মহ
মহ (ইংৰাজী: Mosquito) হৈছে কিউলিচিডি (ইংৰাজী: Culicidae) পৰিয়ালৰ অন্তৰ্গত কিছুমান সৰু সৰু পতংগ। বহু প্ৰজাতিৰ মাইকী মহবোৰ পৰজীৱী, যি বিভিন্ন জীৱৰ দেহৰ তেজ শোষণ কৰে। মতা মহবোৰে সাধাৰণতে উদ্ভিদৰ ৰস খায়। খাদ্য শোষণৰ বাবে মহৰ মুখত নলীকা সদৃশ শুং (ইংৰাজী: proboscis) থাকে। জাৰ্মান ভাযাত "সৰু মাখি" বুজাবলৈ "mosquito" (mosca আৰু প্ৰতিসৰ্গ ito লগলাগি গঠিত) শব্দটো ব্যৱহাৰ কৰা হয়।[2] অসংখ্য প্ৰজাতিৰ মহে বিভিন্ন জীৱ, প্ৰধানকৈ স্তন্যপায়ী, চৰাই, সৰীসৃপ, উভচৰ, আৰু আনকি কিছুমান মাছকে ধৰি বিভিন্ন মেৰুদণ্ডীৰ দেহৰ তেজ শোষণ কৰে। কিছুমান মহে অমেৰুদণ্ডীকো আক্ৰমন কৰে। সাধাৰণতে জীৱবোৰে মহে শোষণ কৰা তেজক প্ৰায়ে উপেক্ষা কৰে, মহৰ লালটিয়ে প্ৰায়ে খজুৱতিৰ সৃষ্টি কৰে আৰু ই ভীষণ আমনিদায়ক। আটাইতকৈ উদ্দেগজনক কথা হৈছে, বহু প্ৰজাতিৰ মহ, বিভিন্ন ৰোগৰ বাহক। মহে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ মেলেৰিয়া, জণ্ডিছ, ৱেষ্ট নাইল ভাইৰাছ, ডেংগি, ফাইলেৰিয়া আৰু অন্য বিভিন্ন সোঁচৰা ৰোগ বিয়পাব পাৰে। সেইবাবে মহক পৃথিৱীৰ হত্যাকাৰী জীৱবোৰৰ (deadliest animal) এটা বুলি গন্য কৰা হয়।[3][4]
মহ | |
---|---|
![]() | |
মাইকী Culiseta longiareolata | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Arthropoda |
শ্ৰেণী: | Insecta |
বৰ্গ: | Diptera |
উপবৰ্গ: | Nematocera |
অনুবৰ্গ: | Culicomorpha |
মহাপৰিয়াল: | Culicoidea |
পৰিয়াল: | Culicidae Meigen, ১৮১৮ [1] |
উপ-পৰিয়াল | |
Diversity | |
৪১ টা গণ |
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ Harbach, Ralph (November 2, 2008). "Family Culicidae Meigen, 1818". Mosquito Taxonomic Inventory. http://mosquito-taxonomic-inventory.info/family-culicidae-meigen-1818.
- ↑ Brown, Lesley (1993). The New shorter Oxford English dictionary on historical principles. প্ৰকাশক Oxford [Eng.]: Clarendon. ISBN 0-19-861271-0.
- ↑ "Mosquitoes of Michigan -Their Biology and Control". Michigan Mosquito Control Organization. 2013. http://www.mimosq.org/mosquitobiology/mosquitobiology.htm.
- ↑ http://www.gatesnotes.com/Health/Most-Lethal-Animal-Mosquito-Week