে পে পে পে"  সুব্ৰত কাকতীআচুৰ্য বৰপাত্ৰ ৪:০৭
3. "কণমানি পৃথিৱী"  সমীৰ শেখৰপ্ৰণয় দত্ত  

চলচ্চিত্ৰখনৰ কিছু সংলাপৰ বিৰুদ্ধে ৰাজ্যিক ট্ৰান্সজেণ্ডাৰ কল্যাণ ব’ৰ্ড, অসমৰ সহযোগী উপাধ্যক্ষই আপত্তি দৰ্শায়।[6][7]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 "অভিলেখ গঢ়াৰ দিশে বিদুৰভাই". ETV. Jul 31, 2024,. https://www.etvbharat.com/as/!entertainment/assamese-film-bidurbhai-breaks-records-with-5-dot-10-crores-its-still-running-successfully-ass24073101605। আহৰণ কৰা হৈছে: 2 August 2024. 
  2. মিশ্ৰ, বৰষা (৩১ জুলাই ২০২৪). "Bidurbhai Box Office Collection: চৰ্চাত ‘বিদুৰভাই’! বৰ্তমানলৈ কিমান উপাৰ্জন কৰিলে ছবিখনে". অসম টিভি. https://www.assamtv9.com/entertainment/assamese-movie-bidurbhai-box-office-collection-2054046.html। আহৰণ কৰা হৈছে: 2 August 2024. 
  3. Bhuyan, Kalpajyoti (July 22, 2024). "“Bidurbhai”: A Hilarious Social Commentary with Uneven Humor". Northeast Now. https://nenow.in/entertainment/bidurbhai-a-hilarious-social-commentary-with-uneven-humor.html। আহৰণ কৰা হৈছে: 2 August 2024. 
  4. "Bidurbhai". IMDB. https://www.imdb.com/title/tt32904232/?ref_=ttfc_fc_tt। আহৰণ কৰা হৈছে: 2 August 2024. 
  5. "Assamese Film 'Bidurbhai' Sets New Record with Rs 1.24 Crore Opening Weekend Collection". Sentinal. Sentinal (Guwahati). 24 july 2024. https://www.sentinelassam.com/more-news/entertainment/assamese-film-bidurbhai-sets-new-record-with-rs-124-crore-opening-weekend-collection#:~:text=During%20its%20opening%20weekend%2C%20%E2%80%9CBidurbhai,the%20shows%20selling%20out%20immediately.&text=GUWAHATI%3A%20The%20new%20Assamese%20film,just%20its%20first%20three%20days.। আহৰণ কৰা হৈছে: 2 August 2024. 
  6. "Assam queer activist criticizes offensive dialogues in satirical comedy 'Bidurbhai" - India Today NE
  7. Kalita himadree 2024 "Portraying pain with care: The importance of sensitive storytelling" - The Assam tribune

বাহ্যিক সংযোগ

সম্পাদনা কৰক