বুকুৰ মাজত জ্বলে

অসমীয়া চলচ্চিত্ৰ

বুকুৰ মাজত জ্বলে (ইংৰাজী: Bukur Majot Jole) ১৯৯৯ চনত মুক্তিপ্ৰাপ্ত এখন সংগীত-মধুৰ ৰঙীন অসমীয়া ড্ৰামা চলচ্চিত্ৰ। লক্ষ্মীনাৰায়ণ ফিল্মছৰ বেনাৰত নিৰ্মিত ছবিখনৰ পৰিচালনা আৰু প্ৰযোজনা আছিল অশোক কুমাৰ বিষয়াৰ। মুঠ পাঁচজন সংগীত পৰিচালকে ছবিখনৰ সংগীত পৰিচালনা কৰিছিল। মুল ভূমিকাত অভিনয় কৰিছিল নিকুমণি বৰুৱা, মৃদুল ভূঞা, বৰষাৰাণী বিষয়া, অংকুৰ বিষয়া আদিয়ে।

বুকুৰ মাজত জ্বলে

ছবিখনৰ পোষ্টাৰ
পৰিচালক অশোক কুমাৰ বিষয়া
ৰচনা অঞ্জন কলিতা
চিত্ৰনাট্য অঞ্জন কলিতা
কাহিনী হেপীমণি বিষয়া
অঞ্জন কলিতা (কাহিনী পৰিবৰ্দ্ধন)
প্ৰযোজক অশোক কুমাৰ বিষয়া
অভিনয়ত বৰষাৰাণী বিষয়া
বিজন শইকীয়া
চিত্ৰগ্ৰহণকাৰী ৰাজু মিশ্ৰ্
সম্পাদনা এ শ্ৰীকৰ প্ৰসাদ
সংগীত পৰিচালক চাৰু গোহাঁই
ভূপেন উজীৰ
জয়ন্ত দাস
জিতুল সোণোৱাল
অশোক কুমাৰ বিষয়া
মুক্তি
৫ নবেম্বৰ ১৯৯৯
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

ব্যৱসায়িক দিশত বুকুৰ মাজত জ্বলে এখন সফল ছবি আৰু চিত্ৰগৃহত ই ‘ৰূপালী জয়ন্তী’ (একেৰাহে ২৫ সপ্তাহ জুৰি প্ৰদৰ্শিত) পালন কৰিবলৈ সক্ষম হৈছিল।[1]

কাহিনীৰ সাৰাংশ

সম্পাদনা কৰক

আভা বৰুৱাৰ ছোৱালী কুঁৱলী আৰু ব্যৱসায়ী দয়াশংকৰ চলিহাৰ বৰপুত্ৰ নিহাৰৰ মাজত প্ৰেমৰ সম্পৰ্ক। কিন্তু এই প্ৰেমত বিঘিনি ঘটালে খলনায়ক তৰুণে। এইজন তৰুণকে চলিহাই ফুটপাথৰ পৰা তুলি আনি নিজৰ সন্তানৰ দৰে তুলিতালি ডাঙৰ-দীঘল কৰিছিল। আভা বৰুৱাৰ স্বামীৰ এক মটৰ দুৰ্ঘটনাত মৃত্যু হৈছিল আৰু তেওঁ বিশ্বাস কৰে যে দুৰ্ঘটনাৰ আঁৰত চলিহাৰ হাত আছে। সেয়েহে দুয়োখন ঘৰেই কুঁৱলী আৰু নিহাৰৰ মিলনত বাধা হৈ থিয় দিলে। ঘৰৰ সিদ্ধান্ত নিৰবে মানি লৈ কুঁৱলী ভৰ্তি হ’ল চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা শাস্ত্ৰ পঢ়িবলৈ আৰু নিহাৰ গ’ল দিল্লীলৈ বিজিনেচ মেনেজমেণ্ট পঢ়িবলৈ।[1]

কিছু বছৰ পিছত নিহাৰৰ শিক্ষা সমাপ্ত কৰি ঘুৰি আহি দেউতাৰ ব্যৱসায়ৰ কামত লাগে। এদিন ফেক্টৰীত আঘাতপ্ৰাপ্ত শ্ৰমিক এজনক লৈ হাস্পাতাললৈ আহোঁতে ডাক্তৰৰ সাজত কুঁৱলীক লগ পায়। দুয়োৰো মাজত পুনৰ পূৰ্বৰ প্ৰেমে গা কৰি উঠে। এদিন চলিহাই গুডাম ঘৰ পৰিদৰ্শন কৰোঁতে তাত কিছুমান চোৰাং সামগ্ৰী লুকাই থোৱা দেখা পায়, যিবোৰ সামগ্ৰী আচলতে তৰুণেই মজুত কৰি ৰাখিছিল। চলিহাৰ হাৰ্ট এটেক হোৱাত হাস্পাতালত ভৰ্তি কৰোৱা হয়। ডাক্তৰ কুঁৱলীৰ যত্নত চলিহা লাহেলাহে সুস্থ হৈ উঠে।[1]

তৰুণৰ অপকৰ্ম প্ৰকাশ পোৱাত সি প্ৰতিশোধ পৰায়ণ হৈ উঠে। লগতে এই কথাও প্ৰকাশ পায় যে কুঁৱলীৰ দেউতাৰ মটৰ দুৰ্ঘটনাৰ আঁৰত চলিহা নহয়, তৰুণহে জড়িত আছিল। তৰুণে কুঁৱলীক অপহৰণ কৰি লৈ যায়। কুঁৱলীক উদ্ধাৰ কৰিবলৈ নিহাৰ তৰুণৰ আড্ডাত উপস্থিত হয়। সহায় কৰিবলৈ আগবাঢ়ি আহে বস্তিৰ যুৱকৰ দল এটাও। যুৱকৰ দলটো আৰু তৰুণৰ দলটোৰ মাজত ভয়ানক মাৰপিত হয় আৰু তৰুণৰ মৃত্যু হয়। অৱশেষত নিহাৰ আৰু কুঁৱলীৰ মিলনেৰে ছবিখনৰ সুখী পৰিসমাপ্তি ঘটে।[1]

অভিনয় শিল্পী

সম্পাদনা কৰক
  • নিকুমণি বৰুৱা
  • মৃদুল ভূঞা
  • বৰষাৰাণী বিষয়া
  • বিজন শইকীয়া
  • অংশুমান বৰুৱা
  • নীনা বৰা
  • ভাৰ্গৱ কটকী
  • নিৰেণ শৰ্মা
  • কমলৰাণা শৰ্মা
  • হিৰণ্য ডেকা
  • জয়ন্ত দাস
  • ৰীণা বৰা
  • সিদ্ধাৰ্থ মুখাৰ্জী
  • জুৰি দেৱী
  • দিলীপ বড়ো
  • মুন্না আহমেদ
  • অসীম বৈশ্য
  • নিৰেণ শৰ্মা
  • অংকুৰ বিষয়া[1]

ছবিখনৰ সংগীত পৰিচালনা চাৰু গোহাঁই, ভূপেন উজীৰ, জয়ন্ত দাস, জিতুল সোণোৱাল, অশোক কুমাৰ বিষয়াৰ। আবহ সংগীত ৰচনা কৰিছিল জয়ন্ত পাঠকে।

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "বা ৰিব মলয়াই কিনো কথা কৈ যায়"  মৃণাল চৌধুৰীশান্তা উজীৰ  
2. "বুকুৰ মাজত জ্বলে কলিজাৰ সোণ"  বিজয় দুৱৰাকবিতা কৃষ্ণমূৰ্তি  
3. "তুমিয়ে দিলাহি মিঠাকৈ চেনাই অ’ মৰমৰ বতৰা"  চাৰু গোহাঁইজুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ  
4. "বুকুত জ্বলিছে জীয়া জুই"  অপূৰ্ব বেজবৰুৱাহেমা সৰদেশাই  
5. "ঢোল মাদল শুনি নিন্দ নাই মোৰ চোখে ধনি"  ৰাম চাঁচনিউদিত নাৰায়ণ, পূৰ্ণিমা  
6. "মৰমে বিচাৰে আজি তোমাকে"  মনোজ কাশ্যপমনোজ কাশ্যপ, মহালক্ষ্মী আয়াৰ  
7. "ষোল্ল বছৰীয়া তোমাৰ দেহা"  চাৰু গোহাঁইউদিত নাৰায়ণ, নিশা  
8. "কঁকাল হালেজালে গাভৰু দেহাতে"  বিজয় ভূঞাউদিত নাৰায়ণ, মিতালী চৌধুৰী  
  1. 1.0 1.1 1.2 1.3 1.4 Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 368. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক