মখদুম শ্বাহদৌলা
মাখদুম শ্বাহ দৌলা (আৰবী: مخدوم شاه دولة, বঙালী: মখদূম শাহ দৌলা) বংগৰ এগৰাকী চুফী মুছলমান ব্যক্তিত্ব আছিল। মধ্যপ্ৰাচ্য, মধ্য এছিয়া আৰু দক্ষিণ এছিয়াৰ মাজত হোৱা পাৰস্পৰিক ক্ৰিয়াৰ দীৰ্ঘ ইতিহাসৰ অংশ ছিৰাজগঞ্জ জিলাত ইছলামৰ প্ৰসাৰৰ সৈতে তেওঁৰ সম্পৰ্ক আছে।[1]তেওঁৰ নামেৰে নামকৰণ কৰা অঞ্চল শ্বাহজাদপুৰ (অৰ্থাৎ ৰাজকুমাৰৰ নগৰ)ত তেওঁ শ্বহীদ হয়।[2]
মখদুম শ্বাহদৌলা শ্বহীদ | |
---|---|
শ্বাহ মখদুমৰ দৰগাহ | |
ব্যক্তিগত | |
জন্ম | ত্ৰয়োদশ শতিকা |
মৃত্যু | ১৩১৩ খ্ৰীষ্টাব্দ শ্বাহজাদপুৰ |
সমাধিস্থল | শ্বাহ মখদুম মাজাৰ, শ্বাহজাদপুৰ, ছিৰাজগঞ্জ জিলা, বাংলাদেশ |
ধৰ্ম | ইছলাম |
সংঘ | ছুন্নী ইছলাম |
বংশধৰ | মুৱাজ ইবনে জাবাল |
দৰ্শন | চুফীবাদ |
জ্যেষ্ঠ বিষয়বাব | |
অৱস্থান | শ্বাহজাদপুৰ |
প্ৰভাৱিত হয়
|
জীৱনী
সম্পাদনা কৰকমাখদুম শ্বাহ দৌলাহক য়েমেনত গৱৰ্ণৰ হিচাপে নিযুক্তি পোৱা ইছলামিক হজৰত মুহাম্মাদৰ সংগী মুয়াধ ইবনে জাবালৰ বংশধৰ বুলি কোৱা হয়। তেওঁৰ পিতৃৰ দুজন পুত্ৰ আৰু এগৰাকী কন্যা আছিল। মাখদুম শ্বাহ দৌলাহে চুফী ধৰ্মৰ প্ৰশিক্ষণ লাভ কৰিছিল আৰু পিতৃৰ অনুমতি সাপেক্ষে তেওঁ আন দেশ ভ্ৰমণ কৰি ইছলামৰ শিক্ষাৰ প্ৰচাৰৰ বাবে ৰাওনা হৈছিল। তেওঁৰ লগত তেওঁৰ ভগ্নী, তিনিজন ভতিজা (খোৱাজা কলন দনিশমণ্ড, খোৱাজা নুৰ আৰু খোৱাজা আনোৱাৰ), বাৰজন শিষ্য আৰু অন্যান্য অনুগামী আছিল। অৱশেষত তেওঁলোক বুখাৰা পালেগৈ। তাতেই তেওঁক জালালুদ্দিন সুৰখ-পোছ বুখাৰীয়ে আদৰণি জনায় আৰু তেওঁক এযোৰ ধূসৰ কপৌ উপহাৰ দিয়ে। তেওঁলোকে পূব দিশলৈ যাত্ৰা কৰি শেষত উত্তৰ বংগ পালেগৈ। এই অঞ্চলত বিক্ৰম কেশৰী নামেৰে এজন হিন্দু ৰজাৰ শাসন আছিল আৰু তেওঁৰ ভূখণ্ড বিহাৰলৈকে বিস্তৃত আছিল।[3] কেশৰীয়ে নিজৰ ৰাজ্যত ইছলামৰ প্ৰচাৰত সন্তুষ্ট নাছিল। দুয়োপক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয়, য’ত মখদুম শ্বাহ দৌলাক ৰাজা বিক্ৰম কেশৰীয়ে ফাঁচী দিয়ে আৰু তেওঁৰ অধিকাংশ শিষ্য শ্বহীদ হয়। পিছলৈ কেশৰীয়ে মুছলমান সম্প্ৰদায়ৰ প্ৰতি কৰা শত্ৰুতাৰ বাবে অনুতাপ কৰি তেওঁলোকৰ মৃতকসকলক শ্বাহজাদপুৰ শ্বাহী মছজিদৰ ওচৰত সন্মান আৰু গাম্ভীৰ্যৰে সমাধিস্থ কৰে। [4]তেওঁৰ সন্মানত অঞ্চলটোৰ নাম শ্বাহজাদপুৰ (ৰাজকুমাৰৰ নগৰ) ৰখা হয়।[5]
উত্তৰাধিকাৰ
সম্পাদনা কৰকমাখদুম শ্বাহ দৌলাৰ সন্মানত ৰাজা বিক্ৰম কেশৰী অঞ্চলৰ নাম সলনি কৰি শ্বাহজাদপুৰ (ৰাজকুমাৰৰ নগৰ) ৰখা হয়।[6] তেওঁক এটা দৰগাহ চৌহদত সমাধিস্থ কৰা হৈছে। তেওঁৰ বহু অনুগামী যেনে: শ্বাহ ছামছুদ্দিন তবৰেজী, শ্বাহ মাহমুদ, শ্বাহ আহমদ, শ্বাহ খিংগাৰ, হাচিলা পীৰ, শ্বাহ আজমল আৰু শ্বাহ বদলাৰ কাষতে তেওঁক সমাধিস্থ কৰা হয়। সংঘাতত শ্বহীদ হোৱা আন লোকৰ বাবে আন এটা চৌহদ নিৰ্মাণ কৰা হৈছিল আৰু ইয়াক গঞ্জ-ই-ছাহিদান বুলি জনা যায়। মাখদুম শ্বাহ দৌলাৰ ভগ্নীয়ে ওচৰৰ নদীত নিজকে উটুৱাই দিছিল আৰু সেই অঞ্চলটো সতী বিবীৰ ঘাট বুলি চিনাক্ত কৰা হৈছে। পৰৱৰ্তী সময়ত বংগৰ মুছলমান শাসকসকলে শ্বাহজাদপুৰৰ দৰগাহ আৰু মছজিদৰ ৰক্ষণাবেক্ষণৰ বাবে ৭২২ বিঘা মাটি দান কৰিছিল আৰু সংঘাতৰ পৰা ৰক্ষা পোৱা খোৱাজা নুৰৰ বংশধৰক তাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল।[2]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Ismail, M (1989). Development of Sufism in Bengal (Doctoral dissertation). প্ৰকাশক Aligarh, India: Aligarh Muslim University. http://ir.amu.ac.in/4533/1/T%203918.pdf। আহৰণ কৰা হৈছে: 21 September 2018.
- ↑ 2.0 2.1 Abdul Karim (2012). "Makhdum Shah (R)". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 3 December 2024.
- ↑ Abdul Wali, Maulavi (1905). "On the antiquity and traditions of Shahzadpur". Proceedings of the Asiatic Society of Bengal: January to December, 1904 (Calcutta: The Asiatic Society): 2.
- ↑ Haq, Muhammad Enamul (bn ভাষাত). পূৰ্ব পাকিস্তান ইসলাম. পৃষ্ঠা. 240.
- ↑ Haq, Muhammad Enamul (bn ভাষাত). পূৰ্ব পাকিস্তান ইসলাম. পৃষ্ঠা. 240.