কলমকাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
বানান শুধৰণি
2 নং শাৰী:
'''কলমকাৰী''' ({{Lang-en|Kalamkari}}) হ'ল হাতেৰে অঁকা বা ব্লক-প্ৰিণ্টেড কটন টেক্সটাইল, যি ইচফাহান আৰু [[ভাৰত]]ৰ [[অন্ধ্ৰপ্ৰদেশ]] আৰু [[তেলঙ্গানা]]ত উৎপাদিত হয়। কেৱল প্ৰাকৃতিক ভাবে উৎপাদিত ৰং আৰু ৰঞ্জকহে কলমকাৰীত প্ৰয়োগ হয়। এইবোৰ তেইশটা প্ৰক্ৰিয়াৰ মাজেৰে তৈয়াৰ হয়।
 
ভাৰতত কলমকাৰী চিত্ৰশিল্পৰ দুটা শৈলী আছে- শ্ৰীকলাহস্তী শৈলী আৰু মাচলিপট্টমমচলিপট্টম শৈলী। শ্ৰীকলাহস্তী শৈলীত বিষয়বস্তুৰ মুক্তহস্ত চিত্ৰণ আৰু ৰঙেৰে ভৰাবলৈ কলম বা পেন ব্যৱহাৰ কৰা হয়। ইয়াত গোটেই কামখিনি হাতেৰে কৰা হয়। এই কলাকীৰ্ত্তিকলা-কৌশল ঘাইকৈ মন্দিৰসমূহ আৰু ইয়াৰ সংৰক্ষণৰ চাৰিওদিশে বিয়পি থকাৰ বাবে ইয়াৰ এক ধৰ্মীয় পৰিচিতি আছে। সাঁচিপতীয়া ধৰ্ম-পুথি, মন্দিৰৰ ধ্বজা, ৰথৰ বেনাৰ আৰু মহাভাৰত, ৰামায়ণ, পুৰাণ আদিৰ দৰে হিন্দু মহাকাব্যৰপৰা লোৱা দেৱ-দেৱী আৰু অন্যান্য চিত্ৰত ইয়াৰ নিদৰ্শন পোৱা যায়। কমলা দেৱী চট্টোপাধ্যায়ৰ বাবে এই শিল্পকলাই আজিৰ পৰিচিতি লাভ কৰে, যি সৰ্ব ভাৰতীয় হস্তকলা বৰ্ডৰ অধ্যক্ষৰূপে প্ৰথমে এই শিল্পক জনপ্ৰিয় কৰে।
 
== নামৰ ইতিহাস ==
14 নং শাৰী:
 
== ৰং সংশ্লেষণ ==
বিভিন্ন গছৰ শিপা, পাত আৰু খনিজ লৱণ যেনে আইৰণ, টিন, ক'পাৰ আৰু ফিটকিৰিৰপৰা কাপোৰত দিয়া ৰং সমূহ সংশ্লেষণ কৰা হয়।<ref name="IndianHeritage"/> প্ৰাকৃতিক ৰং পাবৰ বাবে গৰুৰ গোৱৰ, বিভিন্ন ধৰণৰ বীজ, গছ আৰু মোহাৰি লোৱা ফুলৰ পাপৰি ব্যৱহাৰ কৰা হয় আৰু; এইবোৰে ৰঙত বিভিন্ন প্ৰভাৱ পেলায়। কলমকাৰীত ম'হৰ গাখীৰৰ লগতে গাখীৰৰপৰা ওলোৱা গোন্ধ নাশৰ বাবে আমলখিৰ ৰস ব্যৱহৃত হয়। আমলখিত থকা ফিক্সিং এজেণ্টে কাপোৰত সহজতে ৰং বহাত সহায় কৰে। এই শৈলীত ফিটকিৰিৰ ব্যৱহাৰে কাপোৰত ব্যৱহৃত ৰঙতৰঙক স্থায়িত্ব প্ৰদান কৰে।
 
== বিষয়বস্তু ==
"https://as.wikipedia.org/wiki/কলমকাৰী"ৰ পৰা অনা হৈছে