অজামিল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
8 নং শাৰী:
কিন্তু এদিনাখন অজামিল ভগৱানক উপাসনা কৰিবৰ বাবে পথাৰৰ পৰা ফুল সংগ্ৰহ কৰিবলৈ যাওঁতে এজন মদমত্ত ব্যক্তি আৰু এগৰাকী বেশ্যা যৌন আৱেশনত লিপ্ত অৱস্থাত দেখা পালে। অজামিল বিস্মিত আৰু আকৰ্ষিত হৈ পৰিল, তেওঁৰ মন আৰু বেছিকৈ বেশ্যাগৰাকীৰ ফালে নিৱদ্ধ হ'বলৈ ধৰিলে। অজামিল এগৰাকী নৈষ্ঠিক ব্ৰাহ্মণ আছিল, আৰু এইদৰে পাকচক্ৰত তেওঁ এগৰাকী অচিন পুৰুষ আৰু অচিনাকি মহিলাৰ যৌনক্ৰিয়াৰ দৃশ্য দেখা পাই নিঃসহায়ভাৱে তাৰ সৈতে সাঙোৰ খাই পৰিল। ইয়াৰ ফলক্ৰমেই তেওঁ সেই ব্বেশ্যাগৰাকীক নিজৰ গৃহলৈ লিগিৰী হিচাপে লৈ গ'ল। ইয়াৰ অৱশ্যাম্ভাৱী ফল হিচাপে তেওঁ ইমানেই আৱদ্ধ হৈ পৰিল যে নিজৰ পৰিয়াল-পৰিজন, পত্নী আৰু সন্তানৰ সংগ ত্যাগ কৰি বেশ্যাগৰাকীৰ সৈতে আতঁৰি গুছি গ'ল। বেশ্যাৰ সৈতে তেওঁৰ এই নিয়ম বহিৰ্ভূত সম্পৰ্কৰ ফলশ্ৰুতিত অজামিলে সকলো সু-গুণ হেৰুৱাই পেলালে। তেওঁ সম্পূৰ্ণভাৱে নিজৰ মূল্যবোধ পাহৰি পাপৰ জীৱনত আৱদ্ধ হৈ পৰিল।
 
অৱলীলাক্ৰমেই, অজামিলৰ সেই পূৰ্ব-বেশ্যাগৰাকীৰ সৈতে সন্তান জন্ম হ'ল, আৰু সন্তান আৰু মাতৃৰ প্ৰতি দায়-দায়িত্ব পালন কৰোঁতে কৰোঁতে ভগৱন্তৰ সেৱাৰ প্ৰতি পিঠি পৰিল। কিন্তু নিজৰ অতীতত নৈতিক মূল্যবোধ আৰু ভগৱন্তৰ প্ৰতি থকা ভক্তিভাৱৰ বাবে অজামিলে তেওঁৰ আত্মাক লৈ যাবৰ বাবে '''যমদূত'''ৰ আগমন দেখা পাইছিল। হিন্দুধৰমৰ বিশ্বাস অনুসৰি যমদূতসকল হৈছে মৃত্যুৰ দেৱতা '''যম'''ৰ ভৃত্য। অজামিল সাংসাৰিক কৰ্মকাণ্ডত ইমান নিমজ্জিত হৈ পৰিছিল যে, নিজৰ মৰণ শয্যাতো তেওঁ ঈশ্বৰক প্ৰাৰ্থনা কৰাৰ পৰিৱৰ্তে নিজৰ পুত্ৰ নাৰায়ণহে মাতিছিল। হিন্দুধৰ্মত ভগৱান [[কৃষ্ণ]]ৰ আন এক নাম হৈছে নাৰায়ণ। অজামিলে নাৰায়ণক মতা শুনি ভগৱানে ততালিকে দেখা দি অজামিলৰ জীৱনৰ পাপসমূহ পখালি তেওঁক তেওঁৰ সৈতে লৈ গ'ল। অজামিলে যদিও তেওঁৰ জীৱন ভগৱন্তৰ উপাসনাত সমৰ্পণ কৰা নাছিল, তথাপিও শেষ মূহুৰ্তত [[শীকৃষ্ণকৃষ্ণ|শ্ৰীকৃষ্ণ]]ৰ পৱিত্ৰ নাম নাৰায়ণ স্মৰণ কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ সমস্ত পাপ ধুই বিশুদ্ধ হৈ পৰিল <ref>{{cite book|title=India through the ages|url=https://archive.org/details/indiathroughages00mada|last=Gopal|first=Madan|year= 1990| page= [https://archive.org/details/indiathroughages00mada/page/64 64]|editor=K.S. Gautam|publisher=Publication Division, Ministry of Information and Broadcasting, Government of India}}</ref>।
 
এই আখ্যানটোয়ে এই নিশ্চয়তা প্ৰদান কৰে যে, ঈশ্বৰে মানুহৰ আহ্বানলৈ অপেক্ষা কৰে। বিপদগ্ৰস্ত মানুহৰ মাত্ৰ এষাৰ নিৰ্দোষ আহ্বানতেই ভগৱানে সহায়ৰ হাত আগবঢ়ায় <ref>{{Cite news|url=https://www.thehindu.com/features/friday-review/religion/Potency-of-Lordrsquos-names/article16894016.ece|title=Potency of Lord&rsquo;s names|date=2009-11-24|work=The Hindu|access-date=2019-11-28|language=en-IN|issn=0971-751X}}</ref>।
 
এই আখ্যানটোয়ে এই নিশ্চয়তা প্ৰদান কৰে যে, ঈশ্বৰে মানুহৰ আহ্বানলৈ অপেক্ষা কৰে। বিপদগ্ৰস্ত মানুহৰ মাত্ৰ এষাৰ নিৰ্দোষ আহ্বানতেই ভগৱানে সহায়ৰ হাত আগবঢ়ায় <ref>{{Cite news|url=https://www.thehindu.com/features/friday-review/religion/Potency-of-Lordrsquos-names/article16894016.ece|title=Potency of Lord&rsquo;s names|date=2009-11-24|work=The Hindu|access-date=2019-11-28|language=en-IN|issn=0971-751X}}</ref>।
 
==তথ্যসূত্ৰ==
"https://as.wikipedia.org/wiki/অজামিল"ৰ পৰা অনা হৈছে