বিন্দু মালিনী

ভাৰতীয় কণ্ঠশিল্পী, সুৰকাৰ


বিন্দুমালিনী নাৰায়ণস্বামী বা চমুকৈ বিন্দু মালিনী (ইংৰাজী: Bindhu Malini, ২০ নৱেম্বৰ ১৯৮১) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, সুৰকাৰ আৰু গ্ৰাফিক ডিজাইনাৰ। ২০১৮ চনত তেওঁ কানাড়া ছবি 'নাথিচাৰামী'ত তেওঁৰ 'মাৱাভি মনৱে' গীতৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[1][2] একেখন ছবিৰে "ভৱলোকদাদা ভৰমেয়" গীতৰ বাবে তেওঁ ২০১৯ চনত শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী শিতানত ফিল্মফেয়াৰ দক্ষিণ বঁটা লাভ কৰিছিল।[3] তেওঁ তামিল, হিন্দী আৰু কানাড়া ভাষাত চলচ্চিত্ৰ আৰু এলবামৰ বাবে গীত ৰচনা কৰে আৰু কণ্ঠদান কৰে।

বিন্দু মালিনী

২০১৮ ছবিত বিন্দু মালিনী
জন্ম ২০ নৱেম্বৰ, ১৯৮১ (৪২ বছৰ)
চেন্নাই, তামিলনাডু, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান
পেচা
  • কণ্ঠশিল্পী
  • সুৰকাৰ
  • গ্ৰাফিক ডিজাইনাৰ
দাম্পত্যসঙ্গী বাসু দীক্ষিত
সাংগীতিক কেৰিয়াৰ
সংগীতৰ প্ৰকাৰ
  • ফিল্মী
  • লোকসংগীত
  • চুফী
  • ভাৰতীয় শাস্ত্ৰীয় সংগীত
  • ভজন
ৰেকৰ্ড লেবেল স্বতন্ত্ৰ শিল্পী

ব্যক্তিগত জীৱন সম্পাদনা কৰক

১৯৮১ চনৰ ২০ নৱেম্বৰ তাৰিখে তামিলনাডুচেন্নাইৰ এক সাংগীতিক পৰিয়ালত বিন্দু মালিনীৰ জন্ম হৈছিল। তেওঁৰ মাতৃ এন. বিশালাক্ষী এগৰাকী আকাশবাণীৰ গ্ৰেডপ্ৰাপ্ত কৰ্ণাটিক কণ্ঠশিল্পী আৰু আইতাক সীতা ডোৰাইস্বামী এগৰাকী বিখ্যাত জল তৰংগ বাদ্যযন্ত্ৰী আছিল।[4] বিন্দু মালিনীয়ে নেচনেল ইনষ্টিটিউট অফ ডিজাইনৰ পৰা গ্ৰাফিক ডিজাইনত ডিগ্ৰী লাভ কৰিছে।[5]

তেওঁ বেংগালুৰু এজন সংগীতশিল্পী বাসু দীক্ষিতৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। তেওঁলোকে একেলগে স্বৰথম নামৰ এক লোক-ৰক ফিউজন সংগীত বেণ্ড পৰিচালনা কৰে।[6]

কৰ্মজীৱন সম্পাদনা কৰক

তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কৰ্ণাটিক আৰু হিন্দুস্তানী দুয়োটা সংগীতৰ শাখাতে প্ৰশিক্ষিত। বিন্দু মালিনীয়ে সন্ত কবীৰৰ কবিতা আৰু কুমাৰ গন্ধৰ্বৰ গীতৰ দ্বাৰা প্ৰভাৱিত হৈছিল।[6]

বিন্দু মালিনীৰ এলবাম 'শুনো ভাই' বেদান্ত ভৰদ্বাজৰ সৈতে সহযোগিতাত নিৰ্মাণ কৰা হৈছিল। এই এলবাম সন্ত কবীৰৰ কেইটামান কবিতাৰ সমষ্টি।[6]

সুৰকাৰ হিচাপে সম্পাদনা কৰক

বিন্দু মালিনীয়ে বেদান্ত ভৰদ্বাজৰ সৈতে ২০১৬ চনৰ তামিল ছবি 'অৰুভী'ৰ বাবে সংগীত পৰিচালনা কৰিছিল।[7] কানাড়া ভাষাত তেওঁ প্ৰথমে অনন্যা কছাৰাৱল্লিৰ সৈতে সহযোগিতা কৰিছিল আৰু বেংগালুৰু আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, ২০১৭ৰ ৯ম সংস্কৰণত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰা 'হৰিকথা প্ৰসংগ' ছবিখনৰ বাবে সংগীত পৰিচালনা কৰিছিল।[8] ২০১৮ চনত তেওঁ 'নাথিচাৰামী' ছবিখনৰ বাবে সংগীত ৰচনা কৰে আৰু ইয়াৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰে। তেওঁৰ বেছিভাগ চিনেমা মহিলা কেন্দ্ৰিক।

বঁটা আৰু সন্মান সম্পাদনা কৰক

২০১৮ চনত বিন্দু মালিনীয়ে কানাড়া ছবি 'নাথিচাৰামী'ত তেওঁৰ 'মাৱাভি মনৱে' গীতৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[2] একেখন ছবিৰে "ভৱলোকদাদা ভৰমেয়" গীতৰ বাবে তেওঁ ২০১৯ চনত শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী শিতানত ফিল্মফেয়াৰ দক্ষিণ বঁটা লাভ কৰিছিল।[3]

চলচ্চিত্ৰৰ তালিকা সম্পাদনা কৰক

সুৰকাৰ হিচাপে তেওঁৰ চিনেমাসমূহত বিন্দু মালিনীয়ে নিজেই কণ্ঠদান কৰে। তেওঁ জড়িত থকা চলচ্চিত্ৰসমূহ হৈছে:

বৰ্ষ চলচ্চিত্ৰ কণ্ঠশিল্পী সুৰকাৰ ভাষা
২০১৬ 'আৰুভী'  Y  Y (বেদান্ত ভৰদ্বাজৰ সৈতে) তামিল
২০১৭

'হৰিকথা প্ৰসংগ'

 Y  Y কানাড়া
২০১৮

'নাথিচাৰামী'

 Y  Y কানাড়া

তথ্য উৎস সম্পাদনা কৰক

  1. "National film awards-Kannada film Nathicharami dominates 2019 list". IndiaToday.in. Aug 9, 2019. https://www.indiatoday.in/movies/regional-cinema/story/national-film-awards-kannada-film-nathicharami-dominate-2019-list-1579192-2019-08-09. 
  2. 2.0 2.1 Sudevan, Praveen (2019-08-23). "Music composer Bindhu Malini on scoring for National award-winning ‘Nathicharami’" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/music-composer-bindhu-malini-on-scoring-for-national-award-winning-nathicharami/article29230699.ece. 
  3. 3.0 3.1 "Bindhu Malini cheered on by mother as she picked her filmfare award". Times of India. Dec 23, 2019. https://m.timesofindia.com/entertainment/kannada/movies/news/bindhu-malini-cheered-on-by-mother-as-she-picked-her-filmfare-award/articleshow/72925750.cms. 
  4. Yerasala, Ikyatha (2019-08-28). "Song sung true" (en ভাষাত). Deccan Chronicle. https://www.deccanchronicle.com/entertainment/music/280819/song-sung-true.html। আহৰণ কৰা হৈছে: 2020-10-24. 
  5. "Playback singer Bindhu Malini". nettv4u.com. https://nettv4u.com/amp/celebrity/hindi/playback-singer/bindhu-malini. 
  6. 6.0 6.1 6.2 "Confluence of Sound". Deccan Chronicle. https://www.deccanchronicle.com/150804/entertainment-tvmusic/article/confluence-sound. 
  7. "Meet composers behind the film Aruvi". The NewsMinute.com. Dec 22, 2017. https://www.thenewsminute.com/article/sound-aruvi-meet-composers-behind-film-thats-got-everyone-raving-73563. 
  8. "Harikatha Prasanga bags top honour at BIIF". Bangalore Mirror. Feb 10, 2017. https://bangaloremirror.indiatimes.com/entertainment/south-masala/kannada-film-harikatha-prasanga-bags-top-honour-at-biffes/articleshow/57068463.cms. 

বাহ্যিক সংযোগ সম্পাদনা কৰক