বৰুৱাৰ সংসাৰ
নিপ বৰুৱা পৰিচালিত অসমীয়া বোলছবি
বৰুৱাৰ সংসাৰ ১৯৭০ চনৰ ২ অক্টোবৰৰ দিনা মুক্তি পোৱা নিপ বৰুৱা পৰিচালিত এখন অসমীয়া কথাছবি। ৰাজজ্যোতি চিনে আৰ্টৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল মনোৰঞ্জন আগৰৱালা, দেৱৰঞ্জন আগৰৱালা আৰু নিভা বৰুৱাই। আকাশবাণী গুৱাহাটী যোগে প্ৰচাৰিত প্ৰফুল্ল বৰা ৰচিত জনপ্ৰিয় ধাৰাবাহিক নাটখনৰ আধাৰত বৰুৱাৰ সংসাৰৰ চিত্ৰনাট্য ৰচনা কৰিছিল নিপ বৰুৱাই। ছবিখনৰ বেছিভাগ দৃশ্যগ্ৰহণ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান তামোলবাৰী চাহবাগিছাত কৰা হৈছিল।[1]
বৰুৱাৰ সংসাৰ | |
---|---|
![]() পোষ্টাৰ | |
পৰিচালক | নিপ বৰুৱা |
চিত্ৰনাট্য | নিপ বৰুৱা |
প্ৰযোজক | মনোৰঞ্জন আগৰৱালা দেৱৰঞ্জন আগৰৱালা নিভা বৰুৱা |
অভিনয়ত | তচদ্দুক ইউচুফ |
চিত্ৰগ্ৰহণকাৰী | ফটোগ্ৰাফী পৰিচালক- নলিন দুৱৰা অপাৰেটিং কেমেৰামেন- শান্তি গুহ |
মুক্তি |
২ অক্টোবৰ ১৯৭০ |
দেশ | ভাৰত ![]() |
ভাষা | অসমীয়া |
অভিনয় শিল্পীসম্পাদনা কৰক
- তচদ্দুক ইউচুফ
- ব্ৰজেন বৰুৱা
- নিপন গোস্বামী
- বিজু ফুকন
- অনিমা ভট্ট
- বীণা বাৰুৱতী
- নিৰেন বৰুৱা
- প্ৰতিভা ঠাকুৰ
- ৰাণী পাঠক
- বিৰিঞ্চি ভট্টাচাৰ্য
- গোলাপ শৰ্মা
- ডাঃ চন্দন পাঠক আদি[1]
সঙ্গীতসম্পাদনা কৰক
ছবিৰ সঙ্গীত পৰিচালনা ৰমেন বৰুৱাৰ। গীত গাইছে দ্বিপেন বৰুৱা, নিৰ্মলা মিশ্ৰ আৰু ৰুণুমী ভট্টাচাৰ্যই।[2]
ক্ৰমিক নং | গীতৰ শীৰ্ষক | গীতিকাৰ | কণ্ঠ |
---|---|---|---|
১ | লাজুক চাৱনীৰে নিবিড় আবেগেৰে মদিৰ কিনো মায়া গোপনে জগালে | নিৰ্মলপ্ৰভা বৰদলৈ | দ্বিপেন বৰুৱা, নিৰ্মলা মিশ্ৰ |
২ | গা, গা, আজি গাই যা, গা, এই গীতকে গা | এলি আহমেদ | দ্বিপেন বৰুৱা |
৩ | হেপী বাৰ্থ দে টু ইউ | নিৰ্মলা মিশ্ৰ, ৰুণুমী ভট্টাচাৰ্য | |
৪ | ওৰণিৰ তলেৰে মিচিকিয়া হাঁহি মাণিক মুকুতা সৰে | কেশৱ মহন্ত | দ্বিপেন বৰুৱা, নিৰ্মলা মিশ্ৰ |
৫ | লাজ কিয় লাগে, চকু কিয় কঁপে | প্ৰফুল্ল বৰা | দ্বিপেন বৰুৱা |