ভোলা গছ
ভোলা গছ (ইংৰাজী: Marking nut or Dhobi nut) বৈজ্ঞানিক নাম - Semecarpus anacardium, পৰিয়াল - Anacardiaceae ৷ ভাৰতৰ বিভিন্ন স্থানীয় ভাষাত ইয়াক ভালকাটা,ভিলৱা আদি নামেৰে জনা যায়৷ এবিধ ঔষধি গুণসম্পন্ন উদ্ভিদ৷ ভোলা গছৰ গুটি প্ৰাচীন কালৰপৰাই বিভিন্ন চিকিৎসাত ব্যৱসাৰ হৈ আহিছে৷ অসমৰ যোৰহাট জিলাৰ হোলোঙা চাপৰি আৰু শিৱসাগৰজিলাত কিছু ভোলা গছ দেখা যায়৷ [1]
ভোলা গছ | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Sapindales |
পৰিয়াল: | Anacardiaceae |
গণ: | Semecarpus |
প্ৰজাতি: | S. anacardium |
বৈজ্ঞানিক নাম | |
Semecarpus anacardium L.f. |
উৎপত্তি স্থল
সম্পাদনা কৰকভাৰতবৰ্ষৰ হিমালয়ৰ পাদদেশ,মধ্য ভাৰত আৰু বিষুৱীয় অঞ্চলত এই গছবিধ পোৱা যায়৷
ঔষধি গুণ
সম্পাদনা কৰকপ্ৰাচীন আয়ুৰ্বেদ শাস্ত্ৰই কোৱাৰ ধৰণেই আধুনিক বিজ্ঞানেও ভোলা গুটিৰ বিভিন্ন ঔষধি গুণৰ কথা প্ৰনাণ কৰি দেখুৱাইছে৷ বিজ্ঞানীসকলে এন্দুৰৰ ওপৰত কৰা পৰীক্ষাৰদ্বাৰা ভোলা গুটিৰ কৰ্কট ৰোগ নিৰাময়ৰ ক্ষমতা থকাৰ কথাও নিশ্চিত কৰিছে৷ তদুপৰি স্নায়ুৰ অসুখ,বাতবিষ,মধুমেহ আদি ৰোগ নিৰাময়ৰ বাবেও ভোলা গুটিৰপৰা আহৰণ কৰা ঔষধবোৰ ফলপ্ৰসূ বুলি জানিব পৰা গৈছে৷ [1]
গুটিৰ ব্যৱহাৰ
সম্পাদনা কৰকভোলা গছৰ গুটি প্ৰাচীন কালৰপৰাই বিভিন্ন চিকিৎসাত ব্যৱহাৰ হৈ আহিছে৷ ছালৰ ৰোগ,টিউমাৰ,জ্বৰ ,মহিলাৰ বিভিন্ন ৰোগ,অন্ত্ৰৰ বিকাৰ,বাতবিষ,হৃদৰোগ ইত্যাদিত ইয়াৰ ব্যৱহাৰৰ কথা পোৱা যায়৷ কিন্তু শোধন নকৰাকৈ ব্যৱহাৰ কৰিলে ইয়াৰপৰা বিভিন্ন পাৰ্শ্বক্ৰিয়া হ'ব পাৰে৷ সেইবাবে ইয়াক এবিধ বিশেষ পদ্ধতিৰে শোধন কৰাৰ পাছতহে ব্যৱহাৰ কৰা হৈছিল৷ আয়ুৰ্বেদত উল্লেখ থকা এই পদ্ধতি অনুসৰি কেৱল পানীত ডুবি যোৱা গুটিবিলাকহে ব্যৱহাৰৰ বাবে লোৱা হৈছিল৷ গুটিবোৰ ভাঙি তাৰ লগত ইটাগুৰি মিহলাই এটা দিন থৈ দিয়া হৈছিল৷ পাছদিনা সেইবিলাক পানীৰে ধুই ৩ - ৪ বাৰ উতলাই,ভালদৰে শুকুৱাই,গুৰি কৰি ঔষধ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল৷ কিন্তু আধুনিক বিজ্ঞানৰ গৱেষণাই প্ৰমান কৰিছে যে এই পদ্ধতিৰে গুটিবিলাক কিছু পৰিমাণে শোধন কৰিব পাৰি যদিও সম্পূৰ্ণৰূপে বিষাক্ত পদাৰ্থবোৰ আঁতৰ কৰাৰ ক্ষেত্ৰত ই সিমান ফলপ্ৰসূ নহয়৷ তাৰ সলনি হেক্সেন (Hexane) নামৰ দ্ৰব্যবিধেৰে ধুই ইয়াৰপৰা বিষাক্ত তেলেতীয়া পদাৰ্থবোৰ আঁতৰ কৰিব পাৰি৷ এইদৰে শোধন কৰাৰ পাছত ইথালনৰ সহায়ত ঔষধি গুণসম্পন্ন যৌগবোৰ নিষ্কাসন কৰিব পাৰি৷ গৱেষণাৰপৰা জনা গৈছে যে হেক্সেনৰ লগত ওলাই অহা দ্ৰব্যবোৰে আমাৰ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক মুক্ত মূলকবোৰ (Free radicals) প্ৰস্তুত কৰে৷ আনহাতে ইথালনৰ লগত ওলাই অহা দ্ৰব্যবোৰে আকৌ মুক্ত মূলকবোৰক বাধা দিয়াত অৰিহণা যোগায়৷ ভোলা গছৰ গুটিটোত কেইবাবিধো বাইফ্লেভনইড (Biflavonoid) থাকে৷ তেলেতীয়া অংশটোত কেইবাবিধো ফিন'লিক যৌগ (Phenolic compound) থাকে৷ ভোলা গছৰ গুটিৰপৰা এবিধ ক'লা ৰং ওলায়৷ এই ৰং ধোবাসকলে কাপোৰত দাগ দিয়াৰ বাবে ব্যৱহাৰ কৰে৷ সেইবাবে ইয়াক Marking nut বা Dhobi nut বুলি জনা যায়৷[1]