মনজিত কুমাৰ শ্বাহ
মনজিত কুমাৰ শ্বাহ বা মনজিত কাশ্যপ (ইংৰাজী: Manjit Kashyap; জন্মː১৩ জুন, ১৯৮৯) ক্ষুদ্ৰচিত্ৰ অংকনেৰে ২০ টাকৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপক এজন ভাৰতৰ সমকালিন চিত্ৰশিল্পী৷ চাউলৰ দানা বা সৰিয়হৰ গুটিত ক্ষুদ্ৰচিত্ৰ আঁকি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয়[উদ্ধৃতিৰ প্ৰয়োজন] পৰ্যায়ত স্বীকৃতি পোৱা তেওঁ প্ৰথম অসমীয়া চিত্ৰশিল্পী।
মনজিত কুমাৰ শ্বাহ | |
---|---|
জন্ম | ১৩ জুন, ১৯৮৯ মাকুম |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | চিত্ৰশিল্পী |
পিতৃ-মাতৃ | মনোজ কুমাৰ শ্বাহ (পিতৃ) গায়ত্ৰী দেৱী (মাতৃ) |
জন্ম আৰু শিক্ষা
সম্পাদনা কৰকতিনিচুকীয়া জিলাৰ মাকুমত ১৩ জুন, ১৯৮৯ত তেওঁৰ জন্ম হয় ৷ পিতৃৰ নাম মনোজ কুমাৰ শ্বাহ মাতৃৰ নাম গায়ত্ৰী দেৱী৷ তেওঁ বৰ্তমান “অসমৰ মুখাশিল্প”ৰ ওপৰত পি এইচ ডি গৱেষণাত কৰ্মৰত৷[কেতিয়া ?]
ব্যতিক্ৰমী প্ৰতিভা আৰু স্বীকৃতি
সম্পাদনা কৰকএকে সময়তে দুয়োখন হাত আৰু ভৰি একেলগে ব্যৱহাৰ কৰি অতি অলৌকিকভাৱে শ্বাহে ছবি আঁকিব পাৰে৷ তেওঁ এজন দ্ৰুততম চিত্ৰশিল্পী হিচাপে জনাজাত৷ তেওঁ এজন চেণ্ড আৰ্টিষ্টো৷ ইণ্ডিয়া প্ৰাউড এৱাৰ্ড, ইণ্ডিয়া আইকন এৱাৰ্ড, ইণ্ডিয়া শিক্ষা এৱাৰ্ড, প্ৰাগ নিউজ “পৰিচয় চিজনৰ” দ্বিতীয় বিজয়ীৰ খিতাপ এইদৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ বিভিন্ন বঁটাৰে সন্মানিত হৈছে৷[1]
অভিলেখ সমূহ
সম্পাদনা কৰক- এটা জেল পেনেৰে এটা হাঁহৰ কণীৰ ওপৰত ৪৪৩জন বিশ্ববিখ্যাত মনিষীৰ পৰ্ট্ৰেইট ৫ ঘন্টাত আঁকি ২০১২ চনত বিশ্ব ৰেকৰ্ড স্থাপন কৰে৷ [2]
- ৫ ঘন্টা ৪৫ মিনিটত এটা হাঁহৰ কণীৰ খোলাত মহাত্মা গান্ধীৰ ১৬১৫ টা প্ৰতিকৃতি আৰু এটা কুকুৰাৰ কণীৰ খোলাত ১৩৯০জন প্ৰসিদ্ধ ব্যক্তিৰ প্ৰতিকৃতি অংকন কৰি ২০১২ চনৰ নৱেম্বৰ মাহৰ ১০-১১ তাৰিখে ইণ্ডিয়া বুক অব ৰেকৰ্ডছত অভিলেখ গঢ়ে আৰু মিৰাকল ৱৰ্ল্ড ৰেকৰ্ডত বিশ্ব অভিলেখ গঢ়ে৷ লগতে ইণ্ডিয়া বুক অফ ৰেকৰ্ডচ, ইউনিক ৱৰ্ল্ড ৰেকৰ্ড, এচিষ্ট ৱৰ্ল্ড ৰেকৰ্ড, ৰেকৰ্ড হ’ল্ডাৰ ৰিপাব্লিক (ইউ এচ এ) ত অভিলেখ স্থাপন কৰে আৰু পূৰ্বৰ নিজৰে অভিলেখ ভংগ কৰে৷ [3]
- ৭ মি:মি দৈঘ্যৰ এটা চাউলৰ দানাৰ ওপৰত মহাত্মা গান্ধীৰ ২৬ টা প্ৰতিকৃতি ৩ মিনিট ৩৩ চেকেণ্ডত আঁকি ২০১৬ চনত ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ আৰু ইউনিক ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰে৷ [4]
- ২০১৭ চনৰ ২ জুনত ডেৰ চেণ্টিমিটাৰ জোখৰ চাউলৰ দানা এটাত ৰবীন্দ্ৰনাথৰ প্ৰতিকৃতিৰ সৈতে ৰাষ্ট্ৰীয় সংগীত ৪ মিনিট ১০ ছেকেণ্ডত খোদিত কৰি ইণ্ডিয়া বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰে৷[5] (৫) ২০১৮ চনৰ ২৩ ছেপ্টেম্বৰত প্ৰায় ১৪ মিনিটত ১৪টা সৰিয়হৰ বীজত স্বাধীন ভাৰতৰ ১৪ জন ৰাষ্ট্ৰপতিৰ ১৪খন প্ৰতিকৃতি অংকন কৰি অসম বুক অৱ ৰেকৰ্ডছ (এ বি আৰ)ত ৰাষ্ট্ৰীয় অভিলেখ গঢ়ে৷[6]
উল্লেখনীয় কৰ্মৰাজি
সম্পাদনা কৰকতেওঁ মাকুমৰ যশোদা দেৱী মেমৰিয়েল আৰ্ট আৰু যোগ স্কুলৰ প্ৰতিষ্ঠাপক অধ্যক্ষ৷ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ল’ৰা-ছোৱালীক বিনামূলীয়াকৈ ইয়াত ছবি অংকন কৰিবলৈ শিকোৱা হয়৷
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Pankaj Sarma (1 Aughust 2015). "For the record: Mahatmas". The Telegraph Online. https://www.telegraphindia.com/north-east/for-the-record-mahatmas/cid/1392447। আহৰণ কৰা হৈছে: 31 August 2024.
- ↑ "MOST PICTURES ON A EGG SHELLS". India Books of Records. https://indiabookofrecords.in/most-pictures-on-a-egg-shells/। আহৰণ কৰা হৈছে: 31 August 2024.
- ↑ https://miraclesworldrecords.com/Gallery/Details/135
- ↑ https://uniqueworldrecords.com/records/posts/most-portraits-on-a-single-rice-grain
- ↑ https://indiabookofrecords.in/rice-grain-with-inscribed-national-anthem-and-rabindranaths-portrait/
- ↑ https://www.assambookofrecords.in/article/MTIz/article.html