বিপুল খাটনিয়াৰ (জন্ম: ১৯৫৩-২০২১ ) (ইংৰাজী: Bipul Khataniyar) আছিল অসমৰ এগৰাকী গল্পকাৰ, প্ৰবন্ধকাৰ আৰু অনুবাদক। তিনিমহীয়া অসমীয়া আলোচনী নতুন পৃথিৱীত গল্প লিখিবলৈ আৰম্ভ কৰা বিপুল খাটনিয়াৰ পৰৱৰ্তী পৰ্যায়ত অসমীয়া গল্প-সাহিত্যৰ এখন পৰিচিত মুখ হৈ উঠে৷ তেখেতৰ প্ৰথমখন গল্প-সংকলন খোজৰ শব্দ প্ৰকাশিত হৈছিল ১৯৮০ চনত৷ তেখেতৰ গল্পত সৰ্বসাধাৰণৰ সুখ-দুখৰ প্ৰতিবিম্ব ফুটি উঠে বুলি কোৱা হয়৷ [1] খাটনিয়াৰৰ সাহিত্য-দৰ্শনত সমাজতান্ত্ৰিক বাস্তৱতা পৰিলক্ষিত হয়৷ [3] তেখেত সত্তৰ দশকৰ শেষৰফালে আৰম্ভ হোৱা ‘নতুন সাহিত্য পৰিষদ’ৰ অন্যতম প্ৰতিষ্ঠাপক সংগঠক আছিল৷[4]

বিপুল খাটনিয়াৰ
Bipul Khataniyar
জন্ম ২৭ আগষ্ট, ১৯৫৩
শ'লগুৰি, শিৱসাগৰ [1][2]
মৃত্যু ৪ জুলাই, ২০২১ (৬৭ বছৰ)
গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা নৃতত্ত্ব বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী
শিক্ষানুষ্ঠান
  • বেজবৰুৱা হাইস্কুল (শিৱসাগৰ)
  • বেজবৰুৱা কলেজ
  • গুৱাহাটী বিশ্ববিদ্যালয়
পেচা ভাৰতৰ নৃতত্ত্ব আৰু ভূতত্ত্ব জৰীপ বিভাগত বিষয়া (২০১৩ চনত অৱসৰ)
সক্ৰিয় হৈ থকা সময় ১৯৮০-২০২১
জনা যায় গল্পকাৰ, অনুবাদক, প্ৰবন্ধকাৰ
বঁটা, সন্মান, পুৰস্কাৰ আদি সাহিত্য অকাডেমি বঁটা

সংক্ষিপ্ত জীৱনী সম্পাদনা কৰক

বিপুল খাটনিয়াৰৰ জন্ম হৈছিল ১৯৫৩ চনৰ ২৭ আগষ্টত ৷ পিতৃৰ নাম সিংহেশ্বৰ খাটনিয়াৰ আৰু মাতৃৰ নাম হেমলতা খাটনিয়াৰ৷ জন্মস্থান আছিল শিৱসাগৰ জিলাৰ শ'লগুৰি ৷ তেখেতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে তিনিচুকীয়া জিলাৰ দেওশাল অঞ্চলত৷ ১৯৬৯ চনত শিৱসাগৰৰ বেজবৰুৱা হাইস্কুলৰ পৰা প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰা খাটনিয়াৰে ১৯৭৩ চনত কলেজীয়া শিক্ষা লয় শিৱসাগৰ কলেজৰ পৰা৷ পাছলৈ তেখেতে ১৯৭৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা নৃতত্ত্ব আৰু ভূত্ত্বক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে ৷ [3]

কৰ্মজীৱন সম্পাদনা কৰক

১৯৭৭ চনত সহকাৰী ভূতত্ববিদ হিচাপে ভূতত্ব আৰু খনি সঞ্চালকায়লয়ত চাকৰি জীৱন আৰম্ভ কৰা খাটনিয়াৰে ২০১৩ চনৰ ৩১ আগষ্টত সেই কৰ্মৰ পৰা অৱসৰ গ্ৰহণ কৰে৷ [1]

সাহিত্য অনুষ্ঠান নতুন সাহিত্য পৰিষদৰ লগত তেখেত জন্মলগ্নৰে পৰা জড়িত হৈ আছিল৷ দুটা কাৰ্যকাল তেখেতে ৰাজ্যিক সম্পাদকৰো দায়িত্ব পালন কৰিছে৷ পৰিষদৰ মুখপত্ৰ নতুন সাহিত্য খাটনিয়াৰে সম্পাদনা কৰিছিল৷ [3]

বিপুল খাটনিয়াৰে লিখা গল্পৰ সংখ্যা একাধিক৷ তদুপৰি তেখেতে কেইবাখনো গ্ৰন্থ সম্পাদনা কৰিছে ৷ [2] অসমৰ সাহিত্য-সমালোচক অৰিন্দম বৰকটকীয়ে তেখেতৰ সাহিত্য-ৰচনাৰ কথা সুঁৱৰি কয় যে,- "তেখেতৰ শক্তিশালী, প্ৰত্যয়ী আৰু দায়বদ্ধ খোজৰ শব্দ অসমীয়া সাহিত্যত সদায় থাকি যাব৷"[উদ্ধৃতিৰ প্ৰয়োজন]

সাহিত্যৰাজি সম্পাদনা কৰক

গল্পৰ পুথি
  • খোজৰ শব্দ, ১৯৮০
  • চিনাকি মুখৰ ছবি,
  • দখাৰ, ১৯৯৯
  • তাই কাপোৰ নিপিন্ধে, ২০০২
  • ভিন্ন জীৱন ভিন্ন কথকতা, ২০০৯
  • চিনাকি মুখ অচিনাকি ছবি, ২০১০
  • ঘঁৰিয়ালডাঙাৰ কথা, ২০১৬
  • হাৱা ভাল চলা নাই, ২০২১
সম্পাদিত পুথি
  • মোৰ সপোনৰ সূৰ্যৰ মানুহ, হেমাংগ বিশ্বাস (পৰমানন্দ মজুমদাৰৰ সৈতে যুতীয়াভাৱে)
  • সূৰ্য ঢকা মেঘ (২০০১)
  • নিলিখা গল্প (২০০৯)
  • সাহিত্য নিৰ্মাণ প্ৰসংগ (২০০৯)
  • হেমাংগ বিশ্বাস (২০১২, পৰমানন্দ মজুমদাৰৰ সৈতে)
  • ফুলকুমাৰী কলিতাৰ ‘লোক-সাহিত্যৰ ৰহঘৰা ফকৰা যোজনা’ (দ্বিতীয় সংস্কৰণ, ২০১২)
  • শমিক গিৰীশ চন্দ্ৰ (মদন মোহন চৌধুৰীৰ সৈতে, ২০১৪)
  • স্মৃতিলেখা : অনিল ৰায়চৌধুৰী স্মাৰক গ্ৰন্থ (২০২১)
  • অনিল ৰায়চৌধুৰী ৰচনাৱলী (২০২২) [3]

মৃত্যু সম্পাদনা কৰক

২০২১ চনৰ ৪ জুলাই তাৰিখে বিয়লি ৪ বাজি ৫৫ মিনিটত দিছপুৰ পলিক্লিনিকত সাহিত্যিক বিপুল খাটনিয়াৰৰ দেহাৱসান ঘটে৷ তেখেত দীৰ্ঘদিন ধৰি এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল৷ [3][2]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "বিশিষ্ট গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যু". নিয়মীয়া বাৰ্তা. প্ৰকাশক গুৱাহাটী. ৫ জুলাই, ২০২১. পৃষ্ঠা ১ আৰু ১৩. 
  2. 2.0 2.1 2.2 "বিশিষ্ট গল্পকাৰ বিপুল খাটনিয়াৰৰ দেহাৱসান". দৈনিক জনমভূমি. প্ৰকাশক গুৱাহাটী. ৫ জুলাই ২০২১. পৃষ্ঠা ১, ৮. https://dainikjanambhumi.co.in/05072021/details.php?date=14-05-2014&page=1-8&article=3.jpg&cid=28664। আহৰণ কৰা হৈছে: 5 July 2021. 
  3. 3.0 3.1 3.2 3.3 3.4 "বিশিষ্ট গল্পকাৰ বিপুল খাটনিয়াৰৰ জীৱনাসন". দৈনিক অসম. প্ৰকাশক গুৱাহাটী. ৫ জুলাই ২০২১. পৃষ্ঠা ১, ২. https://dainikasam.assamtribune.com/full-page-pdf/epaper/pdf/2021/07/05/dainik-asam/2408। আহৰণ কৰা হৈছে: 5 July 2021. 
  4. সঞ্জীৱ পল ডেকা (২০২২). খোজৰ শব্দ. নতুন সাহিত্য পৰিষদ. পৃষ্ঠা. আগকথা.