বৈষ্ণৱী মহন্ত (ইংৰাজী: Vaishnavi Mahant) ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিচনৰ অভিনেত্ৰী গৰাকী মুকেশ খান্নাৰ দূৰদৰ্শনত প্ৰচাৰিত টেলিভিচন ধাৰাবাহিক 'শক্তিমান'ত গীতা বিশ্বাসৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে সুপৰিচিত। তেওঁ বলিউডৰ বিভিন্ন চলচ্চিত্ৰ যেনে 'বোম্বাই কা বাবু', চৈফ আলি খানৰ বিপৰীতে অভিনয় কৰিছিল, 'লাদলা' আৰু 'বৰাসাত কী ৰাত' (১৯৯৮) -ত। তেওঁ 'মিলে জব হম তুম'ত শিল্পা শৰ্মাৰ চৰিত্ৰত, জি টেলিভিচনৰ অনুষ্ঠান 'স্বপ্নে সুহানে লাড়কপন কে' আৰু 'লীলা তনিজা' টেলিভিচন ধাৰাবাহিক 'তশন-ই-ইস্ক'ত অভিনয় কৰাৰ বাবেও খ্যাত।

বৈষ্ণৱী মহন্ত

জি গল্ড এৱাৰ্ডচ্‌ত বৈষ্ণৱী মহন্ত, ২০১৩
জন্ম ৯ ছেপ্টেম্বৰ, ১৯৭৪ (৪৯ বছৰ)
মুম্বাই, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৮৮–বৰ্তমান
জনা যায় শক্তিমান, মিলে জব হম তুম, স্বপ্নে সুহানে লাড়কপন কে
দাম্পত্যসঙ্গী লেচলি মেকডোনাল্ড
সন্তান মাৰ্গাৰেট মেকডোনাল্ড

প্ৰাৰম্ভিক জীৱন আৰু কৰ্মৰাজি সম্পাদনা কৰক

তেওঁৰ পিতৃ এগৰাকী বৈষ্ণৱ হিন্দু (যাৰ কাৰণে তেওঁ বৈষ্ণৱী নামটো পৰ্দাত গ্ৰহণ কৰিছিল), য’ত তেওঁৰ মাতৃ আছিল এগৰাকী খ্ৰীষ্টান ধৰ্মী লোক। হিন্দু হিচাবে উত্থিত, তেওঁ ৯০ দশকৰ পিনে খ্ৰীষ্টধৰ্মলৈ ৰূপান্তৰিত হৈছিল। তেওঁ বৰ্তমান এগৰাকী নতুন জন্মগ্ৰহণকাৰী খ্ৰীষ্টান বিশ্বাসী, যিনে ধৰ্ম নহয় বৰং ঈশ্বৰৰ সম্পৰ্কেহে বেছি বিশ্বাস ৰাখে।[1]

শিশুকালত তেওঁ হাইদৰাবাদলৈ আহে য’ত তেওঁ বিজ্ঞানী হোৱাৰ সিদ্ধান্ত লৈছিল। যাহওক, মুম্বইত অবকাশকালীন সময়ত, তেওঁ ৰামসে ব্ৰাদাৰ্চৰ ভৌতিক চলচ্চিত্ৰ 'বীৰাণা'ত উপস্থিত হোৱাৰ সুযোগ লাভ কৰিছিল আৰু অভিনয়কে পেচা হিচাবে অনুসৰণ কৰাৰ সিদ্ধান্ত লৈছিল। পৰৱৰ্তীকালত তেওঁ 'বৰাসত কী ৰাত', 'লাদলা', 'মৈদান-ই-জঙ্গ', 'বোম্বাই কা বাবু', 'দানবীৰ' আৰু 'ওৰু মুথাম মণিমুথাম (অভিনেতা মুকেশৰ সৈতে ১৯৯৭ চনৰ মালয়ালম চলচ্চিত্ৰ) -ত উপস্থিত হয়।

১৯৯৯ৰ পৰা ২০০৫ চন পৰ্যন্ত তেওঁ দূৰদৰ্শনত চুপাৰহিৰ’ ধাৰাবাহিক শক্তিমান ধাৰাবাহিকত মহিলা লীড গীতা বিশ্বাসৰ ভূমিকাত অভিনয় কৰিছিল। শ্ব’টোত তেওঁৰ চৰিত্ৰটোৰ উচ্চ প্ৰশংসা পাইছিল আৰু তেওঁ ভূমিকা যুগান্তকাৰী হিচাবে বিবেচিত হয়। যেতিয়া তেওঁ ধাৰাবাহিকত গীতা বিশ্বাস নামেৰে সাংবাদিকৰ চৰিত্ৰৰ বাহিৰত থাকে, তেতিয়া তেওঁৰ অনুগামীসকলে প্ৰযোজকজনক তেওঁক পুনৰ ওভতাই আনিবলৈ কয়। ২০০০ চনত, তেওঁ চাহাৰা টিভিত ব্যংগাত্মক ধাৰাবাহিক 'ৰাজু ৰাজা ৰাজাচাব'ত ইন্সপেক্টৰ পুলিচ অফিচাৰ এচিপি ৰত্নাৰ চৰিত্ৰত অভিনয় কৰিছিল।[1]

তেওঁ কেইখনমান টোলিউড চলচ্চিত্ৰটো শীৰ্ষস্থানীয় ভূমিকা পালন কৰিছিল।

তেওঁ 'ছুনা হ্যে আসমান'ত সমীৰাৰ মাতৃ স্বপ্নাৰ ভূমিকাত অভিনয় কৰিছিল আৰু চনি এণ্টাৰটেইনমেণ্ট টেলিভিচনৰ ধাৰাবাহিক 'ভাস্কৰ ভাৰতী'ত ভাস্কৰৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ দূৰদৰ্শনৰ 'কৰ্মযুদ্ধ'ত উপস্থিত হৈছিল ইন্সপেক্টৰ শিৱাঙ্গী চৌহানৰ ভূমিকাত।

তেওঁ লেচলি মেকডোনাল্ডৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁ তেওঁৰ সন্তানৰ নাম মাৰ্গাৰেট মেকডোনাল্ড।

চলচ্চিত্ৰপুঞ্জী সম্পাদনা কৰক

চন শিৰোনাম চৰিত্ৰ টোকা
১৯৮৮ বীৰানা শিশু জাস্মিনী প্ৰতাপ
১৯৯৪ লাডলা
১৯৯৫ মৈদান-ই-জঙ্গ ৰাধা
১৯৯৬ বোম্বাই কা বাবু অনিতা
১৯৯৬ ধনৱীৰ সুধা
১৯৯৭ অৰু মুথাম মানিমুথাম লেখা মালয়ালম চলচ্চিত্ৰ
১৯৯৮ বৰসাত কী ৰাত ৰাঙ্গিলী
২০০১ দাল - দ্যা গেং ৰেশ্মা
২০০৬ বাবুল
২০০৬ মাতা স্বামীনি ("দিল ৱানটেড" গীত) কন্নড় চলচ্চিত্ৰ
২০০৮ চাচা
২০১১ মাম্মী পঞ্জাবী অমৃতা (Jackie Shroff's wife)
২০১৪ চুপাৰ নানী মানৰ মাক
২০১৭ হুঁ ইজ দ্যা ফাৰ্চট ৱাইফ অফ মাই ফাদাৰ নিকিতা
২০১৮ ৰাজা এব্ৰ’দিয়া প্ৰকাশ কৌৰ
২০১৯ দোষ্টী কে চাইড ইফেক্ট সৃৃৃৃৃৃৃষ্টিৰ মাতৃ
২০১৯ হান্সা এক সানীয়গ

টেলিভিচন সম্পাদনা কৰক

চন শিৰোনাম চৰিত্ৰ চেনেল
1998–2005 শক্তিমান Geeta Vishwas Doordarshan
1998– Main Dilli Hoon Sanyogita Doordarshan
1998 Saturday Suspense Zee TV
1998 Awaz Ki Duniya Herself (co-anchor) Doordarshan
1999 Naagin Cameo Zee TV
1999 Baat Ban Jaaye Guest Appearance Zee TV
1999 Zee Horror Show - The Party Zee TV
2000 Raju Raja Rajashaab ACP Ratna Sahara TV
2000 Naqab Doordarshan
2001 Dushman Doordarshan
2001 Chingari Zee TV
2001 Gharana Zee TV
2001 Choti Maa - Ek Anokha Bandhan Sharda/Shakti Zee TV
2001 Chandan Ka Palna Resham Ki Dori Shreya (Surrogate mother) Zee TV
2001 Suraag – The Clue Doordarshan
2004 Dekho Magar Pyaar Se Priyanka Star Plus
2004 K. Street Pali Hill Ishita Khandelwal Star Plus
2005 Kasautii Zindagii Kay Madhavi Bose/Madhavi Vineet Khanna Star Plus
2005-2007 Ek Ladki Anjaani Si Meera Sachdev Sony TV
2006 Mamta Vasundhara Zee TV
2007–2008 Chhoona Hai Aasmaan Sapna/Anupama Singh Star One
2007–2008 Kahe Naa Kahe Urmila 9X
2008 Saas v/s Bahu Herself (contestant) Sahara One
2008–2010 Miley Jab Hum Tum Shilpa Sharma (Mayank's Mother) Star One
2009 Mere Ghar Aayi Ek Nanhi Pari Colors TV
2009 Bhaskar Bharti Bhaskar's mother Sony TV
2010 Bairi Piya Sunanda Devi Pundir Colors TV
2010 Karmyudh Shivangi Chauhan Doordarshan
2010 Sapnon Se Bhare Nena Anjali Star Plus
2010–2012 Sasural Genda Phool Suhana's Mother Star Plus
2011 Maa Exchange (Reality Show) Herself Sony TV
2012–2015 Sapne Suhane Ladakpan Ke Shail Garg Zee TV
2015-2016 Tashan-E-Ishq Leela Taneja Zee TV
2016 Pardes Mein Hai Mera Dil Cameo Role Star Plus
2017–2018 Dil Se Dil Tak Indu Bhanushali (Parth's mother) Colors TV
2017–2018 Hum Paanch Phir Se Parikrama (Anand's first wife) Big Magic
2017–2019 Yeh Un Dinon Ki Baat Hai Vishakha Maheshwari/Somani (Sameer's mother) Sony TV
2017 Savdhaan India (1 Episode) Life OK
2018 Mitegi Laxman Rekha Devyani( Vishesh's Mother) &TV
2019-2020 Divya Drishti Mahima Shergill aka Lal Chakor Star Plus

বঁটা আৰু মনোনয়ন সম্পাদনা কৰক

চন বঁটা ধৰণ ধাৰাবাহিক ফলাফল
২০০৬ ইণ্ডিয়ান টেল্লী এৱাৰ্ডচ্‌ সহায়ক চৰিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী এক লেড়কী অঞ্জানী সী মনোনীত
২০১৪ ইণ্ডিয়ান টেল্লী এৱাৰ্ডচ্‌ সহায়ক চৰিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী (জুৰি বঁটা) স্বপ্নে সুহানে লড়কপন কে মনোনীত
২০১৪ জী ৰিস্তে এৱাৰ্ডচ্ বেষ্ট মাতা পিতা এৱাৰ্ড স্বপ্নে সুহানে লড়কপন কে বিজয়ী
২০১৫ জী ৰিস্তে এৱাৰ্ডচ্ তাসান-ই-ইস্ক বিজয়ী
২০১৬ জী গল্ড এৱাৰ্ডচ্‌ সহায়ক চৰিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী তাসান-ই-ইস্ক মনোনীত

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 An Interview with Vaishnavi Mahant. 12 October 2001. www.indiantelevision.com Accessed 1 February 2011.

বাহ্যিক সংযোগ সম্পাদনা কৰক