ব্ৰাহ্মণবাড়িয়া জিলা

ব্ৰাহ্মণবাড়িয়া জিলা বা ব্ৰাহ্মণবাৰিয়া জিলা (বঙালী: ব্ৰাহ্মণবাড়িয়া জেলা) বাংলাদেশৰ দক্ষিণ-পূবৰ চিটাগং বিভাগৰ এটা প্ৰশাসনিক এলেকা। উপজিলাৰ সংখ্যা অনুসৰি, ব্ৰাহ্মণবাড়িয়া বাংলাদেশৰ এখন "এ" শ্ৰেণীৰ জিলা। শিক্ষা আৰু সংস্কৃতিৰ আসন হিচাপে পৰিচিত ব্ৰাহ্মণবাড়িয়া জিলাক বাংলাদেশৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়।

অৱস্থান আৰু আয়তনসম্পাদনা কৰক

ব্ৰাহ্মণবাড়িয়া জিলাৰ আয়তন হৈছে ১,৯২৭.১১ বৰ্গ কিলোমিটাৰ (৪,৭৬,১৯৯ একৰ)। জিলাখন চিটাগং বিভাগৰ উত্তৰতম অংশত ২৩°৩৯´-ৰ পৰা ২৪°১৬´ উত্তৰ অক্ষাংশত আৰু ৯০°৪৪´-ৰ পৰা ৯১°৫১´ পূব দ্ৰাঘিমাংশত অৱস্থিত।

চাৰিসীমাসম্পাদনা কৰক

  • উত্তৰ: কিশোৰগঞ্জ জিলা আৰু হবিগঞ্জ জিলা
    • উত্তৰ-পূব: হবিগঞ্জ জিলা
  • দক্ষিণ: কুমিল্লা জিলা
  • পূব: ভাৰতৰ ত্ৰিপুৰা ৰাজ্য
  • পশ্চিম: নাৰায়ণগঞ্জ জিলা, নৰসিংদী জিলা আৰু কিশোৰগঞ্জ জিলা অৱস্থিত।

ইতিহাসসম্পাদনা কৰক

প্ৰাচীন আৰু মধ্যযুগীয়সম্পাদনা কৰক

প্ৰাচীন কালত বৰ্তমানৰ ব্ৰাহ্মণবাড়িয়া অঞ্চল প্ৰাচীন বংগৰ সমতট অঞ্চলৰ এটা অংশ আছিল। বংগৰ বাৰ ভূঞাৰ নেতা ইছা খানৰ জন্ম বৰ্তমানৰ ব্ৰাহ্মণবাড়িয়া জিলাৰ চৰাইল অঞ্চলত হৈছিল। পিছত তেওঁ অঞ্চলটোত তেওঁৰ প্ৰথম ৰাজধানী স্থাপন কৰিছিল যেতিয়া তেওঁ চৰাইল পৰগণাৰ জমিদাৰী লাভ কৰিছিল।

ব্ৰিটিছ যুগসম্পাদনা কৰক

১৭৬৫ চনত বংগৰ দেৱানী লাভৰ পিছত, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ত্ৰিপুৰাক দুটা ভাগত বিভক্ত কৰে। তেওঁলোক ত্ৰিপুৰা আৰু চাকলা ৰৌশনাবাদ। ১৭৮১ চনত, চৰাইল পৰগণাৰ উপৰিও, বৃহত্তৰ কুমিল্লা আৰু নোৱাখালী থকা এখন জিলা ব্ৰিটিছে গঠন কৰিছিল আৰু ইয়াক টিপাৰা জিলা (Tippera) বা ত্ৰিপুৰা জিলা নাম দিছিল। ত্ৰিপুৰা জিলাৰ দুটা পৰিচয় আছিল। সাধাৰণতে, ত্ৰিপুৰা জিলাৰ অৰ্থ হৈছে সমগ্ৰ জিলা আৰু টিপাৰা প্ৰপাৰ মানে চাকলা ৰৌশনাবাদ। কিন্তু ইংৰাজসকলে এই জিলাখনক ৰৌশনাবাদ ত্ৰিপুৰা বুলি কৈছিল। ৰাজহ সংগ্ৰহৰ সুবিধাৰ বাবে ইয়াক ১৭৮৯ চনত ত্ৰিপুৰা জিলা বুলি অভিহিত কৰা হৈছিল। ত্ৰিপুৰাক ১৭৯০ চনত প্ৰশাসনিক ক্ষমতা থকা জিলা হিচাপে ঘোষণা কৰা হৈছিল।

১৮৩০ চনত ছাগলনাইয়া (ফেনী জিলাৰ অধীনত) আৰক্ষী থানাৰ বাহিৰে বাকী বৃহত্তৰ নোৱাখালীক ত্ৰিপুৰা জিলাৰ পৰা পৃথক কৰা হয় আৰু মাইমেনসিঙৰ পৰা চৰাইল, দাউদপুৰ, হৰিপুৰ, বেজৰা আৰু সতেৰখন্দল পৰগণাক ত্ৰিপুৰাত  অন্তৰ্ভুক্ত কৰা হয়। ১৮৬০ চনৰ ব্ৰিটিছ আইনৰ অধীনত ত্ৰিপুৰাৰ তিনিটা উপ-বিভাগৰ পৰা নাছিৰনগৰ মহকুমাৰ সৃষ্টি কৰা হৈছিল। ১১ বছৰৰ পিছত, মহকুমাৰ মুখ্য কাৰ্যালয় নাছিৰনগৰৰ পৰা ব্ৰাহ্মণবাড়িয়া চহৰলৈ স্থানান্তৰিত হয়। নৱগঠিত মহকুমাটোৰ নাম আছিল ব্ৰাহ্মণবাড়িয়া। মহকুমাটোৰ অধীনত ছয়খন আৰক্ষী থানা গঠন কৰা হৈছিল। যেনে:

  • ব্ৰাহ্মণবাড়িয়া
  • চৰাইল
  • নাছিৰনগৰ
  • নবিনগৰ
  • কচবা
  • বাঞ্ছাৰামপুৰ

১৮৬৮ চনত ব্ৰাহ্মণবৰীয়া পৌৰ নগৰ হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। ১৮৭৬ চনত, ছাগলনাইয়া আৰক্ষী থানাও ত্ৰিপুৰা জিলাৰ পৰা পৃথক কৰা হৈছিল। তেতিয়াৰ পৰা ১৯৬০ চনলৈকে এই জিলাখন ত্ৰিপুৰা জিলা হিচাপে পৰিচিত হয়।

জিলা গঠনসম্পাদনা কৰক

১৯৮৪ চনত, বাংলাদেশৰ প্ৰায় সকলো মহকুমাক জিলালৈ উন্নীত কৰা হৈছিল। সেই শৃংখলাটোত তেতিয়াৰ কুমিল্লা জিলাৰ তিনিটা মহকুমা, কুমিল্লা, ব্ৰাহ্মণবাড়িয়া আৰু চাঁদপুৰক পৃথক জিলাৰ মৰ্যাদা দিয়া হৈছিল।

নামকৰণসম্পাদনা কৰক

ব্ৰাহ্মণবৰীয়া জিলাৰ নামকৰণক লৈ বহুতো মতামত আছে। এছ. এম শ্বাহনুৰে প্ৰস্তুত কৰা "নামকৰণৰ ইতিহাস" প্ৰকাশ কৰিছে,

  • সেন ৰাজবংশৰ শাসনকালত, অঞ্চলটোত অভিজাত ব্ৰাহ্মণৰ যথেষ্ট অভাৱ আছিল। ফলস্বৰূপে, অঞ্চলটোত উপাসনাৰ বাবে ব্যাঘাত ঘটিছিল। এই সমস্যা সমাধানৰ বাবে সেন ৰাজবংশৰ ৰজা লক্ষ্মণ সেনে আদিছুৰ কন্যাকুঞ্জৰ পৰা কেইটামান ব্ৰাহ্মণ পৰিয়ালক অঞ্চলটোলৈ লৈ আহিছিল। তেওঁলোকৰ কিছুমান ব্ৰাহ্মণ পৰিয়ালে চহৰখনৰ মৌলৱী পাড়া অঞ্চলত ঘৰ (বঙালী: বাড়ি) নিৰ্মাণ কৰে। বহুতে বিশ্বাস কৰে যে সেই ব্ৰাহ্মণসকলৰ ঘৰৰ (বঙালী: বাড়ি) অৱস্থানৰ বাবে এই জিলাৰ নাম ব্ৰাহ্মণবাড়িয়া।
  • আন এক দৃষ্টিভংগী অনুসৰি, দিল্লীৰ পৰা ইছলাম ধৰ্মপ্ৰচাৰক শ্বাহ চুফী কাজী মাহমুদ শ্বাহে চহৰখনৰ পৰা উল্লেখ কৰা ব্ৰাহ্মণ পৰিয়ালবোৰক এৰি যাবলৈ নিৰ্দেশ দিছিল। ব্ৰাহ্মণবাড়িয়া নামটো এই ঘটনাৰ পৰা উদ্ভৱ হৈছিল বুলি ধাৰণা কৰা হয়।

ব্ৰাহ্মণবাড়িয়াৰ আঞ্চলিক উচ্চাৰণ হৈছে 'বাউনবাইৰা'। ইয়াৰ উপৰিও ব্ৰাহ্মণবাড়িয়াৰ বিকৃত নাম 'বি-বাৰিয়া' বহুলভাৱে জনাজাত। এই পৰিস্থিতি দূৰ কৰিবলৈ ব্ৰাহ্মণবাড়িয়া জিলা প্ৰশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু ২০১১ চনত ব্ৰাহ্মণবাড়িয়া জিলা প্ৰশাসনে সকলো ক্ষেত্ৰতে বি-বাৰিয়াৰ পৰিৱৰ্তে 'ব্ৰাহ্মণবাড়িয়া' লিখিবলৈ এক জাননী জাৰি কৰিছে।

স্বাধীনতা সংগ্ৰামসম্পাদনা কৰক

ব্ৰিটিছ বিৰোধী আন্দোলনসম্পাদনা কৰক

১৯০৫ চনত বংগ বিভাজনক লৈ ব্ৰাহ্মণবাড়িয়া জিলাত স্বদেশী আন্দোলন আৰম্ভ হোৱাৰ পিছত, বিপ্লৱী উল্লাস কাৰ (অভিৰাম) দত্তৰ বোমা বিস্ফোৰণৰ অভিযোগত তেওঁক আন্দামানলৈ প্ৰেৰণ কৰা হয়। ১৯৩১ চনৰ ১৪ ডিচেম্বৰত সুনীতি চৌধুৰী, শান্তি ঘোষ আৰু গোপাল দেৱে দিনৰ পোহৰত তদানীন্তন জিলা দণ্ডাধীশ চি.চি.বি ষ্টিভেনছক গুলীয়াই হত্যা কৰে। ১৯৩০ চনত কৃষক আন্দোলনৰ সময়ত কংগ্ৰেছ নেতা আব্দুল হাকিমে কৰ বন্ধ কৰিবলৈ আহ্বান জনায়। সেই সময়ত, ব্ৰিটিছ সৈন্যৰ বেপৰোৱা গুলী চালনাত ব্ৰাহ্মণবাড়িয়াত চাৰিজন নাগৰিক নিহত হৈছিল।

বাংলাদেশৰ মুক্তিযুদ্ধৰ ইতিহাসসম্পাদনা কৰক

ব্ৰাহ্মণবাড়িয়া জিলা বাংলাদেশৰ মুক্তিযুদ্ধৰ গৌৰৱময় ইতিহাসত যথেষ্ট অৱদান আগবঢ়াইছে। আব্দুল কুদ্দুছ মাখনৰ দৰে মানুহে ইয়াত এক বীৰত্বপূৰ্ণ ভূমিকা পালন কৰে। ১৯৭১ চনৰ ২৬ মাৰ্চতাৰিখে ব্ৰাহ্মণবাড়িয়াত সন্ধিয়া আইন জাৰি কৰা হয়। একেদিনাই ব্ৰাহ্মণবাড়িয়াৰ ৰাইজে সন্ধিয়াৰ আইন উলংঘা কৰি এক শোভাযাত্ৰা উলিয়াইছিল। ২৭ মাৰ্চৰ ৰাতিপুৱা ব্ৰাহ্মণবাড়িয়াত নিয়োজিত পাকিস্তান সেনাৰ বঙালী সৈন্যৰে গঠিত ইষ্ট বেংগল ৰেজিমেণ্টে বিদ্ৰোহ কৰিছিল। চতুৰ্থ ইষ্ট বেংগল ৰেজিমেণ্টৰ এজন বিষয়া কৰ্ণেল শাফায়াত জামিল বীৰ বিক্ৰমে বাঙালী সৈন্যৰ সৈতে ব্ৰাহ্মণবাড়িয়া সেনা শিবিৰৰ সকলো পাকিস্তানী বিষয়া আৰু সৈনিকক আটক কৰে। সেইদিনা আবেলি মেজৰ জেনেৰেল খালেদ মোছাৰফ (বীৰ উত্তম) মৌলৱীবাজাৰৰ শমশেৰনগৰৰ পৰা সেনাৰ সৈতে ব্ৰাহ্মণবাড়িয়ালৈ আহিছিল আৰু কৰ্ণেল শ্বাফাত জামিলে তেওঁক চতুৰ্থ ইষ্ট বেংগল ৰেজিমেণ্টৰ কোম্পানীঅৰ্পণ কৰিছিল। ১৯৭১ চনৰ ৮ ডিচেম্বৰত মুক্তিযুদ্ধত ব্ৰাহ্মণবাড়িয়া আক্ৰমণকাৰীৰ পৰা মুক্ত হয়। ১৯৭১ চনৰ ১৮ এপ্ৰিলত আখাউৰাৰ দৰুইন গাঁৱত বীৰশ্ৰেষ্ঠ মোস্তাফা কামাল শ্বহীদ হৈছিল। ১৯৭১ চনৰ ৬ ডিচেম্বৰত বিজয়নগৰ উপজিলাৰ ইছলামপুৰত এছ ফোৰ্সৰ  কমাণ্ডাৰ মেজৰ কে এম সফিউল্লাহ বীৰ উত্তমৰ নেতৃত্বত মুক্তি যোদ্ধাসকলে পাকিস্তানী বাহিনীৰ সৈতে যুঁজ দিছিল। যুদ্ধত দুজন মুক্তি যোদ্ধা শ্বহীদ হৈছিল আৰু আন ১১ জন আহত হৈছিল। পাকিস্তান সেনাৰ ২৫ জন সদস্য নিহত হৈছিল আৰু ১৪ জনক বন্দী কৰা হৈছিল। ব্ৰাহ্মণবাড়িয়া জিলাৰ কচবা উপজিলাত মুক্তিযুদ্ধৰ স্মৃতি সংৰক্ষণৰ বাবে কুল্লাপাথাৰ শ্বহীদ স্মাৰক নিৰ্মাণ কৰা হৈছে। ইয়াত শ্বহীদ মুক্তি যোদ্ধাসকলৰ ৫০ টা কবৰ আছে।

ঐতিহ্যসম্পাদনা কৰক

মোগল যুগত ব্ৰাহ্মণবাড়িয়া মছলিন কাপোৰ তৈয়াৰ কৰাৰ বাবে বিখ্যাত আছিল। ছানামুখী হৈছে এই জিলাৰ অন্যতম বিখ্যাত মিঠাই, যিটো দেশৰ আন কোনো প্ৰান্তত সিমান প্ৰচলিত নহয়। ইয়াৰ বাহিৰেও, তালৰ ৰসেৰে তৈয়াৰ কৰা আন এটা মিঠাই বিখ্যাত। ব্ৰাহ্মণবাড়িয়া জিলা পুতলা নাচ আৰু তিতাছ নদীত নাও চলোৱাৰ প্ৰতিযোগিতাৰ বাবেও বিখ্যাত।

প্ৰশাসনিক ক্ষেত্ৰসমূহসম্পাদনা কৰক

ব্ৰাহ্মণবাড়িয়া জিলাত ৯খন উপজিলা, ৯খন আৰক্ষী থানা, ৫খন পৌৰসভা, ১০০টা ইউনিয়ন, ৯৯৩খন মৌজা, ১৩৩১খন গাওঁ আৰু ৬খন সংসদীয় আসন আছে।

উপজিলাসম্পাদনা কৰক

ব্ৰাহ্মণবাড়িয়া জিলাত মুঠ ৯খন উপজিলা আছে। উপজিলাবোৰ হৈছে:

ক্ৰম নং উপজিলা আয়তন[1]
(বৰ্গ কিলোমিটাৰ)
প্ৰশাসনিক থানা আওতাধীন এলাকাসমূহ
০১ আখাউড়া ৯৮.০৫ আখাউড়া পৌৰসভা (১টি): আখাউড়া
ইউনিয়ন (৫টি): মনিয়ন্দ, ধৰখাড়, মোগড়া, আখাউড়া উত্তৰ আৰু আখাউড়া দক্ষিণ
০২ আশুগঞ্জ ৬৭.৫৯ আশুগঞ্জ ইউনিয়ন (৮টি): আশুগঞ্জ সদৰ, চৰ চাৰতলা, দুৰ্গাপুৰ, তালশহৰ পশ্চিম, আড়াইসিধা, শৰীফপুৰ, লালপুৰ আৰু তাৰুৱা
০৩ কচবা ২০৯.৭৮ কচবা পৌৰসভা (১টি): কচবা
ইউনিয়ন (১০টি): মূলগ্ৰাম, মেহাৰী, বাদৈৰ, খাড়েৰা, বিনাউটি, গোপীনাথপুৰ, কচবা পশ্চিম, কুটি, কায়েমপুৰ আৰু বায়েক
০৪ নবীনগৰ ৩৫০.৩৩ নবীনগৰ পৌৰসভা (১টি): নবীনগৰ
ইউনিয়ন (২১টি): বড়াইল, বীৰগাঁও, কৃষ্ণনগৰ, নাটঘৰ, বিদ্যাকুট, নবীনগৰ পূৰ্ব, নবীনগৰ পশ্চিম, কাইতলা উত্তৰ, বিটঘৰ, শিবপুৰ, ইব্ৰাহিমপুৰ, শ্ৰীৰামপুৰ, লাউৰ ফতেপুৰ, জিনোদপুৰ, ৰচুল্লাবাদ, সাতমোড়া, শ্যামগ্ৰাম, ছলিমগঞ্জ, বড়িকান্দি, কাইতলা দক্ষিণ আৰু ৰতনপুৰ
০৫ নাসিৰনগৰ ২৯৪.৩৬ নাসিৰনগৰ ইউনিয়ন (১৩টি): চাতলপাড়, ভলাকুট, কুণ্ডা, গোৱালনগৰ, নাসিৰনগৰ, বুড়িশ্বৰ, ফান্দাউক, গুনিয়াউক, চাপৈৰতলা, গোকৰ্ণ, পূৰ্বভাগ, হৰিপুৰ আৰু ধৰমণ্ডল
০৬ বাঞ্ছাৰামপুৰ ১৮৭.৩১ বাঞ্ছাৰামপুৰ পৌৰসভা (১টি): বাঞ্ছাৰামপুৰ
ইউনিয়ন (১৩টি): তেজখালী, পাহাড়িয়াকান্দি, দৰিয়াদৌলত, সোণাৰামপুৰ, দড়িকান্দি, ছয়ফুল্লাকান্দি, বাঞ্ছাৰামপুৰ, আইয়ুবপুৰ, ফৰদাবাদ, ৰূপসদী, ছলিমাবাদ, উজানচৰ আৰু মাণিকপুৰ
০৭ বিজয়নগৰ ২২১.১৭ বিজয়নগৰ ইউনিয়ন (১০টি): বুধন্তি, চান্দুৰা, ইছাপুৰা, চম্পকনগৰ, হৰষপুৰ, পত্তন, সিংগাৰবিল, বিষ্ণুপুৰ, চৰ ইসলামপুৰ আৰু পাহাড়পুৰ
০৮ ব্ৰাহ্মণবাড়িয়া সদৰ ২৩৭.৩৪ ব্ৰাহ্মণবাড়িয়া সদৰ পৌৰসভা (১টি): ব্ৰাহ্মণবাড়িয়া
ইউনিয়ন (১১টি): মজলিশপুৰ, বুধল, চুহিলপুৰ, তালশহৰ পূৰ্ব, নাটাই উত্তৰ, নাটাই দক্ষিণ, ৰামৰাইল, চুলতানপুৰ, বাচুদেব, মাছিহাতা আৰু সাদেকপুৰ
০৯ সৰাইল ২১৫.২৮ সৰাইল ইউনিয়ন (৯টি): অৰুৱাইল, পাকশিমুল, চুণ্টা, কালিকচ্ছ, পানিশ্বৰ, সৰাইল সদৰ, নোৱাগাঁও, শাহজাদাপুৰ আৰু শাহবাজপুৰ

সংসদীয় আসনসম্পাদনা কৰক

সংসদীয় আসন ৰাষ্ট্ৰীয় নিৰ্বাচনী অঞ্চল সংসদৰ সদস্য
(এমপি)
ৰাজনৈতিক দল
২৪৩ ব্ৰাহ্মণবাড়িয়া-১ নাছিৰনগৰ উপজিলা বদৰুদ্দোজা মোঃ ফৰহাদ হোছেন আৱামী লীগ
২৪৪ ব্ৰাহ্মণবাড়িয়া-২ চৰাইল উপজিলা আৰু আশুগঞ্জ উপজিলা আবদুছ ছাত্তাৰ ভূঞা বিএনপি
২৪৫ ব্ৰাহ্মণবাড়িয়া-৩ ব্ৰাহ্মণবাড়িয়া সদৰ উপজিলা আৰু বিজয়নগৰ উপজিলা উবায়দুল মোকতাদিৰ চৌধুৰী আৱামী লীগ
২৪৬ ব্ৰাহ্মণবাড়িয়া-৪ আখাউড়া উপজিলা আৰু কচবা উপজিলা আনিছুল হক আৱামী লীগ
২৪৭ ব্ৰাহ্মণবাড়িয়া-৫ নবীনগৰ উপজিলা এবাদুল কৰিম বুলবুল আৱামী লীগ
২৪৮ ব্ৰাহ্মণবাড়িয়া-৬ বাঞ্ছাৰামপুৰ উপজিলা এ বি তাজুল ইছলাম আৱামী লীগ

যোগাযোগ ব্যৱস্থাসম্পাদনা কৰক

ৰাস্তাসম্পাদনা কৰক

ব্ৰাহ্মণবাড়িয়া জিলা দুটা ঘাইপথৰ সৈতে সংযুক্ত। এটা হৈছে এছিয়ান হাইৱে নেটৱৰ্কৰ অংশ ঢাকা-ছিলেট ঘাইপথ, আৰু আনটো হৈছে কুমিল্লা-ছিলেট ঘাইপথ। দুয়োখন ঘাইপথৰ ৰাস্তা চৰাইল উপজিলাৰ বিশ্ব ৰোডত মিলিত হয়। তদুপৰি, ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ সৈতে সংযোগ স্থাপনৰ বাবে আখাউৰা হৈ কলকাতা-ঢাকা-আগৰতলা বাছ সেৱা আৰম্ভ কৰা হৈছে। একেটা উদ্দেশ্যৰ বাবে আশুগঞ্জ-আখাউৰা চাৰি লেনৰ পথৰ কামও চলি আছে।

ৰেলৱেসম্পাদনা কৰক

ব্রাহ্মণবাড়িয়া জিলাৰ ঢাকা, ছিলেট, চট্টগ্ৰাম আৰু মাইমেনসিঙৰ সৈতে ৰেল সংযোগ আছে। আখাউৰা ৰেলৱে জংচন বাংলাদেশৰ এটা গুৰুত্বপূৰ্ণ ৰেল জংচন। আখাউৰা-আগৰতলা ডুৱেল গজ ৰেলপথনিৰ্মাণ হৈছে। আখাউৰা-আগৰতলা ৰে'ললাইন প্ৰকল্পটো ৩১ জুলাই, ২০১৬ তাৰিখে উদ্বোধন কৰা হৈছিল। ইয়াৰ উপৰিও, আশুগঞ্জ-ভৈৰাব দ্বিতীয় ৰে'ল দলংখন বৰ্তমান নিৰ্মাণাধীন হৈ আছে।

জলপথসম্পাদনা কৰক

তিতাছ আৰু মেঘনা নদী ব্রাহ্মণবাড়িয়া জিলাৰ নৌ যোগাযোগৰ মুখ্য মাধ্যম। উপনদীসমূহৰ ভিতৰত আছে হুৰাল, সিংৰা কলাচাৰা, বালুয়া, আউলিয়া জুৰি, পাগলা, ড'ল ভাংগা, বালাভদ্ৰ, বিজন, গহন, লাহুৰ, ৰোপা, সোনাই, চিনাইহানি ইত্যাদি। আশুগঞ্জ ঘাটৰ হবিগঞ্জ, সুনামগঞ্জ, ছিলেট আৰু কিশোৰগঞ্জৰ সৈতে সম্পৰ্ক আছে ইয়াৰ উপৰিও আশুগঞ্জত এটা আন্তঃৰাষ্ট্ৰীয় নৌবন্দৰ স্থাপন কৰা হৈছে। এইটো ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ আগৰতলালৈ সামগ্ৰী পৰিবহনৰ বাবে ব্যৱহাৰ কৰা হৈছে।

বতৰ আৰু জলবায়ুসম্পাদনা কৰক

ব্ৰাহ্মণবাড়িয়াৰ জলবায়ুৰ তথ্য
মাহ জানু. ফেব্ৰু. মাৰ্চ এপ্ৰি. মে জুন জুলা. আগ. চেপ্টে. অক্টো. নৱে. ডিচে. বছৰ
গড় উষ্ণতা - উচ্চ °C (°F) 25 28 32 33
(91)
33
(91)
32
(90)
32
(90)
32
(90)
32
(90)
31
(88)
29
(84)
27
(81)
auto
দৈনিক গড় উষ্ণতা °C (°F) 18
(64)
22
(72)
26
(79)
28
(82)
28
(82)
29
(84)
29
(84)
29
(84)
28
(82)
27
(81)
22
(72)
22
(72)
25
(77)
গড় উষ্ণতা - নিম্ন °C (°F) 10
(50)
14
(57)
19
(66)
22
(72)
23
(73)
25
(77)
25
(77)
25
(77)
24
(75)
23
(73)
17
(63)
17
(63)
20
(68.6)
বৰ্ষাপাতৰ পৰিমাণ মি.মি (ইঞ্চি) 14.4
(0.567)
39.8
(1.567)
72.8
(2.866)
168.2
(6.622)
315.4
(12.417)
344.9
(13.579)
367.9
(14.484)
247.5
(9.744)
197.6
(7.78)
148.5
(5.846)
30.4
(1.197)
8.9
(0.35)
auto
Avg. precipitation days (≥ 0.1 mm) 4 5 7 12 19 23 28 26 22 13 3 1 auto
উৎস: Worldweatheronline[2]

বাহ্যিক সংযোগসম্পাদনা কৰক

  1. "ব্ৰাহ্মণবাড়ীয়া জেলা - বাংলাপিডিয়া". bn.banglapedia.org. 
  2. "Brahmanbaria, Bangladesh Travel Weather Averages (Worldweather)". Worldweatheronline. 26 Oct 2016. http://www.worldweatheronline.com/Brahmanbaria-weather-averages/BD.aspx.