বিশ্বনাথ মন্দিৰ
বিশ্বনাথ মন্দিৰ শোণিতপুৰ জিলাৰ বিশ্বনাথ ঘাটত অৱস্থিত এটা মন্দিৰ। সম্ভৱত ৬৫০-৯৯০ খ্ৰীঃ ত শালস্তম্ভ বংশৰ ৰজাসকলে পোনপ্ৰথমে বিশ্বনাথৰ নামত শৈলমন্দিৰ স্থাপন কৰিছিল। ১৬১৫ চনত মোগল সেনাপতি সত্ৰাজিতে এই অঞ্চল আক্ৰমণ কৰি মন্দিৰৰ সোণ ৰূপৰ আহিলাৰ লগতে দুগৰাকী (কোনো বুৰঞ্জীৰ মতে তিনি গৰাকী) দেৱদাসীও ধৰি লৈ যায়, তেতিয়াৰ পৰাহে স্বৰ্গদেউসকলৰ বিশেষ দৃষ্টি বিশ্বনাথৰ প্ৰতি আকৰ্ষণ হয়। ১৬১৫ চনৰ পৰা ১৬২০ চনৰ ভিতৰত পুৰণি শিলৰ মন্দিৰটো ভাগি পৰাত ১৬২১ চনত স্বগদেউ প্ৰতাপ সিংহই মোমাই তামুলী বৰবৰুৱাৰ হতুৱাই বিশ্বনাথ মন্দিৰ নিৰ্মাণ কৰায়। আজিকালি ব্ৰহ্মপুত্ৰৰ গৰ্ভৰ যিঠাইত প্ৰচীন মন্দিৰৰ ভগ্নাৱশেষ দেখা যায়, তেতিয়া সেই ঠাই যথেষ্ট ওখ আৰু শিলাময় আছিল আৰু তাতে এই মন্দিৰ সজা হৈছিল। ৰাজেশ্বৰ সিংহৰ দিনত হোৱা প্ৰবল বানত পুৰণি বিশ্বনাথ মন্দিৰ ধ্বংসপ্ৰাপ্ত হয়। ইয়াৰ ফলত প্ৰচীন পীঠস্থান ব্ৰহ্মপুত্ৰৰ গৰ্ভত সোমাই যায় আৰু সেই স্থানত নতুন মন্দিৰ নিৰ্মাণ অসম্ভৱ হোৱাত সেই স্থানৰ পৰা ২০০ মিটাৰমান পশ্চিমত বৰ্ত্তমানৰ ঠাইত লক্ষ্মী সিংহ স্বৰ্গদেৱে ১৭৭৪ চনত ধ্বসপ্ৰাপ্ত মন্দিৰৰ পৰা বহুতো শিল-ইটা অনাই নতুনকৈ সামান্য ৰূপত বিশ্বনাথ মন্দিৰ সজাই দিয়ে।[1]
'বিশ্বনাথ মঠ' নামেৰে পৰিচিত বৰ্ত্তমান জহি-খহি যোৱা শিল ইটাৰে সজোৱা ১০ মিটাৰমান ওখ এই মন্দিৰটো চাৰিপিঠিয়া। মন্দিৰটো সৰু হলেও এসময়ত ই বিবিধ চিত্ৰৰে সজোৱা আছিল। উক্ত মন্দিৰৰ থকা ৬৩ ছে:মি: ওখ দেৱতাৰ মূৰ্তি আৰু ১১ ছে:মি: ওখ পঞ্চানন দশভুজা শিৱৰ মূৰ্তি দুটা বৰ্তমান তেজপুৰ জিলা সংগ্ৰহালয়ত ৰখা হৈছে।
আগৰ কালত বিশ্বনাথ দেৱালয় অসমৰ কেৱল মহাপীঠেই নাছিল, ই অসমৰ নাটঘৰ হিচাপেও প্ৰসিদ্ধি লাভ কৰিছিল। ইয়াত চৰ্চা লভা 'নট-নৰ্তকী' আৰু ওজাপালি নৃত্য বৰ্তমান বিলুপ্ত। শিৱৰাত্ৰি আৰু গোসাঁই ফুৰোৱা উৎসৱ বৰ্তমানেও চলি আছে।[1]