বিভ্ৰাট (চলচ্চিত্ৰ)
বিভ্ৰাট (ইংৰাজী: Bibhrat ) ১৯৭২ চনত মুক্তি পোৱা ফণী তালুকদাৰ পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা কৰিছিল পীতাম্বৰ শৰ্মা, বংসীধৰ শৰ্মা আৰু ফণী তালুকদাৰে।বিভ্ৰাটৰ গীত বাণীবদ্ধ কৰা হৈছিল জ্যোতি চিত্ৰবনত। ১৯৬৮ চনত চৰকাৰী খণ্ডত প্ৰতিষ্ঠা কৰা জ্যোতি চিত্ৰবনত এখন ছবিৰ আটাইবোৰ গীত বাণীবদ্ধ কৰা এইখনে প্ৰথম চিনেমা। বিভ্ৰাট এখন হাস্য-ব্যংগ্ ছবি।[1]
বিভ্ৰাট Bibhrat | |
---|---|
পৰিচালক | ফণী তালুকদাৰ |
চিত্ৰনাট্য | দুৰ্গেশ্বৰ বৰঠাকুৰ, ফণী তালুকদাৰ |
কাহিনী | দুৰ্গেশ্বৰ বৰঠাকুৰ |
প্ৰযোজক | পীতাম্বৰ শৰ্মা, বংশীধৰ শৰ্মা, ফণী তালুকদাৰ |
চিত্ৰগ্ৰহণকাৰী | সুজিৎ সিংহ |
সম্পাদনা | শিৱ ভট্টাচাৰ্য |
সংগীত পৰিচালক | মেল’ডিকা, ৰমেন চৌধুৰীৰ তত্বাৱধানত |
মুক্তি |
৭ এপ্ৰিল ১৯৭২ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
কাহিনীৰ সাৰাংশ
সম্পাদনা কৰকপিয়ন, চকিদাৰ- কিবা এটা সাধাৰণ চাকৰি বিচাৰি যদুৱে গাঁৱৰ পৰা চহৰ পায়হি। চহৰত লগ পালে মধুক। মধুৱে চহৰত কিছুদিন চহৰত থাকি অলপ টেঙৰ হৈছে। দুয়োজনে বেকাৰ। ৰাতি নামঘৰৰ বাৰান্দাত শোৱে। দিনত চাকৰি বিচাৰে। মধুৱে আগতে কাম কৰা মানুহ এঘৰত যদুৱে ৰান্ধনীৰ কামত সোমাল। কিন্তু সেই কামত বেছিদিন টিকিব নোৱাৰিলে। ইফালে মধুৱে ভাৰাঘৰৰ দালালী, মুটীয়াগিৰি আদি বিভিন্ন কামত জড়িত হ’ল যদিও কতো থিতাপি নাপায়। আকৌ দুয়োৰো দেখাদেখি হয়।[1]
এদিন কাছাৰীৰ বাকৰিত এজন ঠগৰ পৰা পুৰণি বাতৰিকাকত এখন কিনি তাত নিৰুদ্দেশৰ খবৰ এটা পঢ়ি পলৰীয়া ল’ৰা বিচাৰি ধন ঘটা ব্যৱসায়ে ভাল হ’ব বুলি ঠিৰাং কৰিলে। মধুৱেও সেই কামত জড়িত হৈ পৰে। পলৰীয়া বুলি বিভিন্ন ল’ৰা-ছোৱালীৰ পিছ লৈ দুয়োৰো বহুত লটিঘটি হয়। ঘটনাক্ৰমে লাহৰীক লগ পাই যদুৱে এদিন ঘৰ পতাৰো সপোন দেখিলে। এদিন পলৰীয়া বিচাৰি গৈ যদু জুৱাচোৰ গুণ্ডাৰ কবলত পৰে। অৱশেষত মধুৱে গুণ্ডাৰ কবলৰ পৰা যদুক বচাই আনে।[1]
অভিনয়-শিল্পী
সম্পাদনা কৰক- পূণ্য দাস
- বিৰিঞ্চি ভট্টাচাৰ্য
- মোৱাজ্জিন আলী
- কমল চৌধুৰী
- বীণা দাস
- চন্দ্ৰা
- অনুজা দেৱী
- ৰুণু বৰুৱা
- প্ৰবীন ফুকন
- লক্ষ্যধৰ চৌধুৰী
- ক্ষীৰদা কান্ত বিষয়া,
- পোৱাল দুৱৰা,
- গদাধৰ বৰাককতি,
- হৰেন দাস,
- ৰাজেন শৰ্মা,
- প্ৰমোদ শইকীয়া,
- নীলু চক্ৰৱৰ্তী আদি।[1]
সংগীত
সম্পাদনা কৰকৰমেন বৰুৱাৰ তত্বাৱধানত মেল’ডিকাই ছবিৰ সঙ্গীত পৰিচালনা কৰিছিল। গীতকাৰ দ্বিজেন্দ্ৰ মোহন শৰ্মা, নিৰ্মল প্ৰভা বৰদলৈ আৰু নৱকান্ত বৰুৱা।[2]
গীতৰ শীৰ্ষ | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | কন্ঠশিল্পী | দৈৰ্ঘ্য | ||||||
1. | "দুনীয়া আমাৰ আস্তানা, দিল মচগুল মস্তানা" | দ্বিজেন্দ্ৰ মোহন শৰ্মা | খগেন মহন্ত, মঞ্জুৰী বৰুৱা | |||||||
2. | "আজি হাঁহিৰ মজলিচ এই গোৱা গোৱা গান" | নিৰ্মল প্ৰভা বৰদলৈ | প্ৰণতি ফুকন | |||||||
3. | "এই দুনীয়া এখন চিৰিয়াখানা" | নৱকান্ত বৰুৱা | ঋতুপৰ্ণ শৰ্মা, মঞ্জৰী বৰুৱা, মন্দিৰা শৰ্মা, আৰিফুন্নিছা পিয়াৰ, ভাৰতী পাঠক | |||||||
4. | "এয়া ফাগুণৰে দিন পাপৰিতে চিন" | নিৰ্মল প্ৰভা বৰদলৈ | মিহিৰ বৰদলৈ |