তিৱা জনগোষ্ঠী

উত্তৰ-পূব ভাৰতৰ জনগোষ্ঠী
(তিৱাৰ পৰা পুনঃনিৰ্দেশিত)

তিৱা অসমৰ এটা খিলঞ্জীয়া জনগোষ্ঠী। এওঁলোক চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ মান-তিব্বতীয় শাখাৰ জনগোষ্ঠী।।[1] অসমৰ নগাঁও, মৰিগাঁও আৰু কাৰ্বি আংলং জিলাতেই এওঁলোকৰ ঘাই বসতি যদিও কামৰূপ জিলাৰ দক্ষিণ-পূব অংশত, লখিমপুৰ জিলাৰ কেইখনমান গাঁৱত আৰু যোৰহাটৰ ওচৰত তিতাবৰত কিছুসংখ্যক তিৱালোক আছে। পূৰ্বে এই জন-জাতিৰ লোকসকল 'লালুং' নামে পৰিচিত আছিল যদিও বৰ্তমানে এওঁলোকে নিজকে 'তিৱা' বুলি চিনাকি দিহে ভাল পায়। কাৰ্বিসকলৰ লগত তিৱাসকলৰ যথেষ্ট সাদৃশ্য দেখা যায়। বহুক্ষেত্ৰত তেওঁলোকক দুটা সুকীয়া জনজাতি হিচাপে ঠাৱৰ কৰাই কঠিন। দুয়োটা জনজাতিৰ সামাজিক প্ৰথা, ৰীতি-নীতি আদিৰ মাজত পাৰ্থক্যতকৈ সাদৃশ্যই বেছি।

শ্ৰেণী বিভাজন সম্পাদনা কৰক

তিৱাসকল কেইবাটাও কুলত বিভক্ত। যেনে: মছৰং, কোৱঁৰ, পাটৰ, মাছেৰেং, মাগৰ, মাদুৰ, লাদুৰ, পুৰু, ছাগাৰা, মালৈ, আগাৰা, চঞ্চৰ, কচ, চলং, মুনি, মেলাং, লৱম আদি। ইয়াৰ ভিতৰত মছৰং আৰু মাছৰেং কুলক শ্ৰেষ্ঠ বুলি কোৱা হয়। উল্লিখিত প্ৰতিটো কূলেই বহিৰ্বিবাহী। বিশেষ এটা কুলে আন এটা বিশেষ কুলৰ লগতহে বৈবাহিক সম্পৰ্ক পাতিব আৰু ৰাখিব পাৰে।

তেওঁলোকে ব্যৱহাৰ কৰা উপাধিসমূহ হৈছে:-

বৰদলৈ , দেউৰী ,হুকাই, আমচি ,ড্ৰঙলি,ফামচঙ,পামচং,মান্তা,লালুং,কোঁৱৰ,পাটৰ আদি

ধৰ্ম-বিশ্বাস সম্পাদনা কৰক

তিৱাসকল হিন্দু ধৰ্মাৱলম্বী। অতীজতে তেওঁলোকৰ নিজা ধৰ্মীয় বিশ্বাস আৰু ক্ৰিয়া-কাণ্ড আছিল যদিও বৰ্তমানে তেওঁলোকে হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। মহাদেৱ আৰু কেঁচাইখাতী গোসাঁনী তেওঁলোকৰ আৰাধ্য দেৱ-দেৱী। বুধবাৰ তিৱাসকলৰ গুৰুবাৰ।

অৰ্থনৈতিক জীৱন আৰু শিক্ষা-দীক্ষা সম্পাদনা কৰক

তিৱাসকলৰ অৰ্থনৈতিক জীৱন অসমৰ অন্যান্য জনগোষ্ঠীৰ সৈতে একে। তেওঁলোকৰ সৰহসংখ্যক লোকেই কৃষিজীৱী। ধান, সৰিয়হ, মাহ, আলু আদিৰ খেতি কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰে। অৰ্থনৈতিক দিশত তিৱাসকল এতিয়াও অনুন্নত। একেদৰে শিক্ষা-দীক্ষাৰ ক্ষেত্ৰতো সৰহ-সংখ্যক তিৱালোক পিছপৰা।

ভাষা-দোৱান সম্পাদনা কৰক

তিৱাসকলৰ নিজস্ব কথিত ভাষা বা দোৱান আছে যদিও ভৈয়ামৰ সৰহসংখ্যক তিৱালোকে তাক পাহৰি পেলাইছে। বৰ্তমান অসমীয়া ভাষাকেই তেওঁলোকে মাতৃভাষাৰূপে ব্যৱহাৰ কৰিছে।

উৎসৱ-পাৰ্বণ, সাজ-পোছাক ,আৰু জীৱন-নিৰ্বাহৰ পদ্ধতি সম্পাদনা কৰক

উৎসৱ-পাৰ্বণৰ ক্ষেত্ৰত ভৈয়ামৰ তিৱাসকলে স্থানীয় আন অসমীয়াসকলে পালন কৰা উৎসৱকেই পালন কৰে। তিৱাসকলৰ জীৱন-নিৰ্বাহৰ পদ্ধতিঅৰ অসমীয়া ভাষা-ভাষী হিন্দুসকলৰ লগত বহুখিনি মিল আছে।

তিয়াসকলৰ পৰম্পৰাগত সাজ-পোচাক ::

  1. জচকাই :- তিৱা মহিলাই পিন্ধা দখনাৰ দৰে চাদৰ
  2. ফাচকাই :- বুকুত পিন্ধা ফুলাম চাদৰ
  3. ফাগুৰি:- তিৱা পুৰুষে মূৰত পিন্ধা পাগুৰি
  4. ফালি:-তিয়াসকলৰ পৰম্পৰাগত গামোচা
  5. ফুইছা ল':- ডিঙিত পিন্ধা পইচাৰ মনি বা মালা

জনসংখ্যা সম্পাদনা কৰক

বৰ্তমানে অসমত তিৱালোকৰ জনসংখ্যা প্ৰায় দুই লাখ। [2]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. DeLancey, Scott (2012). Hyslop, Gwendolyn; Morey, Stephen; w. Post, Mark (eds.). "On the Origin of Bodo-Garo". Northeast Indian Linguistics. 4: 3–20. doi:10.1017/UPO9789382264521.003. ISBN 9789382264521.
  2. অসম অভিধান, শান্তনু কৌশিক বৰুৱা, বনলতা,২০০১,পৃষ্ঠা-১১০-১১১ (১)