বৰনদী অভয়াৰণ্য (ইংৰাজী: Bornadi Wildlife Sanctuary) হিমালয়ৰ পাদদেশত আৰু ভূটানৰ সীমান্তত ওদালগুৰি জিলা আৰু বাক্সা জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ইয়াৰ পশ্চিম সীমান্তইদি বৈ যোৱা বৰনদী নৈৰ নামেৰে এই অভয়াৰণ্যৰ নামকৰণ কৰা হৈছে।

বৰনদী অভয়াৰণ্য
(Bornadi Wildlife Sanctuary)
মানচিত্ৰত বৰনদী অভয়াৰণ্য (Bornadi Wildlife Sanctuary)ৰ অৱস্থিতি
অসমত বৰনদী অভয়াৰণ্যৰ অৱস্থিতি
অৱস্থান ওদালগুৰি জিলা আৰু বাক্সা জিলা, অসম, ভাৰত
নিকটতম চহৰ টংলা
স্থানাংক 26°48′21″N 91°44′25″E / 26.80583°N 91.74028°E / 26.80583; 91.74028স্থানাংক: 26°48′21″N 91°44′25″E / 26.80583°N 91.74028°E / 26.80583; 91.74028[1]
মাটিকালি 26.22 বৰ্গ কি.মি. (2,62,20,000 বৰ্গ মিটাৰ)
প্ৰতিস্থা ১৯৮০
কৰ্তৃপক্ষ পৰিৱেশ আৰু বনবিভাগ, অসম চৰকাৰ

ইতিহাস সম্পাদনা কৰক

এই বনাঞ্চলক ১৯৮০ চনত মূলত: হিছপিড হেয়াৰ (Hispid Hare) আৰু নল গাহৰিৰ প্ৰতিৰক্ষা প্ৰদানৰ উদেশ্যে অভয়াৰণ্য ৰূপে স্বীকৃতি দিয়া হয়।[2].

ভূটান সীমান্তৰ হিমালয়ৰ পাদদেশৰ ৰজাগড় অঞ্চলত বৰনদী অভয়াৰণ্য অৱস্থিত। অভয়াৰণ্যখনে প্ৰায় ২৬,২২ বৰ্গকিলোমিটাৰ অঞ্চল আগুৰি আছে। পূৰ্বতে অভয়াৰণ্যখন দৰং জিলাত আছিল। বৰ্তমান ই বিটিএডিৰ অন্তৰ্গত বাক্সা জিলা আৰু ওদালগুৰি জিলাত অন্তৰ্ভুক্ত হৈছে।

১৯৪২ চনতে বৰনদী বনাঞ্চলক ‘বৰনদী সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া হয়। অসম চৰকাৰে নলগাহৰি আৰু খাগৰিকটা শহাৰ বাসস্থানৰ সংৰক্ষণৰ বাবে ১৯৮০ চনৰ ২২ আগষ্টত এক জাননীৰ জৰিয়তে বৰনদীক অভয়াৰণ্যলৈ উন্নীত কৰে। অভয়াৰণ্যখন মঙলদৈ বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত। পৃথিৱীৰ মানচিত্ৰত বৰনদী ২৬°৪৮ উত্তৰ অক্ষাংশ আৰু ৯১.৪৫ পূৰ্ব দ্ৰাঘিমাংশত অৱস্থিত।

ভৌগিলিক বিৱৰণ সম্পাদনা কৰক

বৰনদী অভয়াৰণ্যৰ মাটিকালি প্ৰায় ২৬.২২ বৰ্গকিলোমিটাৰ[3] ইয়াৰ পশ্চিমদিশে বৰনদী নামৰ নৈ বৈ গৈছে। এই বনাঞ্চল মঙলদৈ চহৰ আৰু গুৱাহাটীৰ পৰা প্ৰায় ৭০ আৰু ১৩০ কিমি দূৰত্বত অৱস্থিত।[4][1]

জলবায়ু সম্পাদনা কৰক

বৰনদী অভয়াৰণ্যৰ জলবায়ু উপ-ক্ৰান্তীয় (sub-tropical) ধৰণৰ।[5]

জৈৱবৈচিত্ৰ্য সম্পাদনা কৰক

প্ৰাণী
নল-গাহৰি, সোণালী বান্দৰ, গোধাফুটুকী বাঘ, হলৌ বান্দৰ, হাতী, ঢেঁকীয়াপতিয়া বাঘ, বনৰীয়া মেকুৰী, কেৰ্কেটুৱা, সুগৰী পহু, বনৰীয়া গাহৰি,ৰাংকুকুৰ, ভালুক, Small Indian Civet,Chinese Pangolin, Hispid Hare আদি।[6]
চৰাই-চিৰিকটি
কাও ধনেশ,উলুম'ৰা, মাছোৰোকা,ময়ূৰ চৰাই, হয়কলি ইত্যাদি

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক