বুলবুল কেন্ ছিং

ৰীমা দাস পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ

বুলবুল কেন্ ছিং (বুলবুলে গান গাব পাৰে) আন্তৰ্জাতিক খ্যাতি সম্পন্ন পৰিচালক ৰীমা দাসৰ তৃতীয় চলচ্চিত্ৰ।[2] এই চলচ্চিত্ৰ খনে তেওঁৰ দ্বিতীয় চলচ্চিত্ৰ ভিলেজ ৰকষ্টাৰ্ছৰ দৰে ২০১৮ চনৰ টৰেণ্ট' আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মুক্তি লাভ কৰিছিল।[3] ছবিখনে কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ছবিখন শ্ৰেষ্ঠ তিনি চলচ্চিত্ৰ মহোৎসৱৰ এখন বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱলৈও নিৰ্বাচিত হৈছে। বোলছবিখনত তিনি গৰাকী কৈশোৰৰ লৈংগীক পৰিচয়ৰ লগত মুখামুখি আৰু তাৰ ফলত হোৱা সংঘাতক দেখুৱাবলৈ চেষ্টা কৰা হৈছে।[4] অহা ২০ ছেপ্টেম্বৰ ২০১৯-ত অসমৰ চিত্ৰগৃহত ছবিখনে মুক্তিলাভ কৰিব।[1]

বুলবুল কেন্ ছিং
Bulbul Can Sing
পৰিচালক ৰীমা দাস
ৰচনা ৰীমা দাস
প্ৰযোজক ফ্লাইং ৰিভাৰ ফিল্মছ
চিত্ৰগ্ৰহণকাৰী ৰীমা দাস
সম্পাদনা ৰীমা দাস
সংগীত পৰিচালক দতৰা, কবীন্দ্ৰ পাটোৱাৰী
মুক্তি
৭ ছেপ্টেম্বৰ ২০১৮ (2018-09-07) (টৰেণ্ট' আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ)
২০ ছেপ্টেম্বৰ ২০১৯ (2019-09-20) (অসম)[1]
দৈৰ্ঘ্য
৯৫ মিনিট
দেশ ভাৰত
ভাষা অসমীয়া (কামৰূপী উপভাষা)

কাহিনী সম্পাদনা কৰক

ছবিখনৰ মূল কাহিনীভাগ বুলবুল আৰু তাইৰ দুজন বন্ধু চুমু আৰু বনিক লৈ আগবাঢ়ে। ১৫ বছৰীয়া বুলবুল তাইৰ লগৰীয়া সকলৰ লগত খেলি, সময় কটাই ভাল পায়। তাইৰ দেউতাকে ভৱিষ্যতে বুলবুলক এগৰাকী গায়িকা হিচাপে প্ৰতিষ্ঠা হোৱাটো বিচাৰে। কিন্তু বুলবুলৰ মাত বহুত মিহি হোৱাৰ বাবে স্কুলৰ গানৰ শিক্ষকে তাইৰ পৰা সন্তুষ্ট নহয়। সেই একেসময়তে বুলবুলৰ শ্ৰেণীৰ লৰা এজনে বুলবুলৰ প্ৰতি কবিতা লিখিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ মাজত প্ৰেমৰ অংকুৰণ হয়। আৰু অৱশেষত বুলবুলে নিজৰ বাবে গাবলৈ আৰম্ভ কৰে।

বুলবুলৰ বন্ধু চুমু অলপ নাৰীসুলভ আচৰণ কৰে। সেয়ে চুমুক লগৰ বোৰে প্ৰায়ে জোকায়। আনহাতে বনিৰো বুলবুলৰ দৰে এজন প্ৰেমিক থাকে। বুলবুল কেন্ ছিং তেওঁলোকৰ কৈশোৰ কালত নিজৰ লিংগীক পৰিচয় আৰু সমাজৰ লগত ঘটা সংঘাতৰ ৰূপায়ন। বাস্তৱমুখী, আশাবাদী নিষ্পাপ প্ৰেমৰ কাহিনী।[উদ্ধৃতিৰ প্ৰয়োজন]

চৰিত্ৰ সম্পাদনা কৰক

  • বুলবুল : অৰ্ণালী দাস
  • বনি : বণিতা ঠাকুৰীয়া
  • সুমন বা চুমু : মনোৰঞ্জন দাস
  • মনবেন্দ্ৰ দাস
  • পাকিজা বেগম

বঁটা আৰু সন্মান সম্পাদনা কৰক

চলচ্চিত্ৰ মহোৎসৱ

বা বঁটা

শ্ৰেণী বঁটা প্ৰাপক বা মনোনয়ন পৰিণাম উৎস
৬৬সংখ্যক আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ অসমীয়া পূৰ্ণ দৈঘ্যৰ ছবি বুলবুল কেন্ ছিং বিজয়ী [5]
জিঅ' মামি চলচ্চিত্ৰ মহোৎসৱ ২০১৮ : গোল্ডেন গেটৱে ইণ্ডিয়া গোল্ড বুলবুল কেন্ ছিং' বিজয়ী [6]
২৯তম চিংগাপুৰ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ : ছিলভাৰ স্ক্ৰীন বঁটা শ্ৰেষ্ঠ এছিয়ান ছবি বুলবুল কেন্ ছিং মনোনীত [7]
শ্ৰেষ্ঠ পৰিবেশক - এছিয়ান ছবি মনোৰঞ্জন দাস বিজয়ী
বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০১৯ জেনেৰেচন ১৪প্লাছ বুলবুল কেন্ ছিং অমীমাংসিত [8]

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 "২০ চেপ্তেম্বৰত ছবিঘৰলৈ ‘বুল বুল কেন ছিং’". অসমীয়া প্ৰতিদিন. ১২ ছেপ্টেম্বৰ ২০১৯. https://www.asomiyapratidin.in/20-sep-bul-bul-can-sing-relesed/। আহৰণ কৰা হৈছে: ১৩ ছেপ্টেম্বৰ ২০১৯. 
  2. "On a Song: Rima Das’ next, Bulbul Can Sing to premiere at TIFF next month". The Indian Express. https://indianexpress.com/article/entertainment/on-a-song-rima-das-next-bulbul-can-sing-to-premiere-at-tiff-next-month-5316391/। আহৰণ কৰা হৈছে: 24 August 2018. 
  3. "TIFF Adds More High-Profile Titles, Including Jonah Hill’s ‘Mid90s,’ ‘Boy Erased,’ ‘Hold the Dark,’ and Many More". IndieWire. https://www.indiewire.com/2018/08/tiff-2018-additional-titles-mid90s-boy-erased-hold-the-dark-1201993789/। আহৰণ কৰা হৈছে: 24 August 2018. 
  4. Peter Knegt, "It's another queer year for TIFF — here are your 13 essential films". CBC Arts, 29 August 2018.
  5. "Here is the full list of awardees". 9 August 2019. https://www.thehindu.com/entertainment/movies/national-film-awards-2019-the-full-list-of-winners/article28931491.ece। আহৰণ কৰা হৈছে: 9 August 2018. 
  6. "Rima Das’ Bulbul Can Sing wins top honour at 20th Jio MAMI Mumbai Film Festival". 1 November 2018. https://indianexpress.com/article/entertainment/bollywood/rima-das-bulbul-can-sing-wins-top-honour-at-mami-2018-5430093/। আহৰণ কৰা হৈছে: 2 November 2018. 
  7. Ramachandran, Naman; Ramachandran, Naman (8 December 2018). "SGIFF: Singapore’s ‘A Land Imagined’ Wins Silver Screen Award". https://variety.com/2018/film/asia/singapore-film-festival-land-imagined-wins-silver-screen-award-1203085016/। আহৰণ কৰা হৈছে: 8 December 2018. 
  8. "National Award Winner Rima Das' Assamese Film Heads to Berlin". News18. https://www.news18.com/news/movies/national-award-winner-rima-das-assamese-film-heads-to-berlin-1978641.html। আহৰণ কৰা হৈছে: 20 December 2018. 

বাহ্যিক সংযোগ সম্পাদনা কৰক