ভাস্কৰাচাৰ্য (১১১৪-১১৮৫ খ্ৰীষ্টাব্দ) এগৰাকী ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী। তেওঁ কৰ্ণাটকৰ বিজাপুৰত জন্মগ্ৰহণ কৰিছিল। তেওঁ "সিদ্ধান্ত শিৰোমণি" (১১৫০ খ্ৰী:) আৰু "কৰণ কৌতুহল" (১১৭০ খ্ৰী:) নামৰ দুখন বিখ্যাত গ্ৰন্থ ৰচনা কৰিছিল। সিদ্ধান্ত শিৰোমণি চাৰিটা ভাগত বিভক্ত আছিল- লীলাৱতী, বীজগণিত, গ্ৰহগণিত আৰু গোলাধ্যায়[1]পাটীগণিত, বীজগণিত আদিৰ কিছুমান বুনিয়াদী সূত্ৰ, অসীম সংখ্যাৰ ধাৰণা আৰু তাৎপৰ্য, সৰল আৰু দ্বিঘাত সমীকৰণৰ চৰ্চা, গোলক সম্পৰ্কীয় অধ্যয়ন আদি এওঁৰ উল্লেখযোগ্য অৱদান।[2] তেওঁক মধ্যযুগীয় ভাৰতৰ সৰ্বশ্ৰেষ্ঠ গণিতজ্ঞ বুলি অভিহিত কৰা হয়।[3]

ভাস্কৰাচাৰ্যই আইজাক নিউটন আৰু লেইব্‌নিজতকৈ প্ৰায় পাঁচশ বছৰ আগতেই কলন গণিতৰ ব্যাখ্যা আগবঢ়াইছিল। কলন গণিতৰ সূত্ৰৰ ব্যৱহাৰেৰে তেওঁ জ্যোতিৰ্বিজ্ঞান গাণিতিক সমস্যা সমাধানৰ চেষ্টা কৰিছিল।[4]

ভাস্কৰাচাৰ্য আৰু প্ৰাচীন ভাৰতৰ আন এজন গণিতজ্ঞ ভাস্কৰৰ সন্মানাৰ্থে ১৯৮১ চনৰ ২০ নৱেম্বৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ভাস্কৰ ২ নামৰ কৃত্ৰিম উপগ্ৰহ নিক্ষেপ কৰে।

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. Poulose, K. G. (সম্পাদনা) (১৯৯১). Scientific heritage of India, mathematics, Volume 22 of Ravivarma Samskr̥ta granthāvali. Govt. Sanskrit College (Tripunithura, India). পৃষ্ঠা. ৭৯. 
  2. দাস, ভুবনমোহন (সম্পাদনা) (১৯৮৭). প্ৰাথমিক বিজ্ঞান কোষ- চতুৰ্থ খণ্ড. প্ৰকাশক গুৱাহাটী: অসম বিজ্ঞান সমিতি. পৃষ্ঠা. ৫৮. 
  3. Chopra, Pran Nath (১৯৮২). Religions and communities of India. Vision Books. পৃষ্ঠা. ৫২. ISBN 978-0-85692-081-3. 
  4. Seal, Sir Brajendranath (১৯১৫). The positive sciences of the ancient Hindus. Longmans, Green and co.. পৃষ্ঠা. ৮০.