বুঢ়া ডাঙৰীয়া

অসমৰ লোকবিশ্বাস অনুসৰি একধৰণৰ ভূত বা অলৌকিক শক্তি

অসমত প্ৰচলিত লোকবিশ্বাসমতে বুঢ়া ডাঙৰীয়া (ইংৰাজী: Burha dangoria) ভয় ভক্তি আৰু সন্মানবোধ জড়িত থকা এক অলৌকিক শক্তি৷ পৃথিৱীৰ প্ৰায় সকলো দেশতে বিভিন্ন ৰূপত কিছুমান অলৌকিক শক্তি আছে বুলি বিশ্বাস কৰা হয়৷ অসম আদিৰে পৰা তন্ত্ৰ মন্ত্ৰৰ দেশ বুলি জনাজাত৷ তন্ত্ৰ মন্ত্ৰৰ লগতে অসমতো কিছুমান অলৌকিক শক্তি থকাৰ কথা লোকবিশ্বাসত প্ৰচলিত৷ সেই অলৌকিক শক্তিৰ কোপদৃষ্টিৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন মন্ত্ৰ পুৰণি কালৰ পৰাই প্ৰচলিত হৈ আহিছে৷ এই অলৌকিক শক্তিসমূহৰ ভিতৰত বুঢ়া ডাঙৰীয়া নামৰ এই অলৌকিক শক্তিৰ প্ৰভাৱ অসমৰ জনজীৱনত গভীৰভাৱে সোমাই আছে৷ বুঢ়া ডাঙৰীয়াক বহুতে পৌৰাণিক চৰিত্ৰ শিৱৰ সৈতে সাঙুৰিব খোজে৷ অন্যান্য অলৌকিক শক্তিৰ দৰে বুঢ়া ডাঙৰীয়াই সহজে আনৰ অপকাৰ নকৰে বুলি বিশ্বাস৷

বুঢ়া ডাঙৰীয়াৰ বৈশিষ্ট সম্পাদনা কৰক

অন্যান্য ভূত-প্ৰেত বা অলৌকিক শক্তিবোৰৰ দৰে বুঢ়া ডাঙৰীয়া ভয়ংকৰ চেহেৰাৰ নহয়৷ প্ৰচলিত ধাৰণামতে, বুঢ়া ডাঙৰীয়া দেখাত শুৱনি এজন সুপুৰুষৰ আকৃতিৰ অলৌকিক শক্তি৷ বট, আঁহত, জৰী আদি ওখ গছত বুঢ়া ডাঙৰীয়াৰ বাস৷ বুঢ়া ডাঙৰীয়াই বগা ধুতী, পাঞ্জাবী পিন্ধি গাত চেলেং চাদৰ লয় আৰু মূৰত মথুৰা পাগ মাৰি ঘোঁৰাত উঠি ফুৰে৷ বুঢ়া ডাঙৰীয়া কোনো সম্ভ্ৰান্ত, সৎ আৰু শ্ৰদ্ধেয় মৃতলোকৰ প্ৰতীক৷ অসমত প্ৰচলিত নৱ-বৈষ্ণৱ ধৰ্মৰ সাত্বিকতাৰ প্ৰভাৱ এই বুঢ়া ডাঙৰীয়াৰ ক্ষেত্ৰত পৰিলক্ষিত হয়৷[1] অন্যান্য অশৰীৰী শক্তিৰ দৰে বুঢ়া ডাঙৰীয়াই সততে আনৰ অনিষ্ট নকৰে যদিও তেওঁক অসন্মান কৰিলে ব্যক্তিগৰাকী বুঢ়া ডাঙৰীয়াৰ ৰোষত পৰে বুলি বিশ্বাস কৰা হয়৷

বুঢ়া ডাঙৰীয়াৰ কোপ সম্পাদনা কৰক

সততে বুঢ়া ডাঙৰীয়াই কাৰো অনিষ্ট নকৰে বুলি বিশ্বাস প্ৰচলিত থকাতো কেতিয়াবা এই শক্তিৰ ৰোষত পৰিবলগীয়া হয়৷ জনবিশ্বাসমতে, বুঢ়া ডাঙৰীয়া থকা বুলি বিশ্বাস কৰা গছ কাটিলে বা তেওঁৰ প্ৰভাৱ সম্পৰ্কে তুচ্ছ তাচ্ছিল্য কৰিলে বুঢ়া ডাঙৰীয়াৰ ৰোষত পৰে৷[2] সাধাৰণতে পূৰ্ণিমাৰ ৰাতি বুঢ়া ডাঙৰীয়া গছৰ পৰা নামি শুকুলা ঘোঁৰাত উঠি গাওঁ পৰিভ্ৰমণ কৰে৷ গাওঁ পৰিভ্ৰমণ কৰিলে গাঁওলৈ কোনো অপায়-অমঙ্গল নাহে৷ তেনেকৈ ঘূৰি ফুৰা অৱস্থাত কোনোৱে দেখা পালে বা তেওঁৰ যাত্ৰাপথত হেঙাৰ হ’লে আৰু বুঢ়া ডাঙৰীয়া থকা বুলি বিশ্বাস কৰা গছৰ গুৰিত মল-মূত্ৰ ত্যাগ কৰিলে, ব্যক্তিগৰাকী বুঢ়া ডাঙৰীয়াৰ কোপত পৰে৷ কোপত পৰা ব্যক্তিৰ দীৰ্ঘদিনীয়া জ্বৰ, গাৰ বিষ আদি হয়৷ তেতিয়া বুঢ়া ডাঙৰীয়াৰ কোপ পৰা বুলি বেজে নিৰ্ণয় কৰে আৰু বগা কোমোৰা বৰালি মাছ আৰু আৰৈ চাউলেৰে ৰাইজক ভোজ খুৱাবৰ দিহা দিয়ে৷[3]

কোপ খণ্ডনৰ বিধান সম্পাদনা কৰক

বুঢ়া ডাঙৰীয়াৰ কোপ খণ্ডন কৰিবলৈ মঙলতিয়ে মঙল চাই প্ৰকৃত দোষ ধৰা পেলালে, বুঢ়া ডাঙৰীয়াৰ নামত ভকতক চাউল একথা খুৱাবৰ বিধান দিয়ে৷[2] বহুতে সেই গছৰ গুৰিত বৃহস্পতিবাৰে নাম-কীৰ্তন কৰে, আৰু সদায় গছৰ গুৰি পৰিস্কাৰ কৰি ৰাখে৷ বুঢ়া ডাঙৰীয়াক সন্মান সহকাৰে মনতে তুতি-নতি কৰিলেও তেওঁ সন্তুষ্ট হয় বুলি বিশ্বাস৷

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. অসমীয়া মনুহৰ ইতিহাস, পৃ:৩০৩; নগেন শইকীয়া
  2. 2.0 2.1 নিৰ্মলপ্ৰভা বৰদলৈ. অসমৰ লোক সংস্কৃতি. পৃষ্ঠা. ৬৩. 
  3. অসমৰ লোক সংস্কৃতি, পৃ: নং ৬৬’ নিৰ্মলপ্ৰভা বৰদলৈ