ভবেন দাস

চলচ্চিত্ৰ পৰিচালক

ভবেন দাস (ইংৰাজী: Bhaben Das) এগৰাকী চলচ্চিত্ৰ পৰিচালক। তেওঁ চাৰিখন অসমীয়া ছবিৰ উপৰিও 'কানামাছি'[1] বুলি বঙালী ছবি এখনো পৰিচালনা কৰিছে। তেওঁ বহুকেইখন বঙালী, ওড়িয়া, হিন্দী আৰু অসমীয়া ছবিত সহকাৰী হিচাপে কাম কৰিছিল।[2]

ভবেন দাস
জন্ম ৰামপুৰ, কামৰূপ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
বংশদ্ভূত অসমীয়া
পেচা চলচ্চিত্ৰ পৰিচালক
সক্ৰিয় হৈ থকা সময় ১৯৪৮-৮৬
উল্লেখযোগ্য কৰ্ম লখিমী, কানামাছি

কৰ্মজীৱনসম্পাদনা কৰক

কামৰূপ জিলাৰ ৰামপুৰ গাঁৱৰ নিবাসী দাসৰ ফণী শৰ্মাৰ ভাস্কৰ পণ্ডিতৰ অভিনয় দেখি তেৱোঁৰো অভিনয়ৰ প্ৰতি ধাউতি জাগিছিল। কলকাতালৈ গৈ চিত্ৰ নিৰ্মাণ সম্পৰ্কীয় কাম শিকিছিল। প্ৰথমে তেওঁ ছিৰাজ ছবিৰ দৃশ্যগ্ৰহণৰ সহযোগী ৰূপে কাম কৰে। পিছত তেওঁ কল্যাণ গুপ্তৰ সহকাৰী হয়। তেনেকৈয়ে চিত্ৰনাট্য ৰচনাৰ পৰা অন্যান্য কাৰিকৰী কামবোৰ শিকি লয়। তেওঁ সহকাৰী পৰিচালক ৰূপে কাম কৰা বঙালী, হিন্দী আৰু ওড়িয়া ছবিৰ কিছুমান হ’ল- 'নীল আকাশেৰ নীচে', 'বাঘা যতীন', 'খুদিৰাম', 'ডাইনী', 'জয় মা কালী বোৰ্ডিং', 'ডেইলী পেচেঞ্জাৰ' (বঙালী ছবি); 'মালা', 'কাৰ্টুজ', 'জনতা ইনচাফ মাংগতী হ্যায়' (হিন্দী ছবি); সপ্তশয্যা ', 'ৰোল-২৮', 'চাকনৈয়া' (ওড়িয়া ছবি) আদি।[2]

'পাৰঘাট' (১৯৪৯), 'পিয়লী ফুকন' (১৯৫৫), 'স্মৃতিৰ পৰশ' (১৯৫৬), 'চাকনৈয়া' (১৯৫৯) আদি অসমীয়া ছবিত তেওঁ সহকাৰী পৰিচালক অথবা কাৰিকৰী পৰামৰ্শদাতা হিচাপে কাম কৰিছিল। ১৯৫৭ চনত প্ৰথমবাৰৰ বাবে তেওঁ স্বাধীনভাবে অসমীয়া ছবি 'লখিমী' পৰিচালনা কৰে। তেওঁ পৰিচালনা কৰা দ্বিতীয় ছবি কানামাছি। এইখন বঙালী ভাষাৰ ছবি। সাবিত্ৰী চট্টোপধ্যায়, সুনন্দা বেনাৰ্জী, তপতী ঘোষ, অনুপ কুমাৰ, ভানু বন্দোপধ্যায়, পাহাৰী সান্যাল, জহৰ ৰয় আদি বঙালী ছবিৰ নামজ্বলা শিল্পীসকলে কানামাছিত অভিনয় কৰিছিল।[2]

পৰিচালিত চলচ্চিত্ৰসম্পাদনা কৰক

ক্ৰমিক নং ছবিৰ নাম বৰ্ষ ভাষা
লখিমী ১৯৫৭ অসমীয়া[2][3]
কানামাছি ১৯৬১ বঙালী[2][3]
উপগ্ৰহ ১৯৭২ অসমীয়া[3]
ধৰ্মকাই ১৯৭৭ অসমীয়া[3]
মা ১৯৮৬ অসমীয়া[3]

তথ্য উৎসসম্পাদনা কৰক

  1. "Kanamachi (1961)". www.moviebuff.com. https://www.moviebuff.com/kanamachi-1961-bengali। আহৰণ কৰা হৈছে: 25 July 2020. 
  2. 2.0 2.1 2.2 2.3 2.4 মঞ্চলেখা, পৃষ্ঠা ৩১৪, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭. 
  3. 3.0 3.1 3.2 3.3 3.4 "Filmography of Bhaben Das". indiancine.ma. https://indiancine.ma/grid/year/name=Bhaben_Das। আহৰণ কৰা হৈছে: 25 July 2020.