শংকুৰাজ কোঁৱৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ভাৰতীয় গীতিকাৰ, সুৰকাৰ, সংগীত প্ৰযোজক, কণ্ঠশিল্পী আৰু ইউটিউবাৰ
Content deleted Content added
নতুন পৃষ্ঠা: {{Infobox writer | name = শংকুৰাজ কোঁৱৰ | image = Shankuraj Konwar.jpg | imagesize = | caption = ২০২০ চনত | birth_date = {{B...
(কোনো পাৰ্থক্য নাই)

10:09, 9 May 2021ৰ সংস্কৰণ

শংকুৰাজ কোঁৱৰ (ইংৰাজী: Maitrayee Patar, ৭ এপ্ৰিল ১৯৯০) এগৰাকী ভাৰতীয় গীতিকাৰ, সুৰকাৰ, সংগীত প্ৰযোজক আৰু কণ্ঠশিল্পী। তেওঁ অসমীয়া গীতৰ নতুন আধুনিক ইলেকট্ৰনিক সংগীতৰ ধাৰালৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত।[1]

শংকুৰাজ কোঁৱৰ
চিত্ৰ:Shankuraj Konwar.jpg
২০২০ চনত
জন্ম ৭ এপ্ৰিল, ১৯৯০ (৩৪ বছৰ)
টংলা, অসম
পেচা
  • গীতিকাৰ
  • কণ্ঠশিল্পী

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

শংকুৰাজ কোঁৱৰৰ পিতৃ আৰ‍‍ক্ষী বিভাগত কৰ্মৰত হোৱাৰ বাবে তেও সৰুকালত অসমৰ বিভিন্ন স্থানত থাকিব লগা হৈছিল। ১৯৯৫ চনত তেওলোক স্থায়ীভাৱে যোৰহাটলৈ আহে আৰু তাতেই তেও শিক্ষাজীৱন আৰম্ভ কৰে। তেঁওৰ ঘৰত সৰুৰে পৰাই সাংস্কৃতিক পৰিবেশ বিৰাজ কৰিছিল, যদিও তেও শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লোৱা নাছিল। সৰুকালত তেও ড° ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, পাৰ্বতী প্ৰসাদ বৰুৱা, লোকনাথ গোস্বামী আদি গায়কৰ গান শুনি সংগীতৰ প্ৰতি আকৰ্ষিত হৈছিল। অসমীয়াৰ উপৰিও তেও পশ্চিমীয়া সংগীতৰ প্ৰতিও যথেষ্ট আকৃষ্ট হৈছিল।

যোৰহাটত শিক্ষা জীৱন আৰম্ভ কৰি তেও ডিব্ৰুগড়ৰ চল্ট ব্ৰুক একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা সামাপ্ত কৰে আৰু তাৰ পাছত যোৰহাট আভিযান্ত্ৰিক মাহাবিদ্যলয়ত ভৰ্তি হয়। ইঞজিনিয়াৰিং শিক্ষা সমাপ্ত কৰি তেও চাকৰিৰ বাবে মুম্বাইলৈ যায়, কিন্তু কিছুদিনা পাছতে চাকৰি বাদ দি পুণৰ পঢ়ালৈ ঘুৰি যায় আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে পঢ়ি থকা সময়তে তেও নিজৰ প্ৰথমটি গীত মুকলি কৰে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত সংগীত পৰিবে‍‍শন কৰাৰ নিমন্ত্ৰণ পাবলৈ ধৰে। তেনেদৰেই তেও পেছাদাৰী সংগীত জগত খনত ভৰি দিয়ে।

কৰ্মজীৱন

সংগীতজগত

শংকুৰাজ কোঁৱৰ 'বাৰ্তালাপ'ৰ বেনাৰত তেওঁৰ নতুন যুগৰ আধুনিক ইলেকট্ৰনিক সংগীতৰ নতুন প্ৰজন্মৰ মাজত অতি জনপ্ৰিয়। এই বেনাৰত নিৰ্মিত মৈত্ৰেয়ী পাটৰ আৰু শংকুৰাজ কোঁৱৰৰ গীত ৰোলিং ষ্টন ইণ্ডিয়াই ২০২০ চনৰ প্লেলিষ্টত 'দূৰ সীমনাত' অলতাৰনেটিভ ৰক তালিকাত অন্তৰ্ভুক্ত কৰিছিল।[2] “প্ৰজেক্ট বাৰ্তালাপ” মৈত্ৰেয়ী পাটৰ আৰু শংকুৰাজ কোঁৱৰৰ যুটীয়া প্ৰচেষ্টাত গঢ় লৈ উঠিছে। মুম্বাইত তেওঁলোকে একেখন কলেজত পঢ়িছিল আৰু বিশ্ব প্ৰতিবন্ধকতা দিৱসৰ অনুষ্ঠানত একেলগে পৰিবেশন কৰিছিল। বৰ্তমান তেওঁলোকে অসম তথা দেশৰ বিভিন্ন মঞ্চত একেলগে গীত পৰিৱেশন কৰে।[3]

প্ৰজেক্ট বাৰ্তালাপ

=গীতসমূহ আৰু এলবাম

১। কি বেদনাতে - ২০১৭ চন (এলবাম = বাৰ্তালাপ)

তথ্য উৎস