মইনা (শিশু আলোচনী)

শিশু আলোচনী

মইনা অসমীয়া ভাষাৰ শিশু আলোচনী৷ একে নামৰ একাধিক শিশু আলোচনী ভিন ভিন সম্পাদকৰ সম্পাদনাত ভিন ভিন সময়ত প্ৰকাশ পায়৷

ৰঘুনাথ চৌধাৰী সম্পাদিত মইনা

সম্পাদনা কৰক

কবি ৰঘুনাথ চৌধাৰী সম্পাদিত অসমীয়া ভাষাৰ মাহেকীয়া শিশু আলোচনী মইনা ১৯২৩ চনত গুৱাহাটীৰ পৰা প্ৰকাশ পায়৷[1] ১৯২১ চনৰ অসহযোগ আন্দোলনত কাৰাবৰণ কৰি ওলাই আহি চৌধাৰীয়ে ল’ৰা-ছোৱালীৰ চৰিত্ৰ সংশোধন আৰু জ্ঞানৰ উৎকৰ্ষ লাভৰ উদ্দেশ্যে “মইনা’’ প্ৰকাশ কৰিছিল৷ কলকাতাৰ অৰুণোদই প্ৰেছত ছপা কৰা “মইনা’’ৰ প্ৰকাশক আছিল গজেন চন্দ্ৰ পাটোৱাৰী৷ এবছৰ প্ৰকাশ হোৱাৰ পিছত আলোচনীখন বন্ধ হৈ যায়৷[2]

মইনা পাৰিজাত ৰ মুখপত্ৰ মইনা

সম্পাদনা কৰক

অসমীয়া ভাষাৰ মইনা নামৰ এখন দুমহীয়া শিশু আলোচনী যোৰহাটৰ পৰা ১৯৬১ চনত প্ৰকাশিত হৈছিল৷ এইখন সদৌ অসম মইনা পাৰিজাতৰ মুখপত্ৰ৷ প্ৰকাশক আছিল হেমন্ত বৰদলৈ৷[3]

সূৰ্য্য কুমাৰ ভূঞা সম্পাদিত মইনা

সম্পাদনা কৰক

মইনা অসমীয়া ভাষাৰ শিশু আলোচনী৷ ১৯৭৯ চনত প্ৰকাশিত হৈছিল৷[1] আলোচনীখন তিনিমহীয়া আছিল৷ সম্পাদক সূৰ্য্য কুমাৰ ভূঞা৷ এইখন আন্তৰ্জাতিক শিশু বৰ্ষত প্ৰকাশিত হৈছিল৷ প্ৰকাশক আছিল, উত্তৰ লক্ষীমপুৰ জিলা মইনা পাৰিজাতৰ আলোচনী প্ৰকাশন সমিতিৰ হৈ অধ্যাপক বিশ্ব বৰুৱা৷[4]

আন এক তথ্যমতে মইনা পাৰিজাতৰ সভাপতি মহাদেৱ শৰ্মাৰ দ্বাৰাও মইনা নামৰ এখনি শিশু আলোচনী সংগঠনটোৰ মুখপত্ৰ হিচাপে প্ৰকাশিত হৈছিল৷[5]

জাহিদ চৌধুৰী সম্পাদিত মইনা নামৰ আন এখন শিশু আলোচনীও আছিল৷[1]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 "শিশু আলোচনী". https://xahitya.org/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A7%9F%E0%A6%BE-%E0%A6%B6%E0%A6%BF%E0%A6%B6%E0%A7%81-%E0%A6%86%E0%A6%B2%E0%A7%8B%E0%A6%9A%E0%A6%A8%E0%A7%80-%E0%A6%8F%E0%A6%9F%E0%A6%BF-%E0%A6%B8%E0%A6%AE/। আহৰণ কৰা হৈছে: 19 June 2024. 
  2. ফুকন, প্ৰসন্ন কুমাৰ (১৯৯৪). অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ. পৃষ্ঠা. ২৯২. 
  3. ফুকন, প্ৰসন্ন কুমাৰ (১৯৯৪). অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ. পৃষ্ঠা. ২৯৬. 
  4. ফুকন, প্ৰসন্ন কুমাৰ (১৯৯৪). অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ. পৃষ্ঠা. ৩০০. 
  5. বৰ্মন, শিৱনাথ (১৯৯২). মহাদেৱ শৰ্মা. বনলতা. পৃষ্ঠা. ১৮৪. ISBN 978-81-7339-428-7.