তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (ইংৰাজী: Tinsukia Medical College & Hospital) অসমৰ তিনিচুকীয়া জিলাৰ মাকুমত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়।[2] ২০২৪ চনত চিকিৎসা মহাবিদ্যালয়খন কাৰ্যক্ষম হয়। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু অসম চিকিৎসা সঞ্চালকালয়ে মহাবিদ্যালয়খন পৰিচালনা কৰে। তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতি প্ৰাপ্ত আৰু শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। মহাবিদ্যালয়খনে ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ অনুমতি লাভ কৰে।[3] এইখন অসমৰ ১৩তম চৰকাৰী চিকিৎসা মহাবিদ্যালয়।[4]
তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় | |
---|---|
স্থাপিত | ২০২৪ |
ধৰণ | চিকিৎসা মহাবিদ্যালয় |
অধ্যক্ষ | ডাঃ ৰূপক কুমাৰ গগৈ[1] |
স্নাতক শিক্ষাৰ্থী | ১০০ |
স্থান | মাকুম, তিনিচুকীয়া জিলা, অসম, ভাৰত |
চৌহদ | উপ-চহৰাঞ্চল |
ভুক্তি | শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ |
ৱেবছাইট | tinsukiamedicalcollege |
ইতিহাস
সম্পাদনা কৰকঅসম চৰকাৰে তিনিচুকীয়া জিলাৰ মাকুমত এখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় নিৰ্মাণৰ সিদ্ধান্ত লয়। তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নিৰ্মাণৰ বাবে আনুষংগিক আন্তঃগাঁথনিৰ লগতে অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণৰ পৰা আনুমানিক প্ৰকল্প ব্যয়ৰ বাবে ৩৫০ কোটি টকা অনুমোদন দিয়া হৈছিল। ২০১৯ চনৰ ৭ জানুৱাৰী তাৰিখে অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিষ্ঠানটোৰ আধাৰশিলা স্থাপন কৰে।[5] ২০২৪ চনৰ ৯ মাৰ্চ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৰহাটৰ পৰা ভাৰ্ছুৱেল ভাবে মহাবিদ্যালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।[6] একে বছৰৰ ৬ জুলাই তাৰিখে মহাবিদ্যালয়খনে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ ১০০খন আসনৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অনুমতি লাভ কৰে।[7]
পাঠ্যক্ৰম
সম্পাদনা কৰক২০২৪-২৫ শিক্ষাবৰ্ষত মহাবিদ্যালয়খনে ১০০ গৰাকী চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ সৈতে শিক্ষাবৰ্ষ আৰম্ভ কৰাৰ অনুমতি লাভ কৰিছে।
অৱস্থান
সম্পাদনা কৰকতিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় অসমৰ তিনিচুকীয়া জিলাৰ মাকুম চহৰৰ লোহাৰী বঙালী গাঁৱত অৱস্থিত। ইয়াৰ নিকটৱৰ্তী মাকুম জংচন ৰেল ষ্টেচনৰ পৰা ই মাত্ৰ ৪ কিঃমিঃ আৰু ডিব্ৰুগড় বিমানবন্দৰৰ পৰা ৫০ কিঃমিঃ নিলগত অৱস্থিত। তিনিচুকীয়া চহৰৰ পৰা মহাবিদ্যালয়লৈ যাতায়াতৰ সু-ব্যৱস্থা আছে।
তথ্য উৎস
সম্পাদনা কৰক- ↑ "CM Himanta Biswa Sarma visits Tinsukia Medical College and Hospital" (en ভাষাত). The Sentinel. 3 December 2023. https://www.sentinelassam.com/amp/story/north-east-india-news/assam-news/cm-himanta-biswa-sarma-visits-tinsukia-medical-college-and-hospital-678895। আহৰণ কৰা হৈছে: 6 July 2024.
- ↑ "Assam: Dispur applies for permission to make Tinsukia Medical College operational from this year" (en ভাষাত). The Sentinel. 10 February 2024. https://www.sentinelassam.com/cities/guwahati-city/assam-dispur-applies-for-permission-to-make-tinsukia-medical-college-operational-from-this-year। আহৰণ কৰা হৈছে: 6 July 2024.
- ↑ "Assam: NMC recognises Tinsukia Medical College, adds 100 UG seats" (en ভাষাত). India Today. 6 July 2024. http://www.indiatodayne.in/assam/story/assam-nmc-recognises-tinsukia-medical-college-adds-100-ug-seats-1043702-2024-07-06। আহৰণ কৰা হৈছে: 6 July 2024.
- ↑ "Assam: Tinsukia Medical College Receives National Medical Commission Recognition" (en ভাষাত). The Sentinel. 6 July 2024. https://www.sentinelassam.com/north-east-india-news/assam-news/assam-tinsukia-medical-college-receives-national-medical-commission-recognition। আহৰণ কৰা হৈছে: 6 July 2024.
- ↑ "Foundation of Tinsukia Medical College laid" (en ভাষাত). The Assam Tribune. 7 January 2019. https://assamtribune.com/foundation-of-tinsukia-medical-college-laid। আহৰণ কৰা হৈছে: 6 July 2024.
- ↑ "PM Modi unveils development projects in Assam, accuses Congress of ignoring Northeast" (en ভাষাত). The Hindu. 9 March 2024. https://www.thehindu.com/news/national/pm-modi-unveils-development-projects-in-assam-accuses-congress-of-ignoring-northeast/article67931956.ece। আহৰণ কৰা হৈছে: 6 July 2024.
- ↑ "National Medical Commission recognises Tinsukia Medical College: Himanta" (en ভাষাত). PTI News. 11 July 2024. https://www.ptinews.com/story/national/national-medical-commission-recognises-tinsukia-medical-college-himanta/1636619। আহৰণ কৰা হৈছে: 12 July 2024.