অৰিন্দম বৰকটকী (ইংৰাজী: Arindam Borkataki; জন্ম: ১৯৭৬) একাধাৰে লেখক, সমালোচক, সম্পাদক আৰু অধ্যাপক। তেওঁ অসম প্ৰকাশন পৰিষদৰ পৰা প্ৰকাশ পোৱা প্ৰকাশ আলোচনীৰো সম্পাদক আছিল। অনুশীলন গ্ৰন্থৰ বাবে তেওঁ ২০১১ বৰ্ষত সাহিত্য অকাডেমি যুৱ বঁটা[1][2] আৰু মুনীন বৰকটকী বঁটা লাভ কৰে।[3] তেওঁ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ শিক্ষক।[4]

অৰিন্দম বৰকটকী
জন্ম লামডিং, অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা পুনে বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ
বিষয় সমালোচনা সাহিত্য

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

অৰিন্দম বৰকটকীৰ জন্ম হয় ১৯৭৬ চনত ৰেল নগৰী লামডিঙত। পিতৃৰ নাম উপেন্দ্ৰ বৰকটকী। উপেন্দ্ৰ বৰকটকীও এজন লেখক । তেওঁ লামডিং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। অৰিন্দমৰ মাতৃ ভাৰতী বৰকটকীয়ে শিক্ষয়িত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

শিক্ষাজীৱন সম্পাদনা কৰক

পিতৃ উপেন্দ্ৰ বৰকটকী লামডিং মহাবিদ্যালয়ত কৰ্মৰত হোৱাৰ বাবে তেওঁ হাইস্কুলৰ শিক্ষা লামডিং অসমীয়া হাইস্কুলত হয়। ইয়াৰ পিছত নগাঁও কলেজত উচ্চ মাধ্যমিক শিক্ষা গ্ৰহণ কৰি কটন কলেজৰ পৰা ইংৰাজী বিষয়ত স্নাতক আৰু পুনে বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন সম্পাদনা কৰক

স্নাতকোত্তৰৰ পিছত এবছৰ সাংবাদিক হিচাপে জি, এল. পাব্লিকেশনত কাৰ্যনিৰ্বাহ কৰি ২০০১ চনত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত ইংৰাজী বিভাগৰ শিক্ষক হিচাপে যোগদান। অৰিন্দম বৰকটকী সাহিত্যৰ ছাত্ৰ, শিক্ষক আৰু সমাজ-ইতিহাসৰ আগ্ৰহী পাঠক। অসমীয়া কবিতাৰ সমালোচনাৰ পৰা উগ্ৰপন্থীৰ সাহিত্যলৈ, মানৱ অধিকাৰৰ পৰা অসমৰ সাম্প্ৰতিক ৰাজনৈতিক সমস্যালৈ বিভিন্ন বিষয়ক তেওঁৰ আহে সামৰি লৈছে। সাহিত্যিক জীৱন কটন কলেজত পঢ়ি থাকোঁতে কটনিয়ানত প্ৰবন্ধ প্ৰকাশৰ যোগেদি সাহিত্যৰ অনুশীলনৰ আৰম্ভণি। পৰবৰ্তী প্ৰবন্ধটি প্ৰকাশ পাই হীৰেন গোহাঁই সম্পাদিত 'নতুন পদাতিক'ত। ২০০০ চনৰ পৰা নিয়মীয়াভাৱে সাহিত্য সমালোচনাৰ সৈতে জড়িত।[5]

তেওঁৰ সমালোচনাই স্বাধীনতা-উত্তৰ আৰু সমসাময়িক সাহিত্যৰ ক্ষেত্ৰখনক সামৰি লৈছে। প্ৰকাশিত গ্ৰন্থ পাঁচখন। ইয়াৰে অনুশীলন (২০১১) আৰু 'অনুবন্ধ' (২০১৮) নামৰ গ্ৰন্থ দুখনে স্বাধীনতা-উত্তৰ অসমীয়া কবিতাৰ গুৰুত্বপূৰ্ণ কবিসকলক আলোচনাৰ মাজলৈ আনিছে।[6] 'গদ্য ভাৱনা' (২০১২) সমসাময়িক অসমীয়া গল্পকাৰৰ ওপৰত অৱলোকন আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰকাশ কৰি উলিওৱা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সামগ্ৰিক সাহিত্যৰাজিৰ সমালোচনাক গ্ৰন্থখন হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (২০১৬), ৰাজনৈতিক সাক্ষাৎকাৰ আৰু প্ৰবন্ধ সংকলন হৈছে চাকিগছ কোনোবাই জ্বলাই ৰাখিব লাগিব (২০১৬)।[7]

সাহিত্যৰাজি সম্পাদনা কৰক

সংকলন সম্পাদনা কৰক

  • বেজবৰুৱা ৰচনাৱলী (অসম প্ৰকাশন পৰিষদ, মুখ্য সম্পাদক- নিত্য বৰা)
  • ৰামধেনু (অসম প্ৰকাশন পৰিষদ, মুখ্য সম্পাদক ড॰ নগেন শইকীয়া)।
  • বিশ্বৰ বৰণীয়া গল্প (অসম সাহিত্য সভা, মুখ্য সম্পাদক ড॰ মসন শৰ্মা)
  • বিশ্বকোষ ইতিহাস খণ্ডৰ সহকাৰী সম্পাদক (অসম সাহিত্য সভা)

নিৰ্বাচিত সংকলন সম্পাদনা কৰক

  • হৰেকৃষ্ণ ডেকাৰ নিৰ্বাচিত কবিতা (অসম প্ৰকাশন পৰিষদ, ২০১৪)
  • সমীৰ তাঁতীৰ নিৰ্বাচিত কবিতা (অসম প্ৰকাশন পৰিষদ, ২০১৩)
  • অনুসৃষ্টি - নীলমনি ফুকনৰ দ্বাৰা অনূদিত দেশী-বিদেশী কবিতাৰ সংকলন (অসম প্ৰকাশন পৰিষদ, ২০১৪)

গল্প সংগ্ৰহ সম্পাদনা কৰক

  • নিৰ্বাচিত অসমীয়া গল্প (ক্ৰান্তিকাল প্ৰকাশন)
  • নতুনৰ স্বৰলিপি (নতুন লেখকৰ গল্প, পংকজ ঠাকুৰৰ সৈতে)
  • একৈশ শতিকাৰ প্ৰথম দশকৰ নিৰ্বাচিত গল্প (ক্ৰান্তিকাল প্ৰকাশন)
  • অসমীয়া গল্প সংকলন (অসম প্ৰকাশন পৰিষদ, হোমেন বৰগোহাঞিৰ সৈতে)
  • মনোজ কুমাৰ গোস্বামীৰ নিৰ্বাচিত গল্প (অসম প্ৰকাশন পিৰষদ)

সমাজ-ইতিহাস সম্পৰ্কীয় সম্পাদনা কৰক

  • InsurgencyCounterinsurgency and Issues of Human Rights (ADPCollege).
  • Women Issues and Perspectives (নীতা শৰ্মাৰ সৈতে যুটীয়াভাৱে, ADPCollege).

আলোচনী সম্পাদনা সম্পাদনা কৰক

  • প্ৰকাশ আলোচনীৰ সম্পাদক (অসম প্ৰকাশন পৰিষদ)
  • আমাৰ অসমৰ সহযোগী সম্পাদক (Time of India publication)
  • নিবেদন (ক্ৰান্তিকাল প্ৰকাশন)
  • অন লাইভ আলোচনী www.nezine.com ৰ সাহিত্য সম্পাদক
  • অসমৰ উগ্ৰপন্থীসকলৰ নিৰ্বাচিত ৰচনাৰে সাতসৰী আলোচনীৰ এটা সংখ্যাৰ অতিথি সম্পাদক
  • যাত্ৰা (ক্ৰান্তিকাল প্ৰকাশন)

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • ২০১১ বৰ্ষত প্ৰথমখন গ্ৰন্থ ‘অনুশীলন’ৰ বাবে সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ আৰু মুনীন বৰকটকী বঁটা।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "..:: SAHITYA : Akademi Awards ::..". . Welcome to Sahitya Akademi.. http://sahitya-akademi.gov.in/sahitya-akademi/awards/yuva_samman_suchi.jsp। আহৰণ কৰা হৈছে: 2016-05-05. 
  2. "Yuva Puruaskar (List of Winners 2011-2018)". General Knowledge Book. Archived from the original on 2019-03-06. https://web.archive.org/web/20190306044346/https://www.generalknowledgebook.com/2019/02/sahitya-akademi-yuva-puruaskar.html। আহৰণ কৰা হৈছে: 2019-03-04. 
  3. "মুনীন বৰকটকী স্মাৰক ন্যাস". www.muninbarkotoki.org. http://www.muninbarkotoki.org/assamese/trust/awrdlist.html। আহৰণ কৰা হৈছে: 2022-07-27. 
  4. "ADP College". adpcollege.ac.in. http://adpcollege.ac.in/teachingstaff.php। আহৰণ কৰা হৈছে: 2022-07-27. 
  5. অনুশীলন এটা টোকা— হীৰেন্দ্ৰনাথ দত্ত,মোৰ প্ৰবন্ধ, অসম প্ৰকাশন পৰিষদ
  6. Up -close with an introvert culture ' by Parbina Rashid, The Sunday Tribune, Chandigarh,30 october,2016
  7. অৰিন্দমৰ বিষয়ে দুআষাৰ, ড॰ ধ্ৰুৱজ্যোতি বৰা, আমাৰ অসম, ৭ অক্টোবৰ, ২০০৪