বেৰেন দ্বীপ, আন্দামান

আন্দামান সাগৰৰ দ্বীপ

বেৰেন দ্বীপ আন্দামান সাগৰত অৱস্থিত এখন দ্বীপ। ভাৰত মহাসাগৰবংগোপসাগৰত অৱস্থিত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ আন্দামান দ্বীপসমূহৰ পূবে এই দ্বীপ অৱস্থিত। বেৰেন দ্বীপত অৱস্থিত বেৰেন আগ্নেয়গিৰি দক্ষিণ এছিয়াৰ একমাত্ৰ প্ৰমাণিত সক্ৰিয় আগ্নেয়গিৰি।[2][3][4][5] ইয়াৰ লগতে ই সুমাত্ৰাৰ পৰা ম্যানমাৰলৈ বিস্তৃত আগ্নেয়গিৰি শ্ৰেণীৰ একমাত্ৰ জাগ্ৰত আগ্নেয়গিৰি।[6] শেহতীয়াকৈ ২০১৯ চনত বেৰেন আগ্নেয়গিৰি উদ্গীৰণ হৈছিল। ই ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত অৱস্থিত আৰু ৰাজধানী পোৰ্ট ব্লেয়াৰৰ পৰা ১৩৮ কিলোমিটাৰ নিলগত অৱস্থিত।

বেৰেন দ্বীপ
ভৌগোলিক
অৱস্থান বংগোপসাগৰ
ভৌগোলিক স্থানাংক 12°17′N 93°52′E / 12.28°N 93.86°E / 12.28; 93.86স্থানাংক: 12°17′N 93°52′E / 12.28°N 93.86°E / 12.28; 93.86
দ্বীপপুঞ্জ আন্দামান দ্বীপপুঞ্জ
মাটিকালি 8.34 km2 (3.22 sq mi)
দৈৰ্ঘ্য 3.4 km (2.11 mi)
প্ৰস্থ 3.1 km (1.93 mi)
তটৰেখা 12.38 km (7.693 mi)
সৰ্বোচ্চ উচ্চতা 353 m (1,158 ft)
ৰাষ্ট্ৰ
জনগাঁথনি
জনসংখ্যা 0
ঘনবসতি 0.00 /km2 (0 /sq mi)
অতিৰিক্ত তথ্য
প্ৰশাসনিক ৱেবছাইট www.and.nic.in
বেৰেন আগ্নেয়গিৰি
অৱস্থান
অৱস্থিতি আন্দামান দ্বীপপুঞ্জ, ভাৰত
ভূতত্ত্ব
প্ৰকাৰ পাইৰ'ক্লাষ্টিক শংকুৰে সৈতে মিশ্ৰিত আগ্নেয়গিৰি
শেহতীয়া উদ্গীৰণ ২০১৯[1]

ইতিহাস সম্পাদনা কৰক

 
An ১৭৮৭ চনত অংকন কৰা বেৰেন দ্বীপ

১৭৮৭ পোনপ্ৰথমবাৰৰ বাবে বেৰেন দ্বীপৰ আগ্নেয়গিৰি উদ্গীৰণ লিপিবদ্ধ কৰা হৈছিল। তেতিয়াৰে পৰা বৰ্তমানলৈকে দহবাৰতকৈ বেছি উদ্গীৰণ হৈছে।[7] প্ৰথম উদ্গীৰণ লিপিবদ্ধ কৰাৰ পিছত ১৭৮৯, ১৭৯৫, ১৮০৩, ১৮০৪ আৰু ১৯৫২ চনত উদ্গীৰণ দেখা গৈছিল। তাৰপিছত প্ৰায় এটা শতিকা সুপ্ত অৱস্থাত থকাৰ পিছত ১৯৯১ চনত পুনৰাই ছমাহ ধৰি উদ্গীৰণ সংঘটিত হৈছিল।s and caused considerable damage.[8][9]

১৯৯১ চনত উদ্গীৰণত বিশেষকৈ দ্বীপৰ প্ৰাণীকুল ক্ষতিগ্ৰস্ত হৈছিল। ভাৰতীয় ভৌগোলিক সমীক্ষাৰ এটা দলে ১৯৯১ চনৰ ৮-৯ এপ্ৰিল তাৰিখে উদ্গীৰণৰ বিস্তৃতি, অভ্যাস আৰু প্ৰাণীকুলৰ ওপৰত পেলোৱা প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰিবলৈ গৈছিল। তেওঁলোকৰ সমীক্ষাত দ্বীপত পোৱা চৰাইৰ প্ৰজাতি আৰু সংখ্যা দুয়োটা কম পাইছিল। তাৰপিছত ১৯৯৪, ১৯৯৫, ২০০৫ আৰু ২০০৭ চনত উদ্গীৰণ সংঘটিত হৈছিল।[8][10]

২০১৭ চনৰ ২৩ জানুৱাৰী তাৰিখে ভাৰতৰ ৰাষ্ট্ৰীয় সমুদ্ৰবিজ্ঞান প্ৰতিষ্ঠানৰ বিজ্ঞানীৰ দলে এই আগ্নেয়গিৰিৰ উদ্গীৰণ লক্ষ্য কৰে।[11][12][13] শেহতীয়াকৈ ২০১৯ চনত এই আগ্নেয়গিৰি উদ্গীৰণ হৈছিল।

আৰ্গন-আৰ্গন ডেটিং প্ৰক্ৰিয়াৰে বিজ্ঞানী সকলে এই আগ্নেয়গিৰি ১.৬ মিলিয়ন বৰ্ষ পুৰণি বুলি নিৰ্ণয় কৰিছে। প্ৰায় ১০৬ মিলিয়ন বৰ্ষ পুৰণি মহাসাগৰীয় খাদত এই আগ্নেয়গিৰি অৱস্থিত।[14] সকলো লিপিবদ্ধ উদ্গীৰণ আগ্নেয়গিৰি উদ্গীৰণ সূচাংক মতে কম।[6]

ভূগোল সম্পাদনা কৰক

ভূতাত্বিকভাবে এই দ্বীপ সুমাত্ৰা-ম্যানমাৰ আগ্নেয়বলয় আৰু ইণ্ডো-অষ্ট্ৰেলিয়া ফলক আৰু বাৰ্মা ফলকৰ মাজত অৱস্থিত। এই অঞ্চলতে আন এটা সুপ্ত আগ্নেয়গিৰি নাৰকন্দাম দ্বীপত অৱস্থিত। ১৭৮৯ চনৰ পৰা উদ্গীৰিত আগ্নেয়গিৰিটো কেৱল জাগ্ৰত পলিজেনেটিক চিন্দাৰ শংকু। ই এক মিশ্ৰিত আগ্নেয়গিৰি। ইয়াৰ সাগৰপৃষ্ঠৰ পৰা সৰ্বাধিক উচ্চতা ৩৫৩ মিটাৰ আৰু বেছিভাগ আগ্নেয়গিৰি সাগৰৰ পানীৰ তলত অৱস্থিত। দ্বীপটোৰ ব্যাস প্ৰায় ৩ কিলোমিটাৰ আৰু মাটিকালি প্ৰায় ৮.৩৪ বৰ্গ কিলোমিটাৰ।[15]

জৈৱবৈচিত্ৰ সম্পাদনা কৰক

ইংৰাজীত ইয়াৰ নাম বেৰেন মানে অনুৰ্বৰ। ইয়াৰ বেছিভাগ অঞ্চল অনুৰ্বৰ।[6] ইয়াত মানুহৰ জনবসতি শূণ্য যদিও কিছুসংখ্যক বনৰীয়া ছাগলী দেখা যায়।[16] ইয়াৰ লগতে কিছুসংখ্যক চৰাই, বাদুলী আৰু কিছু নিগনি জাতীয় জীৱৰ ই বাসস্থান।[17]

পৰ্যটন সম্পাদনা কৰক

বেৰেন দ্বীপৰ চাৰিওফালৰ সাগৰীয় অঞ্চল বিশ্বৰ শ্ৰেষ্ঠ স্কুবা ডাইভিং স্থলৰ অন্যতম হিচাপে বিখ্যাত। ইয়াৰ উল্লেখযোগ্য আকৰ্ষণসমূহ হৈছে সুস্পষ্ট দৰ্শনশীলতা, মাণ্টা ৰে নামৰ সাগৰীয় মাছ, বেচাল্ট শিলৰ গাঁথনি, পুৰণি লাভাৰ টপ'গ্ৰাফী আৰু সোনকালে বৃদ্ধি হোৱা কৰাল বাগিচা। এই স্থান মানুহৰ বসতিৰ পৰা অলপ নিলগত হোৱা বাবে স্কুবা অপেৰেটৰ সকল মূলতঃ ওচৰৰ হেভলক দ্বীপৰ। [18][19]

চিত্ৰ ভঁৰাল সম্পাদনা কৰক

তথ্য উৎস সম্পাদনা কৰক

  1. "Barren Island volcano" (English ভাষাত). 19 Feb 2018. https://www.volcanodiscovery.com/barren_island.html. 
  2. Priya Srivastava (2018-11-21). "All about Barren Island, South Asia's Only Active Volcano in Andaman". Times of Indian. https://timesofindia.indiatimes.com/travel/destinations/all-about-barren-island-south-asias-only-active-volcano-in-andaman/as66739617.cms. 
  3. Benjamin Elisha Sawe. "Which Is The Only Active Volcano In South Asia?". https://www.worldatlas.com/articles/which-is-the-only-active-volcano-in-south-asia.html। আহৰণ কৰা হৈছে: 2019-03-15. 
  4. Dr. Aditi Jain. "Volcanic spewing in Barren Island is continuation of 2005 eruption". https://www.thehindubusinessline.com/news/science/volcanic-spewing-in-barren-island-is-continuation-of-2005-eruption-study/article22705451.ece। আহৰণ কৰা হৈছে: 2018-02-09. 
  5. Rashmi Mishra. "List of Volcanoes in India: The only Indian live Volcano at Andaman & Nicobar Islands is Active again!". https://www.india.com/buzz/list-of-volcanoes-in-india-the-only-indian-live-volcano-at-andaman-nicobar-islands-is-active-again-1851944/। আহৰণ কৰা হৈছে: 2017-02-18. 
  6. 6.0 6.1 6.2 Koshy, Jacob. "Why did Barren Island volcano erupt again?" (en ভাষাত). The Hindu. http://www.thehindu.com/news/national/the-barren-islandvolcano-erupts-again/article17369862.ece। আহৰণ কৰা হৈছে: 26 February 2017. 
  7. সাঁচ:Cite gvp
  8. 8.0 8.1 Jørgen S. Aabech. "Barren Island, Andaman Islands, Indian Ocean". http://www.vulkaner.no/v/volcan/submarin/barrenis.html। আহৰণ কৰা হৈছে: 2013-06-01. 
  9. Mallet, F.R. (1895). "Bibliography of Barren Island and Narcondam, from 1884 to 1894". Records of the Geological Survey of India খণ্ড 28: 34-38. https://archive.org/stream/recordsgeologic12indigoog#page/n46/mode/1up. 
  10. [1]
  11. "NIO finds Andaman volcano spewing lava - Times of India". The Times of India. http://timesofindia.indiatimes.com/city/goa/nio-finds-andaman-volcano-spewing-lava/articleshow/57214011.cms। আহৰণ কৰা হৈছে: 18 February 2017. 
  12. "India’s only live volcano active again: National Institute of Oceanography" (en ভাষাত). The Indian Express. 18 February 2017. http://indianexpress.com/article/india/indias-only-live-volcano-active-again-nio-4531331/। আহৰণ কৰা হৈছে: 18 February 2017. 
  13. "Barren Island volcano, India’s only live volcano, became active in January" (en ভাষাত). hindustantimes.com/. 18 February 2017. http://www.hindustantimes.com/india-news/barren-island-volcano-india-s-only-live-volcano-become-active-again-in-january/story-QRFDzVzIsVn1QgV6HHo0cK.html। আহৰণ কৰা হৈছে: 18 February 2017. 
  14. Ray et al., Bull Volcanol 77: 57, 2015
  15. "Barren Island Volcano, Indian Ocean - facts & information". Volcanodiscovery.com. http://www.volcanodiscovery.com/barren_island.html। আহৰণ কৰা হৈছে: 2013-06-01. 
  16. G. S. Mudur (3 August 2003). "Mystery that got science's goat - Barren Island puzzle solved: springs, not special kidneys, sustain animals" (en ভাষাত). The Telegraph (Kolkata). https://www.telegraphindia.com/india/mystery-that-got-science-s-goat-barren-island-puzzle-solved-springs-not-special-kidneys-sustain-animals/cid/804481। আহৰণ কৰা হৈছে: 21 September 2019. 
  17. "Scientific Expedition to Barren Island (Andaman Islands, Indian Ocean)". 2003. Archived from the original on 2 April 2012. https://web.archive.org/web/20120402212557/http://www.geos.iitb.ac.in/dchandra/biexp/। আহৰণ কৰা হৈছে: 2013-06-01. 
  18. Miranda Krestovnikoff; Monty Halls (17 July 2006). Scuba Diving. DK Publishing. পৃষ্ঠা. 275–. ISBN 978-0-7566-4063-7. https://archive.org/details/scubadiving0000hall. 
  19. https://timesofindia.indiatimes.com/india/Scuba-dive-at-an-active-volcano-on-Barren-Island-in-Andamans/articleshow/25837581.cms