মাকুম
মাকুম (IPA: mɑːkəm) অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন নগৰ। 'মাকুম' শব্দটো চীনা শব্দৰ পৰা উৎপত্তি হোৱা যাৰ অৰ্থ "meeting point। " প্ৰকৃততে এই অঞ্চলতে অসমৰ তিনিখন প্ৰধান চহৰ তিনিচুকীয়া, ডিগবৈ আৰু ডুমডুমা লগ হোৱাৰ বাবে ইয়াৰ নাম মাকুম হৈ পৰে। তদুপৰি এই মাকুমতে ৩৭ আৰু ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ মিলিত হৈছে। ইয়াতে অৱস্থিত মাকুম ৰে'লৱে ষ্টেচন ভাৰতীয়া ৰেলৰ আটাইতকৈ পূবত অৱস্থিত ষ্টেচন।[1]
মাকুম | |
---|---|
— নগৰ — | |
ভৌগোলিক স্থানাংক: 27°30′N 95°27′E / 27.5°N 95.45°Eস্থানাংক: 27°30′N 95°27′E / 27.5°N 95.45°E | |
দেশ | ![]() |
ৰাজ্য | অসম |
জিলা | তিনিচুকীয়া জিলা |
উচ্চতা | ১২২ মিটাৰ (৪০০.২৬ ফুট) |
জনসংখ্যা (২০১১ চনৰ লোকপিয়ল) | |
- মুঠ | ১৬,৯২৩ জন |
ভাষা | |
- চৰকাৰী | অসমীয়া |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30) |
PIN | 786170 |
Telephone code | Police Station -03742345557 |
মাকুম ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।
ভৌগোলিক অৱস্থানসম্পাদনা কৰক
মাকুম ভৌগোলিকভাৱে 27°30′N 95°27′E / 27.5°N 95.45°E অৱস্থিত। এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ১২২ মিটাৰ (৪০০ ফুট)। এই টাউনখন তিনিচুকীয়াৰ পৰা ৭ কিমি পূবে অৱস্থিত। এই অঞ্চলটো দাঁতিকাষৰীয়া সৰু-বৰ ঠাইসমূহৰ সৈতে ঘাইপথ আৰু ৰে'লপথেৰে সংযোজিত হৈ আছে।
জন গাঁথনিসম্পাদনা কৰক
২০১১ চনৰ লোকপিয়ল অনুসৰি, মাকুমৰ মুঠ জনসংখ্যা ১৬,৯২৩ জন।[2] ইয়াৰে ৮,৭৭০জন পুৰুষ আৰু ৮,১৫৩ গৰাকী মহিলা। মাকুমৰ গড় সাক্ষৰতাৰ হাৰ ৭৯.২৫%। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথকভাৱে গড় সাক্ষৰতাৰ হাৰ হ'ল ৮৪.১৬% আৰু ৭৪.০৪%। মাকুমৰ জনসংখ্যাৰ ১১.৫৩% ছয় বছৰ বয়সৰ অনুৰ্ধৰ।
অৰ্থনীতিসম্পাদনা কৰক
মাকুম এখন উদ্যোগিক নগৰ। ইয়াত কেইবাটাও ডাঙৰ প্লাইউডৰ কাৰখানা আছিল যদিও বৰ্তমান প্ৰায়ভাগেই বন্ধ হৈ আছে। তদুপৰি মাকুমত ভালেসংখ্যক চাহ কাৰখানা আছে। অন্যন্য উদ্যোগসমূহ হ'ল, আটা, মম ইত্যাদি। মাকুম নগৰৰ আশে পাশে ভালসংখ্যক চাহ বাগান আছে।
শিক্ষাসম্পাদনা কৰক
মাকুমত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে। ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল-
বিদ্যালয়-
- Ganga Bishan Chowkhani উচ্চ মাধ্যমিক বিদ্যালয়
- গোপালকৃষ্ণ বালিকা বিদ্যালয়
- ৰে'লৱে বিদ্যালয়
- জাতীয় বিদ্যালয়
মহাবিদ্যালয়-
- মাকুম মহাবিদ্যালয়
অন্যান্য-
বনৰক্ষীৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান (Forest's guards training school)
চাইনা টাউনসম্পাদনা কৰক
মাকুম অঞ্চলটোত এসময়ত ১৮৩০ৰ দশকত চীনৰ পৰা অহা বহু লোকে বাস কৰিছিল। ১৯৬২ চনত চীন আৰু ভাৰতৰ যুদ্ধৰ সময়ত এই চাইনা টাউন বন্ধ কৰি দিয়া হয়। বৰ্তমান এই চাইনা টাউন (বৰ্তমানৰ চীনাপট্টি) ত স্থানীয় লোকে বসবাস কৰে যদিও বহুতো চীনা আৰ্হিৰ ঘৰ দেখিবলৈ পোৱা যায়। এই চীনা লোকসকলৰ অতীত আৰু বৰ্তমানক লৈ অসমীয়া লেখিকা ৰীতা চৌধুৰীয়ে 'মাকাম' নামৰ এখন গ্ৰন্থ ৰচনা কৰিছে।[3]
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ TI Trade (2010-06-17). "The Assam Tribune Online". Assamtribune.com. http://www.assamtribune.com/scripts/detailsnew.asp?id=jun1710/state07। আহৰণ কৰা হৈছে: 2012-09-30.
- ↑ "Makum Population Census 2011 - 2020". Census 2011Census 2011. https://www.census2011.co.in/data/town/801582-makum-assam.html। আহৰণ কৰা হৈছে: 6 May 2020.
- ↑ "India’s shame". The Telegraph - Calcutta (Kolkata). http://www.telegraphindia.com/1100418/jsp/7days/story_12351075.jsp। আহৰণ কৰা হৈছে: 2012-09-30.