মানস ৰবীন

অসমৰ কন্ঠশিল্পী আৰু সংগীত পৰিচালক

মানস ৰবীন (ইংৰাজী: Manas Robin) অসমৰ এজন আগশাৰীৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰু সংগীত পৰিচালক। মূলতঃ তেওঁ লোকসংগীত আৰু পপ সংগীত পৰিৱেশন কৰে। তেওঁ বহুতো জনপ্ৰিয় অসমীয়া বোলছবিৰ গীত, অসমীয়া থলুৱা লোক সংগীত আৰু বিহু সুৰীয়া গীতৰ এলবামত সংগীত পৰিচালনা কৰি অসমীয়া সংগীত জগতত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। তেওঁৰ অৱদান অসমীয়া সংগীত জগতত অনস্বীকাৰ্য্য।

মানস ৰবীন
জন্ম ৩ ডিচেম্বৰ, ১৯৭৬
শিৱসাগৰ, অসম, ভাৰত
সংগীতৰ প্ৰকাৰ নেপথ্য গায়ক, চলচ্চিত্ৰ সংগীত, বিহু
পেচা নেপথ্য গায়ক, সংগীত পৰিচালক, গীতিকাৰ, সংগীত ব্যৱস্থাপক, বাদ্যযন্ত্ৰী।
বাদ্যযন্ত্ৰ কী-বৰ্ড, গিটাৰ, তবলা, মেণ্ডোলিন, দগৰ, প্যাৰকাচন আদি।
কাৰ্যকাল ১৯৯৬ - বৰ্তমানলৈ
ৰেকৰ্ড লেবেল বিভিন্ন
ৱেবছাইট manasrobin.com

ব্যক্তিগত জীৱন সম্পাদনা কৰক

মানস ৰবীনৰ জন্ম হয় ১৯৭৬ চনৰ ৩ ডিচেম্বৰত শিৱসাগৰত। তেওঁৰ পিতৃৰ নাম আছিল ৰবীন্দ্ৰনাথ গগৈ আৰু মাতৃ আছিল তিলবালা দিহিঙীয়া। মানস ৰবীনৰ প্ৰকৃত নাম মানস জ্যোতি গগৈ। তেওঁৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় ২৩৩ নং নিমাইজান প্ৰাথমিক বিদ্যালয়ৰ পৰা। তাৰ পিছত তেখেতে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয়। উচ্চ শিক্ষা তেখেতে যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা গ্ৰহণ কৰে।

বৃত্তিগত জীৱন সম্পাদনা কৰক

মানস ৰবীনে সংগীতৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰে ১৯৯৫ চনত মুউজিক মেকাৰ্চৰ বেনাৰত মুক্তি প্ৰাপ্ত একক এলবাম 'নীহাৰিকা'ৰ জৰিয়তে[1] । ১৯৯৯ চনত মুক্তিপ্ৰাপ্ত এলবাম বৰষাৰ জৰিয়তে তেখেতে জনপ্ৰিয়তা লাভ কৰে। তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতে অসমৰ বৃহৎ সংগীত প্ৰডাকচন হাউচ এন কে প্ৰডাকচনৰ লগত চুক্তিবদ্ধ হৈ জুবিন গাৰ্গৰ সৈতে বহুকেইখন বিহ সুৰীয়া গীতৰ এলবাম কৰে। পৰৱৰ্তী পৰ্যায়ত তেওঁ নিজা প্ৰডাকচন মানস ৰবীন প্ৰডাকচন গঠন কৰে। এই বেনাৰতে নিৰ্মিত তেখেতৰ সংগীত পৰিচালনাৰ 'জোনবাই' নামৰ বিহু সুৰীয়া ভিচিডি এলবামখনে দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয় হৈছিল। এই এলবামৰ কেইবাটাও খণ্ড নিৰ্মাণ কৰা হৈছিল। ইয়াৰোপৰি 'পখিলা' আৰু 'লেফাফা' তেওঁৰ দ্বাৰা সংগীত পৰিচালিত অন্যতম জনপ্ৰিয় এলবাম।

সংগীত পৰিচালক হিচাপে ভূমিকা সম্পাদনা কৰক

অসমীয়া চলচ্চিত্ৰ
বৰ্ষ কথাছবি পৰিচালক অন্যান্য তথ্য
১৯৯৯ প্ৰিয়া অ' প্ৰিয়া অঞ্জন কলিতা
২০০২ এয়েই জোনাক বিহীন জীৱন মুন্না আহমেদ
২০০২ ককাদেউতাৰ ঘৰ-জোঁৱাই সুমন হৰিপ্ৰিয়া
২০০৩ উজনিৰ দুজনী গাভৰু চন্দ্ৰ মুদৈ
২০০৩ বৰলা সংসাৰ অচ্যুত ভাগৱতী
২০০৪ ৰংমন অমল বৰুৱা
২০০৪ কাদম্বৰী বাণী দাস
২০০৭ জিলমিল জোনাক শিবানন বৰুৱা
২০১১ অপৰাজিতা মুন মুস্তাক
২০১৮ ককাইদেউ বিন্দাছ ধ্ৰুৱ জ্যোতি বৰদলৈ

বঁটা আৰু সন্মান সম্পাদনা কৰক

বৰ্ষ মনোনীত কৰ্ম শ্ৰেণী বঁটা ফলাফল টোকা
১৯৯৯ কনিষ্ঠতম সংগীত পৰিচালক বিজয়ী চলচ্চিত্ৰ বঁটাৰ কনিষ্ঠতম সংগীত পৰিচালক
২০০২ শ্ৰেষ্ঠ গীতিকাৰ প্ৰাগ চিনে বঁটা বিজয়ী
২০০৩, ২০০৪, ২০০৫ শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটা বিজয়ী চলচ্চিত্ৰ সংগীত
২০০৬, ২০০৭ জোনবাই শ্ৰেষ্ঠ ভিডিঅ' ছবিনিৰ্মাতা চিত্ৰলেখা বঁটা বিজয়ী

তথ্য সংগ্ৰহ সম্পাদনা কৰক