ভূটানৰ ফেলাছ চিত্ৰবোৰ একোটা উত্থিত গুপ্তাংগৰ চিহ্ন। ইয়াৰ উৎপত্তি হয় ভূটানৰ পূৰ্বৰ ৰাজধানী পুনাখাৰ ওচৰৰ চিমি লাখাং মঠত। [উদ্ধৃতিৰ প্ৰয়োজন] এই মঠটো ১৫-১৬ শতিকাৰ লামা দ্ৰুকপা কুনলীৰ সোঁৱৰণত নিৰ্মাণ কৰা হৈছিল। তেওঁ তেওঁৰৰ অপ্ৰচলিত শিক্ষাদান পদ্ধতিৰ বাবে "উন্মাদ সন্ত" (nyönpa) বা "ডিভাইন মেডমেন" হিচাপে জনপ্ৰিয় আছিল।[1]কুনলীৰ এই পদ্ধতি উদ্ভট আৰু আচৰিত ধৰণৰ আছিল। এই স্পষ্ট চিত্ৰসমূহক দেশৰ নগৰবাসীয়ে লজ্জাজনক বুলি অনুভৱ কৰাৰ পৰিপ্ৰেক্ষিতত তথা ভূটানৰ নগৰীয় কেন্দ্ৰসমূহত মানৱ শৰীৰ আৰু যৌনতাক লজ্জিত কৰণৰ আধুনিক পশ্চিম আব্ৰাহামিক সাংস্কৃতিক নিয়ম সমূহ বিয়পি পৰাৰ হেতু নগৰীয় কেন্দ্ৰসমূহত লোক সংস্কৃতিৰ এই প্ৰকাৰটো বৰ্তমান অনানুষ্ঠানিকভাৱে নিৰুৎসাহিত হৈ পৰিছে।[2] [3]

ভূটানৰ এটা ঘৰৰ দেৱালত অংকন কৰা ফেলাছ চিহ্ন।

অৱশ্যে সমগ্ৰ ভূটানত, বিশেষকৈ গাওঁবোৰত ঘৰ আৰু অট্টালিকাৰ দেৱালত বৰ্তমানো ফেলাছ চিত্ৰ দেখা যায়। এই চিত্ৰসমূহ কুনলীৰ সৃষ্টি হিচাপে তেওঁক কৃতিত্ব দিয়া হয়। [4][5] পৰম্পৰাগতভাৱে ভূটানৰ এই উত্থিত লিঙ্গৰ প্ৰতীকবোৰৰ উদ্দেশ্য হৈছে মানুহৰ কোপ দৃষ্টি আৰু বিদ্বেষপূৰ্ণ কথা-বতৰা নোহোৱা কৰা।[6] ফেলিক চিহ্নবোৰ সাধাৰণতে ৰাজহুৱা মন্দিৰ আৰু ডিজঙত অংকন কৰা নহয়। এইবোৰ হৈছে উপাসনাস্থলী য'ত ব্ৰহ্মচাৰী জীৱনশৈলী গ্ৰহণ কৰা লামা বা বৌদ্ধ ভিক্ষু আৰু সন্ন্যাসীসকলে বাস কৰে। অৱশ্যে, গ্ৰাম্য আৰু সাধাৰণ ঘৰবোৰত সেই শৈলী প্ৰদৰ্শন আৰু চৰ্চা অব্যাহত আছে।[7]

প্ৰতীকী ফেলাছৰ উৎপত্তিৰ দিশেৰে ভূটানৰ জনপ্ৰিয় সন্ত দ্ৰুকপা কুনলীকে (১৪৫৫-১৫২৯) উত্তৰাধিকাৰী হিচাপে জনা যায়।[8] কুনলীয়ে তিব্বতৰ পৰা ভূটানলৈ প্ৰব্ৰজন কৰিছিল। তেওঁ তিব্বতৰ ৰালুং মঠত প্ৰশিক্ষণ লৈছিল। তেওঁ পেমা লিংপাৰ শিষ্য আছিল। তেওঁক এজন উন্মাদ সাধু বুলি জনা গৈছিল, যি প্ৰায়ে ভূটানত ব্যাপকভাৱে ভ্ৰমণ কৰি ফুৰিছিল। তেওঁ মহিলা আৰু সুৰাৰ অনুৰাগী আছিল। এইজনা সন্তই বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে গ্ৰহণকৰা পদ্ধতি নিন্দনীয় আৰু অপ্ৰচলিত উপায় হিচাপে বিবেচিত হৈছিল। তেওঁৰ যৌন কাৰ্য্যকলাপত তেওঁৰ আয়োজক আৰু প্ৰচাৰকসকল অন্তৰ্ভুক্ত আছিল। তেওঁ সাধাৰণতে যিকোনো সামাজিক সন্মিলনৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত আছিল আৰু নিজকে "কিশোড্ৰুকৰৰ পগলা" বুলি অভিহিত কৰিছিল।

দ্ৰুকপা কুনলীৰ উদ্দেশ্য আছিল পাদ্ৰীসকলক আচৰিত কৰি তোলা, যিসকলে তেওঁলোকৰ আচৰণ আৰু বৌদ্ধ ধৰ্মৰ শিক্ষাত উচ্ছল আৰু প্ৰৱঞ্চনা কৰিছিল। অৱশ্যে, তেওঁৰ উপায়বোৰে চিকিৎসকসকলক আকৰ্ষিত কৰিছিল। তেওঁহে দেৱালত ফেলাছ অংকন কৰা আৰু ঘৰৰ চালৰ ওপৰৰ পৰা উৰন্ত ফেলাছ উৰুৱাই অশুভ আত্মাক আঁতৰাই নিয়া আৰু প্ৰেত আদিক বশ কৰাৰ কিংবদন্তী প্ৰচাৰ কৰিছিল।[9] তেওঁক "উৰ্বৰতাৰ সাধু" বুলিও কোৱা হয়, সেয়ে তেওঁ নিৰ্মাণ কৰা মঠ চিমি লাখাংকেলৈ কেৱল ভূটানৰ মহিলাই নহয়, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাপানৰ লোকসকলেও ভ্ৰমণ কৰে।

ৰঙৰ ধৰণ অনুসৰি কুনলীৰ গুপ্তাংগটোক "জ্বলন্ত জ্ঞানৰ বজ্ৰ" বুলি কোৱা হয়। কোৱা হয় যে তেওঁ "সম্ভৱতঃ পৃথিৱীৰ বিভিন্ন ধৰ্ম সমূহৰ ভিতৰত একমাত্ৰ সাধু যাক প্ৰায় একচেটিয়াভাৱে ফেলাছ আৰু ইয়াৰ সৃষ্টিশীল শক্তিৰ সৈতে চিনাক্ত কৰা হৈছে।" এই কাৰণেই তেওঁৰ ফেলাছ, প্ৰতীক হিচাপে, ঘৰৰ দেৱালৰ চিত্ৰ হিচাপে অংকন কৰা হয়, ইয়াৰোপৰি থাংকা চিত্ৰ শৈলীত তেওঁক তেওঁৰ "লিঙ্গৰ অগ্ৰ অংশৰে কাঠৰ লাঠি" ধৰি থকা স্বৰূপত অংকন কৰা হয়।[10]

 
চিমি লাখাঙ মঠ

এই সন্তজন চিমি লাখাঙৰ ওচৰৰ লোবেচা নামৰ ঠাইত বাস কৰিছিল। জনশ্ৰুতি অনুসৰি, তেওঁ দুষ্ট শক্তিবোৰক তেওঁৰ লিঙ্গৰ আঘাতেৰে পৰাজিত কৰি (বা তেওঁলোকৰ সৈতে সহবাস কৰিছিল) তেওঁলোকক সুৰক্ষামূলক দেৱতালৈ পৰিৱৰ্তন কৰিছিল।[4][11] পাহাৰৰ ওপৰৰ চিমি লাখাং তেওঁৰ সম্পৰ্কীয় এজন ভাতৃয়ে এইজন সাধুৰ সন্মানত নিৰ্মাণ কৰিছিল (এই পাহাৰটোক কুনলীয়ে "মহিলাৰ স্তন" বুলি কৈছিল)। ১৪৯৯ চনত এটা বৰ্গ পৰিকল্পনাৰ দ্বাৰা আৰু এটা সোণালী চূড়াৰে এই মঠটো নিৰ্মাণ কৰা হৈছিল। এই মঠটিলৈ অহাৰ বাটত থকা সকলো ঘৰত ফেলিক চিহ্ন অংকন কৰা হৈছিল।

মঠটোত এতিয়া কেইবাটাও কাঠৰ ফেলাছ আছে। এইসমূহৰ ভিতৰত ৰূপালী ধাৰকযুক্ত ফেলাছো আছে। এই ৰূপালী ফেলাছটো সাধুজনে তিব্বতৰ পৰা আনিছিল বুলি ধাৰণা কৰা হয়। মঠৰ বৰ্তমানৰ লামা সকলে এই ফেলাছটো প্ৰায়ে আশীৰ্বাদ হিচাপে সন্তান প্ৰাপ্তিৰ বাবে মহিলাসকলৰ মূৰত স্পৰ্শ কৰিবলৈ ব্যৱহাৰ কৰে। মঠটোত তেওঁৰ পোহনীয়া কুকুৰ চাচীৰ সৈতে লামা কুনলীৰ প্ৰতিমূৰ্তি এটাও আছে। ইয়াৰোপৰি নগাৱাং নামগিয়াল, গৌতম বুদ্ধ আৰু অবলোকিতেশ্বৰৰ প্ৰতিকৃতিয়ো সন্নিবিষ্ট কৰা আছে। লামা সকলৰ জৰিয়তে কাঠ আৰু হাড়ৰ ফেলাছেৰ সন্তান প্ৰাপ্তিৰ আশীৰ্বাদ বিচাৰি মহিলা সকল এই মঠলৈ আহে। জন্ম হোৱা বা জন্ম হ'ব লগীয়া সন্তানৰ নাম নিৰ্বাচনৰ বাবে ল'ৰা-ছোৱালীৰ বিভিন্ন নাম লিখি ৰখা বাঁহৰ কাঠি বাছনি কৰিবলৈয়ো এই মঠলৈ ভক্ত সকলৰ আগমন ঘটে। এই মঠত থকা বেদীৰ দৰে সৰু স্তূপটো কুনলীয়ে নিজেই নিৰ্মাণ কৰিছিল বুলি বিশ্বাস কৰা হয়। [4][11][12]

সামাজ বিজ্ঞানৰ গৱেষকসকলৰ দ্বাৰা এইবুলি যুক্তি দিয়া হয় যে- ফেলাছ হৈছে "আকাংক্ষাৰ সাংসাৰিক ভ্ৰম"ৰ এক প্ৰতীকী। ইয়াৰোপৰি এই ফেলাছক বন ধৰ্মৰ এনিমিষ্টসকলৰ শক্তি আৰু উৰ্বৰতাৰ প্ৰতীক হিচাপে বিবেচনা কৰা হয়। ফেলাছৰ প্ৰতিনিধিত্ব ভূটানৰ বৌদ্ধ ধৰ্মৰ সৈতে আৱদ্ধ হৈ পৰিছিল যদিও থাইলেণ্ড, বালি আৰু অন্যান্য সংস্কৃতিত একে ধৰণৰ ফেলিক চিত্ৰণ পোৱা যায়। [13]

 
ভূটানৰ থিম্ফুৰ এখন ৰেষ্টুৰেণ্টৰ পাকঘৰৰ দেৱালত অংকন কৰা ফেলাছ।

এনে ধৰণৰ প্ৰতীকে সৌভাগ্য কঢ়িয়াই আনে আৰু অশুভ আত্মাক আঁতৰাই ৰাখে বুলি যি বিশ্বাস, সেয়া ভূটানৰ সাধাৰণ লোকসকলৰ মানসিকতাত ইমানেই গভীৰ ভাৱে সোমাই আছে যে তেওঁলোকে এই চিহ্নবোৰ নিয়মীয়াকৈ নতুন ঘৰৰ দেৱালৰ বাহিৰত অংকন কৰাৰ উপৰি ট্ৰাকৰ নম্বৰ প্লেটতো অংকন কৰা দেখা যায়। খোদাই কৰা কাঠৰ ফেলাছবোৰ নতুন ঘৰৰ চাৰিটা কোণত ওলোমাই দিয়া হয়। [14]

কাঠৰ ফেলাছবোৰ কৃষিক্ষেত্ৰত শস্যবোৰ গজিবলৈ আৰম্ভ কৰাৰ সময়ত এক প্ৰকাৰৰ ছোঁ হিচাপে আঁৰি দিয়া হয়। ভূটানৰ বিভিন্ন মঠত প্ৰতি বছৰে অনুষ্ঠিত হোৱা জনপ্ৰিয় চেচু উৎসৱৰ সময়ত আতচাৰাসকলেও তেওঁলোকৰ শিৰোধানবোৰ ফেলাছ অংকন কৰা কাপোৰেৰে সজায়। এই জোকাৰসকলে তেওঁলোকৰ পবিত্ৰ চাবুক আৰু কাঠৰ ফালুছৰ সৈতেও নৃত্য কৰে।[11][15] পাৰো বিমানবন্দৰৰ পৰা থিম্পুলৈ যোৱা পদপথত ফেলাছৰ এই স্পষ্ট চিত্ৰবোৰ "ঘৰ, দোকান আৰু ভোজনালয়ৰ বগা ৰঙৰ দেৱাল" বোৰত অংকন কৰাটো এক সাধাৰণ দৃশ্য। [4]

চিমি লাখাঙ মঠৰ বৰ্তমানৰ লামা সকলে এই ৰূপালী ৰঙৰ ঠাৰি লগোৱা মুগাবৰণৰ ফেলাছ এটা প্ৰায়ে আশীৰ্বাদ হিচাপে সন্তান প্ৰাপ্তিৰ বাবে মহিলাসকলৰ মূৰত স্পৰ্শ কৰিবলৈ ব্যৱহাৰ কৰে। ইয়াৰোপৰি যি সকলৰ ঘৰৰ বেৰত এই চিহ্ন অংকন কৰা থাকে তেওঁলোকৰ পৰিয়ালৰ সদস্য সকলৰ মাজত গৃহকন্দল নালাগে বুলিও বিশ্বাস প্ৰচলিত আছে।[4][11][8]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Karma Choden (2014). Phallus: Crazy Wisdom from Bhutan. প্ৰকাশক Bhutan: ButterLamp Publishers. ISBN 978-9993691174. https://www.amazon.com/Phallus-Wisdom-Bhutan-Karma-Choden/dp/9993691178/। আহৰণ কৰা হৈছে: 24 February 2014. 
  2. "Religion and Sexuality: The Perversion of a Natural Marriage". Journal of Religion and Health Vol. 42, No. 2 (Summer, 2003), pp. 101-109. http://www.jstor.org/stable/27511667। আহৰণ কৰা হৈছে: 2021-11-16. 
  3. "The Decline of the Phallus". Bhutan Society. Archived from the original on 2011-07-25. https://web.archive.org/web/20110725070109/http://www.bhutansociety.org/newsletter/41.pdf। আহৰণ কৰা হৈছে: 2010-08-10. 
  4. 4.0 4.1 4.2 4.3 4.4 "Bhutan's phalluses warn off evil". British Broadcasting Corporation. 2005-03-25. http://news.bbc.co.uk/2/hi/south_asia/4381893.stm। আহৰণ কৰা হৈছে: 2010-08-09. 
  5. Brown, Lindsey; Bradley Mayhew; Stan Armington; Richard Whitecross (2009). Bhutan. Penguin. পৃষ্ঠা. 78. ISBN 1-74059-529-7. https://books.google.com/books?id=s-L8NUlW_QgC&printsec=frontcover। আহৰণ কৰা হৈছে: 2010-08-09. 
  6. Aris, Michael, Hutt, Michael (1994). Bhutan: aspects of culture and development. Issue 5 of Kiscadale Asia research series, Kiscadale. ISBN 1-870838-17-3. 
  7. "The decline of the phallus". Bhutan Observer. 2009-09-06. Archived from the original on 2010-08-08. https://web.archive.org/web/20100808015906/http://www.bhutanobserver.bt/2009/readers-voices/09/the-decline-of-the-phallus.html। আহৰণ কৰা হৈছে: 2010-08-09. 
  8. 8.0 8.1 Brown, p.79
  9. Brown, p.136
  10. Winer, Jerome A.; James William Anderson (2003). Psychoanalysis and history. Routledge. পৃষ্ঠা. 200–201. ISBN 0-88163-399-2. https://books.google.com/books?id=E3mR8TSnnIwC&pg=PA201&dq=Phallic+paintings+in+Bhutan&hl=en&ei=7l9eTLq4NseqcbvtldsO&sa=X&oi=book_result&ct=result&resnum=1&ved=0CDEQ6AEwAA#v=onepage&q&f=false। আহৰণ কৰা হৈছে: 2010-08-09. 
  11. 11.0 11.1 11.2 11.3 "Arts and Crafts of Bhutan". The Phallus : an arcane symbol. Keys to Bhutan. Archived from the original on 2013-01-27. https://archive.is/20130127022531/http://www.keystobhutan.com/bhutan/bhutan_art_phallus.php। আহৰণ কৰা হৈছে: 2010-08-09. 
  12. Brown, p.145
  13. Linda York Leaming (2010-02-25). "Married to Bhutan". Dragon and Phallus. Archived from the original on 2010-06-08. https://web.archive.org/web/20100608073126/http://www.marriedtobhutan.com/2010/02/dragon-and-phallus.html. 
  14. Brown, p.144
  15. Brown, p.13