মহাত্মা গান্ধীৰ হত্যাকাণ্ড


১৯৪৮ চনৰ ৩০ জানুৱাৰীত নতুন দিল্লীৰ বিড়লা হাউছৰ প্ৰাংগনত (এতিয়া গান্ধী স্মৃতি) হত্যা কৰা হৈছিল। তেওঁৰ হত্যাকাৰী আছিল নাথুৰাম গডছে। নাথুৰাম গডছে হিন্দু ৰাষ্ট্ৰীয়তাবাদৰ অধিবক্তা, হিন্দু মহাসভাৰ সদস্য,[1] আৰু হিন্দু ৰাষ্ট্ৰীয়তাবাদী অৰ্ধ-স্বেচ্ছাসেৱী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) এজন পূৰ্বসদস্য আছিল।[2] গডছেই চিন্তা কৰিছিল যে ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত গান্ধীজীয়ে মুছলমানক যথেষ্ট সমৰ্থন কৰিছিল।[3][4][5] সাক্ষীসকলৰ মতে, গান্ধীয়ে ৫ বজালৈ ঘৰৰ পিছফালে লনৰ ওপৰলৈ উপনীত হয়। তেতিয়া তেওঁ প্ৰতি সন্ধিয়া সকলো ধৰ্মৰ প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰি আছিল। গান্ধীয়ে বেদি লৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰাৰ লগে লগে গডছে ভীৰৰ পৰা ওলাই আহি গান্ধীৰ সন্মুখত থিয় হয়, আৰু শূন্য পৰিসৰৰ পৰা গান্ধীৰ বুকুত আৰু পেটত তিনিটা গুলি নিক্ষেপ কৰে (অস্ত্ৰৰ পৰা নিক্ষেপিত গুলী ব্যক্তিজনক পোনপটীয়াকৈ আঘাত কৰিব পাৰে)।[6] গান্ধী মাটিত পৰি যায়। তেওঁক বিড়লা হাউছৰ পৰা তেওঁৰ ঘৰলৈ ঘূৰাই লৈ যোৱা হৈছিল, তাৰ কিছুসময়ৰ পিছত এজন প্ৰতিনিধি আহি তেওঁৰ মৃত্যুৰ কথা ঘোষণা কৰে।[7]

মহাত্মা গান্ধীৰ হত্যাকাণ্ড

নতুন দিল্লীৰ বিড়লা হাউছৰ (এতিয়া 'গান্ধী স্মৃতি') সেই স্থান, য’ত ১৯৪৮ চনৰ ৩০ জানুৱাৰীত মহাত্মা গান্ধীক সন্ধ্যা ৫:১৭.৩০ বজাত হত্যা কৰা হৈছিল।
স্থান নতুন দিল্লী, ভাৰত
তাৰিখ ৩০ জানুৱাৰী ১৯৪৮
১৭:১৭ (ভাৰতীয় মান সময়)
লক্ষ্য মোহনদাস কৰমচান্দ গান্ধী
অস্ত্ৰ বেৰেট্টা এম ১৯৩৪ আধা-স্বয়ংক্ৰিয় পিস্তল
নিহত ১ (গান্ধী)
আক্ৰমণকাৰী নাথুৰাম গডছে
ৰাজঘাট - স্মৃতিসৌধটো মহাত্মা গান্ধীৰ সমাধিস্থলত নিৰ্মিত
মহাত্মা গান্ধীৰ হত্যাকাণ্ডত জড়িত অভিযুক্ত: শঙ্কৰ কিস্তায়িয়া, গোপাল গডছে, মদনলাল পাওয়া,দিগম্বৰ ৰামচন্দ্ৰ বেঁজ, নাৰায়ণ আপ্তে, বিনায়ক দামোদৰ ছাভাকৰ, নাথুৰাম গডছে, বিষ্ণু ৰামকৃষ্ণ কাৰকাৰে

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Nash 1981, পৃষ্ঠা. 69.
  2. Hansen 1999, পৃষ্ঠা. 249.
  3. Cush, Denise; Robinson, Catherine; York, Michael (31 August 2013). Encyclopedia of Hinduism. Taylor & Francis. পৃষ্ঠা. 544. ISBN 978-0-7007-1267-0. https://books.google.com/books?id=i_T0HeWE-EAC&pg=PA544.  Quote: "The apotheosis of this contrast is the assassination of Gandhi in 1948 by a militant Nathuram Godse, on the basis of his 'weak' accommodationist approach towards the new state of Pakistan." (p. 544)
  4. Markovits 2004, পৃষ্ঠা. 57.
  5. Mallot 2012, পৃষ্ঠা. 75–76.
  6. Assassination of Mr Gandhi
  7. Stratton 1950, পৃষ্ঠা. 40–42.