ভাৰত মাতা

ভাৰতক মাতৃদেৱী হিচাপে গণ্য কৰা ৰূপ

ভাৰত মাতা বা ভাৰতাম্বা হৈছে ভাৰতক মাতৃদেৱী হিচাপে গণ্য কৰা ৰূপ।[1] তেওঁক দেৱী হিচাপে পূজা কৰা হয়। তেওঁক সাধাৰণতে গেৰুৱা শাৰী পৰিহিত হাতত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা লৈ থকা ৰূপত কল্পনা কৰা হয়। কিছুমান ৰূপত তেওঁৰ বাহন হিচাপে সাহস আৰু বিক্ৰমৰ প্ৰতীক সিংহ থাকে।[2] কিছুমানে ভাৰত মাতাক দুৰ্গা, লক্ষ্মী, সৰস্বতীৰ ৰূপ হিচাপে গণ্য কৰে।

তামিলনাডুৰ কন্যাকুমাৰীত অৱস্থিত ভাৰত মাতাৰ মূৰ্তি

পৰিচয় আৰু অৰ্থ সম্পাদনা কৰক

১৯ শতিকাৰ শেষৰফালে ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত ভভাৰতীয় উপমহাদেশক মাতৃ হিচাপে ব্যক্তিত্ব আৰোপ কৰা চিন্তা-চৰ্চা আৰম্ভ হৈছিল। বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় দেৱৰ ১৮৮২ চনত ৰচিত আনন্দমঠত পোনপ্ৰথমবাৰৰ বাবে ভাৰত মাতাৰ ছবি ব্যৱহাৰ কৰা হৈছিল।[3] প্ৰথমতে ভাৰত মাতাক ধৰ্ম নিৰপেক্ষ ভাবে ভাৰত উপমহাদেশৰ সকলো ধৰ্ম-সম্প্ৰদায়ৰ মানুহৰ মাতৃ গণ্য কৰা হৈছিল আৰু ব্ৰিটিছৰ বিৰুদ্ধে সকলোকে একগোট কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হৈছিল। যদিও পিছলৈ বিনায়ক সবৰকাৰৰ প্ৰচেষ্টাত ভাৰত মাতা হিন্দু দেৱী হিচাপে প্ৰতিষ্ঠিত হয়। হিন্দু দেৱী হিচাপে প্ৰকাশ কৰাৰ বাবে এই ধাৰণা একীশ্বৰবাদ বিশ্বাস কৰা আন আন ধৰ্মৰ মাজত সমালোচিত হৈছিল। ভাৰত মাতা হিন্দু ধৰ্মত ইতিমধ্যে থকা দেৱীৰ অন্তৰ্ভুক্ত হয় নে নহয় এইবিষয়েও বিতৰ্কৰ সূত্ৰপাত হৈছিল। পিছে বিনায়ক সবৰকাৰ আৰু অৰবিন্দ ঘোষৰ প্ৰচেষ্টাত ভাৰত মাতা হিন্দুৰ দেৱী হিচাপে স্বীকৃতি লাভ কৰিলে আৰু বিভিন্ন প্ৰতিষ্ঠান যেনে কোৰ্ট, আৰ্মী আৰু কংগ্ৰেছত স্থান লাভ কৰিলে। এই ধাৰণাক ভাৰতীয় ৰাজনীতিৰ পৰিপন্থী বুলি ৰবীন্দ্ৰনাথ ঠাকুৰবি. আৰ. আম্বেদকাৰ আৰু বিভিন্ন ঠাইত কংগ্ৰেছে উল্লেখ কৰিছিল যদিও তেতিয়ালৈকে ভাৰত মাতাৰ ধাৰণায়ে সফলভাবে দেশপ্ৰেমমুলুক প্ৰতীক হিচাপে প্ৰতিষ্ঠা হৈছিল। ২০ শতিকাৰ শেষৰলৈকে ভাৰত মাতায়ে হিন্দু ৰাষ্ট্ৰ আৰু অখণ্ড ভাৰতৰ নতুন ধাৰণাক সামৰি লয়। গোটেই উপমহাদেশক অখণ্ড ভাৰত হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘয়ে মুখ্য বিষয় হিচাপে ৰাজনৈতিক প্ৰেক্ষাপটত উপস্থাপন কৰে।

তথ্য উৎস সম্পাদনা কৰক

  1. "History lesson: How 'Bharat Mata' became the code word for a theocratic Hindu state". http://scroll.in/article/805247/history-lessons-how-bharat-mata-became-the-code-word-for-a-theocratic-hindu-state. 
  2. Visualizing space in Banaras: images, maps, and the practice of representation, Martin Gaenszle, Jörg Gengnagel, illustrated, Otto Harrassowitz Verlag, 2006, আই.এচ.বি.এন. 978-3-447-05187-3
  3. "Far from being eternal, Bharat Mata is only a little more than 100 years old". http://scroll.in/article/805990/far-from-being-eternal-bharat-mata-is-only-a-little-more-than-100-years-old.