ভাৰত ৰঙ্গ মহোৎসৱ

নাট্য মহোৎসৱ

ভাৰত ৰঙ্গ মহোৎসৱ (ইংৰাজী: Bharat Rang Mahotsav ; হিন্দী: भारत रंग महोत्सव; BRM) বা ৰাষ্ট্ৰীয় নাট্য মহোৎসৱ ১৯৯৯ চনত আৰম্ভ হয়। নতুন দিল্লীৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে আয়োজন কৰা এয়া এক বাৰ্ষিক নাট্য মহোৎসৱ। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ভাৰত চৰকাৰৰ দ্বাৰা সঞ্চালিত নাট প্ৰশিক্ষণৰ প্ৰথম প্ৰতিষ্ঠান। ভাৰতৰ নাট্যকৰ্মীসকলৰ কৰ্মৰাজী প্ৰদৰ্শন কৰিবলৈ এই মহোৎসৱৰ আয়োজন কৰা হৈছিল। প্ৰথম অৱস্থাত এই মহোৎসৱত ৰাষ্ট্ৰীয় পৰিসৰৰ আছিল যদিও ক্ৰমে ই আন্তঃৰাষ্ট্ৰীয় ৰূপ পৰিগ্ৰহ কৰে।[1]

ভাৰত ৰঙ্গ মহোৎসৱ
20th Bharat Rang Mahotsav 2019.png
তাৰিখ জানুৱাৰী মাহৰ দ্বিতীয়- তৃতীয় সপ্তাহ
ঠাই নতুন দিল্লী
সক্ৰিয়তাৰ সময় ১৯৯৯- বৰ্তমানলৈ
প্ৰথমবাৰ পালন ১৯৯৯
প্ৰকাৰ থিয়েটাৰ
পৃষ্ঠপোষক ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়
ৱেবছাইট Official website

২০০৯ চনত বাৰ দিন জোৰা মহোৎসৱত ৬৩খন নাট প্ৰদৰ্শিত হৈছিল, যাৰ ভিতৰত ভাৰতীয় আছিল ৫১খন আৰু বিদেশী ১২খন। বৰ্তমান কেবল নাটকৰ বাবে সমৰ্পিত এইখন এছিয়াৰ সৰ্ববৃহৎ মহোৎসৱ বুলি গণ্য কৰা হয়।[2]

সাধাৰণতে প্ৰতি বছৰে জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত নাট্য বিদ্যালয়ৰ চৌহদ বা ইয়াৰ আশেপাশে এই মহোৎসৱ অনুষ্ঠিত হয়। লগতে অন্য এখন চহৰত ভাৰত ৰঙ্গ মহোৎসৱৰ এখন "উপগ্ৰহীয় মহোৎসৱ"ৰো আয়োজন কৰা হয়। উদাহৰণ স্বৰূপে ২০০৯ চনত লক্ষ্ণৌত ১৮খন নাট প্ৰদৰ্শিত হৈছিল। ২০১০ চনত উপগ্ৰহীয় মহোৎসৱৰ স্থান আছিল ভূপাল[2]

ইতিহাস সম্পাদনা কৰক

প্ৰথম ভাৰত ভিত্তিক নাট মহোৎসৱ, ‘ভাৰত ৰঙ্গ মহোৎসৱ’ নতুন দিল্লীত ১৯৯৯ চনৰ মাৰ্চত গিৰীশ কৰ্ণাডহিন্দী নাট ‘অমল আল্লানা’ৰে মুকলি কৰা হৈছিল। সেই সময়ত নাট্য বিদ্যালয়ৰ সঞ্চালক আছিল ৰাম গোপাল বাজাজ। প্ৰথম নাট্য মহোৎসৱত কলকাতাৰ ‘নান্দীকাৰ’ৰ একক অভিনয়েৰে মাইকেল মধুসুদন দত্ত ৰচিত ‘মেঘনাট বধ কাব্য’ (বঙালী), গিৰীশ কৰ্ণাডৰ অগ্নি ঔৰ বৰ্খা (হিন্দী, পৰিচালক প্ৰসন্ন) অজ্ঞেয়ৰ উত্তৰ প্ৰিয়দৰ্শী (মণিপুৰী, পৰিচালক ৰতন থিয়াম), ব্ৰেখটৰ ‘মাডাৰ কাৰেজ’ৰ হিন্দী অভিযোজনা ‘হিম্মত মাই’ৰ উপৰিও অন্যান্য বিভিন্ন ভাৰতীয় ভাষা, যেনে- তামিল, তেলুগু, মালায়লম, কন্নড়, অসমীয়া, মাৰাঠী, পঞ্জাবী, ডোগ্ৰী আৰু ভোজপুৰী ভাষাৰ নাট প্ৰদৰ্শিত হয়। টিউনিচিয়াৰ পৰা অহা নাট্য দল এটাই উইলিয়াম শ্বেইকছপীয়েৰৰ ‘অথেলো’ৰ নিৰ্বাক সংস্কৰণ এটা মঞ্চস্থ কৰে, য’ত সামান্য কেইটামাহহে আৰবী শব্দ ব্যৱহৃত হৈছিল। উক্ত মহোৎসৱত বিদেশী দল একমাত্ৰ এইটোৱে আছিল।[3]

স্থান সম্পাদনা কৰক

তিনি সপ্তাহ জুৰি চলা এই মহোৎসৱ ‘সন্মুখ’, ‘অভিমঞ্চ’ আৰু ‘মেঘদূত মুক্তাংগন’কে ধৰি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ চৌহদৰ ভিতৰত বা ওচৰৰে ৰবীন্দ্ৰ কলা ভৱনত অনুষ্ঠিত হয়। কিছুমান নাট চহৰৰ বৃহৎ প্ৰেক্ষাগৃহ কমনী প্ৰেক্ষাগৃহ, শ্ৰীৰাম চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্ট আৰু এল.টি.জি. প্ৰেক্ষাগৃহতো মঞ্চস্থ হয়।[4]

তথ্য উৎস সম্পাদনা কৰক