১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০

৯ ছেপ্টেম্বৰ (ইংৰাজী: 9 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫২তম (অধিবৰ্ষত ২৫৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলীসম্পাদনা কৰক

  • ১৯৪৯ - হিন্দী ভাষাই ভাৰতৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি লাভ কৰে।
  • ১৯৭৯ - যোগেন্দ্ৰ নাথ ভূঞা অসমৰ মুখ্যমন্ত্ৰী হয়। তেওঁ সেই বছৰৰে ১১ নৱেম্বৰলৈ কাৰ্যনিৰ্বাহ কৰিছিল।
  • ২০০১ - বেইজিঙত মন্দিৰ এটা ভাগি ১৩জন লোকৰ মৃত্যু হয়।

জন্মসম্পাদনা কৰক

  • ১২৪ - অৰেলিয়ান (Aurelian), ৰোমান সম্ৰাট।
  • ১৮২৮ - লিঅ' টলষ্টয়, ৰুছ কথা-সাহিত্যিক।
  • ১৮৫০ - ভৰতেন্দু হৰিশ্চন্দ্ৰ, আধুনিক হিন্দী সাহিত্যৰ জনক।
  • ১৯০৩ - অতুল চন্দ্ৰ হাজৰিকা, অসমৰ এজন কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক আছিল। সাহিত্যাচাৰ্য নামেৰে তেখেত পৰিচিত।
  • ১৯৬৬ - আডাম ছেণ্ডলাৰ (Adam Sandler), আমেৰিকান কৌতুক অভিনেতা।
  • ১৯৬৭ - অক্ষয় কুমাৰ বা ৰাজীৱ হৰি ঔম ভটিয়া, জনপ্ৰিয় ভাৰতীয় অভিনেতা।
  • ১৯৭৪ - কেপ্তেইন বিক্ৰম বত্ৰা, কাৰ্গিলৰ যুদ্ধৰ শ্বহীদ। তেওঁক মৰুণোত্তৰ ভাৱে পৰমবীৰ চক্ৰ প্ৰদান কৰা হৈছিল।
  • ১৯৮৫ - লুকা মড্ৰিক (Luka Modrić), ফুটবল খেলুৱৈ, ক্ৰ'য়েছিয়াৰ জাতীয় দলৰ অধিনায়ক।
  • ১৯৮৭ - তথাগত অৱতাৰ তুলসী, ভাৰতীয় বিস্ময় বালক আৰু পদাৰ্থবিদ। তেওঁ ৯ বছৰ বয়সত হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি পাটনা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা ১০ বছৰ বয়সত বি. এছ. ছি. আৰু ১২ বছৰ বয়সত এম. এছ. ছি. ডিগ্ৰী লাভ কৰে। ২০০৯ চনৰ আগষ্ট মাহত তেওঁ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান বাংগালোৰৰ পৰা ২২ বছৰ বয়সতে পদাৰ্থবিজ্ঞানত পি. এইছ. ডি. ডিগ্ৰী অৰ্জন কৰে।

মৃত্যুসম্পাদনা কৰক

দিৱসসম্পাদনা কৰক

  • তাজিকিস্থানৰ স্বাধীনতা দিৱস।

বাহ্যিক সংযোগসম্পাদনা কৰক



তথ্য সূত্ৰসম্পাদনা কৰক