গগনা

(গগণাৰ পৰা পুনঃনিৰ্দেশিত)


গগনা অসমীয়া মানুহৰ এবিধ ফু দি বজোৱা সুৰাশ্ৰয়ী বাদ্যযন্ত্ৰঅসমবিহুগীত আৰু বিহুনৃত্যত গগনা বজোৱা হয়[1]অসমৰ লোক-সংস্কৃতিত গগনাই এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। গগনাক ওঁঠেৰে চেপি ধৰি আঙুলিৰে কঁপাই বজোৱা হয়। গগনাৰ মাত বৰ মিঠা আৰু মিহি। মিচিং ভাষাত গগনাক ‘গুংগাং’ বোলা হয়।

গগনা
Lahori Gogona(Musical Instruments of Assam).jpg
গগনা বজাই থকা বিহু নাচনী
সুৰাশ্ৰয়ী বাদ্য
শ্ৰেণী ভাৰতীয় সুৰাশ্ৰয়ী বাদ্য
আনুষঙ্গিক বাদ্য
বাঁহী, ঢোল, তাল,

নিৰ্মাণ প্ৰণালীসম্পাদনা কৰক

গগনা তিনি/চাৰি বছৰীয়া পকা জাতি বাঁহৰ পৰা চাঁচি উলিওৱা হয়[2]

প্ৰকাৰসম্পাদনা কৰক

 
বাওঁফালৰ পৰা ক্ৰমে বৰ গগনা, চুঙা গগনা, লাহৰী গগনা, ৰামধন গগনা আৰু শালিকী ঠুটিয়া গগনা।

অসমত বিভিন্ন প্ৰকাৰৰ গগনাৰ অস্তিত্ব পোৱা যায়। যেনেঃ বৰ গগনা, চুঙা গগনা, লাহৰী বা ৰূপহী গগনা, ৰামধন গগনা, শালিকী ঠুঁটিয়া গগনা আদি।অৱশ্যে বৰ্তমান বহুল ব্যৱহৃত গগনা দুই প্ৰকাৰৰ- গাভৰুৱে বজোৱা গগনা বিধক কোৱা হয় লাহৰী বা ৰূপহী গগনা আৰু ডেকাই বজোৱা বিধক কোৱা হয় ৰামধন গগনা[3]

লোক বিশ্বাসসম্পাদনা কৰক

লোক বিশ্বাস মতে মুখচোকা তিৰোতাৰ তাঁতশালৰ পৰা ‘ব’ তোলা চুঙা চুৰ কৰি আনি গগনা সাজিলে তাৰ মাত ভাল হয়। যিমানে তিৰোতা গৰাকীয়ে গালি পাৰে সিমানে হেনো গগনাৰ মাত ওলায়।

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. "Bihu Dance - Bihu Dance of Assam". Festivals.iloveindia.com. http://festivals.iloveindia.com/bihu/bihu-dance.html। আহৰণ কৰা হৈছে: 2013-03-04. 
  2. "Home". Anvesha.co.in. http://www.anvesha.co.in/gogona_en.htm। আহৰণ কৰা হৈছে: 2013-03-04. 
  3. "Musical Instruments". enajori.com. http://enajori.com/folk-culture/musical-instruments/। আহৰণ কৰা হৈছে: 2013-03-04. 

বাহ্যিক সংযোগসম্পাদনা কৰক