ইষ্ট ইণ্ডিয়া কোম্পানী (ইংৰাজী: East India Company) গঠিত হয় ১৫৯৯ চনৰ ২২ছেপ্তেম্বৰত ইংলণ্ডত। এইটো কোম্পানীক ইংলিচ ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰেও জনা যায়। ১৫৯৯ চনৰে ৩১ ডিছেম্বৰত ৰাণী এলিজাবেথে এই কোম্পানীক উত্তমাশা অন্তৰীপৰ পৰা উত্তৰ-পূব ভাৰতৰ লগতে পূব আৰু দক্ষিণ-পূব এছিয়াৰ যিকোনো অঞ্চলতে ব্যৱসায় কৰাৰ অনুমতি দিয়ে। ১৬০০ চনৰপৰা ১৭০৮ চনলৈকে ইষ্ট ইণ্ডিয়া কোম্পানীক "গৱৰ্নৰ এণ্ড কোম্পানী অৱ মাৰ্চেণ্টছ অৱ লণ্ডন ট্ৰেডিং ইনটু দা ইষ্ট ইণ্ডিজ" (Governor and company of Merchants of London Trading into the East Indies) আৰু ১৭০৮ চনৰপৰা ১৮৭৩ চনলৈকে "ইউনাইটেড কোম্পানী অৱ মাৰ্চেণ্টছ অৱ ইংলেণ্ড ট্ৰেডিং টু দা ইষ্ট ইণ্ডিছ" (United Company of Marchants of England Trading to The East Indies)নামেৰেও জনা গৈছিল। [1]

ইষ্ট ইণ্ডিয়া কোম্পানী
East India Company (EIC)
ধৰণ ৰাজহুৱা
উদ্যোগ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য
পৰিণতি Dissolved
স্থাপিত ১৬০০
বন্ধ হয় ১ জুন ১৮৭৪ (1874-06-01)
মুখ্য কাৰ্যালয় লণ্ডন, ইংলেণ্ড

ইষ্ট ইণ্ডিয়া কোম্পানীৰ উদ্দেশ্য

সম্পাদনা কৰক
 
Sir James Lancaster commanded the first East India Company voyage in 1601

ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান উদ্দেশ্য আছিল ব্যৱসায় কৰা। ১৬০৮ চনত মোগল সম্ৰাট জাহাংগীৰৰ শাসনকালত (১৬০৫-১৬২৬) ইষ্ট ইণ্ডিয়া কোম্পানীয়ে গুজৰাটচুৰাটত প্ৰথম বাণিজ্যিক কেন্দ্ৰ স্থাপনৰ অনুমতি পায়। পাছলৈ আগ্ৰা, আহমেদাবাদ, হুগলি, মাদ্ৰাজ আদি কেইবা ঠাইতো এই কোম্পানীৰ বাণিজ্যিক কেন্দ্ৰ স্থাপিত হয়। [1]

ৰাজনৈতিক প্ৰভাৱ

সম্পাদনা কৰক

১৭৫৭ চনত পলাশীৰ যুদ্ধত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ নবাব ছিৰাজোদ্দৌলাক পৰাভূত কৰাত পূব ভাৰতৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰখনত কোম্পানীৰ প্ৰভাৱ বিস্তাৰিত হয়। ১৭৬৫ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মোগল সম্ৰাটৰপৰা বংগ, বিহাৰ, উৰিষ্যাৰ স্বত্ব লাভ কৰে। পৰিণতিত এই সমগ্ৰ অঞ্চলজুৰি ইংৰাজৰ কৰ্তৃত্ব সুদৃঢ় হয়। তেওঁলোকৰ হাতলৈ বিশাল ভূমি ৰাজহৰ ধন আহিল। উনবিংশ শতিকালৈ এই কোম্পানী সমগ্ৰ ভাৰতৰে শাসনকৰ্তাহৈ পৰিল।[1]

১৭৭২ চনৰপৰা ১৮৫৬ চনৰ ভিতৰত,অৰ্থাৎ গৱৰ্নৰ জেনেৰেল ৱাৰেন হেষ্টিংছ (Warren Hastings,১৭৩২-১৮১৮) আৰু লৰ্ড ডেলহাউছিৰ (Lord Dallhousie, ১৮১২-১৮৬০) শাসনকালত ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যই বিস্তাৰ লাভ কৰে। ১৮৫৮ চনত ব্ৰিটিছ সম্ৰাজ্ঞী ভিক্টোৰিয়াই (১৮১৯-১৯০১) এটা ঘোষণা যোগে ভাৰতৰ শাসনৰ দায়িত্ব ইংৰাজ চৰকাৰৰ হাতলৈ নিলে আৰু ইয়াৰ ফলত ভাৰতত কোম্পানীৰ শাসনৰ অৱসান ঘটিল। [1]

ইষ্ট ইণ্ডিয়া কোম্পানীৰ অৱদান

সম্পাদনা কৰক

কোম্পানীৰ শাসনকালতে ভাৰতসতীদাহ প্ৰথা, শিশু হত্যা আদি প্ৰথাৰ অৱসান ঘটিল। কোম্পানীৰ ছত্ৰছায়াত স্কুল, কলেজ, বিশ্ববিদ্যালয়, মেডিকেল কলেজ, এছিয়াটিক ছছাইটি আদি বিভিন্ন শিক্ষা আৰু সাংস্কৃতিক প্ৰতিষ্ঠান স্থাপিত হয়। [1]

১৮৭৩ চনত ইষ্ট ইণ্ডিয়া কোম্পানী বন্ধ হৈ যায়।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 1.4 "জ্ঞানাঞ্জন". প্ৰান্তিক খণ্ড ৩২শ বছৰ (২০শ সংখ্যা): ৪০. ১৬ - ৩০ ছেপ্তেম্বৰ ২০১২. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক