বিদ্যাগৌৰী নীলকণ্ঠ (ইংৰাজী: Vidyagauri Nilkanth) আছিল এগৰাকী ভাৰতীয় সমাজ-সংস্কাৰক, শিক্ষাবিদ আৰু লেখিকা। গুজৰাটৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম দুগৰাকী ছাত্ৰীৰ ভিতৰত তেখেত অন্তৰ্ভুক্ত। [1][2]

বিদ্যাগৌৰী নীলকণ্ঠ
Vidyagauri Nilkanth

১৮৯৫ চনমানৰ ছবি
জন্ম ১ জুন, ১৮৭৬
আহমেদাবাদ
মৃত্যু ০৭ ডিচেম্বৰ, ১৯৫৮ (৮২ বছৰ)
জনা যায় সমাজ-সংস্কাৰক, শিক্ষাবিদ আৰু লেখিকা
দাম্পত্যসঙ্গী ৰমনভাই নীলকণ্ঠ (বি. ১৮৮৯)
সন্তান বিনোদিনী নীলকণ্ঠ, সৰোজিনী মেহতা (কন্যা)
আত্মীয়-স্বজন সাৰদা মেহতা (ভগ্নী)

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক
 
স্বামী ৰমনভাই নীলকণ্ঠৰ লগত বিদ্যাগৌৰী নীলকণ্ঠ

১৮৭৬ চনৰ ১ জুন তাৰিখে গুজৰাটৰ আহমেদাবাদত জন্মলাভ কৰা বিদ্যাগৌৰী নীলকণ্ঠৰ পিতৃ আছিল এগৰাকী আইনী বিষয়া। পিতৃৰ নাম আছিল গোপীলাল মণিলাল ধ্ৰুৱ আৰু মাতৃৰ নাম আছিল বালাবেন।[3][1] তেওঁলোকৰ পৰিয়ালটো আছিল ব্ৰাহ্মীণ। [4][5][6] বিদ্যাগৌৰী নীলকণ্ঠৰ আজোককাক ভোলানাথ দিবেটিয়া আছিল এগৰাকী সমাজ-সংস্কাৰক আৰু কবি।[7][4][8] বিদ্যাগৌৰী নীলকণ্ঠই ৰায়বাহাদুৰ মগনভাই ছোৱালী হাইস্কুলৰ পৰা অষ্টম শ্ৰেণীলৈকে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পিছত তেখেতে মহালক্ষ্মী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত এংলো-মাতৃভাষাত পাঠ্যক্ৰম গ্ৰহণ কৰে। তেখেতে ৰমনভাই নীলকণ্ঠৰ লগত বৈবাহিক জীৱন আৰম্ভ কৰে আৰু দুয়োগৰাকীয়ে যুটীয়াভাৱে ভালেমান প্ৰবন্ধ-নিবন্ধ, গ্ৰন্থ লিখে। ইয়াৰ লগতে তেওঁলোকে জ্ঞানসূধা নামৰ এখনি আলোচনীও সম্পাদনা কৰে।[2][3][8] বিনোদিনী নীলকণ্ঠ আৰু সৰোজিনী মেহতা আছিল তেওঁলোকৰ দুজনী জীয়ৰী। আনহাতে ভগ্নী হৈছে সাৰদা মেহতা। সাৰদা মেহতা হৈছে গুজৰাটৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰা আনগৰাকী শিক্ষাৰ্থী।[9][10]

স্বামীৰ সহযোগিতাত বিদ্যাগৌৰীয়ে ১৮৯১ চনত প্ৰৱেশিকা পৰীক্ষাত গুজৰাটীত প্ৰথমস্থানসহ মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হয় আৰু উচ্চশিক্ষা গ্ৰহণ কৰে।[8]১৮৯৪ চনত তেখেতৰ নামভৰ্তি সম্পন্ন হয় আৰু ১৯০১ চনত নৈতিক দৰ্শন আৰু যুক্তিশাস্ত্ৰক মুখ্য বিষয় হিচাপে লৈ তেখেতে কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰে। নিয়মীয়াকৈ গৰ্ভৱতী হোৱাত তেখেতৰ শিক্ষাজীৱন বাধাপ্ৰাপ্ত হৈছিল।[8] ভগ্নী সাৰদা মেহতাৰ লগতে তেখেতকো এটা ফেলোশ্বিপ প্ৰদান কৰা হৈছিল আৰু দুয়োগৰাকীয়ে গুজৰাটৰ পৰা স্নাতক ডিগ্ৰীপ্ৰাপ্ত প্ৰথম দুগৰাকী মহিলা হিচাপে বিবেচিত হৈছিল।[2][3][9]

সামাজিক কৰ্ম

সম্পাদনা কৰক

বিদ্যাগৌৰী নীলকণ্ঠই কম বয়সতেই সামাজিক কৰ্মৰ লগত জড়িত হৈ পৰিছিল। নাৰীৰ সৱলীকৰণ আৰু উৎকৰ্ষ সাধনৰ বাবে তেখেতে নিজৰ জীৱন উছৰ্গা কৰিছিল বুলি ক'ব পাৰি।[2]ৰাষ্ট্ৰীয় ভাৰতীয় সংস্থাৰ সহযোগিতাত তেখেতে দৰিদ্ৰ মুছলিম নাৰীক চিলাইৰ শিক্ষা প্ৰদান কৰিছিল। তেখেতে প্ৰাপ্তবয়স্কৰ বাবেও শ্ৰেণী আৰম্ভ কৰিছিল আৰু প্ৰথমখন বিশ্ব যুদ্ধৰ সময়ত আশ্ৰয় শিবিৰকে ধৰি অন্যান্য কামত ওতপ্ৰোতভাৱে জড়িত হৈ পৰিছিল। এই সেৱাৰ বাবে তেখেতে ব্ৰিটিছৰ পৰা অৰ্ডাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ সন্মান লাভ কৰিছিল। তেখেতে আহমেদাবাদত সৰ্বভাৰতীয় নাৰী সন্মিলনীৰ শাখা প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ লক্ষ্ণৌৰ অধিৱেশনত সভানেত্ৰীৰ আসন অলংকৃত কৰিছিল। সেইসময়ৰ একাধিক শিক্ষানুষ্ঠানৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ তেখেতে বিদ্যালয় পৰিত্যাগ কৰা বিধৱা আৰু বিবাহিত ছাত্ৰীৰ বাবে শিক্ষাৰ দিহা কৰিছিল। [1]

বিদ্যাগৌৰীয়ে লালশংকৰ উমিয়া শংকৰ মহিলা পাঠশালাৰ প্ৰতিষ্ঠা কৰে। পাছলৈ এইখন শিক্ষানুষ্ঠান এছ.এন.ডি.টি. মহিলা বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদিত হয়। এইখন মহাবিদ্যালয়ত তেখেতে ইংৰাজী, মনোবিজ্ঞান আৰু দৰ্শনৰ পাঠ প্ৰদান কৰে।[1]

সাহিত্যিক জীৱন

সম্পাদনা কৰক

গুণসুন্দৰী, স্ত্ৰীবোধ আৰু সাৰদাৰ লেখীয়া মহিলা আলোচনীত বিদ্যাগৌৰীয়ে লিখা-মেলা কৰিছিল। গুজৰাটী সাহিত্য পৰিষদৰ পঞ্চদশ অধিৱেশনত তেখেত সভাপতিৰ আসনত বহিছিল।[3][1][9]

তেখেতৰ কেইখনমান প্ৰবন্ধ-সংকলন হৈছে: গৃহদীপিকা (১৯৩১), নাৰীকুঞ্জ (১৯৫৬), আৰু জ্ঞানসুধা (১৯৫৭)[3][9]

ভগ্নী সাৰদা মেহতাৰ সৈতে তেখেতে ৰমেশ সুন্দৰ দত্তৰ দ্য লেক অৱ পামছ (১৯০২)কে ধৰি আন দুখনমান গ্ৰন্থ অনুবাদ কৰিছিল। [3][1]

১৯২৬ চনত বিদ্যাগৌৰী নীলকণ্ঠক "কেঈশ্বৰী-ই-হিন্দ" পদক প্ৰদান কৰা হয়।[3]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 1.4 1.5 "Stree Shakti". http://www.streeshakti.com/bookV.aspx?author=3। আহৰণ কৰা হৈছে: 2016-11-10. 
  2. 2.0 2.1 2.2 2.3 "Win Entrance Biography". Archived from the original on 2016-11-10. https://web.archive.org/web/20161110174644/http://www.winentrance.com/general_knowledge/vidya-gauri-nilkanth.html। আহৰণ কৰা হৈছে: 2016-11-10. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 Bhatt, Pushpa. "વિદ્યાગૌરી નીલકંઠ" (gu ভাষাত). Gujarati Sahitya Parishadgujaratisahityaparishad.com. http://gujaratisahityaparishad.com/prakashan/sarjako/savishesh/Savishesh-Vidyagauri-Nilkanth.html। আহৰণ কৰা হৈছে: 2019-01-21. 
  4. 4.0 4.1 Rajgor, Shivprasad (January 2002). Thaker, Dhirubhai. ed (gu ভাষাত). ગુજરાતી વિશ્વકોશ. XV (1st সম্পাদনা). প্ৰকাশক Ahmedabad: Gujarat Vishvakosh Trust. পৃষ্ঠা. 535–536. OCLC 248968453. 
  5. Geraldine Hancock Forbes (2005). Women in Colonial India: Essays on Politics, Medicine, and Historiography. Orient Blackswan. পৃষ্ঠা. 124–142, 173. ISBN 978-81-8028-017-7. https://books.google.com/books?id=ClNEJwXLNQIC&pg=PA173. 
  6. Rameshwari Devi; Romila Pruthi (1998). Women and the Indian Freedom Struggle: Sarojini Naidu. Pointer Publishers. পৃষ্ঠা. 249. ISBN 978-81-7132-164-3. https://books.google.com/books?id=t11uAAAAMAAJ. 
  7. Sujata, Menon (2013). Sarkar, Siddhartha. ed. "An Historical Analysis of the Economic Impact on the Political Empowerment of Women In British India". International Journal of Afro-Asian Studies (Universal-Publishers) খণ্ড 4 (1): 17–18. ISBN 978-1-61233-709-8. ISSN 0974-3537. https://books.google.com/books?id=DeaVBAAAQBAJ&pg=PA17. 
  8. 8.0 8.1 8.2 8.3 Sujata, Menon (2013). Sarkar, Siddhartha. ed. International Journal of Afro-Asian Studies. 4. Universal-Publishers. পৃষ্ঠা. 17–18. ISBN 978-1-61233-709-8. https://books.google.com/books?id=DeaVBAAAQBAJ&pg=PA17. 
  9. 9.0 9.1 9.2 9.3 Chaudhari, Raghuveer, ed (2005). "લેખિકા-પરિચય" (gu ভাষাত). વીસમી સદીનું ગુજરાતી નારીલેખન (1st সম্পাদনা). প্ৰকাশক New Delhi: Sahitya Akademi. পৃষ্ঠা. 349, 351. ISBN 8126020350. OCLC 70200087. 
  10. https://www.veethi.com/india-people/vidyagauri_nilkanth-profile-13172-30.htm