কৰ্নেল মনোৰঞ্জন গোস্বামী ভাৰতীয় সেনাবাহিনীৰ এগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়া আৰু স্তম্ভলেখক৷ তেওঁ ভাৰতৰ প্ৰসিদ্ধ সাংবাদিক আৰু ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ পিতৃ ৷[1][2]

চমূ জীৱনী সম্পাদনা কৰক

ভাৰতীয় সেনা বাহিনীত মনোৰঞ্জন গোস্বামীয়ে কৰ্নেল পদবীত কাৰ্যনিৰ্বাহ কৰিছিল।

মনোৰঞ্জন গোস্বামী অসমভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক সদস্যসকলৰ অন্যতম আছিল৷ ১৯৫৮ চনত তেওঁ গুৱাহাটী লোকসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি কংগ্ৰেছৰ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাৰ হাতত পৰাস্ত হৈছিল।[3]

পৰৱৰ্ত্তী সময়ত সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ লৈ তেওঁ বিভিন্ন সামাজিক অনুষ্ঠানত জড়িত হৈ পৰে৷ ৰাজনৈতিক বিশ্লেষক আৰু লেখক হিচাপে গোস্বামী সুপৰিচিত আছিল৷ অসম সাহিত্য সভাই তেওঁক শতবৰ্ষীয় সন্মানেৰে বিভূষিত কৰিছিল৷[4]

দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পিছত ২০১৮ চনৰ ৯ নৱেম্বৰৰ পুৱতি নিশা ১২.৪৫ বজাত মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত মনোৰঞ্জন গোস্বামীয়ে শেষ নিশ্বাস ত্যাগ কৰে।[5]

তথ্যসূত্ৰ সম্পাদনা কৰক