নাম
|
চমু টোকা
|
জি আই টেগ লাভ কৰা বৰ্ষ
|
জাতি/জনগোষ্ঠী
|
স্থান
|
তেজপুৰৰ লিচু
|
অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰত উৎপাদিত এবিধ ৰসযুক্ত ফল। তেজপুৰ লিচুৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে, বিশেষকৈ ইয়াৰ আকাৰ আৰু ইয়াত থকা কাৰ্বহাইড্ৰেটৰ মাত্ৰাই ইয়াক অন্য লিচুতকৈ পৃথক কৰি তুলিছে।
|
২০১৫ চনৰ ৩১ মাৰ্চ[1]
|
অসমীয়া
|
তেজপুৰ, অসম
|
অসমৰ কাৰ্বি-আংলং আদা
|
ই হৈছে অসমৰ কাৰ্বি আংলং জিলাত উৎপাদিত এবিধ মছলাজাতীয় উদ্ভিদ।
|
২০১৫ চনৰ ৩১ মাৰ্চ[2]
|
কাৰ্বি
|
কাৰ্বি আংলং, অসম
|
জহা চাউল
|
ঘাইকৈ অসমত উৎপাদন হোৱা এবিধ সুগন্ধি চাউল
|
২০১৭[3]
|
অসমীয়া
|
অসম
|
বোকা চাউল
|
বোকা চাউল নামনি অসমত উৎপাদিত হোৱা একপ্ৰকাৰৰ কোমল চাউল।
|
২০১৮[4]
|
অসমীয়া
|
অসম
|
চকোৱা চাউল
|
চকোৱা চাউল বা চকোৱা ধান অসমৰ বিভিন্ন ঠাইত উৎপাদিত এবিধ থলুৱা জাতৰ শালিধান। এই চাউলবিধত শৰ্কৰাৰ পৰিমাণ তুলনামূলকভাৱে কম থাকে।
|
২০১৯, ২৪ অক্টোবৰ[5]
|
অসমীয়া
|
অসম
|
অৰ্থডক্স টী
|
অসমত উৎপাদিত চাহপাত।
|
|
|
অসম
|
কাজি নেমু
|
এবিধ টেঙা জাতীয় ফল। ভিটামিন চি যুক্ত এই ফলবিধ বিভিন্ন ৰন্ধন প্ৰণালীত ব্যৱহাৰ হোৱাৰ লগতে ইয়াক কেঁচাকৈ বা চৰৱত তৈয়াৰ কৰি খোৱা হয়।
|
২০১৯
|
|
অসম
|
অসমীয়া জাপি
|
বাঁহেৰে তৈয়াৰী মূৰত পিন্ধা এবিধ টুপিৰ দৰে সামগ্ৰী।
|
|
|
অসম
|
আশাৰীকান্দিৰ পুতলা শিল্প
|
আশাৰীকান্দি অঞ্চলত তৈয়াৰী পাৰম্পৰিক মৃৎশিল্প। এই অঞ্চলৰ প্ৰায় ১০০ টা পৰিয়ালে পুতলা নিৰ্মাণ কৰি জীৱিকা নিৰ্বাহ কৰি আছে।
|
|
|
ধুবুৰী জিলা, অসম
|
অসমৰ কাঁহ শিল্প
|
অসমৰ সৰ্থেবাৰী অঞ্চলত হাতেৰে নিৰ্মিত কাঁহৰ সামগ্ৰী। বিবাহ, ধৰ্মীয় অনুষ্ঠান, উৎসৱ আদিৰ লগতে সাধাৰণতে ঘৰুৱাভাৱে ব্যৱহাৰৰ বাবে অসমত কাঁহেৰে নিৰ্মিত সামগ্ৰী ব্যৱহাৰ হয়।
|
|
অসমীয়া
|
সৰ্থেবাৰী, অসম
|
মাজুলীৰ মুখা শিল্প
|
বাঁহৰ কাঠিৰে তৈয়াৰ কৰি মাটিৰ লেপ দি প্ৰাকৃতিক ৰঙেৰে সজ্জিত এবিধ মুখ-বন্ধনী। ভাওনা আদিত ব্যৱহৃত এই সামগ্ৰীবিধ অসমৰ এক প্ৰাচীন লোককলা।
|
|
অসমীয়া
|
মাজুলী, অসম
|
জুডিমা
|
অসমৰ ডিমাছা সকলে চাউলৰপৰা প্ৰস্তুত কৰা এবিধ পাৰম্পৰিক সুৰা।
|
২০২১, ১৪ ছেপ্টেম্বৰ
|
ডিমাছা
|
অসম
|
গামোচা
|
ঘাইকৈ গা মুচিবৰ বাবে ব্যৱহৃত এবিধ পাতল বস্ত্ৰ।
|
২০২২, ১৩ ডিচেম্বৰ[6]
|
অসমীয়া
|
অসম
|
আৰনাই
|
অসমৰ বড়ো জনগোষ্ঠীয় লোকসকলে ব্যৱহাৰ কৰা এবিধ পৰম্পৰাগত বস্ত্ৰ।
|
২০২৪[7][8]
|
বড়ো জনগোষ্ঠী
|
অসম
|
জৌ গৈৰাণ
|
|
২০২৪[7][8]
|
বড়ো জনগোষ্ঠী
|
অসম
|
মাইব্ৰা
|
|
২০২৪[7][8]
|
বড়ো জনগোষ্ঠী
|
অসম
|
জৌ বিদৈ
|
|
২০২৪[7][8]
|
বড়ো জনগোষ্ঠী
|
অসম
|
জৌ গিচি
|
|
২০২৪[7][8]
|
বড়ো জনগোষ্ঠী
|
অসম
|
নামফা
|
শুকান মাছৰপৰা তৈয়াৰী এবিধ জনপ্ৰিয় খাদ্য।
|
২০২৪[7][8]
|
বড়ো জনগোষ্ঠী
|
অসম
|