কলিতা জনগোষ্ঠী

কলিতা জনগোষ্ঠী
13:34, 20 July 2022-ত Shreemanash (আলোচনা | বৰঙণি) সদস্য‌ই কৰা সংশোধন (কোনো অবৈধ ব্যবহাৰকাৰীয়ে নৈতিকভাবে আমাৰ লেখা কাটি দিয়াটো অপৰাধ । জানি থওঁক যে কলিতাসকলৰ এই মুলুকৰ আদিম ক্ষত্ৰিয় বাসিন্দা । কায়স্থসকল ক্ষত্ৰিয়ৰ পৰাই সৃষ্টি হৈছে।)

কলিতা সকল হৈছে অসমৰ এক প্ৰাচীন আৰু খিলঞ্জীয়া জাতি। বাণীকান্ত কাকতিৰ কলিতা জাতিৰ ইতিবৃত্ত, কালিৰাম মেধিৰ Assamese Grammar and Origin of the Assamese Language, কিঙ্কৰৰ আলপাইন-কলিতা গোষ্ঠীৰ ইতিহাস, মাধুৰ্যমণ্ডিত বৰুৱাকলিতা জাতিৰ ইতিহাস আদি গ্ৰন্থত কলিতা সকলৰ বিষয়ে বিস্তৃতভাৱে আলোচনা হৈছে।

কলিতা জাতি
মুঠ জনসংখ্যা
৭০ লাখ (আনুমানিক)
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
 ভাৰত:
        অসম ৫০  লাখ
ভাষাসমূহ

অসমীয়া ভাষা

ধৰ্ম

হিন্দু ধৰ্ম

সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী

অসমীয়া

ইতিহাস

কলিতাসকলক অসমত স্থায়ীভাৱে নিবাস কৰিবলৈ লোৱা প্ৰথমটো আৰ্যমুলীয় জাতি বুলি কোৱা হয়। এওঁলোক আলপাইন আৰ্যগোষ্ঠীৰ অন্তৰ্গত। কনকলাল বৰুৱাই কৈছে যে আৰ্য্যৰ এটা শাখা প্ৰথমে উত্তৰ-পূবৰ পৰা অসমত প্ৰৱেশ কৰিছিল আৰু সেই আদিম আৰ্য্যসকলৰ বংশধৰসকলেই হৈছে বৰ্তমান সময়ৰ অসমীয়া কলিতাসকল। এওঁলোকেই হৈছে একমাত্ৰ "পূৰ্ববৈদিক আৰ্যজাতি" যি সৰ্বপ্ৰথমে অসমলৈ আৰ্য সংস্কৃতি কঢ়িয়াই আনিছিল।"[1] মাধুৰ্যমণ্ডিত বৰুৱাৰ মতে, খ্ৰীষ্টপূৰ্ব ৩১৯২ চনত আলপাইনগোষ্ঠীয় কলিতাসকলে বৰ্তমানৰ অসমৰ ৰজা জল্পৰ সহায় আৰু আশ্ৰয় লৈ প্ৰথম কলিতা ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। খ্ৰীষ্টপূৰ্ব ২০১১ চনৰ শেষৰ ফালে কলিতা ৰাজ্য ব্ৰহ্মপুত্ৰৰ দক্ষিণ উপত্যকালৈকে বিস্তৃত হৈছিল। হিমাচল প্ৰদেশৰ কুল্লু উপত্যকা বা কুলুট বংশৰ পৰা অহাৰ বাবেই প্ৰাচীন অসমত এই ক্ষত্ৰিয় জাতিটো কলিতা নামেৰে জনাজাত আছিল[2] কলিতাসকল হৈছে অসমৰ বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰাচীনতম আৰু সৰ্ববৃহৎ জনগোষ্ঠী। প্ৰখ্যাত বুৰঞ্জীবিদ পদ্মনাথ গোঁহাঞিবৰুৱাদেৱে তেখেতৰ ‘অসম বুৰঞ্জী’ত এই কথা স্পষ্ট কৰি গৈছে যে কলিতাসকল অসমৰ আটাইতকৈ পুৰণীকলীয়া আদিবাসী, নৰক, ভগদত্ত আৰু ৰজাসকল কলিতাসকলৰ আদিপুৰুষ আছিল।[3] ৰাজমোহন নাথৰ ‘The Background of Assamese Culture’ ত উল্লেখ কৰা অনুসৰি ২৪জন নৰকৰ ভিতৰত প্ৰথম নৰকৰ সময় আছিল খী. পূ. ২২০০ ৰ পৰা খী. পূ.২১৬৯। দ্বিতীয়ৰ পৰা তৃবিংশতিতম নৰকৰ সময় আছিল খী: পূ: ২১৬৯ৰ পৰা খী: পূ: ১৫০৯। শেষৰজন নৰকৰ সময় আছিল খী: পূ: ১৫০৯ ৰ পৰা খী: পূ: ১৪৪৯ আৰু তেওঁৰেই পুতেক আছিল ভগদত্ত।[4]শংকৰলাল বৰুৱাই উল্লেখ কৰিছে যে ধৰ্মপালৰ ৰাজত্বকালত (১০৯৫–১১২০) কলিতাসকল উত্তৰ ভাৰতৰ পৰা অসমলৈ আহিছিল। ড° বি এছ গুহে গুজৰাটৰ "আলপাইন নগৰ ব্ৰাহ্মণ"ৰ পৰম্পৰা বৈশিষ্ট্য আদিৰ লগত উত্তৰ-পূব ভাৰতৰ আলপাইন আৰ্যসকলৰ সাদৃশ্য বিচাৰি পাইছিল। কামৰূপ ৰজা ভাস্কৰবৰ্মনৰ নিধানপুৰ ভূমি অনুদানত (৬ম শতিকা খ্ৰীষ্টাব্দ) উল্লেখ কৰা উপাধিসমূহৰ সৈতে তেওঁ কলিতাসকলক যুক্ত কৰিব খোজে।"১৫-১৬ শতিকাত কলিতাসকলৰ অসমত এখন নিজস্ব স্বাধীন দেশ আছিল [5]অষ্টাদশ শতিকাত ৰচিত চক্ৰপাণি বৈৰাগীৰ 'গুৰুচৰিত কথা'ত মহাপুৰুষ ভবানীপুৰীয়া গোপাল আতাৰ পিতৃভিঠা বুলি কলিতা দেশৰ প্ৰসংগ আনিছে।[6] প্ৰথমবাৰলৈ জাতিবাচকভাবে ১৬৫৭ খৃ. বৰপেটা সত্ৰৰ তামৰ ফলিত কলিতা শব্দৰ প্ৰয়োগ কৰা হৈছিল।তাৰ পাছলৈ দৈত্যাৰি ঠাকুৰকৃত শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেব চৰিতকে আদি কৰি বিভিন্ন লেখ ফলি শাসনত চেগা ছোৰোকাকৈ জাতিবাচক ৰূপে কলিতা শব্দৰ আহিছে।[7]

জাতীয় জীৱনত কলিতাসকলৰ গুৰুত্ব

ভাষাবিদ পণ্ডিত ডঃ কালিৰাম মেধীয়ে স্পষ্টভাৱে লিখি থৈ গৈছে- “অসম কলিতাসকলৰ নিজা ভূমিখণ্ড আৰু ইয়াৰ সভ্যতা মূলতঃ কলিতা সভ্যতা। অইন উপজাতিবোৰ কলিতাৰ সামাজিক নীতি আৰু পৰম্পৰাকে সামগ্ৰিকভাৱে অনুকৰণ কৰে।“ ব্ৰহ্মপুত্ৰ উপত্যকা দৰে এটা বিচিত্ৰ ভৌগোলিক পৰিক্ষেত্ৰত অতি পুৰণি কালৰে পৰা বসবাস কৰি অহা বিভিন্ন অষ্ট্ৰীক মংগোলীয় জনগোষ্ঠীৰ লগতে পাছতীকৈ অসমত বসবাস কৰিবলৈ লোৱা উত্তৰ ভাৰতীয় ব্ৰাহ্মণসকল আৰু তাৰো শেহতীয়াকৈ  অহা পশ্চিমীয়া কায়স্থসকলে অসম ভূমিত ভৰি থৈ প্ৰথমে কলিতাসকলৰে পৰম্পৰাগত কামৰূপীয়া ভাষাটোক নিৰ্ভৰ কৰি চলিবলগীয়া হৈছিল। কলিতাসকলে পুথি ৰচনা কৰোঁতে, প্রতিলিপি প্রস্তুত কৰোঁতে, দৈনন্দিন হিচাপ-পত্ৰ ৰাখিবৰ বাবে ব্যৱহাৰ কৰা লিপিটো জনা যায় কাইথেলী লিপি নামেৰে। কলিতা সকলৰ সম্প্ৰদায়গত পৰিচয়ৰে পৰিচিত হোৱা কাইথেলী লিপি প্ৰকৃততে কামৰূপী লিপিৰেই প্ৰকৃত শৈলী। কিয়নো, কামৰূপী লিপিৰ উদ্ভৱ হৈছিল আলপাইন কলিতা সকলৰ হাততে।[8]বিশিষ্ট উপন্যাসিক য়েছে দৰজে ঠংছিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এটি সাক্ষাৎকাৰত,কেৱল অসমতেই নহয়, নগালেণ্ড অৰুনাচল মেঘালয় আদি পাহৰীয়া ৰাজ্যত বসবাস কৰা মনপা,নক্তে,খাছী, ৰাভা, গাৰো,আপাতানী আদি অনেক সৰু বৰ জনগোষ্ঠীবোৰেও অতীজৰে পৰা এতিয়ালৈকে পাহাৰে ভৈয়ামে সংযোগী ভাষা হিচাবে কেৱল "অসমীয়া ভাষাৰ" ওপৰত নিৰ্ভৰ কৰি চলিবলগীয়া হৈছিল বুলি গুৰুত্বপুৰ্ণ মন্তব্য আগবঢ়াইছে। আচলতে কায়থেলি লিপিৰ কামৰূপী ভাষাকেই পুৰনি অসমীয়া ভাষা বুলিও কোৱা যায়, উল্লেখ্য যে হস্তীবিদ্যার্ণব, কিতাবৎমঞ্জৰী, ব্ৰহ্মবৈৱৰ্ত্তপুৰাণ, শুভঙ্কৰী আদি পুথিসমূহ কাইথেলী লিপিত ৰচিত। শঙ্কৰদেৱ-প্ৰৱর্তিত নব্যবাদী বৈষ্ণর পৰম্পৰাৰে প্ৰযুক্ত প্ৰায় সকলো সংখ্যক পুথি, নাট, কাব্য কাইথেলী লিপিতে লিখাটো গুৰুত্বপূৰ্ণ কথা। নর্ডিক আৰ্যসকলেও ভূখণ্ডটোলৈ আহি প্রচলিত কামৰূপী ভাষাটোকে ব্যৱহাৰ কৰিলে আৰু পুথি-পাঁজি ৰচনা কৰিলে— বুৰঞ্জী-ৰচনাৰে যিটো কামৰ অংশীদাৰ হ'ল আহোম সকলো।[9] এই যুক্তিতে অতীতৰে পৰা কলিতাসকলৰ অসমত থকা সাংস্কৃতিক ভাষিক সামাজিক ৰাজনৈতিক গুৰুত্বৰ কথা গবেষকসকলে অনুমান কৰে। পৰ্যায়ক্ৰমে মংগোলীয় আৰ্য অষ্ট্ৰীক বহু শব্দ মিশ্ৰন হৈ আজিৰ প্ৰচলিত অসমীয়া ভাষাই নিজৰ ৰূপ পাইছে আৰু এতিয়াও সেই প্ৰক্ৰিয়া চলিয়েই আছে। আচলতে কলিতাসকলৰ পৰা গুণগত কৃষি পদ্ধতি আৰু কুটীৰ শিল্পকৰ্ম আয়ত্ব কৰিবলৈ অথবা কলিতা ৰজাৰ আগ্ৰাসনত আন সৰু সুৰা জনগোষ্ঠীবোৰে অতীজৰে পৰা এইদেশত কলিতাসকলক অনুসৰণ কৰি অহাৰ সম্ভাৱনাই প্ৰৱল। তাৰোপৰি অন্য কেতবোৰ আৰ্থ সামাজিক প্ৰাসংগিকতাৰ বাবেও হয়তো বৃহত্তৰ অসমীয়া মহাজাতি গঠন প্ৰক্ৰিয়াত আত্মনিয়োজিত কলিতাসকলক অইন খিলঞ্জীয়া জনগোষ্ঠীসমূহে উপযোগী মানিও বিশেষ বিৰোধিতা কৰা নাছিল। সেইহে বিজ্ঞসকলে মুলধাৰা অসমীয়াৰ সংজ্ঞাটো আচলতে কলিতাসকলৰ ভাষা সংস্কৃতিৰ ওপৰতে ভেজা দি তৈয়াৰ কৰা হৈছে বুলি ক'ব খোজে আৰু এতিয়াও কলিতা জনগোষ্ঠীয় নিজা পৰম্পৰাসমূহক পৃথক কৰি চালে মূৰকত বেছিভাগ ক্ষেত্ৰতে অসমীয়া পৰম্পৰা বুলি বিশেষ একো নাথাকিব যেন অনুমান হয়। এইবোৰ কথাকে আৰু অধিক বিশদভাবে  ড৹ মাধুৰ্য্যমণ্ডিত বৰুৱাই তেখেতৰ শেহতীয়া "কলিতা জাতিৰ ইতিহাস" গ্ৰন্থত সুন্দৰকৈ ব্যাখ্যা কৰিছে।

আদিভূঞা কলিতাসকল

         অসমত প্ৰচলিত আদিভূঞাৰ জাতিৰ সম্পৰ্কত যদিও কোনো ঐতিহাসিক তথ্য প্ৰমাণ নাই তথাপি কামৰূপৰ প্ৰথম আলপাইন ক্ষত্ৰিয় বৰ্ণ সম্ভূত শাসক জাতি হিচাবে কলিতা জনগোষ্ঠীটোকেই অসমৰ আদি অপ্ৰধান ভূঞা বুলিব লাগিব। অসমত আৰু এচাম গোটছেৰেক পশ্চিমীয়া ভূঞা আছে যি চতুৰ্দশ শতিকাৰ শেষৰ ফালে কমতাৰ কায়স্থ ৰাজা দুৰ্লভনাৰায়ণৰ ৰাজত্বকালত কনৌজ আৰু বংগৰ পৰা প্ৰব্ৰজিত হৈছিল। এইসকল ভূঞাৰ মাজতেই মহাপুৰুষ শংকৰদেৱৰ বংশধৰো আছিল। জাতিগতভাৱে কায়স্থ আৰু ব্ৰাহ্মণ এই ভূঞাসকলৰ বেছিভাগেই প্ৰথমে কোঁচৰাজ্যত সংস্হাপিত কৰাৰ পাছত তেওঁলোক আহি কায়স্থ আদিভূঞাসকলৰ লগত মধ্য অসমত বসতি স্থাপন কৰিছিল। কিন্তু পিছলৈ আকৌ বিভিন্ন কাৰণত ইয়াৰ গৰিষ্ঠসংখ্যক কোচ ৰাজ্যলৈ পুনঃপ্ৰবজিত হৈছিল [10] উল্লেখযোগ্য যে উজনি অসমত এইসকল ভূঞাৰ বিশেষ কোনো চিন-চাব নাই।[11] ইয়াতকৈ অধিক এইসকলৰ বিষয়ে জনা নাযায়। বৰ্তমান অসমত কলিতাসকল প্ৰধানকৈ কৃষক আৰু কৃষিভূমিৰ মালিক৷পূৰ্বতে কলিতা ৰাজ্য পতনৰ পাছত কলিতাসকলে অসমত কৰতলীয়া হিচাবে বা কেতিয়াবা স্বাধীন ভাবেও একোটা সৰু সৰু এলেকাত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰি শাসন কৰিছিল। আহোম ৰাজত্বৰ সময়ত এই আদিভূঞাসকলৰ লগতে চুতীয়া কছাৰী কোচসকলৰ ভূঞাকো দমন কৰি উপযুক্ত বিষয়বাব দি ৰাজ্যত পুণৰসংস্হাপনৰ ব্যবস্থা কৰিছিল । পুৰণি অসম বুৰঞ্জীসমূহৰ ঠায়ে ঠায়ে বাৰভূঞাঁৰ প্ৰসংগ বহুবাৰ আনিছে আৰু তাৰ সংজ্ঞাও দিছে এনেদৰে- ‘পাচে লাক্লি কওদেউ ২৪২৭ শকত(১৫০৫) বাৰভূঞাক বৰালে। বাৰভূঞাৰ অৰ্থ এই, এওঁলোক একৰকম হিন্দু। আকৌ আন এঠাইত এনেকৈ আছে- দেশত ৰজা নাইকিয়া হ’লে অথবা ৰজা থকা সময়তো তেওঁলোক ৪,৫,১০,১২ গ্ৰাম ততোধিক গাঁৱৰ অধিপতি আপুন এক্তাৰে হৈ দখল কৰে। সময়মতে স্বাধীন মত হৈ কোনো কোনো ৰজাৰ অধীন হৈ সেই গ্ৰামৰ কৰ-কাটল দিয়ে, ইয়াকে বাৰভূঞা বোলে।একেদৰে বাৰভূঞা চৰিতত আছে কিদৰে স্বৰ্গদেউসকলে ভূঞাৰ সতি-সন্ততিসকলক নিজ ৰাজ্যত থিতাপি লগোৱাৰ পিছত আহোম ৰাজচ’ৰাত মন্ত্ৰী ডা-ডাঙৰীয়া কেইজনৰ আসনৰ কাষতেই সেইসকলৰো বহাৰ চিন কৰি দিছিল। লাচাম কলিতা ভূঞাঁক কছাৰী ৰাজ্যৰ শাসনকৰ্তা(বৰচেতিয়া বা মৰঙীখোৱা গোহাঁই) পতাৰ পাছৰ পৰাই আহোম ৰাজত্বত ভূঞাসকলৰ মৰ্যাদা আৰু স্থান সম্পৰ্কে কিছু সম্ভেদ পোৱা যায়। আহোম ৰাজ্যত এই কলিতা ভূঞাসকলৰ বাজে কিন্তু পশ্চিমীয়া কায়স্থ ভূঞাঁক আহোম ৰজাই কেতিয়াবা আদৰেৰে সংস্হাপিত কৰাৰ কথাটোত বুৰঞ্জী নিমাত। পুৰণি অসম বুৰঞ্জীত এনেকৈ আছে- স্বৰ্গদেৱ দিহিঙীয়া ৰজাই ৰটাটেমনি দখল কৰি বাৰভূঞাক উত্তৰ কোলত পাতিলেহি । ভূঞাৰ নাম উতৈ ১,তমাই ১, ৰাই ১, সঁকাই ১, কৌষিক ১, উজিৰ ১, লস্কৰ ১, চোমদাৰ ১, সনাতন ১, কেহো ১, ৰামভট ১, ভকতভূঞা ১। এই বৰ বাৰভূঞাঁ আৰু এওঁলোকৰ প্ৰত্যেকৰে লগত চাৰিজনকৈ সৰু ভূঞা দি মুঠ ষাঠিজন ভূঞাক উত্তৰ পাৰে পাতিলে । ইয়াৰ ভিতৰৰ ডাঙৰ লাচাম কলিতা ভূঞাক স্বৰ্গদেৱে মৰঙিৰ পৰা ১৫৩৬ খৃঃত ডিমাপুৰ দখল কৰি কছাৰী ৰজা ডেৰচোংফাক হত্যা কৰাৰ পিছত কছাৰীবিলাকৰ ওপৰত টুৰ্পা নাম দি মৰঙিৰ শাসনকৰ্তা বা মৰঙি খোৱা গোহাই পাতি বাঁহবড়িয়া চেটিয়া পাতিলে।"[12] Dr. JP Wade আৰু কছাৰী বুৰঞ্জীৰ মতে তেওঁৰ নাম চুৰ্পাহে আৰু কছাৰী বুৰঞ্জীয়ে তেওঁক বৰচেটিয়া বুলি কয়। তুৰ্বকৰ সৈতে হোৱা যুদ্ধত সহায় কৰি বিশ্বাসভাজন হ'ব পাৰিছিল বুলিয়েই বাৰভূঞাঁক স্বৰ্গদেউৱে অতি গুৰুত্বপূৰ্ণ মৰঙিখোৱা গোহাই পাতিলে । এই বিষয়ে পুৰণি অসম বুৰঞ্জীত এনেকৈ আছে - "পাচে মোৰ পুথাও দিহিঙ্গীয়া ৰজা কাচেঙ্গ বড় পাত্ৰগোহাইক সেনাপতি পাতি উপাই কৰি তুৰ্বকক মৰালে। আত পাচে সেই বেলা ৰটাটেমনিৰ বাৰ ভূঞায়াই কলঙৰ কাখৰত ৰলহি। মদনগিৰি, ধৰ্ম্মাই, চোমদাৰ, ৰামচন্দ্ৰ গিৰি, চন্দ্ৰ দলৈ, তামুলী দলৈ, বাহুদলৈ, বড় চোমদাৰ, এই সকল প্ৰমুখ্যে যুদ্ধক মনে আছে। ...পাচে দিহিঙ্গীয়া ৰজা বড় সন্দিকৈ সকলো বোৰে ভূঞায় যুদ্ধলৈ সলালৈ, আহিল। পাচে ভূঞাৎ সলা মাৰিলে। প্ৰথমে ৰনভঙ্গ হৈ আমাৰ হুহুকি আহি পৌষ মাস ১৪৬৩ শকত দুদিন পাচে যুদ্ধ কৰি ভূঞাক ভঙ্গাই মূৰ আনি মথাডাঙ্গত থলে। দুটা দৌল বান্ধিলে। ৰামচন্দ্ৰ গিৰি, দলিদখাঁ, প্ৰমুখো ভূঞা সকল সলাত লোকজন সহিতে দান্তে ধৰি দিহিঙ্গীয়া ৰজাত সৰণাগত হ'ল; লস্কৰো পৰিল ১৬, কটোয়াল পৰিল ১২, ঘোড়া পালে ৩০০, সেনা অনেক পৰিল। বজৰা নাও ৬০ পালে। সেই ভূঞা সকলক পুথাও দিহিঙ্গীয়া স্বৰ্গদেৱৰ আজ্ঞাএ বড়চেতিয়ায়ে উত্তৰ কোণে পাতিলে।"[13] তাৰোপৰি বাৰভূঞাঁক ছুহুংমুং স্বৰ্গদেউৱে তামুলী পাচনি আদি কৰি সময়ে সময়ে তেওঁলোকৰ বিভিন্ন আদৰ্শ গ্ৰহণ কৰি পদ্ধতিগতভাৱে নিজৰ বিশ্বস্ত কৰি লৈছিল।[14] তাৰোপৰি বাৰভূঞাৰ ভাই ভতিজাক মতাই আনিও স্বৰ্গদেউৱে নিজৰ খাটনিয়াৰ হিচাবে নিযুক্তি দিছিল।[15]

কলিতাসকৰ বৰ্ণ বিভাজন

অসমৰ আদিম আৰু সৰ্ববৃহৎ ক্ষত্ৰিয় জনগোষ্ঠী হিচাবে কলিতা সমাজখন কৰ্ম আৰু ক্ষমতানুসাৰে অতীজৰে পৰা বহুধা বিভক্ত। কামৰূপত শাসন কৰা কলিতাসকলৰে শংকলাদিৱ,বৰ্মন, পাল আদি শাসকসকলে নিজক ক্ষত্ৰিয় বুলিছিল। বৰ্মন শাসনৰ পাছত কামৰূপত কলিতা (আদি)ভূঞা সকলে কৰতলীয়া প্ৰান্তীয় এলেকাৰ শাসক হিচাবে নিজক ক্ষত্ৰিয় বুলিছিল। কলিতাসকলৰে ৰজা ভাস্কৰবৰ্মাৰ দিনত উত্তৰ ভাৰতৰ পৰা আহ্ৰূত বিশেষকৈ ৰাজকাৰ্যত সহায়ৰ বাবে নিয়োজিত "কায়স্থ" পদটিত অধিষ্ঠিত হোৱা কলিতা জাতিৰ লোকসকলে পুৰুষানুক্ৰমে নিজকে কায়স্থ বুলি চিনাকী দিবলৈ ল'লে।[16]কামৰূপী লিপিৰ উদ্ভৱ হৈছিল আলপাইন কলিতা সকলৰ হাততে। আলপাইন-কলিতা সকলৰ যিটো থুলে ধৰ্মীয় আৰু মাঙ্গলিক অনুষ্ঠানত পৌৰহিত্য কৰি পৰিচালনাৰে আগুৱাই নিলে, ত্রয়োদশ শতিকাত উত্তৰ ভাৰতীয় কায়স্থ সকল ভূখণ্ডটোলৈ অহাৰ পূৰ্বে, সেই থুলটোৱেই কায়স্থৰূপে পৰিচিত হৈছিল।পৰৱৰ্তী পৰ্যায়ত ধৰ্মৰ গুৰি ধৰাৰ সমান্তৰালভাৱে সংস্কৃত পুথি সমূহৰ ভাষান্তৰ কৰি ৰচনা কৰাৰ কামটোতো এই লোক সকল নিয়োজিত হ'ল।[17] এনেকৈ কায়স্থ ৰাজবিষয়া,পৰম্পৰাগত কামৰূপীয়া ভাষাৰ চৰ্চা তথা শিক্ষা দিয়া,ৰাজ অনুগ্ৰহ পোৱা,ধৰ্মীয় খাম কাজৰ সৈতে জড়িত কলিতাসকলৰ এটা বিদ্বত ডাঙৰ থুলে নিজক কায়স্থ পৰিচয়ৰ লগত সংপৃক্ত কৰি ল'লে । উল্লেখযোগ্য যে অতীতত কোচ ৰজাসকলে কলিতা জাতিৰ পৰাই ৰাজপুৰোহিত নিৰ্বাচন কৰিছিল,পাছলৈ কোচৰজা বিশ্বসিংহৰ দিনতহে কলিতাৰ ঠাইত ব্ৰাহ্মণক নিয়োগ কৰা হয়। এই ঘটনাৰ বাবে সমাজত কৰ্তৃত্ব আৰু শ্ৰেষ্ঠতাক লৈ এই উত্তৰ ভাৰতীয় ব্ৰাহ্মণসকলৰ লগত ইয়াৰ কলিতা,দেওধাই আদি কোচ পুৰোহিতসকলৰ বহুবছৰ ধৰি সংঘৰ্ষ চলি আছিল। কমতাধিপতি দুৰ্ল্লভনাৰায়ণে আনয়ন কৰা কায়স্থ সকলে কামৰূপত থিতাপি লোৱাৰ পৰৱৰ্তীকালত, ইতিপূৰ্বে ধৰ্মীয় কাম-কাজ আৰু পুৰোহিতালি কৰ্মৰে জড়িত ‘উত্তৰী' লোৱা কলিতা সকলেও নিজকে কায়স্থ বুলিবলৈ লয়। অৱশ্যে পুৰোহিত শ্ৰেণীৰ অনেক কলিতাই 'উত্তৰী' ধাৰণ কৰিও নিজকে কায়স্থ পৰিচয়ৰে সম্পৃক্ত নকৰাকৈও ৰৈ গৈছিল।[18] হয়তো কলিতাসকলৰ এটা থুল পুৰোহিত শ্ৰেণীভুক্ত হোৱাৰ বাবেই হিউ ৱেন চাঙে ক্ষত্ৰিয় হোৱা সত্বেও ভাস্কৰবৰ্মাক ব্ৰাহ্মণ বুলি অভিহিত কৰেছিল। ইয়াৰ বাদেও ব্যৱসায় আৰু পৰিয়াল পৰিপোষণৰ বাবে কৃষি কৰ্মৰ লগত জড়িত হৈ থকা ভূমিৰ মালিকসকলক বৰকলিতা সৰুকলিতা আদি আৰু কঁহাৰ,কমাৰ, কুমাৰ,সোণাৰি, তাঁতী, খনিকৰ,বাঢ়ৈ আদি কুটিৰ শিল্পবিলাকত পুৰুষানুক্ৰমে নিয়োজিত হৈ অহা কলিতাসকলক কৰ্মপৰিচয়ক কলিতা,যেনে-কুমাৰ কলিতা,কমাৰ কলিতা আদি, হিচাবে চিনাকী দিবলৈ ল'লে। ইমানৰ পাছতো কিন্তু কলিতাসকলৰ মাজত শূদ্ৰ বা অদক্ষ শ্ৰমিক হিচাবে কোনো এটা থুল আজিলৈকে সৃষ্টি হোৱা নাই আনকি কলিতাসকলৰ মাজত বৃত্তিগত নাপিত,ধোবা, মাছমৰীয়া, চাণ্ডাল,মালী আদিৰ মানুহো দুৰ্লভ বা পাবলৈ নাই। সেইদিশৰপৰা পুৰ্বৰেপৰা কলিতাসকলে আৰ্যত্ব আৰু কুলীনতা সম্পূৰ্ণ ৰক্ষা কৰি আহিছে। প্ৰামাণিক নিৰ্দিষ্ট ইতিহাসৰ অভাব হ'লেও বহুকেইটা দিশ পৰ্যালোচনা কৰি পৰম্পৰাগতভাবে স্বকীয়তা বৰ্তাই ৰখা সম্পূৰ্ণ আৰ্যসংস্কৃতিৰ বাহক উপাসক প্ৰচাৰক সংবৰ্ধক এই কলিতাসকলক বাদ দি অসমীয়া সভ্যতাক কোনেও কল্পনা কৰিব নোৱাৰে। সেইকাৰনে কেতিয়াবা কেতিয়াবা কলিতাক বিজ্ঞলোকে এটা নিদিষ্ট জাতি বুলি কোৱাতকৈ এটা সভ্যতা বুলিহে ক'ব খোজে। যিটো নিশ্চয়কৈ যুক্তিপূৰ্ণ।যদিও কলিতাসকলৰ নৃগোষ্ঠীয় পৰিচয় আলপাইন আৰ্য ক্ষত্ৰিয় তথাপি বৃহত্তৰ অসমীয়া সমাজ গঠনৰ উপলক্ষ্যতে হওঁক অথবা সময়ে সময়ে হৈ অহা বাহিৰা আক্ৰমণ বা শাসনৰ সময়তে হওঁক,পৰিবেশজনিত সমাজিক একতাৰ উপৰি আৰ্য সাংস্কৃতিত বিনিময় আৰু সংমিশ্ৰনৰ বাবে হোৱা ক্ৰম বিবৰ্তনৰ ফলশ্ৰুতিত এই জাতিত পদ্ধতিগতভাবে আন আৰ্য আৰু আৰ্যভিন্ন বহু মানুহো অন্তৰ্ভুক্ত হৈ পৰিল। যাৰ পৰিপেক্ষতিত কলিতাসকল নিজৰ মাজতে বহু দুৰলৈকে বিভাজিত পৰাৰ লগতে তেওঁলোকৰ মাজত খেলগত ভেদাভেদো স্পষ্ট হৈ পৰিল । পুৰণি কামৰূপৰ কায়স্থ সকল আদিভূঞা বা কলিতা হ'লেও তেওঁলোকে অসমলৈ পাছত প্ৰব্ৰজিত হোৱা স্মাৰ্ত পশ্চিমীয়া কুলিন কায়স্থৰ প্ৰভাবত পৰি বা অন্য কাৰণতো নিজকে কলিতা পৰিচয়ৰ পৰা আতঁৰাই নিয়া দেখা গৈছে। আজিৰ দিনত কায়স্থসকলে বৰকলিতাকো তেওঁলোকৰ নামনাচত বুলি ঘোষণা কৰিব খোজে।কিন্তু বাস্তৱত সেইবোৰ ভিত্তীহীন একোটা অলিক ধাৰণা। আচলতে মহাপুৰুষীয়া ধৰ্মত অব্ৰাহ্মণ গুৰু মানেই কায়স্থ বুলি গঢ়ি উঠা এটা স্ব-প্ৰক্ষেপিত জাতিবাচক মানসিক ধাৰণাৰ আগ্ৰাসনে কলিতাসকলক সীমিত আৰু তাতকৈ বেছি ক্ষতিগ্ৰস্ত কৰি আহিছে। তাৰোপৰি কুমাৰ কমাৰ বাঢ়ৈ শালৈ আদি অনেক কলিতা মানুহো সংবিধানৰ আজি অন্য পাছপৰা শ্ৰেণীভুক্ত হৈছে বা অন্য উচ্চ কলিতাৰ পৰা আঁতৰি তেওঁলোকে বেলেগে খেল পাতি খোৱা লোৱা কৰে।এনেকৈ কলিতাসকলৰ মাজতেই বহু শ্ৰেণীবিভাগ আৰু উচ্চ-নীচৰ ভেদাভেদ আহিল। কেৱল কামৰ ভাগ হিচাপে বেলেগ বেলেগ বৃত্তি গ্ৰহণ কৰি জীৱিকা নিৰ্বাহ কৰাৰ আচিলাতে কলিতাসকলক ভিন ভিন সম্প্ৰদায়ত বিভক্ত হ’ল। যাৰ ফলত নিজ জনগোষ্ঠীৰ মাজতে এটা স্পষ্ট বিভেদ আহি পৰিল আৰু এসময়ত এটা গোট আনটোৰ পৰা ইমানেই আঁতৰি যোৱা পৰিলক্ষিত হ'ল যে বহুক্ষেত্ৰত এটা গোটে আন এটা গোটৰ লগত একে কলিতা জনগোষ্ঠীৰ বুলি পৰিচয় দিবলৈও শংকা কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]

সামাজিক জীৱন

কলিতাসকল নিজে মূলতঃ কৃষিজীৱি যদিও অসমৰ জাতীয় জীৱনৰ অংগাংগী প্ৰতিটো বৃত্তি পৰম্পৰা ব্যবস্থাত এই জাতিৰ প্ৰভাব সুস্পষ্ট হৈ আছে।[উদ্ধৃতিৰ প্ৰয়োজন] অতীজতে কোচসকলে ৰাজপুৰোহিত কলিতাসকৰ পৰা নিৰ্বাচন কৰিছিল,পাছলৈ কোচৰজা বিশ্বসিংহৰ দিনতহে কলিতাসকলৰ ঠাইত ব্ৰাহ্মণসকলক নিয়োগ কৰা হয়। ইয়াৰ বাবে সমাজত কৰ্তৃত্ব আৰু শ্ৰেষ্ঠতাক লৈ নতুনকৈ প্ৰতিষ্ঠাপিত উত্তৰ ভাৰতীয় ব্ৰাহ্মণসকলৰ লগত কলিতা,দেওধাই আদি কোচ পুৰোহিতসকলৰ বহুবছৰ ধৰি সংঘৰ্ষ চলি থাকিল। আৰ্যপুত্ৰ কলিতাসকলে শ্ৰীশ্ৰীশঙ্কৰদেৱ গুৰুজনাদ্বাৰা প্ৰৱৰ্ত্তিত প্ৰচাৰিত একশৰণ হৰিনাম ধৰ্ম আঁকোৱালি লৈ মেধি, বুঢ়াভকত, ধৰ্মপ্ৰচাৰক, ধৰ্মাধিকাৰ আদি অনেক দায়িত্ব গ্ৰহণ কৰি ব্ৰাহ্মণ আৰু পশ্চিমীয়া(ভূঞা)কায়স্থসকলৰ সমানেই অসমত মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ বাবে অগ্ৰণী ভূমিকা লৈ আহিছে। তদুপৰি আহোম-কোঁচৰ ৰাজত্বৰ সময়ত তেওঁলোকে আহোম -কোঁচৰ -মোগল আদিৰ শাসনকালত ৰাজদূত, বিষয়া,পাইক হিচাপে কাম কৰিছিল। আহোম আৰু কোঁচ ৰাজ্যৰ অগ্ৰণী পদবীসমূহ ক্ৰমে বৰুৱা, ফুকন,চলিহা,বৰকাকতী, বৈৰাগী, খাটনিয়াৰ, ভূঞা,খাউণ্ড, ভাণ্ডাৰকায়স্থ(ভঁৰালী), কাকতি, নেওগ,তামূলী, খাৰঘৰীয়া আদি উপাধিবোৰ কলিতা সকলৰ মাজত বিশেষভাবে পোৱা যায়। অবশ্যে ফুকন, বৰুৱা আদি উপাধি মবোৰ আহোম, কলিতা আৰু ব্ৰাহ্মণ সকলৰ মাজত সমানে পোৱা যায়। তদুপৰি বৰা, বৰুৱা, শইকীয়া, হাজৰিকা আৰু ৰাজখোৱা উপাধি সমূহ আহোম, চুতীয়া, কোঁচ ৰাজবংশী আৰু কলিতা সকলৰ মাজত দেখা পোৱা যায়। বৈৰাগী আৰু খাউণ্ড -এই দুয়ো উপাধি আহোম ৰজাৰ ৰাজদূত সকলক প্ৰদান কৰা হৈছিল। এই উপাধি প্ৰদান কৰোঁতে কলিতা সকলক প্ৰাধান্য দিয়া হৈছিল।[19]আনহাতে প্ৰধানকৈ মোগল শাসিত পশ্চিম অসমত পাছলৈ ব্ৰিটিছ অসমতো কলিতা সকলে ৰাজহ বিভাগত আগস্থান পাইছিল। চিৰস্তাদাৰ,চৌধুৰী, তালুকদাৰ, মজিন্দাৰ, ঠাকুৰীয়া,তহবিলদাৰ,লহকৰ আদি উপাধিসমূহ ইয়াৰ উপযুক্ত উদাহৰণ। তাৰোপৰি কলিতা জনগোষ্ঠীৰ লোকসকলে বিভিন্ন সময়ত আন আন বৃত্তি বা কৰ্মত মনোনিবেশ কৰাৰ কাৰণে তেওঁলোকক সমাজত ভিন ভিন নামেৰে জনা গৈছিল। বহুসময়ত তেনে কাম আৰু দায়িত্বৰ ওপৰতে ভিত্তি কৰি ভিন ভিন উপাধিও লাভ কৰিছিল। বৰ্তমান ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা কলিতা সকলে প্ৰায় ৯৩টা উপাধি ব্যৱহাৰ কৰে। ইয়াৰ ভিতৰত মহন্ত, দত্ত, পাগবন্ধা, কলিতা, দাস,বাৰিক, সেনাপতি,পাঠক,পাটগিৰি, পোদ্দাৰ, অধিকাৰী, বড়া, বৰ্মন, ডেকা, দিহিদাৰ, মেধী, পাটোৱাৰী, হুন্দুৰী, কায়স্থ,বৈৰাগী, মালী, সাউদ, বেজবৰুৱা, বাঢ়ৈ, কুমাৰ, জৰামূৰীয়া, দুলীয়া, বনিক, চহৰীয়া,খনিকৰ, বৈশ্য, কেওত,দৰবধৰা, তেলী, ভকত,বাৰুকিয়াল,বৰদলৈ, ধনদিয়া, গায়ন, বায়ন, দেউৰী, নামতিয়াল, সূত্ৰধাৰ, পুৰকায়স্থ, ডাকোৱা আদিয়েই প্ৰধান। অৱাশ্যে ইয়াৰ বহু উপাধি কলিতাসকলৰ বাহিৰেও আন আন জনগোষ্ঠীৰ লোকেও ব্যৱহাৰ কৰা দেখা যায়। এককথাত কলিতা সভ্যতা আৰু অসমীয়া সমাজ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। কলিতাসকল আছিল স্বত্ৰন্ত্ৰ আৰু স্বয়ংসম্পূৰ্ণ। সমাজ ব্যৱস্থা এটা সম্পূৰ্ণ হ’বৰ বাবে প্ৰয়োজনীয় সকলো কাম এওঁলোকে নিজেই কৰিব পাৰিছিল আৰু সমাজৰ প্ৰায় সকলোধৰণৰ কামতে এওঁলোকে মনোনিবেশ কৰিছিল। বৰ্তমান ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় প্ৰত্যেকটো মহকুমাতে এই জনগোষ্ঠী পোৱা যায়। অসম তথা উত্তৰ-পূৰ্বাঞ্চল বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ থলী। অসম নামৰ ভূ-খণ্ড আদিতে কামৰূপ, প্ৰাগজ্যোতিষপূৰ আদি বেলেগ বেলেগ নামৰ বিভিন্ন সময়ত পৰিচিত আছিল আৰু ইয়াৰ চাৰিসীমাও বৰ্তমানৰ দৰে নাছিল। বিভিন্ন সময়ত ইয়াৰ পৰিসীমা ভিন ভিন আছিল। কেতিয়াবা যদি ইয়াৰ বিস্তৃতি বহু প্ৰসাৰীত হৈছিল, আন কেতিয়াবা আকৌ ই বহুপৰিমাণে সংকুচিত হৈছে। কলিতাসকলে বুৰঞ্জীয়ে ঢুকী নোপোৱা কালতে অসমত নিজৰ সভ্যতা সংস্কৃতি গঢ়ি তুলিছিল। পৰবৰ্তী সময়ত বিভিন্ন ঠাইৰ পৰা অহা বহুসংখ্যক লোক কলিতাসকলৰ অন্তৰ্ভুক্ত হৈছিল। সেইবাবেই কলিতা সকলৰ ইতিবৃত্ত সম্পৰ্কে বহু ভিন ভিন মতামত পোৱা যায়। কিন্তু প্ৰকৃত সত্যটো হ’ল কলিতা সকল এই ভূ-খণ্ডৰ চাবেক বাসিন্দা। বিভিন্ন উৎসৰ পৰা অহা তথ্যসমূহো শুদ্ধ। কাৰণ বেদ উপনিষদৰ কালৰে পৰা প্ৰভুত্ত থকা কলিতা সভ্যতাত বেলেগ বেলেগ সময়ত আহি সংযোজিত হোৱা লোকসকলক লৈ বৃহত্তৰ কলিতা জনগোষ্ঠী গঠিত হৈছে। ভাৰবৰ্ষলৈ আৰ্য্যসকল অহাৰ বহু পূৰ্বেই অহা আলপাইন সকলেই হৈছে কলিতা সকলৰ নৃ-গোষ্ঠীয় পৰিচয়। ইয়াৰ পাছতো অনেক সময়ত বিভিন্ন দিশৰ পৰা অনেক লোক আহি ব্ৰহ্মপুত্ৰ উপত্যকাৰ আলপাইন মূলীয় কলিতাসকলৰ লগত বিলীন হৈছে। কুলুতাচ সকলৰ এটা ঠালো কলিতা সকলৰ অন্তৰ্ভুক্ত হৈছিল। কৌনজৰ পৰা অহা কিছু লোক আৰু ইয়াৰ বহু পূৰ্বেই হিমালয়ৰ পাদদেশত থকা লোকসকলৰ বহু লোক বৃহত্তৰ কলিতা সকলৰ এক অংশৰ পূৰ্বপুৰুষ বুলিব পাৰি। কলিতা লোকসকলৰ মাজত গভীৰ অধ্যয়ন কৰিলে দেখা যায় যে এই লোকসকলৰ জাতি, জনগোষ্ঠী উভয়ৰে লক্ষণ বিৰাজমান। সেইবাবে বিজ্ঞান ভিত্তিক বিশ্লেষণেৰে কলিতা এক জাতি নে জনগোষ্ঠী একেষাৰতে কৈ দিয়া কঠিন। পণ্ডিত ড॰ বাণীকান্ত কাকতীদেৱে কলিতা এক জাতি বুলি অভিহিত কৰিলেও কলিতাসকলৰ মাজত দেখা পোৱা বহু উপাদানৰ ভিত্তিত কলিতা এক জনগোষ্ঠী বুলি কোৱাটোহে বেছি সমিচিন হ’ব। এই জনগোষ্ঠীৰ অন্তৰ্গত বিভিন্ন সম্প্ৰদায় আছে। তাৰ ভিতৰত কমাৰ কলিতা, কুমাৰ কলিতা, সৰু কলিতা, বৰ কলিতা,কেওট কলিতা,নট কলিতা, সুত কলিতা, কঁহাৰ কলিতা, নাপিত কলিতা, ধুবী কলিতা, সোণাৰী কলিতা, কাড়ী কলিতা, হালৈ কলিতা, জালৈ কলিতা, শালৈ কলিতা,মালী কলিতা আদিবোৰেই প্ৰধান। কিন্তু কলিতাসকলৰ মাজতেই বহু শ্ৰেণীবিভাগ আৰু উচ্চ-নীচৰ ভেদাভেদ আহিল। এনেকুৱা ভেদাভেদৰ কবলত পৰি কলিতাসকলৰ মাজত কিছু সম্প্ৰদায় বিভাজিত হ’ল। কেৱল কামৰ ভাগ হিচাপে বেলেগ বেলেগ বৃত্তি গ্ৰহণ কৰি জীৱিকা নিৰ্বাহ কৰাৰ আচিলাতে কলিতাসকলক ভিন ভিন সম্প্ৰদায়ত বিভক্ত কৰা হ’ল। এঁওলোকৰ কিছুমান আকৌ ভাৰতীয় সংবিধানৰ জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ আওঁতাত অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰা হ’ল। কিন্তু একে জীৱনশৈলিৰ গৰিষ্ঠ সংখ্যক কলিতা লোক সাধাৰণ জাতিৰ আঁওতাত থাকি গ’ল। যাৰ ফলত নিজ জনগোষ্ঠীৰ মাজতে এটা স্পষ্ট বিভেদ আহিল আৰু এসময়ত আটাইতকৈ প্ৰভাৱশালী জনগোষ্ঠীৰূপে পৰিচিত কলিতাসকল ভাৰতবৰ্ষৰ স্বাধীনতাৰ পাছত ক্ৰমে ক্ৰমে সকলো দিশৰ পৰাই পিছপৰি আহিল। বৰ্তমান অসমত কলিতাসকল হ’লগৈ আটাইতকৈ পিছপৰা জনগোষ্ঠীসমূহৰ অন্যতম। আজিৰ তাৰিখত বৰ কলিতা আৰু সৰু কলিতাৰ প্ৰভেদ বৰ বিশেষ নাই বুলিব পাৰি কিন্তু কুমাৰ কলিতা, সুত কলিতা, শালৈ কলিতা, হাৰী কলিতা আদি লোকসকল এটা গোট আনটোৰ পৰা ইমানেই আঁতৰি যোৱা পৰিলক্ষিত হৈছে যে বহুক্ষেত্ৰত এটা গোটে আন এটা গোটৰ লগত একে জনগোষ্ঠীৰ বুলি পৰিচয় দিবলৈও শংকা কৰে। এনে হোৱাৰ ফলত কলিতা সভ্যতাটোৰ প্ৰতি তীব্ৰ সংকট আহি পৰিছে আৰু জনগোষ্ঠীটোৰ সমূহীয়া সমস্যাসমূহ সমাধানৰ বাবে পথ মূকলী কৰাৰ ক্ষেত্ৰত ডাঙৰ প্ৰত্যাহবান আহি পৰিছে। কলিতা সভ্যতা হৈছে নিজস্ব ভাষা, সাহিত্য, কৃষ্টি-সংস্কৃতি, ঐতিহ্য পৰম্পৰাৰে সম্পূৰ্ণ সভ্যতা। কলিতাসকল মূলত কৃষিজীৱি আছিল আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলোধৰণৰ খাদ্যশস্যৰ উৎপাদক আছিল এঁওলোক। খেতিৰ বাবে প্ৰয়োজনীয় সঁজুলিসমূহ এঁওলোকে নিজেই তৈয়াৰ কৰি লৈছিল। লোকসংস্কৃতিৰ ক্ষেত্ৰখনটো কলিতাসকল চহকী আছিল। কলিতাসকলৰ নিজা লোকবাদ্য, লোকনৃত্য, লোকাচাৰ, খাদ্যাভ্যাস, খেল ধেমালি, গৃহ নিৰ্মাণ প্ৰণালী, লোকবিশ্বাস আৰু পৰম্পৰা আছে। ভথেলী আৰু ম’হোহো উৎসৱ হৈছে কলিতাসকলৰ দুটা উল্লেখযোগ্য উৎসৱ। ইয়াৰ উপৰিও এওঁলোকৰ মাজত নিৰ্দিষ্ট কিছুমান পূজা-পাতল আৰু ধৰ্মীয় বিশ্বাস আছে। জয়পুৰীয়া কলিতা সমাজত থকা কালীপূজা ইয়াৰ এক উৎকৃষ্ট উদাহৰণ। ইয়াৰ উপৰিও কলিতা সকলৰ মাজত থকা ভূত-প্ৰেত আৰু বেজালী বিশ্বাস, আশীৰ্বাদ, গালি, শাও-শপনি, শপত, পাপ আৰু প্ৰায়শ্চিত্তৰ বিশ্বাস, জন্ম-মৃত্যু সম্বন্ধীয় বিশ্বাস আদিবোৰ অতি বিস্ময়কৰ আৰু এই সমূহৰ ওপৰত গৱেষণাৰ যথেষ্ট থল আছে। কলিতা সকলৰ নিজস্ব এক জুপুৰী ঘৰৰ আৰ্হি আছিল। বাঁহ,কাঠ্,বেত, ইকৰা, খাগৰী, খেৰ আদিৰে ঘৰ সজা কামটো এঁওলোক পাকৈত। মৃৎ শিল্প আৰু নৌকা শিল্পত ব্ৰহ্মপুত্ৰ উপত্যকাত এঁওলোক অনবদ্য। ঘৰৰ বাৰীৰ চাৰিওফালে চাৰিতা খাল খান্দি ঢাপ মাৰি লোৱাতো কলিতাসকলৰ নিয়ম। ইয়াৰ উপৰিও কলিতাসকলৰ গোহালী, ভঁৰালঘৰ, ঢেকীশাল, বৰঘৰ, ৰান্ধানীশাল আৰু জুইশাল পতাৰ নিদিষ্ট নিয়ম আৰু পৰম্পৰা আছে। বহুক্ষেত্ৰত ডাকৰ বচনো পালন কৰা দেখা যায়। ‘ পূৱে হাঁহ, পশ্চিমে বাঁহ, উত্তৰে চৰু, দক্ষিণে গৰু’ আদিবোৰ আজিপৰ্য্যন্ত পালন কৰি থকা দেখা যায়। এনেবোৰ নীতি নিয়ম সকলো সম্প্ৰদায় আৰু বৃত্তিৰ লগত জড়িত কলিতাসকলৰ মাজতে দেখা যায়।[উদ্ধৃতিৰ প্ৰয়োজন]

কলিতা সমাজৰ দুজনমান ব্যক্তি

তথ্য সংগ্ৰহ

  1. Col Ved Prakash (2007). "Encyclopaedia of North-East India, Volume 1". India, Northeastern. Atlantic Publishers & Dist. পৃষ্ঠা: 150. http://books.google.co.in/books?id=Ic4UCdaxbHIC&pg=PA150&dq=kalita++kshatriya+caste&hl=en&sa=X&ei=ZYI5VP_GOseiuQS144KABw&ved=0CDQQ6AEwAw#v=onepage&q=kalita%20%20kshatriya%20caste&f=false। আহৰণ কৰা হৈছে: 12 October 2014. 
  2. মাধুৰ্যমণ্ডিত বৰুৱা। কলিতা জাতিৰ ইতিহাস। ৰেখা প্ৰকাশন, গুৱাহাটী। প্ৰথম প্ৰকাশ, ২০২০। পৃষ্ঠা ৯৮
  3. আসাম বুৰঞ্জী,পদ্মনাথ গোহাঞি বৰুৱা
  4. ৰাজমোহন নাথৰ ‘The Background of Assamese Culture’
  5. Pratap Chandra Choudhury (1988). "Assam-Bengal Relations from the Earliest Times to the Twelfth Century A.D". Assam (India). Spectrum Publications. পৃষ্ঠাসমূহ: 193,275. http://books.google.co.in/books?ei=dpE5VMudGMWTuATx34H4Aw&id=EE1uAAAAMAAJ&dq=kalita+rulers+in+assam&focus=searchwithinvolume&q=kalita। আহৰণ কৰা হৈছে: 12 October 2014. 
  6. চক্ৰপাণি বৈৰাগী ,গুৰুচৰিত কথা,সম্পা.মহেশ্বৰ নেওগ,পৃষ্ঠা.২০৭
  7. কলিতা জাতিৰ ইতিহাস,মাধুৰ্য্যমণ্ডিত বৰুৱা
  8. কলিতা জাতিৰ ইতিহাস,পৃষ্ঠা 192
  9. কলিতা জাতিৰ ইতিহাস,194
  10. কলিতা জাতিৰ ইতিহাস,পৃষ্ঠা ২১২
  11. কমতা ৰজা দুৰ্লভনাৰায়ণে অনা ব্ৰাহ্মণ কায়স্থসকলক কেৱল কোচ আৰু কামৰূপতে থাপিছিল। কাৰণ সেইসময়ত (উজনি)অসমত আহোমৰ ৰাজত্ব আছিল। এই নতুন ব্ৰাহ্মণ- কায়স্থসকলৰ ভূঞা আছিল চণ্ডীবৰ কায়স্থ । এইসকল কোনো নিদিষ্ট ঠাইতে স্থায়ীভাবে বসবাস কৰাৰ বিপৰীতে কছাৰী দফলা আদিৰ আক্ৰমণত বিভিন্ন ঠাইলৈ পলাই ফুৰিব লগা হৈছিল। আচলতে আহোম ৰাজ্যৰ স্থাপিত বাৰভূঞাসকল কলিতা জাতিৰহে আছিল।
  12. পুৰণি অসম বুৰঞ্জী পৃ: ৩৬
  13. Goswami, Hemchandra, "Purani Assam Buranji, p. 154,
  14. Tamuli Phukan, Kasinath, Assam Buranji, p. 20, "পাচে চুটিয়া ৰজাৰ পো ভাই সহিতে চুটিয়াক পাকৰি গুৰিত পাতিলে। পাচে লাক্নি কাতকেউ ১৪২৭ সঁকত বাৰভুঁয়াক বৰালে; সিহঁতৰ বচোআল টঙ্গালি হাচটি এইসকলৰ আদৰ্স ললে; সিহঁতৰ ল'ৰা কিচু সৰ্গদেৱে তামুলী পাঁচনিকৈ লগত ল'লে।"
  15. Bhuyan, S.K.,"Assam Buranji(SM)", p.11-13
  16. প্ৰথম কায়স্থ শব্দটি কলিতা ৰজা প্ৰথম ভাস্কৰবৰ্মা শাসনকালতে উদ্ধাৰ হোৱা নিধানপুৰ ফলিৰ পৰা উদ্ধৃত কৰা হৈছে। তেওঁ কোনো পশ্চিমীয়া কায়স্থক এই দেশলৈ অনাৰ প্ৰমাণ পোৱা নাযায় । এতেকে আদি কায়স্থ বুলি কলিতাসকলকে বুজাব লাগিব।
  17. কলিতা জাতিৰ ইতিহাস,194
  18. কলিতা জাতিৰ ইতিহাস,পৃষ্ঠা ২০৬
  19. A History of Assam by Sir Edward Gait, page 124