মনোৰঞ্জন তালুকদাৰ (ইংৰাজী: Manoranjan Talukdar) ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ পৰা অসম বিধানসভালৈ ২০২১ চনত মনোনীত হোৱা এগৰাকী বিধায়ক। তেওঁ বৰপেটা জিলাৰ সৰভোগ সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছে।[1]

মনোৰঞ্জন তালুকদাৰ
অসম বিধানসভা
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২১ মে' ২০২১
পূৰ্বসূৰী ৰঞ্জিত কুমাৰ দাস
সমষ্টি সৰভোগ বিধানসভা সমষ্টি
ব্যক্তিগত তথ্য
ৰাজনৈতিক দল ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
বাসস্থান বৰপেটা, অসম
জীৱিকা ৰাজনীতিবিদ

জন্ম আৰু শিক্ষা সম্পাদনা কৰক

মনোৰঞ্জন তালুকদাৰৰ জন্ম হয় ১৯৫৪ চনত। তেওঁৰ পিতৃৰ নাম যাদৱ চন্দ্ৰ তালুকদাৰ। তেওঁ বাৰাণসীৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৫ চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।

ৰাজনৈতিক জীৱন সম্পাদনা কৰক

তেওঁ ২০১১ আৰু ২০১৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত ক্ৰমাগতভাৱে অৱত্তীৰ্ণ হৈছিল যদিও দুয়োবাৰেই পৰাস্ত হয়। ২০২১ চনৰ নিৰ্বাচনত তেওঁ পুনৰ প্ৰতিদ্বন্দ্বিতা কৰে। সৰভোগ সমষ্টিত ৬ এপ্ৰিল,২০২১ ত ভোট গ্ৰহণ হয় আৰু ২ মে' তাৰিখে ভোট গণনা হয়। মুঠ ভোটৰ ৫০%(৯৬,১৩৪ টা) ভোট লাভ কৰি তেওঁ নিকটতম পাৰ্থী শংকৰ চন্দ্ৰ দাসক পৰাস্ত কৰে।[2]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "MANORANJAN TALUKDAR (Winner)". https://myneta.info/Assam2021/candidate.php?candidate_id=724। আহৰণ কৰা হৈছে: 26 April 2022. 
  2. "SORBHOG ASSEMBLY ELECTION RESULTS 2021". https://www.oneindia.com/sorbhog-assembly-elections-as-40/। আহৰণ কৰা হৈছে: 26 April 2022.