ৰাক্ষস হিন্দু বিশ্বাসৰ মতে এক দানৱীয় প্ৰাণী। ৰাক্ষসসকলে পিছলৈ বৌদ্ধ বিশ্বাসতো স্থান পালে। ৰাক্ষসসকলে মানুহ ভক্ষণ কৰাৰ কথাও কোৱা হয়। স্ত্ৰী ৰাক্ষসক ৰাক্ষসী বোলা হয় আৰু মানৱ ৰূপ ধৰা ৰাক্ষসীক মনুষ্য-ৰাক্ষসী। কেতিয়াবা অসুৰ আৰু ৰাক্ষস একে বুলি কোৱা হয়।

কৰ্ণাটকৰ যক্ষগণত দৰ্শোৱাৰ দৰে ৰাক্ষস

হিন্দু বিশ্বাসত সম্পাদনা কৰক

বৈদিক আৰু পৌৰাণিক আখ্যানত সম্পাদনা কৰক

 
বৰাহৰ হাতত হিৰণ্যক্ষৰ মৃত্যু

কোৱা হয় যে সত্য যুগৰ শেষৰ ফালে ব্ৰহ্মাৰ নিদ্ৰাৱস্থাৰ শ্বাসৰ পৰা ৰাক্ষসৰ সৃষ্টি হ'ল। ৰাক্ষসসকলে ৰক্ত ইমানেই ভাল পাইছিলে যে জন্ম হৈয়ে তেওঁলোকে ব্ৰহ্মাকে খাবলৈ ধৰিলে। ব্ৰহ্মাই চিঞৰিলে "ৰক্ষাম" (যাৰ অৰ্থ সংস্কৃতত ৰক্ষা কৰা) আৰু বিষ্ণু তেওঁক ৰক্ষা কৰিবলৈ প্ৰকট হ'ল। বিষ্ণুৱে ৰাক্ষসসকলক পৃথিবীলৈ খেদি দিলে।

তেওঁলোকৰ ভাষিক উৎস ঋকবেদৰ ৮৭ নং স্তুতিত পোৱা যায়। তাত তেওঁলোকক মানৱ মাংস ভক্ষণ কৰা যতুধনৰ লগত মিলোৱা হৈছে।[1]

কোনো কোনোৱে ৰাক্ষসসকলক কাশ্যপৰ বংশৰ বুলি কয়, পিছে শৈল্পিক কাৰণত বেদত তেনে কোনো উল্লেখ নাই। সম্ভৱ যে বেদৰ সৃষ্টিৰ সময়ত ৰাক্ষস কাশ্যপৰ বংশৰ হোৱাৰ কথা প্ৰচলিত আছিল যদিও বংশৰ ধাৰণা বেদৰ লিখনশৈলীৰ বাবে সম্পূৰ্ণ বিদেশী আছিল সেয়েহে হয়টো যদিও পুৰাণ আদিত ৰাক্ষসক কাশ্যপৰ বংশধৰ বুলি কোৱা হয়, বেদে সেই কথা নকয়।

উৎস সম্পাদনা কৰক

কাশ্যপৰ বিবাহ দক্ষৰ ১৩জনী কন্যাৰ সৈতে হৈছিল, যাৰ মাজত আছিল অদিতি, দিতি আৰু দনু।

  • দনুৰ পুত্ৰসকল দানৱ
  • দিতিৰ পুত্ৰসকল দৈত্য আৰু
  • অদিতিৰ পুত্ৰসকল আদিত্য, দেৱ বা সুৰ।

বিৱৰণ সম্পাদনা কৰক

ৰাক্ষসসকলক দেখাত সদায় কুৎসিত বুলি কোৱা হয়৷ তেওঁলোক বিশাল, ভয়ংকৰ, তেওঁলোকৰ মুখৰ পৰা দুটা বিষদাঁত বাহিৰ হৈ থাকে আৰু তেওঁলোকৰ দীঘল দীঘল নখ থাকে। তেওঁলোক স্বাৰ্থপৰ, জন্তুৰ দৰে আৰু মানৱ ভক্ষণকাৰী; তেওঁলোকে মাংসৰ গন্ধ চিনাক্ত কৰিব পাৰে; অধিক ভয়ানক ৰাক্ষসসকলৰ চকু আৰু চুলি ৰঙা আৰু তেওঁলোকে হাতেৰে মানৱ ৰক্ত গ্ৰহণ কৰে; তেওঁলোকে উৰাৰ, অদৃশ্য হোৱাৰ কৈশল জানে; তেওঁলোকে মায়াৰ বলত আকাৰ সলাব আৰু বিভিন্ন জন্তুৰ ৰূপ ল'বলৈও জানে বুলি কোৱা হয়। স্ত্ৰী অসুৰক অসুৰী বোলা হয়৷[2]

হিন্দু কাব্যত সম্পাদনা কৰক

ৰামায়ণ আৰু মহাভাৰতৰ জগতত ৰাক্ষসসকল আছিল এক জনবহুল গোষ্ঠী। ভাল আৰু বেয়া, দুয়ো প্ৰকাৰৰে ৰাক্ষসৰ উদাহৰণ পোৱা যায়। ৰাক্ষসসকলে যুদ্ধত ভাল আৰু বেয়া, দুয়ো পক্ষৰ হৈ যুদ্ধ কৰিছিল। তেওঁলোক অতি শক্তিশালী যোদ্ধা, নিপুণ জাদুকৰ আৰু মায়াবী আছিল। ৰাক্ষসসকলে মায়াৰে এনে দৃশ্য সৃষ্টি কৰিছিল যি বিশ্বাস কৰোঁতা বা সত্য নজনাসকলৰ বাবে একেবাৰে সত্য যেন লাগিছিল। কিছু ৰাক্ষসক মানৱ ভক্ষণকাৰী বুলি কোৱা হয়।

ৰাক্ষসসকলক প্ৰায় পৰাধীন সৈনিকৰ ৰূপত দেখুৱা হৈছিল। পিছে কিছু ৰাক্ষসে অত্যন্ত বল অৰ্জন কৰি নায়ক বা অধিনায়ক হিচাপে খ্যাতি লাভ কৰিলে।

ৰামায়ণত সম্পাদনা কৰক

লংকাৰ যুদ্ধ ৰাৱণৰ ৰাক্ষস সেনা আৰু ৰামৰ বানৰ সেনাৰ মাজত হৈছিল।

 
তাৰকা
  • দহোটা মূৰ থকা ৰাবণ আছিল ৰাক্ষসসকলৰ এজন ৰজা, আৰু ৰামৰ শত্ৰু। মাৰ্কণ্ডেয় ঋষিয়ে লিখাৰ মতে, ৰাৱণে ৰামৰ পত্নী সিতাক হৰণ কৰি নিজৰ আধিপত্য থকা লংকালৈ লৈ গ'ল। ৰামে বানৰ ৰজা সুগ্ৰীবৰ সহায়ত বানৰ সেনাৰ সহায় লৈ ৰাবণক বধ কৰি সিতাক উদ্ধাৰ কৰিলে।[3]
  • ৰাবণৰ সৰু ভায়েক বিভীষণে ৰামক সীতা অন্বেষণত সহায় কৰিছিলে[4], বিভীষণৰ সহায়ত ৰামৰ সেনাই সাগৰ পাৰ কৰিলে, অদৃশ্য ৰাক্ষসক হৰুৱালে, ৰামৰ বিজয়ৰ পিছত বিভীষণ লংকাৰ ৰজা হ'ল। ব্ৰহ্মাৰ বৰ লাভ কৰাৰ পিছত বিভীষণে কেতিয়াও বেয়া শক্তিৰ সহায় নকৰাৰ পণ কৰিছিলে[5]
  • কুম্ভকৰ্ণ ৰাবণৰ আন এক ভায়েক আছিলে। তেওঁ আছিলে বিশাল আৰু শক্তিশালী। ব্ৰহ্মাৰ দ্বাৰা দীৰ্ঘ নিদ্ৰাৰ বৰ লাভ কৰা কুম্বকৰ্ণ যুদ্ধৰ প্ৰায়ভাগতেই নিদ্ৰাৱস্থাত আছিল। পিছলৈ ৰাবণৰ অনুৰোধত তেওঁ ৰামৰ সেনাৰ সৈতে যুদ্ধ কৰিবলৈ ওলাল-- পিছে তেনেতে বানৰসকলে তেওঁক আক্ৰমণ কৰিলে আৰু তেওঁ হাঁহিবলৈ ধৰিলে। ৰাম আৰু লক্ষ্মণে গোপন ব্ৰহ্মাস্ত্ৰৰে কুম্ভকৰ্ণৰ হত্যা কৰিলে। (Ramayana, Book III: Vana Parva, Section 285.)

ৰামায়ণত কবন্ধ, তাৰক, সূৰ্পনখা, মৰিচ, সুবাহু, খৰ, ইন্দ্ৰজিৎ আদি ৰাক্ষসৰো ভূমিকা আছিল।

মহাভাৰতত সম্পাদনা কৰক

 
হিড়িম্বী - হিড়িম্বা ভগ্নী
 
Karna Attacks Ghatotkacha
  • পাণ্ডৱ নায়ক ভীম এজনী ৰাক্ষসীৰ গিৰিয়েক আছিল। হিড়িম্বা এজন ৰাক্ষস আছিল। তেওঁ আছিল মানৱ ভক্ষণকাৰী। পাণ্ডৱসকলৰ গন্ধ পাই, তেওঁ ভগ্নী হিড়িম্বীক পঠিয়ালে। পিছে হিড়িম্বী ভীমৰ প্ৰেমত পৰিল আৰু ভীমক সকলো সত্য ক'লে। ঘটোৎকচ ভীম আৰু হিড়িম্বীৰ পুত্ৰ, তেওঁৰ নাম তেওঁৰ ঘতৰ দৰে মূৰৰ বাবে পৰিল। ঘটোৎকচ সৰুতে হিড়িম্বীৰ লগত থাকিছিল, এদিন তেওঁৰ অজানীতে অৰ্জুন পুত্ৰ অভিমন্যুৰ সৈতে যুদ্ধ হ'ল। ঘটোৎকচ আছিল অতি অমায়িক আৰু ভাল। তেঁৱো নিজৰ পিতৃৰ দৰে গদাৰ সহায়ত যুদ্ধ কৰিছিল। তেওঁৰ পত্নী আছিল অহিলাৱতী আৰু পুত্ৰ বৰবৰিকা। মহাভাৰতৰ যুদ্ধত ঘটোৎকচে পাণ্ডৱৰ হৈ যুদ্ধ কৰিলে। নিজৰ মায়াৰে, তেওঁ কৌৰৱ সেনাক জলা কলা কৰিলে। তেওঁৰ শক্তি বিশেষকৈ ৰাতি অতি শক্তিশালী হৈছিল। ঘটোৎকচৰ দ্বাৰা সমস্ত কৌৰৱ সেনা ধ্বংস হোৱাৰ ভয়ত দুৰ্যোধনে কৰ্ণক শক্তি অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ ক'লে। পিছে সেই অস্ত্ৰ এবাৰহে ব্যৱহাৰ কৰিব পাৰি আৰু কৰ্ণই সেই অস্ত্ৰ অৰ্জুনক মাৰিবলৈ বচাই থৈছিলে। মিত্ৰ দুৰ্যোধনৰ কথা পেলাব নোৱাৰি কৰ্ণই শক্তি ঘটোৎকচক মাৰিবলৈ ব্যৱহাৰ কৰিলে। ঘটোৎকচৰ মৃত্যু হ'ল, কিন্তু কৃষ্ণৰ মুখত হাঁহি বিৰিঙিল, কাৰণ কৰ্ণৰ ওচৰত অৰ্জুনক হৰাবলৈ অস্ত্ৰ নোহোৱা হ'ল। হিমাচল প্ৰদেশমানালীত ঘটোৎকচৰ এটা মন্দিৰ আছে।
  • বকাসুৰ অন্য এক ৰাক্ষস আছিলে, যিয়ে মানৱো ভক্ষণ কৰিছিলে। প্ৰতিদিনে কোনো এঘৰে তেওঁক খাদ্য যোগান ধৰিব লাগে। এবাৰ ব্ৰাহ্মণ পৰিয়াল এটাৰ পাল আহিল। পিছে তেওঁলোকৰ ঘৰত সেই সময়ত আছিল পাণ্ডৱ। ভীমে কৌশলেৰে বকাসুৰৰ অন্ত কৰিলে।
  • জতাসুৰ অন্য এক ৰাক্ষস আছিলে যিয়ে ব্ৰাহ্মণ বেশত পাণ্ডৱৰ অস্ত্ৰ চুৰি কৰাৰ চেষ্টা কৰিছিলে। পিছে ভীমে জতাসুৰক বধ কৰিলে। (Book III: Varna Parva, Section 156)। জতাসুৰৰ পুত্ৰই কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ হৈ যুদ্ধ কৰিছিলে। দুয়ো পক্ষতে ৰাক্ষস নায়কসকলৰ বিশেষ ভূমিকা আছিল।

বৌদ্ধ বিশ্বাসত সম্পাদনা কৰক

থেৰাৱাডা বৌদ্ধ সাহিত্যত সম্পাদনা কৰক

মহায়ানা বৌদ্ধ সাহিত্যত সম্পাদনা কৰক

লটাচ সূত্ৰত বুদ্ধদেৱে কিছু ৰাক্ষস ভগ্নীক সূত্ৰটোৰ সুৰক্ষাৰ দায়িত্ব অৰ্পণ কৰাৰ কথা উল্লেখ আছে। তেওঁলোকে সুৰক্ষাৰ বাবে জাদুকৰী ধৰণীও শিকালে।[6]

জাপানী পৰম্পৰাত ৰাক্ষসক ৰাচেৎচু(羅刹) বোলা হয়।

বিভিন্ন ভাষাত ৰাক্ষস সম্পাদনা কৰক

ইণ্ড'নেচিয়ান আৰু মালায় ভাষাত ' ৰাক্সাচা 'ৰ অৰ্থ "বিশালকায় মানুহ", "ডাঙৰ" বা "বৃহৎ আৰু শক্তিশালী" বা "ৰাক্ষস"।[7] Indonesian and Malay are very closely related languages with significant Sanskrit influence.

বঙালী ভাষাত ' ৰাখচ 'ৰ অৰ্থ এনে ব্যক্তি যিয়ে কোনো লাজ বা বোজা অনুভৱ নকৰাকৈ খায়। তেনেদৰে মালায় আৰু ইণ্ড'নেচিয়ান ভাষাতো " ৰাকুচ "ৰ অৰ্থ লুভীয়া।[7]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. http://en.wikisource.org/wiki/The_Rig_Veda/Mandala_10/Hymn_87
  2. Gopal, Madan (1990). K.S. Gautam. ed. India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃষ্ঠা. 72. 
  3. Ramayana (Book III: Vana Parva, Section 271 ff.)
  4. Ramayana (Book III: Vana Parva, Section 281 ff.)
  5. Ramayana (Book III: Vana Parva, Section 273 ff.)
  6. "Lotus Sutra, chapter 26, Burton Watson translation". Archived from the original on 2003-03-25. https://archive.is/20030325001524/http://lotus.nichirenshu.org/lotus/sutra/english/watson/lsw_chap26.htm। আহৰণ কৰা হৈছে: 2015-04-30. 
  7. 7.0 7.1 Atmosumarto, Sutanto (2004). A learner's comprehensive dictionary of Indonesian. Atma Stanton. পৃষ্ঠা. 445. ISBN 9780954682804. http://books.google.com/books?id=0PV0NSjCdFAC&pg=PA445. 
  • Freeman, Michael and Claude Jacques (2003). Ancient Angkor. প্ৰকাশক Bangkok: River Books. 
  • Rovedo, Vittorio (1997). Khmer Mythology: Secrets of Angkor. প্ৰকাশক New York: Weatherhill. 

আৰু পঢ়ক সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক

  • The Mahabharata of Vyasa translated from Sanskrit into English by Kisari Mohan Ganguli, online version