শালস্তম্ভ ৰাজবংশ
শালস্তম্ভ বংশ সপ্তম শতিকাৰ মাজভাগত শালস্তম্ভ নামৰ ৰজা এজনে প্ৰতিষ্ঠা কৰে।[1] তেওঁ প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানী তুলি নি বৰ্তমান তেজপুৰৰ ওচৰৰ হাৰুপ্পেশ্বৰ নামে ঠাইত পাতে।[1] এই বংশৰ ৰজাসকলে আনুমানিক ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৯৯০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। শালস্তম্ভৰ পিছৰ পৰা ত্যাগসিংহ পৰ্যন্ত মুঠ একৈশজন ৰজাই কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল। ৰত্নপালৰ তামৰ ফলিত শালস্তম্ভক ম্লেছৰাজ বোলা হৈছে।[1][2] ড° ডম্বৰুধৰ নাথৰ মতে শালস্তম্ভ চুতীয়া জাতিৰ লোক।[উদ্ধৃতিৰ প্ৰয়োজন] কিন্তু এই বংশৰ ৰজাবিলাকে নিজকে ভগদত্তৰ বংশধৰ বুলিহে পৰিচয় দিছিল। এই বংশৰ পতনৰ পিছত পাল ৰাজবংশৰ ৰজাই কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল।
কামৰূপ ৰাজ্য শালস্তম্ভ বংশ
| |
---|---|
৬৫০ খ্ৰীষ্টাব্দ–৯৯০ খ্ৰীষ্টাব্দ
| |
ৰাজধানী | হাৰুপেশ্বৰ (বৰ্তমানৰ তেজপুৰৰ ওচৰত) |
ধৰ্ম | হিন্দু ধৰ্ম |
Government | Monarchy |
মহাৰাজধিৰাজ | |
• ৬৫০ – ৬৭৫ খ্ৰীষ্টাব্দ |
শালস্তম্ভ |
• ৮১৫ – ৮৩৫ খ্ৰীষ্টাব্দ |
হজ্জৰবৰ্মা |
• ৯৭০ - ৯৯০ খ্ৰীষ্টাব্দ |
ত্যাগসিংহ |
ইতিহাস | |
• Established |
৬৫০ খ্ৰীষ্টাব্দ |
• Disestablished |
৯৯০ খ্ৰীষ্টাব্দ |
কিছুমান বুৰঞ্জীবিদৰ মতে, পাল ৰাজবংশৰ প্ৰতিষ্ঠাপক ব্ৰহ্মপালে এওঁলোকক দক্ষিণ আৰু পূব দিশে খেদি পঠিয়ায়। পাছত এই বংশৰ কোনো লোকে পূবে শদিয়াত চুতীয়া ৰাজ্য আৰু দক্ষিণে ডিমাপুৰত কছাৰী ৰাজ্য প্ৰতিষ্ঠা কৰে।[3]
ৰজাসকল
সম্পাদনা কৰকক্ৰম | ৰজা | কাৰ্য্যকাল |
---|---|---|
১ | শালস্তম্ভ | ৬৫০ – ৬৭০ খ্ৰীষ্টাব্দ |
২ | বিজয় বা বিগ্ৰহ স্তম্ভ | |
৩ | হৰ্ষদেৱ বা হৰ্ষবৰ্মন | ৭২৫ – ৭৪৫ খ্ৰীষ্টাব্দ |
৪ | বলবৰ্মন | |
৫ | প্ৰালম্ভ বা শালম্ভ | |
৬ | হৰ্জৰবৰ্মন | ৮১৫ – ৮৩২ খ্ৰীষ্টাব্দ |
৭ | বনমাল বৰ্মাদেৱ | ৮৩২ – ৮৫৫ খ্ৰীষ্টাব্দ |
৮ | জয়মালা বা বীৰ বাহু | ৮৫৫ - ৮৬০ খ্ৰীষ্টাব্দ |
৯ | বলবৰ্মন (তৃতীয়) | ৮৬০ - ৮৮০ খ্ৰীষ্টাব্দ |
১০ | ত্যাগসিংহ | ৯৭০ - ৯৯০ খ্ৰীষ্টাব্দ |
পতন
সম্পাদনা কৰকশালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগসিংহৰ কোনো সতি-সন্ততি নাছিল। সেয়ে শালস্তম্ভ বংশ লোপ পায়।[4]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 ভূপেন্দ্ৰ নাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ১৯.
- ↑ ম্লেছ শব্দটো অপমানসূচক হ'লেও এই বংশৰ ৰজা হৰ্জৰবৰ্মনে হয়ুন্থল তামৰ ফলিত ইয়াৰ অৰ্থ বুজাইছে।(Sharma 1978:91)
- ↑ (Bhattacharjee 1992, পৃষ্ঠা 393)
- ↑ ভূপেন্দ্ৰ নাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ২১.
গ্ৰন্থ সংযোগ
সম্পাদনা কৰক- Bhattacharjee, J. B. (1992), "The Kachari (Dimasa) state formation", in Barpujari, H. K., The Comprehensive History of Assam, 2, প্ৰকাশক Guwahati: Assam Publication Board, pp. 391–397
- Sharma, M M (1978), Inscriptions of Ancient Assam, প্ৰকাশক Guwahati: Gauhati University
- Sircar, D. C. (1990), "The Mlechchha Dynasty of Salasthambha", in Barpujari, H. K., The Comprehensive History of Assam, 2, প্ৰকাশক Guwahati: Assam Publication Board