ৱিকিপিডিয়া:ভাল প্ৰবন্ধ/২৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: উলটিওৱা হৈছে
1 নং শাৰী:
[[File:R federer.jpg|right|200px]]
[[File:Guwahati queer pride 2021.jpg|thumb|[[কুইয়াৰ প্ৰাইড গুৱাহাটী]] ২০২১]]
'''ৰ'জাৰ ফেডেৰাৰ''' হৈছে ছুইজাৰলেণ্ডৰ এগৰাকী বৃত্তিগত টেনিছ খেলুৱৈ। এচ'চিয়েশ্যন অফ টেনিছ প্ৰ'ফেশ্যনেলছ বা চমুকৈ এটিপিৰ ৰেংকিং অনুসৰি খেলুৱৈগৰাকীৰ গোলকীয় স্থান হৈছে অষ্টম। তেওঁ একক শিতানত অভিলেখসংখ্যক ২০টা গ্ৰেণ্ড শ্লাম খিতাপ জয়েৰে ৰাফেল নাডালৰ সৈতে যুটীয়াভাৱে গ্ৰেণ্ড শ্লাম বিজয়ী খেলুৱৈসকলৰ তালিকাত শীৰ্ষস্থানত আছে। ফেডেৰাৰে মুঠ ৩১০ সপ্তাহ এটিপি ৰেংকিংৰ শীৰ্ষত অৱস্থান কৰিছে। ইয়াৰে ভিতৰত ২৩৭ সপ্তাহ তেওঁ একেলেথাৰিয়ে শীৰ্ষস্থানত থাকি অভিলেখ গঢ়িছে। ইয়াৰোপৰি তেওঁ ৫বাৰকৈ প্ৰথম স্থানত থাকি বছৰটোৰ সামৰণি পেলোৱা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। জিমি ক'ন্ন'ৰৰ পিছতেই ফেডেৰাৰে ১০৩টা একক এটিপি খিতাপ জয়েৰে সৰ্বকালৰ সৰ্বাধিক খিতাপ জয়ী খেলুৱৈসকলৰ তালিকাত দ্বিতীয় স্থানত আছে। ইয়াৰ উপৰিও তেওঁ ছবাৰকৈ এটিপিৰ খেলসমূহৰ ফাইনেলতো অংশগ্ৰহণ কৰিছে।
'''গৌৰৱ যাত্ৰা''' বা '''প্ৰাইড পৰেড''' ({{lang-en|Pride parade}}) হৈছে [[সমকামী নাৰী]], [[সমকামী পুৰুষ]], উভকামী, ৰূপান্তৰকামী তথা [[কুইয়াৰ]] (এলজিবিটিকিউ) লোকসকলৰ সামাজিক স্বীকৃতি আৰু স্ব-স্বীকৃতি, সাফল্য, আইনী অধিকাৰ, তথা গৌৰৱ উদযাপনৰ বাবে ৰাজহুৱা স্থানত আয়োজন কৰা অনুষ্ঠান। এনে অনুষ্ঠানসমূহ প্ৰাইড মাৰ্চ ({{lang|en|pride marche}}), প্ৰাইড ইভেণ্ট ({{lang|en|pride event}}), গৌৰৱোৎসৱ বা প্ৰাইড ফেষ্টিভেল ({{lang|en|pride festival}}) নামেৰেও পৰিচিত। কিছু ক্ষেত্ৰত এনে অনুষ্ঠানসমূহে আইনী অধিকাৰ যেনে একে-লিংগৰ লোকৰ বিবাহৰ অধিকাৰ, ৰূপান্তৰকামী লোকসকলৰ সম-অধিকাৰ আদিৰ বাবে বিক্ষোভ প্ৰদৰ্শন হিচাপেও কাম কৰে। গৰিষ্ঠসংখ্যক গৌৰৱ যাত্ৰা বাৰ্ষিকভাবে আয়োজিত এক অনুষ্ঠান আৰু ১৯৬৯ চনৰ নিউয়ৰ্ক মহানগৰৰ ষ্টনৱালৰ বিদ্ৰোহক স্মৰণ কৰি জুন মাহত আয়োজন কৰা হয়। ষ্টনৱালৰ বিপ্লৱে আধুনিক এলজিবিটিকিউ সামাজিক আন্দোলনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। প্ৰতি বছৰে এলজিবিটি সমাজৰ নবীন-প্ৰবীণ সদস্যসকলক এই সমাজৰ ইতিহাস অধিক বিস্তাৰিতভাবে জনাৰ বাবে প্ৰয়োজনীয় শিক্ষাৰ অংশ হিচাপে দীৰ্ঘদিনৰ পৰা চলি অহা এই পৰম্পৰালৈ আদৰণি জনোৱা হয়।
 
সমসাময়িক টেনিছ খেলুৱৈ ৰাফেল নাডাল আৰু ন'ভাক জক'ভিচৰ সৈতে ফেডেৰাৰক সৰ্বকালৰ শ্ৰেষ্ঠ পুৰুষ টেনিছ খেলুৱৈসকলৰ অন্যতম হিচাপে গণ্য কৰা হয় আৰু তিনিওকে একেলগে বিগ থ্ৰী বা বিশাল তিনিগৰাকী বুলি অভিহিত কৰা হয়। ১৯৯৮ চনত চনত উইম্বলডনৰ জুনিয়ৰ শাখাত বিজয়ী হোৱা ফেডেৰাৰে ২০০৩ চনত একৈছ বছৰ বয়সত উইম্বলডনৰ প্ৰথমটো খিতাপ জয় কৰে। ২০০৪ চনত একক শাখাৰ চাৰিটাৰ ভিতৰত তিনিটা প্ৰধান খিতাপ জয় কৰাৰ লগতে এটিপিৰ ফাইনেল খেলসমূহত জয়লাভ কৰি পুৰুষৰ শাখাত শ্ৰেষ্ঠ খেলুৱৈৰূপে আত্মপ্ৰকাশ কৰে। ২০০৬ আৰু ২০০৭ চনতো ফেডেৰাৰে এই ধাৰা অক্ষুণ্ণ ৰাখে। ২০০৫-২০১০ চনলৈকে তেওঁ ১৯খন প্ৰধান একক শাখাৰ ফাইনেলৰ ভিতৰত ১৮ খনতেই অৱতীৰ্ণ হ'বলৈ সক্ষম হয় আএউ এই সময়ছোৱাৰ ভিতৰতেই উইম্বলডন আৰু ইউ এচ অপেন উভয়তে একেলেথাৰিয়ে ৫টাকৈ খিতাপ জয় কৰে। ২০০৯ চনত ৰাফেল নাডালক পৰাজিত কৰি ফ্ৰেন্স অপেনৰ (ৰোলা গেঁ‌ৰো) খিতাপ জয়েৰে ফেডেৰাৰে গ্ৰেণ্ড শ্লামৰ খিতাপৰ ক্ষেত্ৰত পূৰ্ণতা লাভ কৰে। একে বছৰতে ইউম্বলডনত জয়লাভ কৰি ২৭ বছৰ বয়সত তেওঁ পূৰ্বসূৰী পিট ছাম্প্ৰাচৰ ১৪টা উইম্বলডন খিতাপৰ অভিলেখ অতিক্ৰম কৰে।[[ৰ'জাৰ ফেডেৰাৰ|'''ইয়াত বিতংকৈ পঢ়ক''']]
২০১৯ চনত [[নিউয়ৰ্ক]] মহানগৰৰ লগতে বিশ্বজুৰি ইতিহাসৰ বৃহত্তম আন্তঃৰাষ্ট্ৰীয় গৌৰৱ যাত্ৰা উদযাপন কৰা হয়। হেৰিটেজ অৱ প্ৰাইড নামৰ অ-লাভজনক সংস্থাই আয়োজন কৰা 'ষ্টনৱালৰ ৫০ - ৱৰ্ল্ড প্ৰাইড এনৱাইচ ২০১৯' নামৰ এই গৌৰৱ যাত্ৰা ষ্টনৱালৰ বিদ্ৰোহৰ স্বৰ্ণজয়ন্তীৰ (৫০তম বাৰ্ষিকী) সময়ত উদযাপন কৰা হয় য'ত কেৱল মানাহাট্টানতে ৫০ লাখৰো অধিক লোকে অংশগ্ৰহণ কৰে। নিউয়ৰ্ক মহানগৰৰ ২০১৮ চনৰ অনুষ্ঠানটোত ছখন মহাদেশৰ ৭৫০ টাৰো অধিক দলক আধিকাৰিক 'ৱৰ্ল্ড প্ৰাইড মাৰ্চ'-ত অন্তৰ্ভুক্ত কৰা হৈছিল য'ত দেৰ শতাধিক প্ৰতীকপটে অংশগ্ৰহণ কৰিছিল।
([[গৌৰৱ যাত্ৰা|সবিশেষ পঢ়ক…]])