বোৱাৰী (চলচ্চিত্ৰ)

অসমীয়া চলচ্চিত্ৰ (১৯৮২)

বোৱাৰী হৈছে আক্ষৰিক অৰ্থত দ্বিতীয়খন ব্লকবাষ্টাৰ অসমীয়া চলচিত্ৰ। "আজলী নবৌ"ৰ ৰেকৰ্ডসমূহ ওফৰাই ছবিখনে দৰ্শকৰ মাজত বিশেষ সমাদৰ লাভ কৰে। চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে শিৱ প্ৰসাদ ঠাকুৰে আৰু সংগীত পৰিচালনা আছিল ড° উপেন কাকতিৰ। ছবিখনৰ "মন হীৰা দৈ" শীৰ্ষক গীতটি দৰ্শকৰ মাজত বিপুল জনপ্ৰিয় হৈছিল।[1]

বোৱাৰী

বোৱাৰী ছবিৰ মিউজিক কভাৰ
পৰিচালক শিৱ প্ৰসাদ ঠাকুৰ
চিত্ৰনাট্য শিৱ প্ৰসাদ ঠাকুৰ
কাহিনী বসন্ত দাস
প্ৰযোজক তপোব্ৰত বৰুৱা, ৰমন বি মেহতা
অভিনয়ত বিজু ফুকন
মৃদুলা বৰুৱা
মঞ্জুলা বৰুৱা
চিত্ৰগ্ৰহণকাৰী দীন দয়াল বাজৰীয়া
সম্পাদনা ৰাস বিহাৰী সিনহা
সংগীত পৰিচালক ড° উপেন কাকতি
মুক্তি
১৯৮২
দৈৰ্ঘ্য
১৩৫ মিনিট
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাহিনীৰ সাৰাংশ

সম্পাদনা কৰক

মধুপুৰ গাঁৱৰ বাসিন্দা প্ৰহ্লাদ শইকীয়াৰ দুজন পুত্ৰ। মাটি বন্ধকত দি বৰুপুত্ৰক উচ্চশিক্ষা দিয়ালে। চাকৰি পাই বৰপুত্ৰই বিয়া-বাৰু কৰাই চহৰতে নিগাজী হ’ল। ইফালে সৰুপুত্ৰ গকুলৰ টকাৰ অভাৱত বেছি পঢ়া-শুনা নহ’ল। গাঁৱৰে ছোৱালী ৰঙিলীক পলুৱাই নি বিয়া কৰোঁৱাৰ পিছত আন একো সংস্থাপন বিচাৰি নাপাই সি সামৰিক বাহিনীত ভৰ্তি হ’ল। যুগ্মজীৱনৰ স্বাক্ষৰ স্বৰূপে গকুল-ৰঙিলীৰ ল’ৰা এটা উপজিল। এনেতে যুদ্ধ ঘোষণা হোৱাত ছুটীত ঘৰলৈ অহা গকুল ততাতৈয়াকৈ চাকৰিলৈ উভতি গ’ল। যুদ্ধত আহত হৈ সি স্মৃতিশক্তি হেৰুৱালে। ইফালে ঘৰত একো শুং-সূত্ৰ নাপাই সি মৰা বুলি ভাবি ৰঙিলীয়ে বিধৱাৰ সাজ পিন্ধিলে। ৰঙিলীহঁতৰ দুখৰ দিন আৰম্ভ হ’ল। আশ্ৰয় দিয়াৰ চলেৰে বৰবাপুৰ পত্নী মল্লিকাই তেওঁলোকক চহৰলৈ লৈ গ’ল আৰু ৰঙিলীক চাকৰিনীৰ দৰে ব্যৱহাৰ কৰিবলৈ ল’লে। ঘটনাক্ৰমে ক্ৰিকেট খেলৰ বল লাগি গকুলৰ স্মৃতিশক্তি ঘূৰি আহিল। সি ঘৰলৈ উভতি আহিল। কিছু নাটকীয় ঘটনা-পৰিঘটনাৰ মাজেৰে সকলো একলগ হ’ল।[1]

  • বিজু ফুকন
  • মৃদুলা বৰুৱা
  • মঞ্জুলা বৰুৱা
  • ৰূপজ্যোতি দাস
  • ৰাণা তামূলী
  • গীতাঞ্জলী ভূঞা
  • ধীৰেণ শৰ্মা
  • ৰাতুল গোস্বামী
  • গৌতম শৰ্মা
  • ভৰত ৰাজখোৱা
  • মৌচুম (শিশুশিল্পী)
  • মুনমী (শিশুশিল্পী)[1]

বোলছবিখনৰ সঙ্গীত পৰিচালনা উপেন কাকতিৰ। মুঠ গীতৰ সংখ্যা ছটা। [2][1]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "কীৰ্ত্তন দশমৰ শংকৰ গুৰু, ৰত্নাৱলী ঘোষাৰে মাধৱ গুৰু"  উপেন কাকতিমালবিকা বৰা  
2. "দেহেই যৌৱনমতীৰ লাজ লাজ লাজ"  উপেন কাকতিমহানন্দ মজিন্দাৰ বৰুৱা, মালবিকা বৰা  
3. "মন হীৰাদৈ চাইকেল নহয় টিলিঙা"  বিপুল চেতিয়া ফুকনমহানন্দ মজিন্দাৰ বৰুৱা  
4. "ইযে ৰণাংগনৰ কাহিনী, কাণ পাতি শুন, কোন ক’ত আছা"  উপেন কাকতিসমৰ হাজৰিকা  
5. "আমাৰে মইনা টোপনি যাব"  উপেন কাকতিসমৰ হাজৰিকা, মালবিকা বৰা  
6. "নাই, নাই এজাৰ ফুলা নাই"  উপেন কাকতিমহানন্দ মজিন্দাৰ বৰুৱা  

বাহ্যিক সংযোগ

সম্পাদনা কৰক
  1. বোৱাৰী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
  2. ইউটিউৱত 'বোৱাৰী' ছবি
  1. 1.0 1.1 1.2 1.3 Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 304. 
  2. Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 371.