বৰটোকোলা (ইংৰাজী: Lesser Adjutant Stork, বৈজ্ঞানিক নাম: Leptoptilos javanicus) Ciconiidae পৰিয়ালৰ অন্তৰ্গত এবিধ ডাঙৰ আকাৰৰ বগলীজাতীয় চৰাই। এই গোত্ৰৰ অন্যান্য চৰাই সমূহৰ দৰেই ইয়াৰ ডিঙি আৰু মূৰত কোনো নোম বা পাখি নাই (bare)। ইয়াক সাধাৰণতে জলাশয় সমূহত চৰি থকা দেখা যায়। বৰটোকোলা দক্ষিণ-পূব এছিয়াভাৰত ৰ পৰা জাভা লৈকে বহুল ভাৱে বিস্তৃত।

বৰটোকোলা
বৰটোকোলা
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Ciconiiformes
পৰিয়াল: Ciconiidae
গণ: Leptoptilos
প্ৰজাতি: L. javanicus
বৈজ্ঞানিক নাম
Leptoptilos javanicus
Horsfield, 1821

বিৱৰণ সম্পাদনা কৰক

 
বৰটোকোলাৰ মূৰ অংশ

বৰটোকোলা হ'ল ডাঙৰ ঠোঁট, তপামূৰীয়া, থিয় দীঘল প্ৰায় পাখিহীন ডিঙিৰে বগলীজাতীয় অলপ ডাঙৰ আকাৰৰ চৰাই। ইয়াৰ কান্ধ, পেট, বুকুত বগা পাখি আছে। পিঠি আৰু ডেউকা ক'লা। ঠেং মটীয়া বৰণৰ।[2] ইয়াৰ দেহৰ গড় দৈৰ্ঘ্য প্ৰায় ৪৭-৯৩ ছে: মি:; উচ্চতা প্ৰায় ১১০-১২০ ছে: মি: আৰু ইয়াৰ ওজন প্ৰায় ৪-৫.৭১ কি.গ্ৰা. হয়। [3][4][5] বৰটোকোলাৰ লগত প্ৰায়েই সামঞ্জস্য দেখা পোৱা অন্যবিধ চৰাইৰ প্ৰজাতি হ'ল হাড়গিলা ( Greaterer Adjutant), ইয়াৰ ডিঙিত এটা টোপোলা থাকে। কিন্তু বৰটোকোলাৰ ডিঙিত টোপোলা নাথাকে আৰু ই হাড়গিলাতকৈ আকাৰত সৰু। উৰন্ত অৱস্থাত ডিঙি ভাজটো টোপোলাৰ দৰে দেখা বাবে দূৰৈৰপৰা ইয়াক হাড়গিলা বুলি প্ৰায়ে ভুল কৰা হয়।[6]মতা আৰু মাইকী চৰাটো দখাত একে যদিও মতাটোৰ ঠোঁটটোৰ আকাৰ অলপ ডাঙৰ।[5][7]প্ৰজননৰ সময়ত ইয়াৰ মুখৰ অংশ ৰঙা আৰু ডিঙি অংশ কমলাৰঙী হৈ পৰে।

বিতৰণ আৰু বসতিস্থল সম্পাদনা কৰক

বৰটোকোলা বহুলভাৱে বিস্তৃত আৰু প্ৰায়বোৰ অঞ্চলতে ই থলুৱা। ইয়াক সাধাৰণতে ঘন কাঠনিৰ মাজত ডাঙৰ নদী আৰু হ্ৰদ সমূহত দেখা পোৱা যায়। বৰটোকোলা ভাৰত, নেপাল,[8] শ্ৰীলংকা, বাংলাদেশ, ম্যানমাৰ[9] আদি দেশত পোৱা যায়। ভাৰতৰ পূৰ্বত্তৰ ৰাজ্য যেনে- অসম, পশ্চিমবংগ, বিহাৰ আদিত ইয়াৰ অধিক বিস্তৃতি দেখা যায়। ভূটানত ইয়াক অঘৰী পক্ষী হিচাবেহে দেখা যায়। [10]দক্ষিণ ভাৰতত ইয়াক প্ৰায় দেখা নাযায় বুলিব পাৰি।[11][12]

আচৰণ সম্পাদনা কৰক

বৰটোকোলাই জলাশয় সমূ্হত প্ৰধানকৈ মাছ, ভেকুলী, সৰীসৃপ আৰু ডাঙৰ আকাৰৰ অমেৰুদণ্ডী প্ৰাণীসমূহ খাই জীয়াই থাকে। প্ৰজননৰ সময়ত ইহঁতে কেতিয়াবা সৰু চৰাই আৰু নিগনি আদিও ধৰি খায়। সেই সময়ৰ বাদে অন্য সময়ত ই অকলশৰে থাকে।[3] উত্তৰ-পূব ভাৰত আৰু দক্ষিণ ভাৰতত বৰটোকোলাৰ প্ৰজননৰ সময় ক্ৰমান্বয়ে নৱেম্বৰ-জানুৱাৰী আৰু ফেব্ৰুৱাৰী-মে’ হয়।[13] ইয়াৰ বাহ প্ৰধানকৈ ওখ গছত ঠাল-ঠেঙুলী আদি দি বনোৱা হয়। বাহটোৰ দীঘ আৰু প্ৰস্থ ১ মিটাৰৰো অধিক আৰু সিমানেই গভীৰো হোৱা দেখা যায়।[3] এবাৰত তিনিৰ পৰা চাৰিটাকৈ পোৱালি জন্ম হয়।[13][14] সাধাৰণতে বৰটোকোলা নীৰৱ চৰাই।[6]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. BirdLife International (2012). "Leptoptilos javanicus". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106003840। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. Blanford, WT (1898). The Fauna of British India. Birds. Volume 4. প্ৰকাশক London: Taylor and Francis. পৃষ্ঠা. 374–375. http://archive.org/stream/birdsindia04oaterich#page/375/mode/1up. 
  3. 3.0 3.1 3.2 Ali, S & SD Ripley (1978). Handbook of the Birds of India and Pakistan. Volume 1 (2 সম্পাদনা). প্ৰকাশক New Delhi: Oxford University Press. পৃষ্ঠা. 107–109. 
  4. Elliot, A. (1994). "Order Ciconiiformes. Family Ciconiidae (Storks)". In del Hoyo, J., A. Elliot & J. Sargatal. Handbook of the Birds of the World. Volume 1. Ostrich to Ducks. প্ৰকাশক Barcelona, Spain: Lynx Edicions. পৃষ্ঠা. 436–465. 
  5. 5.0 5.1 Hancock & Kushan, Storks, Ibises and Spoonbills of the World. Princeton University Press (1992), ISBN 978-0-12-322730-0
  6. 6.0 6.1 Rasmussen PC & JC Anderton (2005). Birds of South Asia. The Ripley Guide. Volume 2. প্ৰকাশক Washington DC and Barcelona: Smithsonian Institution and Lynx Edicions. পৃষ্ঠা. 64. 
  7. Weckauf R & M Handschuh (2011). "A method for identifying the sex of lesser adjutant storks Leptoptilos javanicus using digital photographs". Cambodian Journal of Natural History (1): 23–28. Archived from the original on 2014-07-15. https://web.archive.org/web/20140715143710/http://www.cambosastra.org/wp-content/uploads/2011/08/CJNH-2011-July-2011.pdf। আহৰণ কৰা হৈছে: 2013-04-21. 
  8. Baral HS (2005). "Surveys for Lesser Adjutant Leptoptilos javanicus in and around Koshi Tappu Wildlife Reserve, Nepal". Forktail খণ্ড 21: 190–193. http://www.orientalbirdclub.org/publications/forktail/21pdf/Baral-Adjutant.pdf. 
  9. Subaraj R and A. F. S. L. Lok (2009). "Status of the Lesser Adjutant Stork (Leptoptilos javanicus)". Nature in Singapore খণ্ড 2: 107–113. Archived from the original on 2012-07-15. https://web.archive.org/web/20120715145812/http://rmbr.nus.edu.sg/nis/bulletin2009/2009nis107-113.pdf। আহৰণ কৰা হৈছে: 2013-04-21. 
  10. Choudhury, A. (2005). "First record of Lesser Adjutant Leptoptilos javanicus for Bhutan". Forktail খণ্ড 21: 164–165. http://www.orientalbirdclub.org/publications/forktail/21pdf/Choudhury-Adjutant.pdf. 
  11. Andheria, A. P. (2001). J. Bombay Nat. Hist. Soc. খণ্ড 98 (3): 443–445. 
  12. Andheria, A. (2003). "First sighting of lesser adjutant-stork Leptoptilos javanicus from Sanjay Gandhi National Park, Mumbai". J. Bombay Nat. Hist. Soc. খণ্ড 100 (1): 111. 
  13. 13.0 13.1 Baker, ECS (1929). Fauna of British India. Birds. Volume 6 (2 সম্পাদনা). প্ৰকাশক London: Taylor and Francis. পৃষ্ঠা. 329–330. http://archive.org/stream/BakerFbiBirds6/BakerFBI6#page/n369/mode/1up. 
  14. Maust, M., Clum, N. and Sheppard, C. (2007). "Ontogeny of chick behavior: a tool for monitoring the growth and development of lesser adjutant storks". Zoo Biol. খণ্ড 26 (6): 533–538. doi:10.1002/zoo.20156. PMID 19360599. 

বাহ্যিক সংযোগ সম্পাদনা কৰক