ভিছা (ইংৰাজী: Visa) বা প্ৰৱেশ পত্ৰ হৈছে এক চৰ্তসাপেক্ষ অনুমতি পত্ৰ যাক এখন দেশে কোনো বিদেশী নাগৰিকক সেইখন দেশত প্ৰৱেশ আৰু অৱস্থান কৰাৰ বাবে দিয়ে। ভিছা শব্দটো আহিছে লেটিন ভাষাcharta visa-ৰ পৰা, যাৰ অৰ্থ হৈছে "যিখন কাগজক চোৱা হৈছে"।[1] ভিছাখনত সাধাৰণতে বিদেশীজনৰ দেশখনত থকাৰ সময়কাল, তেওঁ দেশেখনৰ ভিতৰৰ কোন কোন অঞ্চলত প্ৰৱেশ কৰিব পাৰে, প্ৰৱেশ কৰিব পৰা তাৰিখসমূহ, অনুমোদিত প্ৰৱেশৰ সংখ্যা আৰু তেওঁ দেশখনত কাম কৰাৰ অধিকাৰৰ সীমা আদি তথ্য অন্তৰ্ভুক্ত থাকে। ভিছা কোনো দেশ বা অঞ্চলত প্ৰৱেশেৰ অনুমতি বিচৰা অনুৰোধৰ সৈতেহে সংযুক্ত আৰু সেয়ে ভিছাখন অধিকাংশ দেশতেই বিদেশী প্ৰৱেশৰ আৰু অৱস্থানৰ বাবে প্ৰয়োজনীয় প্ৰকৃত আনুষ্ঠানিক অনুমতি পৰা পৃথক। ভিছাৰ ধাৰকজনে প্ৰত্যেকবাৰে প্ৰকৃত প্ৰৱেশৰ সময়ত অভিবাসন বিষয়াৰ অনুমতি সাপেক্ষেহে প্ৰৱেশ কৰিব পাৰে আৰু ইয়াক যিকোনো সময়তে বাতিল কৰাৰ অধিকাৰ দেশখনৰ থাকে। সাধাৰণতে ভিছাখন আবেদনকাৰীৰ পাৰপত্ৰ বা অন্য ভ্ৰমণ নথিত ষ্টিকাৰৰ আকাৰে লগাই দিয়া হয়।

২০১৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই জাৰি কৰা এখন ভিছা

ঐতিহাসিকভাবে, অভিবাসন বিষয়াসকলক সীমান্তত বিদেশীৰ আগমনৰ সময়ত প্ৰৱেশৰ অনুমতি বা প্ৰত্যাখ্যান কৰাৰ ক্ষমতা দিয়া হৈছিল। প্ৰৱেশৰ অনুমতি দিয়া হ'লে, বিষয়াজনে প্ৰয়োজন অনুসাৰে এখন ভিছা প্ৰদান কৰিছিল, যিটোক পাৰপত্ৰত মোহৰ মাৰি দিয়া হৈছিল। বৰ্তমানে, বিদেশ ভ্ৰমণৰ ইচ্ছুক ব্যক্তিয়ে প্ৰায়েই ভিছাখন আগতিয়াকৈ আবেদন কৰিব লাগে। এনে আবেদন দেশখনৰ দূতাবাসত, ডাকযোগে বা ইণ্টাৰনেটেৰ মাধ্যমেৰে কৰিব পাৰি। আধুনিক ভিছা পাৰপত্ৰত ষ্টিকাৰ বা মোহৰ হ'ব পাৰে বা এখন পৃথক নথি বা অনুমোদনৰ এক বৈদ্যুতিক ৰেকৰ্ডো হ'ব পাৰে। বৈদ্যুতিক ৰেকৰ্ডৰ ক্ষেত্ৰত আবেদনকাৰীয়ে সেইখন নিজে ছপা কৰি ল'ব লাগে আৰু প্ৰৱেশৰ সময়ত অভিবাসন বিষয়াক দেখুওৱাব লাগে। কিছু দেশত চুটি ভ্ৰমণৰ বাবে আগতিয়াকৈ ভিছাৰ আবেদন কৰাৰ প্ৰয়োজন নহয়।

আগমণৰ পূৰ্বেই আগতিয়াকৈ ভিছা আবেদন কৰিলে অনুমোদক দেশখনে আবেদনকাৰীৰ পৰিস্থিতি যেনে আৰ্থিক সুৰক্ষা, ভ্ৰমণৰ কাৰণ আৰু দেশখনলৈ পূৰ্বতে কৰা ভ্ৰমণ বিৱৰণ চালি-জাৰি চোৱাৰ সুযোগ পায়। প্ৰৱেশৰ সময়ত দৰ্শনাৰ্থীজনৰ সুৰক্ষা বা স্বাস্থ্য পৰীক্ষা লোৱা হ'ব পাৰে আৰু ইয়াত উৰ্ত্তীৰ্ণ হ'লেহে প্ৰৱেশৰ অনুমোদন দিয়া হ'ব পাৰে। কিছুমান দেশত ইয়াৰ নাগৰিকৰ লগতে বিদেশী ভ্ৰমণকাৰীসকলেও দেশখন এৰি যোৱাৰ অনুমতি দিয়া এখন "প্ৰস্থান ভিছা" আহৰণ কৰাৰ প্ৰয়োজন।[2]

উল্লেখযোগ্য যে স্ভালবাৰ্ড সন্ধি অনুসৰি নৰৱেৰ বিশেষ প্ৰশাসনিক অঞ্চল স্ভালবাৰ্ড হৈছে এক সম্পূৰ্ণ ভিছা-মুক্ত অঞ্চল। কিছু দেশ যেনে শ্বেঙেন অঞ্চলৰ দেশসমূহৰ নাগৰিকসকলে সেই দেশসমূহত বিনা ভিছাৰে ভ্ৰমণ কৰিব পাৰে। বিশ্ব পৰ্যটন সংস্থাৰ তথ্য অনুসৰি পৰ্যটনৰ বাবে কৰা ভ্ৰমণৰ পূৰ্বে ভিছাৰ আবেদন কৰিব লগা পৰ্যটকৰ সংখ্যা ২০১৫ চনত সৰ্বনিম্ন হৈছেগৈ।[3][4]

ভিছাৰ প্ৰকাৰ সম্পাদনা কৰক

সাধাৰণতে প্ৰত্যেকখন দেশে বিভিন্ন নামেৰে বিভিন্ন প্ৰকাৰৰ ভিছা প্ৰদান কৰে। সৰ্বসাধাৰণ বিভিন্ন ভিছাৰ প্ৰকাৰসমূহ হৈছে:

উদ্দেশ্য অনুসৰি সম্পাদনা কৰক

 
চীনে প্ৰদান কৰা পৰ্যটন ভিছা
  • পৰিবহণ ভিছা: ট্ৰেনজিট ভিছা বা অতিক্ৰমণ ভিছা নামেও জনাজাত এনে ভিছা কোনো এখন দেশলৈ যাওঁতে মাজত অন্য এখন দেশত কিছু সময় অৱস্থান কৰিব লগীয়া হ'লে মধ্যৱৰ্তী দেশখনে প্ৰদান কৰে। ইয়াৰ ম্যাদ কিছু ঘণ্টাৰ পৰা ধৰি ১০ দিন পৰ্যন্ত হ'ব পাৰে।
  • স্বল্পকালীন বা দৰ্শনাৰ্থী ভিছা: চমু কালৰ অৱস্থানৰ বাবে এনে ভিছা প্ৰদান কৰা হয়। দেশভেদে এনে ভিছাক ব্যক্তিগত ভিছা, পৰ্যটন ভিছা, চিকিৎসাজনিত কাৰণৰ ভিছা, ব্যৱসায়িক ভিছা, কামকৰা ছুটিৰ ভিছা, এথলেটিক বা শিল্পী ভিছা, সাংস্কৃতিক বিনিময় ভিছা, শৰনাৰ্থী ভিছা, তীৰ্থযাত্ৰা ভিছা, ডিজিটেল যাযাবৰ ভিছা[5] আদি উপ-ভাগত বিভক্ত কৰে। পৰ্যটন ভিছা পৰ্যটন সম্বন্ধীয় ভ্ৰমণৰ কাৰণে প্ৰদান কৰা হয়। যিসকল ব্যৱসায়ীয়ে বাণিজ্যিক কাম কাজত অংশ লোৱাৰ উদ্দেশ্যে নিৰ্দিষ্ট কোনো দেশ ভ্ৰমণ কৰিব লগীয়া হয়, তেওঁলোকক ব্যৱসায়িক ভিছা প্ৰদান কৰা হয়।
  • দীৰ্ঘকালীন ভিছা: এনে ভিছা এখন দেশত দীৰ্ঘকালীন অৱস্থানৰ বাবে প্ৰদান কৰা হয়। উদাহৰণস্বৰূপে শিক্ষাৰ্থী ভিছা, গৱেষণা ভিছা, অস্থায়ী কৰ্মী ভিছা, সাংবাদিক ভিছা, বাসস্থান ভিছা, আশ্ৰয় ভিছা এনে দীৰ্ঘকালীন ভিছাৰ অন্তৰ্গত। যিসকল শিক্ষাৰ্থীয়ে বিদেশত পঢ়া-শুনা কৰে তেওঁলোকৰ কাৰণে শিক্ষাৰ্থী ভিছা প্ৰদান কৰা হয়। কোনো এখন দেশত অস্থায়ী ভাবে কাম কৰা কৰ্মী বা শ্ৰমিক সকলক এনে ভিছা প্ৰদান কৰা হয়।
  • অভিবাসী ভিছা: যিসকল লোকে বিদেশৰ কোনো দেশত স্থায়ীভাবে বাসস্থান কৰিব বিছাৰে, তেওঁলোকক অভিবাসী ভিছা প্ৰদান কৰা হয়। এনে ভিছাৰ দ্বাৰা তেওঁলোকে স্থায়ী বাসিন্দাৰ স্থিতি লাভ কৰে আৰু ভৱিষ্যতে নাগৰিকত্ব লাভ কৰাৰ সম্ভাৱনা থাকে। দাম্পত্যসঙ্গী ভিছা, বিবাহ ভিছা,[6] অৱসৰ ভিছা আদি এনে ভিছাৰ উদাহৰণ।
  • আধিকাৰিক ভিছা: এনে ভিছা কূটনীতিবিদ, নিজৰ দেশৰ অভিযানৰ বাবে নিযুক্ত চৰকাৰী বিষয়া আদিৰ বাবে প্ৰদান কৰা হয়। কূটনৈতিক ভিছা, সৌজন্য ভিছা হৈছে আধিকাৰিক ভিছাৰ উদাহৰণ।

জাৰি কৰা পদ্ধতি অনুসৰি সম্পাদনা কৰক

সাধাৰণতে ভিছা আবেদন আৰু সংগ্ৰহ কনচুলেট, দুতাবাস বা অন্য কূটনৈতিক অভিযানৰ কাৰ্যালয়ৰ কৰা হয়।

  • আগমণৰ সময়ত ভিছা: এনে ভিছা এখন দেশত প্ৰৱেশৰ সময়ত প্ৰৱেশ স্থানতে প্ৰদান কৰা হয়। এনে ক্ষেত্ৰত দৰ্শনাৰ্থীজনে দেশখনত প্ৰৱেশ কৰাৰ সময়তেই ভিছাখন লোৱাটো প্ৰয়োজনীয়।
  • ইলেকট্ৰনিক ভিছা: ইলেকট্ৰনিক ভিছা বা ই-ভিছা ভ্ৰমণৰ পূৰ্বে ইণ্টাৰনেটৰ মাধ্যমেৰে আবেদন কৰিব পাৰি। এনে ভিছাক কম্পিউটাৰত সংৰক্ষণ কৰি থোৱা হয় আৰু ই নিৰ্দিষ্ট পাৰপত্ৰৰ সংখ্যাৰ লগত সংযুক্ত হৈ থাকে। আবেদনকাৰীজনে প্ৰয়োজন অনুসৰি ইয়াক ছপা কৰি ল'ব পাৰে বা ভ্ৰাম্যমাণ যন্ত্ৰত সংৰক্ষণ কৰি ৰাখিব পাৰে।

ভাৰতীয় ভিছা সম্পাদনা কৰক

ভাৰত চৰকাৰে বিদেশী নাগৰিকৰ বাবে বিভিন্ন প্ৰকাৰৰ ভাৰতীয় ভিছা জাৰি কৰে।[7] ভূটান আৰু নেপালৰ নাগৰিক ভাৰতৰ ভিছা-মুক্তভাৱে প্ৰৱেশ, বিচৰণ আৰু কাম-কাজ কৰিব পাৰে। মালদ্বীপৰ নাগৰিকে ৯০ দিনৰ বাবে ভাৰতত ভিছা-মুক্তভাৱে প্ৰৱেশ কৰিব পাৰে। জাপান, দক্ষিণ কোৰিয়া আৰু সংযুক্ত আৰৱ আমিৰাতৰ নাগৰিকে ভাৰতত আগমণৰ সময়ত ভিছা ল'ব পাৰে।

ভাৰতে প্ৰদান কৰা বিভিন্ন প্ৰকাৰৰ ভিছাসমূহ হৈছে:

 
ভাৰতে জাৰি কৰা পৰ্যটক ভিছা
  • পৰিবহণ ভিছা: ভাৰতৰ মাজেৰে কোনো অন্য দেশলৈ ভ্ৰমণ কৰা যিকোনো দুজন বিদেশীক একেলগে পৰিবহণ ভিছা বা ভ্ৰমণ ভিছা প্ৰদান কৰা হয়। এই ভিছাৰ বৈধতা কেৱল ১৫ দিন। কিন্তু আবেদনকাৰীৰ লগত ভাৰত হৈ যোৱা যিকোনো গন্তব্যস্থানৰ বাবে বিমান টিকট থকাটো বাঞ্ছনীয়।
  • প্ৰৱেশ ভিছা: ভাৰতীয় মূলৰ যিকোনো নাগৰিকে প্ৰৱেশ ভিছাৰ বাবে অবেদন কৰিব পাৰে। তদুপৰি, ভাৰতীয় নাগৰিকত্ব থকা কোনো লোকৰ পত্নী বা সন্তান বিদেশত থাকিলে আৰু পৰ্যটন/পৰিবহণ ভিছাৰ বাদে বেলেগ ভিছা থকা যিকোনো বিদেশী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে এই ভিছা প্ৰযোজ্য।
  • পৰ্যটক ভিছা: ভাৰতত বসবাস নকৰা বা ভাৰতত কোনো ধৰণৰ চাকৰি নকৰা বিদেশীসকলৰ বাবে, যিয়ে কেৱল বিনোদন, ঠাই ভ্ৰমণ, বন্ধু-বান্ধৱক দেখা কৰিবলৈ ভাৰতলৈ আহিব খোজে, তেওঁলোকৰ বাবে এই ভিছা প্ৰদান কৰা হয়।
  • চাকৰি ভিছা: কৰ্মসংস্থান ভিছা বা চাকৰি ভিছা একোজন দক্ষ, কুশল আৰু ভাৰতৰ যিকোনো সংস্থা, প্ৰতিষ্ঠানৰ হৈতে জড়িত, তেওঁলোকক এবছৰৰ বাবে প্ৰদান কৰা হয়।
  • প্ৰকল্প ভিছা: কৰ্মসংস্থান ভিছাৰ এক শ্ৰেণী হৈছে প্ৰজেক্ট ভিছা। ষ্টীল তথা শক্তি ক্ষেত্ৰৰ প্ৰকল্পত বৰ্তি থকা কোনো বিদেশীৰ বাবে এই ভিছা প্ৰদান কৰা হয়।
  • শিক্ষাৰ্থী ভিছা: কোনো এক স্বীকৃত প্ৰতিষ্ঠানৰ নিয়মিত শিক্ষাগ্ৰহণৰ বাবে অথবা গৱেষণাৰ উদ্দেশ্যে ভাৰতলৈ আহিব খোজা বিদেশী নাগৰিক এজনক পাঁচ বছৰৰ বাবে শিক্ষাৰ্থী ভিছা প্ৰদান কৰা হয়।
  • সাংবাদিক ভিছা: গণমাধ্যম বা সাংবাদিক বিভাগৰ কোনো সাংবাদিক, চলচ্চিত্ৰৰ লগত জড়িত ব্যক্তি, ৰেডিঅ' তথা টেলিভিছন মাধ্যমৰ কোনো লোকক সৰ্বাধিক ছয় মাহৰ বাবে সাংবাদিক ভিছা প্ৰদান কৰা হয়।
  • ব্যৱসায়িক ভিছা: শিল্প বা ব্যৱসায়, উদ্যোগ আদিৰ স্থাপনৰ সম্ভাৱনীয়তাৰ বিষয় সম্বন্ধে বা বাণিজ্যিক বা শিল্প জাতীয় পণ্য বিক্ৰী কৰিব খোজা বিদেশীসকলৰ বাবে পাঁচ বছৰৰ বাবে ব্যৱসায়িক ভিছা প্ৰদান কৰা হয়।
  • মিছনাৰী ভিছা: ভাৰতলৈ উভতি নহা অনা-আপত্তি প্ৰমাণ-পত্ৰ বহন নকৰা যিকোনো মিছনাৰী বিদেশীৰ বাবে সংশ্লিষ্ট মন্ত্ৰালয় বা বিভাগৰ অনুমতি ক্ৰমে মিছনাৰী ভিছা প্ৰদান কৰা হয়।
  • পৰ্বতাৰোহণ ভিছা: পৰ্বতাৰোহী বিদেশীসকলৰ বাবে সংশ্লিষ্ট বিভাগৰ অনুমোদন পোৱাৰ পিছত পৰ্বতাৰোহণ ভিছা প্ৰদান কৰা হয়।
  • চেমিনাৰ ভিছা: চৰকাৰী সংস্থা, সহায়কাৰী সংস্থাৰ উদ্যোগত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সন্মিলন, চেমিনাৰ ইত্যাদিত ভাগ ল'বৰ বাবে এই ভিছা প্ৰদান কৰা হয়।
  • গৱেষণা ভিছা: গৱেষণা প্ৰতিষ্ঠানৰ স্বীকৃতি বা খ্যাতি আৰু আবেদনকাৰীৰ যোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰি সৰ্বাধিক ৩ বছৰৰ বাবে এই ভিছা প্ৰদান কৰা যাব পাৰে।
  • চিকিৎসা বা চিকিৎসক ভিছা: ভাৰতবৰ্ষত থকা চিকিৎসালয়ত ভৰ্তি কৰাবৰ বাবে বা কোনো এজন বিদেশী চিকিৎসকক ভাৰ্ত গমণ কৰাবৰ বাবে সম্পূৰ্ণ এক বছৰৰ বাবে চিকিৎসা ভিছা প্ৰদান কৰা হয়।
  • সৰ্বজনীন ভিছা: সৰ্বজনীন ভিছা এক দীৰ্ঘকালীন ভিছা, যাক স্বয়ং গৃহ মন্ত্ৰালয়ে চিটিজেঞ্চ অফ ইণ্ডিয়া (চিঅ'আই) বহনকাৰী বিদেশীক প্ৰদান কৰে।
  • কূটনৈতিক বা চৰকাৰী বা ইউএন চৰকাৰী ভিছা: কূটনীতিবিদ, নিজৰ দেশৰ অভিযানৰ বাবে নিযুক্ত বিষয়া, ভাৰতত নিযুক্ত থকা বিদেশী, ৰাষ্ট্ৰসংঘ বা ভাৰতত থকা কোনো আন্তঃৰাষ্ট্ৰীয় সংস্থাত নিযুক্ত পাৰপত্ৰ ধাৰীৰ আৰু লগতে তেওঁলোকৰ পৰিয়ালৰ কোনোৱে ধাৰণ কৰা যিকোনো পাৰপত্ৰৰ বিপৰীতে প্ৰদান কৰা ভিছাই হৈছে কূটনৈতিক ভিছা।

বিদেশীসকলক প্ৰদান কৰা ভিছাসমূহ দেশখনৰ সকলো অঞ্চলতে প্ৰযোজ্য নহয়। কিছু সুৰক্ষিত অঞ্চলৰ বাবে আন এখন সুৰক্ষিত এলেকাৰ পাৰ্মিটৰ প্ৰয়োজন হয়। এই পাৰ্মিট ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰদান কৰা হয়। পাকিস্তানৰ নাগৰিক আৰু পাকিস্তানী মূলৰ বিদেশীক সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি প্ৰদানৰ পাছতেহে ভিছা প্ৰদান কৰা হয় আৰু ভাৰত প্ৰৱেশ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত কৰ্তৃপক্ষৰ ওচৰত তেওঁলোকে ভিছাৰ পঞ্জীয়ন কৰাটো বাধ্যতামূলক। এবাৰত কেৱল এজন চীনৰ নাগৰিকৰবাবে তিনি মাহৰ বাবে বৈধ থকা পৰ্যটক ভিছা আৰু ব্যৱসায়িক ভিছা প্ৰদান কৰা হয়। তদুপৰি এই ভিছাৰ বৈধতা গৃহ মন্ত্ৰালয়ৰ দ্বাৰা আৰু তিনি মাহলৈ বৃদ্ধি কৰিব পৰা যায়। বিদ্যমান দ্বিপাক্ষীয় চুক্তি বা ব্যৱস্থাৰ ওপৰত বিবেচনা কৰি আফগানিস্তান, আৰ্জেণ্টিনা, বাংলাদেশ, দক্ষিণ কোৰিয়া, জামাইকা, মালদ্বীপ, মৰিছাছ, দক্ষিণ আফ্ৰিকা আৰু উৰুগুৱে দেশৰ নাগৰিকৰ বাবে ভাৰতে বিনামূলীয়া ভিছা প্ৰদান কৰে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক