বৰমূগী হাঁহ
বৰমূগী হাঁহ বা খদাহাঁহ(ইংৰাজী: Indian Spot-billed Duck, বৈজ্ঞানিক নাম-Anas poecilorhyncha) বিষূৱীয় অঞ্চল সমূহত প্ৰজনন কৰা এবিধ হাঁহৰ প্ৰজাতি৷ ইয়াক প্ৰধানত: এছিয়া মহাদেশত দেখা পোৱা যায়৷
বৰমূগী হাঁহ বা খদাহাঁহ | |
---|---|
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা খদাহাঁহ (A. p. poecilorhyncha) | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | চৰাই |
বৰ্গ: | Anseriformes |
পৰিয়াল: | Anatidae |
উপপৰিয়াল: | Anatinae |
গণ: | Anas |
প্ৰজাতি: | A. poecilorhyncha |
বৈজ্ঞানিক নাম | |
Anas poecilorhyncha Forster, 1781 | |
Subspecies | |
|
বিৱৰণ
সম্পাদনা কৰকবৰমূগী হাঁহৰ আকাৰ মজলীয়া, ইয়াৰ দেহৰ দৈৰ্ঘ্য ৫৫-৬৩ ছে:মি: আৰু ওজন প্ৰায় ৭৯০-১৫০০ গ্ৰাম হয়৷[2][3] ইয়াৰ দেহৰ বৰণ মুগা৷ মূৰ আৰু ডিঙিৰ ৰং শেঁতা, ঠোঁটটো ক'লা আৰু আগঅংশ উজ্জ্বল হালধীয়া বৰণৰ৷ ইয়াৰ ডেউকা দুখন বগা৷ ঠেং বগা বৰণৰ৷ মতা বৰমূগী হাঁহৰ ঠোঁটৰ গুৰি অংশত ৰঙা দাগ থাকে যিটো মাইকী হাঁহৰ ক্ষেত্ৰত দেখা পোৱা নাযায়৷ পোৱালিবোৰ মটিয়া আৰু পূৰ্ণবয়স্ক হাঁহতকৈ শেঁতা বৰণৰ হয়৷
টেক্স'নমি
সম্পাদনা কৰকবৰমূগী হাঁহৰ তিনিটা উপপ্ৰজাতি দেখা যায়-
- Indian Spot-billed Duck (A. poecilorhyncha poecilorhyncha)
- Eastern Spot-billed Duck (A. poecilorhyncha zonorhyncha) আৰু
- Burmese Spot-billed Duck (A. poecilorhyncha haringtoni)
বিতৰণ
সম্পাদনা কৰকএই হাঁহৰ প্ৰজাতিটো পাকিস্তান, ভাৰতৰ পৰা জাপান লৈকে স্থানীয় চৰাই হিচাপে পোৱা যায়৷ আনহাতে Eastern Spot-billed Duck (A. p. zonorhyncha) নামৰ উপ-প্ৰজাতিটোৱে দক্ষিণ-পূব এছিয়াত পৰিভ্ৰমণ কৰে৷ ই প্ৰায়ে জাক পাতি বাস কৰে৷ ইয়াৰ একেবাৰে উত্তৰৰ জনবসতি শেহতীয়াকৈ বিংশ শতাব্দীত অধিক উত্তৰলৈ বিস্তৃত হৈছে৷[4]
বাসস্থান
সম্পাদনা কৰকবৰমূগী হাঁহে মূলত: মুকলি জলাশয় যেনে হ্ৰদ, নৈ-উপনৈ, বিল আদিত বাস কৰে৷ ইহঁতে সাধাৰণতে জলজ উদ্ভিদৰ বিভিন্ন অংশ নিশাৰ ভাগত খাই জীয়াই থাকে৷ পানীৰ কাষৰ জোপোহাত ই বাহ সাজে৷ এবাৰত ৮-১৪ টাকৈ কণী পাৰে৷ মতা আৰু মাইকী দুয়োবিধ হাঁহৰে মাত আমৰ'লীয়া হাঁহৰ সৈতে একে৷
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ BirdLife International (2004). Anas poecilorhyncha. 2006. IUCN Red List of Threatened Species. "IUCN" 2006. www.iucnredlist.org. Retrieved on 11 May 2006.
- ↑ CRC Handbook of Avian Body Masses by John B. Dunning Jr. (Editor). CRC Press (1992), ISBN 978-0-8493-4258-5.
- ↑ Ogilvie & Young, Wildfowl of the World. New Holland Publishers (2004), ISBN 978-1-84330-328-2
- ↑ Kulikova, Irina V.; Yury N. Zhuravlev, Kevin G. McCracken (2004). "Asymmetric hybridization and sex-biased gene flow between eastern Spot-billed Ducks (Anas zonorhyncha) and Mallards (A. platyrhynchos) in the Russian far east". The Auk খণ্ড 121 (3): 930. doi:10.1642/0004-8038(2004)121[0930:AHASGF]2.0.CO;2. ISSN 0004-8038.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত Anas poecilorhyncha সম্পৰ্কীয় মিডিয়া ফাইল আছে। |