ভিতালী দাস

অসমীয়া কণ্ঠশিল্পী

ভিতালী দাস (ইংৰাজী: Vitali Das বা Bhitali Das ; ৬ জুন, ১৯৭৯ – ২১ এপ্ৰিল, ২০২১) এগৰাকী অসমীয়া সংগীত শিল্পী আছিল। ভিতালী তেওঁৰ স্মৰণীয় আৰু সুৱলা কণ্ঠৰ বাবে জনপ্ৰিয় আছিল। তেওঁ জুবিন গাৰ্গ আদি বিভিন্ন শিল্পীৰ সৈতে ৫০০০ৰো অধিক বিহু গান গাইছিল।[1] জানমনি, জোনবাই, অঞ্জনা, ৰাংধালী, ৰহেদৈ, বগীতৰা, এনাজৰী আদি তেওঁৰ জনপ্ৰিয় বিহুসুৰীয়া গীতৰ এলবাম।[2][3]

ভিতালী দাস
প্ৰাথমিক তথ্য
জন্ম ৬ জুন, ১৯৭৯
অসম, ভাৰত
মৃত্যু ২১ এপ্ৰিল, ২০২১ (৪১ বছৰ)
সংগীতৰ প্ৰকাৰ নেপথ্য গায়িকা, বিহু
পেচা নেপথ্য গায়িকা
কাৰ্যকাল ১৯৯২ - ২০২১
ৰেকৰ্ড লেবেল বিভিন্ন

উত্তৰ গুৱাহাটীৰ মাজগাঁৱত তেওঁৰ জন্ম হয়। ভিতালী দাসে চেনিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল।[4]

কেৰিয়াৰ সম্পাদনা কৰক

ভিতালী দাসে দুটা দশকৰো অধিক সময় ধৰি অসমীয়া গীত গাই আহিছিল আৰু এতিয়াও তেওঁৰ গীতবোৰ অসমত অতি জনপ্ৰিয়। জুবিন গাৰ্গৰ লগতে বৰ্ণালী কলিতা, তৰালি শৰ্মা, নিৰ্মালী দাস, জুবলী বৰুৱা ইত্যাদি বহু জনপ্ৰিয় শিল্পীৰ সৈতে ভিতালীয়ে ৩০০০ৰো অধিক গীত ৰেকৰ্ডিং কৰিছিল। লগতে বহু বিহু এলবামৰ ভিচিডি আৰু একক গীতত গাইছিল। ভিতালী দাসৰ কণ্ঠৰে ৰেকৰ্ডিং কৰা কেইটিমান এলবাম হ’ল-[5]

  • চেংকলি ২০২০
  • টিপ টপ ২০২০
  • ধনশিৰি নুমনি ২০২০
  • আহিলে বহাগী ২০১৯
  • ৰাংঢালী ২০১৮
  • ৰাংঢালী ২০১৭
  • ৰহেদৈ ২০১৬
  • এনাজৰী ২০১৬
  • নাংছেং ২০১৬
  • কপৌ ফুল ২০১৫
  • মইনা চৰাই মইনা মাত ২০১৩
  • বগীতৰা ২০০৮
  • জোনবাই ২০০৫
  • জানমনি ২০০৫
  • তগৰ ২০০১

মৃত্যু সম্পাদনা কৰক

২০২১ চনৰ ১৪ এপ্ৰিলত গুৱাহাটীৰ লতাশিল খেলপথাৰত বিহু অনুষ্ঠান কৰাৰ পিছত ভিতালী দাস ক'ভিড-১৯ পজিটিভ বুলি ধৰা পৰে। ১৬ এপ্ৰিলত তেওঁক গুৱাহাটীৰ কালাপাহাৰ ক'ভিড চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়। পিছত তেওঁৰ অৱস্থা গুৰুতৰ হৈ উক্ত চিকিৎসালয়তে ২১ এপ্ৰিলৰ ৭.০৫ বজাত মৃত্যু হয়।[6] মৃত্যুৰ পূৰ্বে ভিতালী দাস মধুমেহ ৰোগতো আক্ৰান্ত আছিল।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Desk, Sentinel Digital (22 April 2021). "Bihu Singer Bhitali Das Laid to Rest at Nabagraha Crematorium, Guwahati - Sentinelassam". www.sentinelassam.com. https://www.sentinelassam.com/north-east-india-news/assam-news/assamese-singer-bhitali-das-body-to-be-cremated-at-nabagraha-with-covid-protocol-534927. 
  2. "Vitali Das". biographyinsider.com. Archived from the original on May 19, 2022. https://web.archive.org/web/20220519163001/https://biographyinsider.com/vitali-das/। আহৰণ কৰা হৈছে: April 25, 2021. 
  3. Desk, Sentinel Digital (April 22, 2021). "Bihu Singer Bhitali Das Laid to Rest at Nabagraha Crematorium, Guwahati - Sentinelassam". www.sentinelassam.com. https://www.sentinelassam.com/north-east-india-news/assam-news/assamese-singer-bhitali-das-body-to-be-cremated-at-nabagraha-with-covid-protocol-534927. 
  4. Biography, Insider (25 April 2021). "Vitali Das - Biography Insider". biographyinsider.com. Archived from the original on 19 May 2022. https://web.archive.org/web/20220519163001/https://biographyinsider.com/vitali-das/। আহৰণ কৰা হৈছে: 25 April 2021. 
  5. Biography, Insider (25 April 2021). "Vitali Das - Biography Insider". biographyinsider.com. Archived from the original on 19 May 2022. https://web.archive.org/web/20220519163001/https://biographyinsider.com/vitali-das/। আহৰণ কৰা হৈছে: 25 April 2021. 
  6. News, Live (25 April 2021). "Eminent singer Vitali Das passes away - Twitter". twitter.com. https://twitter.com/NewsLiveGhy/status/1384869089252941826.